Tuesday, 10 June 2014

বিপদ কেতিয়া আহে কোনেও কব নোৱাৰেঃ-




সেইদিনা আছিল শনিবাৰ ৩১ মে, ২০১৪। ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ৰহা উন্নয়ণ খণ্ডলৈ গৈছিলো। উভতি আহি আছো ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি, ঠিক দুপৰীয়া ২ মান বাজিছে। ৰাষ্ট্ৰীয় ঘাই পথৰ শেনচোৱাৰ পৰা খুটিকটীয়াৰ মাজৰ অংশ মেৰামতি কৰাত ব্যস্ত হৈ আছে গড়কপ্তানি বিভাগৰ কৰ্মচাৰী সকল। সেয়ে পথ এফাল বন্ধ কৰৈ কৰ্মী সকলে এফালেদিয়েই যান-বাহন সমূহ চলাচল কৰিবলৈ দিছে। ঠেক পথত দুয়োমূৰে দীঘলীয়া শাৰী যান-বাহনৰ। এফালে ১৫ মিনিট মানৰ কাৰণে যান-বাহন সমূহ বন্ধ কৰি আনফালৰ যান-বাহন সমূহ পাৰহৈ যাবলৈ ৰঙা, সেইজীয়া পতাকা ব্যৱহাৰ কৰি ইংগিত দি আছে। ময়ো মোৰ বাইকখনেৰে আন যান-বাহনৰ পিছতে ৰৈ আছো পথ মুকলি হোৱালৈ অপেক্ষা কৰি, মোৰ আগে পিছে প্ৰায় ৮,১০ খনমান আন বাইক ৰৈ আছে। 

কিছুসময় অপেক্ষা কৰাৰ অন্তত আমাৰ পথ মুকলি হল, সেউজীয়া পতাকাখন কৰ্মচাৰী এজনে জোকাৰি যাবলৈ ইংগিত দিয়াৰ লগে লগে যান-বাহনবোৰৰ গাত যেন তত নোহোৱা হল, কাৰো যেন এক মূৰ্হুত্ব ৰবলৈ আহৰি নাই, অনুভৱ কৰিলো যেন এক প্ৰতিযোগীতাহে, তীব্ৰ হৰ্ণবোৰৰ শব্দত গোটেইখন ৰজনজনাই গৈছে। ময়ো আন বাহন বোৰৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিলো, তেনেতে দেখিলো এখন মাৰুতি এল্ট্ৰো গাড়ীয়ে আন এখন গাড়ীক পাৰহৈ যাবলৈ দি নিজে গাড়ীখন পথৰ কাষৰ এটা গাঁতত আগৰ চকা এটা পৰি উঠিব নোৱাৰি ধো-ধোৱাই আছে। সম্ভৱত মানুহজন বৰ পাকৈত চালক নহয় যেন অনুমান হল। আগৰ চকাটো খালত পৰি যোৱাৰ বাবে গাড়ীখনৰ পিছৰ বাওঁফালৰ চকাটো প্ৰায় ১ক বেগেত মান দাংখাই গৈছে, সেইকথাটো কিন্তু তেতিয়ালৈকে চালক জনে গমেই পোৱা নাই, তেওঁ হয়তো ভাবিছে যে গাঁতটো আৰু অলপ জোৰ দিলেই পাৰহৈ যাব পাৰিব। কিন্তু আৰু এহাত মান যোৱা হলেই গাড়ীখন বাগৰি পৰিল হয়। এই দৃশ্য বহুলোকে দেখিয়েই কাষদি পাৰহৈ গৈছিল যদিও কোনো এজন লোকেই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত নহল। ঘটনাটোৰ সম্ভাব্যৰ কথা উমান কৰিব পাৰি আন সকলোৰে দৰে মোৰ পাৰহৈ যাবলৈ ইচ্ছা নগল। মই লগে লগে বাইকখন পথৰ কাষতে থিয় কৰি থৈ আহি তেওঁক কলোহি, দাদা—আপুনি আৰু আগলৈ গাড়ীখন নিদিব, নহলে গাড়ীখন বাগৰি পৰিব এতিয়া, তেতিয়াহে তেওঁ কথাটো বুজিলে, লগে লগে হেণ্ড ব্ৰকডাল লগাই তেওঁ গাড়ীৰ পৰা নামিল আৰু মোক অলপ সহায় কৰিবলৈ কলে। মই তেওঁৰ লগত গাড়ীখন থেলি কিছু পিছলৈ আনিলো যদিও গাঁতৰ পৰা সম্পূৰ্ণ উঠাব নোৱাৰিলো। তাৰ পিছত গাড়ীখন ষ্ট্ৰাৰ্ট কৰি মই পিছুৱাই গাঁতটোৰ পৰা উঠাই আনিলো, আৰু তেওঁক কলো এতিয়া আপুনি যাব পাৰিব।

মানুহজনে লগে লগে এটি সুন্দৰ হাঁহিৰে মোক ধন্যবাদ জনালে আৰু মোৰ ফালে এখন কাৰ্ড উলিয়াই দি কলে কেতিয়াবা আহিবচোন, একেলগে একাপ চাহকে খাম। কাৰ্ডখনলৈ চাই দেখিলো তেখেত অৰিয়েণ্টেল বেংক, নগাওঁ শাখাৰ জেনেৰেল মেনেজাৰ। সেইদিনা মোৰ ঘৰলৈ উভতা অলপ পলম হল যদিও এজন অচিনাকি মানুহ সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিল।

অসমীয়া জাতীয় সত্তাৰ প্ৰতীক গামোচা আৰু সংস্কৃতিৰ চিৰযুগমীয়া চিহ্ন বিহু-নৃত্য,গায়ন-বায়নৰ ব্যৱহাৰঃ-





প্ৰথমেই কওঁ ৰঙা আঁচুৰ গামোচা খন হৈছে অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ। অসমীয়া শিপিনীসকলৰ চানেকি গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ। তাহানি আহোম ৰজাৰ দিনত একে ৰাতিৰ ভিতৰতে অসমীয়া মহিলাই কপাহ নেওঠি, সূতা কাটি, বাটি কৰি কৱচ কাপোৰ বৈ উলিয়াইছিল, ঠিক সেইদৰে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে বৈ উলিওৱা গামোচাখন অসমীয়া স্বকীয় গৰিমাৰ পৰিচায়ক। বিভিন্ন উপলক্ষত বিভিন্ন ৰুচি অনুসৰি দুয়োমুৰে আছু দি, সপোনৰ কাষৰি, লতাফুল, গুটিফুল বাচি গামোচাখন শিপিনীয়ে বৈ উলিয়াই। তাৰোপৰি ৰঙালী বিহুৰ প্ৰথম দিনাই বিহু পতাকা হিচাপে আমি ফুলাম গামোচাখনক মৰ্য্যদা দি উত্তোলন কৰি আহিছো আৰু বিহুৰ সময়ত মৰমৰ চিনস্বৰূপে অসমীয়া গাভৰুৱে প্ৰিয়জনলৈ বুলি যতনাই ৰাখি বিহুৰ দিনা মঙ্গল কামনা কৰি সেঁৱা জনাই বিহুৱান খন যাঁচে। তাতেই সোমাই থাকে চেনাইলৈ বুলি অন্তৰৰ হিয়াভৰা মৰম, চেনেহ। বাপতি সহোন ৰঙালী বিহুটিত গামোচাৰ প্ৰয়োজনৰ কথা নকলোৱেই বা। গামোচাখন কান্ধত নাথাকিলে বিহু বিহুয়েই নালাগে। এই মৰমৰ গামোচা খনৰ কথা কৈনোকৈ থাকিলেও ওৰকে নপৰে। অসমীয়াৰ এই মৰমৰ গামোচাখনৰ মৰ্য্যদা হানি হোৱাতো আমি সকলোৱে কেতিয়াও কামনা নকৰো।

কিন্তু বহুদিনৰ পৰা দেখি আহিছো যে এচাম ৰাজনীতি বিদ, মন্ত্ৰী-বিধায়ক, বিভিন্ন বিভাগৰ মূৰব্বী বিযায়ই আমাৰ চেনেহৰ গামোচাখনক নিজ নিজ কাৰ্য্যালয়ত নিজৰ চকীখনত পাৰি আওজিবলৈ ব্যৱহাৰ কৰি আহিছে আৰু সেইখনত আওজিয়েই গোটেই দিনটোৰ কাৰ্য্যালয়ৰ কাৰ্মভাৰ চলাই গৈছে। এই কথাটো হয়তো ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে বহুতৰেই চকুত পৰা নাই। এনেকৈ গামোচাখনত আওজি কাৰ্য্যালয়ত কাম কৰা কাৰ্য্যটোৱে গামোচাখনক অপমান কৰাই নহয় ই অসমীয়া সংস্কৃতিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ লেখিয়া হৈছে । যিখন গামোচা আমি অসমীয়াই বিভিন্ন সময়ত বিহুয়ে সংক্ৰান্তিয়ে ডাঙৰক সেঁৱা কৰি বিহুৰ দিনা যাঁছো, যিখন গামোচা গোঁসাইঘৰত শৰাই, থাপনা, আদি পাতিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচা হুঁচৰি দলক সেঁৱা জনাবলৈ বঁটা বা সফুৰাৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচাক আমি বিবাহৰ দিনা তামোলৰ ঠোকৰ ওপৰত দি আলহী-অতিথীক আদৰিবলৈ ব্যৱহাৰ কৰি আহিছো, সেই একেখন গামোচা আন কোনোবাই বহি আওজিবলৈ ব্যৱহাৰ কৰিব, তাকো অসম আৰু অসমীয়াক জোকে তেজপিয়াদি চুহি চুহি খোৱা এচাম লোকে, সেয়া গ্ৰহণযোগ্য হব নোৱাৰে। এই লেখাৰ যোগেদি সেইসকল মন্ত্ৰী, বিষয়া, আমোলাৰ এই কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছো। যদিহে গামোচা ব্যৱহাৰ নকৰিলেই নহয় তেনেহলে তিয়নি গামোচা এইদৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো।

ঠিক সেইদৰে বিভিন্ন সময়ত অসমৰ প্ৰভাৱশালী, অজস্ৰ কেলেংকাৰী, দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুতুৰী মন্ত্ৰী, বিধায়ক সকলক বিভিন্ন অনুষ্ঠানলৈ বহু যোজন দুৰৰ পৰা আঁদৰণি জনোৱাৰ সময়তো দেখিবলৈ পাওঁ অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহু দলৰ বিহু-নাচ বা গায়ণ-বায়নক ব্যৱহাৰ কৰা হয় এইদৰে বিহুদল বা গায়ণ-বায়নৰে কিয় আঁদৰি অনা হয়, সেইসকল তথাকথিত মন্ত্ৰী, বিধায়ক, নেতাৰ মগজুৱে হয়তো কাহানিও ঢুকি নাপায়গৈ। কেইটামান অৰ্থৰ বিনিময়ত এচাম লোকে অসমীয়াৰ জাতীয় কলা-সংস্কৃতিক মন্ত্ৰী-বিধায়ক, বিষয়া আমোলাক এনেদৰে আঁদৰণি জানাই ধনঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাতো চুৰান্ত ঘৃণনীয় কাৰ্য্য বুলি ভাবো। সঁচাকৈ তেওঁলোক এই সন্মাৰ্নৰ উপযুক্ত নে..?? নে তেওঁলোকক এনেকৈ আঁদৰি আনিব লাগিবই বুলি কিবা নিয়ম-নীতি পূৰ্বৰে পৰাই আছে...? ই আমাৰ দৰে সাধাৰণ ৰাইজৰ বাবে এতিয়াও এটা সাথৰ হৈ আছে।  মই ভাবো গামোচা, বিহুদলেই হওঁক বা গায়ণ-বায়নেই হওঁক আমাৰ অসমীয়াৰ এই সংস্কৃতিবোৰ বা জাতীয় চিহ্নসমূহৰ সন্মাৰ্ন সেইসকল লোকতকৈ বহু ওপৰত। এনেবোৰ কাৰ্য্যৰ তীব্ৰ গৰিহণা দিয়াৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ আশা কৰিলো।
 
বৰা নিতুল,
নগাঁও,