Saturday, 7 December 2013

সৰু সৰু ঘটনাঃ-(ডিচেম্বৰ)




(১)

যোৱা প্ৰায় ১০ বছৰেই হল মোৰ বাইক চলোৱা, কলেজ পাৰ হলো, চাকৰি জীৱনৰ আধা গল বুলিলেও ভুল কোৱা নহব চাগৈ। কিন্তু মোৰ বাইকৰ পিছৰ চিটটো সদায় খালী হৈয়ে থাকে, কেতিয়াও কোনো প্ৰেয়সীক বহুৱাই কিবা বোলেনে ডেটিং মেটিং গৈ নাপালো। এতিয়া ঘৰৰ ফালৰ পৰা বিয়াৰ যা-যোগাৰ চলাৰ পিছত বহুত বিচাৰ খোচাৰৰ অন্তত যেনিবা এগৰাকী সুন্দৰী যুৱতীৰ লগত সাঙুৰ খাই পৰিলো। আঙুঠি পিন্ধোৱা হৈ যোৱাৰ পিছত বন্ধুবোৰৰ উপদেশ ক্ৰমে লাহে লাহে ভাবি পত্নীৰ লগত ফোন যোগে এষাৰ দুষাৰকৈ কথা পাতিবলৈ ললো। এনেকৈ এদিন দুদিনকৈ কথা পাতি পাতি আমি এতিয়ালৈ যথেষ্ট ফ্ৰি হৈ কথা পাতিব পৰা হলো।

এসপ্তাহৰ আগৰ কথা, সেইদিনা শনিবাৰ, ময়ো সেইদিনা বেংকৰ কিছুকামৰ বাবে কাৰ্য্যালয়ৰ পৰা অলপ সোনকালেই ওলালো, ১২ বজাৰ আগতে গৈ বেংক পাবগৈ লাগে। যথাসময়ত বেংকৰ সকলো কামকাজ সম্পূৰ্ণ কৰি আজৰি হও মানে ঠিক ১.৩০ মিনিটমান হলগৈ, সেইদিনা আৰু কাৰ্য্যলয়লৈ দুনাই যোৱা নহল মোৰ। ভাবিলো এতিয়াইনো ঘৰলৈ গৈ কি কৰিমগৈ সেয়ে পানীগাঁও চাৰিআলীৰ বন্ধুৰ দোকানতে অলপ আদ্দা দিয়াৰ মানসেৰে গৈ সোমালোগৈ। কিছু সময়ৰ তাতে কথাপাতাৰ অন্তত হঠাত্ মোৰ দুৰভাষটোৱে গৰজী উঠিল, হাতৰ তলুৱাত লৈ নামটো জিলিকি উঠা দেখিয়েই মনটো ভাললাগি গল, আমাৰ তেওঁ কৰিছে ফোন.....কানে কানে কওঁ তেওঁ মানে বুজিছে চাগৈ ৰাইজে। এখন্তেকো পলম নকৰি টিপামাৰি দি কানত লগাই ধৰিলো, সিফালৰ পৰা ভাহি আহিল সুন্দৰ নাৰীকণ্ঠ---তুমি কত আছা..? মই বোলো—পানীগাঁও চাৰিআলীতে আছো কোৱা। পুনৰ উত্তৰ আহিল—মই গৈ আছো। মই বোলো ঠিক আছে আহা। (তেওঁ স্কুল ছুটি দি ঘৰৰ দিশে এখন টেম্পুত আহি আছিল)। 

ফোনটো থোৱাৰ পিছৰে পৰা যদিও বন্ধুৰ লগত কথা পাতি আছো কিন্তু মোৰ চকু প্ৰতিখন টেম্পুত হে আছিল। মনতে ভাবি আছো কোনখনত আহিছে বা এতিয়া। এনেকৈ ভাবি থাকোতেই ১০,১২খন মান টেম্পু পাৰহৈ গল। প্ৰায় ১০ মিনিট মানৰ পিছত এখনত দেখাপালো মোক দেখি হাত জোকাৰি দিয়া, আগবাঢ়ি গলো, মোক উদ্দেশ্যি সুধিলে ইয়াতে নামো নে—মই বোলো নামা। এইবুলি তেওঁ টেম্পুৱালজনক ভাঁড়াটো দি নামি আহিল। সেইসময়ত মোৰ মন উগুল-থুগুল, আগে পিছে তেনেকৈ গাভৰু ছোৱালীৰ বাবে ৰৈ থকাৰ অভিজ্ঞতা নায়েই। ওচৰৰ প্ৰায়বোৰ দোকানৰ দোকানীয়েই চিনাকি, ইফালে সিফালে চালো কোনোবাই বাৰু আমাক লক্ষ্য কৰি আছে নেকি..? দুজন মান চকুৱে চকুৱে পৰাত নিজেই ৰঙা-চিঙা পৰি গলো। এনেলাগিল যে ফাট মেলা বসুমতি পাতালে লুকাও অৱস্থা মোৰ। তাৰ পিছত তেওঁৰ লগত বজাৰলৈ বুলি বাইকত উঠিবলৈ ধৰোতেই ফটককৈ তেওঁ কলে মোৰ মবাইলটো কত..? মই বোলো চোৱা বেগটোতে আছে চাগৈ, এইবুলি তেওঁ বেগটোত হাত ভৰাই বিচাৰি নাপাই হুৱাদুৱা লগালে। মোৰো বুকু চিৰিং কৈ মাৰিলে। ইফালে টেম্পুখনত তেৱেঁই শেষ যাত্ৰী হৈ আছিল বাবে পইচা দিয়াৰ পিছত কোনফালে গলগৈ ঠিক অনুমান কৰিবলৈ অসুবিধা হল, ষ্টেণ্ডলৈ উভতি গল নে, নে অহা দিশেই গল..? এইভাবি কিবা খেলিমেলিখন লাগি গল নহয়। দুবাৰমান মোৰ মবাইলটোৰ পৰা ৰিং কৰিলো, বাজি বাজি শেষ হৈ গল কিন্তু ৰিচিভ নকৰিলে। আৰু ৰৈ নাথাকিলো। তেনেতে কাষতে থকা দোকানী জনে কলে টেম্পুখন উভতি ষ্টেণ্ডলৈকে গল। এক মূৰ্হুত্বও পলম নকৰি বাইক ষ্ট্ৰাট কৰি তেওঁক উঠাই ললো, তেওঁক কলো বোলো-ভালকৈ ধৰিলোৱা, সেইদিনাই প্ৰথমবাৰৰ বাবে মোৰ বাইকৰ পিছৰ খালী চিটটো পুৰ হল দেই। আমি সেই মূৰ্হুত্বত পাহৰি গৈছিলো যে আমি প্ৰথমবাৰৰ বাবেহে সেইদিনা তেনেকৈ উঠিছো, তেওঁৰো চাগৈ একেই অনুভৱ, সেয়ে পলম নকৰি মোৰ বাহুত সাবতি ধৰিলে, মই তীব্ৰবেগে বাইক ষ্টেণ্ডৰ ফালে এৰি দিলো। ৭ মিনিটৰ ভিতৰতে গৈ টেম্পু ষ্টেণ্ডগৈ পালোগৈ। ইফালে সিফালে চাই বিচাৰিবলৈ ধৰিলো টেম্পুখন নাই কতো নাই। আকৌ মই ৰিং কৰিলো, কিৰিং কিৰিং বাজি আছে, শেষত ৰিচিভ কৰিলে—সিফালৰ পৰা টেম্পু চালক জনে কলে দাদা ফোনটো বাইদেউৱে টেম্পুতে পেলাইথৈ গল, আপোনালোক কত আছে মই ষ্টেণ্ডলৈকে গৈ আছো তালৈকে আহক। তেতিয়াহে ৰক্ষা—মই ষ্টেণ্ডতে আছো বুলি কৈ অপেক্ষা কৰিলো। এখন দুখনকৈ আৰু ৫ খনমান টেম্পু আহি ষ্টেণ্ডত সোমাল। নাই দেখা দেখি নাই। ভাবি শ্ৰীমতীৰ কান্দোনে হাঁহো অৱস্থা হল। প্ৰায় ১৫ মিনিটমানৰ পিছত যেনিবা টেম্পুখন আহি পালেহি আৰু আমাক দেখি মাতিলে---টেম্পুৱালজনে ফোনটো আগবঢ়াই দি কলে—ফোনটো বাজি থকা শুনি মই বিচাৰিছো বোলো কত কি বাজি আছে। মই উঠাই ৰিচিভ কৰো মানে বন্ধই হৈ গল ৰিং। আপোনালোকক বিচাৰিছিলো, কিন্তু নাপালো। সেয়ে বেগতে ভৰাই ৰাখিলো। বেয়া নাপাব দেই।

আমিনো বাৰু বেয়া পাম কেলৈ....মই তেওঁক হাঁহিমাৰি ধন্যবাদ এটা জনাই ফোনটো লৈ আতৰি আহিলো, তেওঁও হাঁহি সহাৰি দিলে। ভাবি শ্ৰীমতীক কলো বোলো—সেইটো তোমাৰটো হয়নে নহয় চাই লোৱাচোন আগতে। তেওঁ হয় বুলি কলে—আমাৰ আৰু সেইদিনা বজাৰলৈ যোৱা নহলগৈ। চিধাই ঘৰমুৱা হলো। তেওঁ আকৌ আন এখন টেম্পুত উঠি ঘৰলৈ যাও বুলিছিল, কিন্তু মই নিদিলো—বোলো নালাগে অকলে যাব ঘৰলৈ, ময়েই গৈ থৈ আহিমগৈ। এইবুলি দুয়ো তেওঁলোকৰ ঘৰলৈকে গলোগৈ। দুয়োকে একেলগে দেখি তেওঁলোকৰ ঘৰৰ সকলোৱে মনত প্ৰশ্নবোধক এটা দেখিলো দুৱাৰমুখত। অৰ্থাত্ কেনেকৈ কত লগ পালো, ইত্যাদি ইত্যাদি। পিছত আচল ঘটনা গাপ দি, কাহিনী বেলেগকৈহে সাজি কব লগা হ, ধমক খোৱাৰ ভয়ত। প্ৰথম দিনাই প্ৰথমবাৰৰ বাবে ঘটা মোৰ বাইকৰ পিছৰ চিটৰ কাহিনীটো চিৰস্মৰণীয় হৈ ৰল। 

(২)

গৰমৰ দিন, যোৱা বছৰৰ ঘটনা। ঠিক জেঠ মাহেই আছিল হবলা। ভৰদুৰীয়াখন ওলালো কাপোৰৰ বজাৰলৈ বুলি, ভটিজাটোৰ বাবে কাপোৰ এযোৰ, মাৰ বাবে চাদৰ দুখন আৰু দুখনমান বিচনা চাদৰ কিনিব লাগে। হাতত পইচা কেইটালৈ সাজি কাজি ওলালো, আনকালতকৈ অলপ ফিটফাট হৈ ওলাইছো। তেনেকৈ ওলোৱাও এটা কাৰণ আছে, বহুতবাৰ কাপোৰ-কানি বজাৰ কৰিবলৈ গলে দোকানত সোমোৱাৰ লগে লগে দোকানীয়ে গ্ৰহক হিচাপে যোৱা মোৰ ওপৰৰ পৰা তললৈ ভালকৈ লক্ষ্য কৰে, অৰ্থাত্ পিন্ধন উৰুণৰ পৰা এটা সম্যক ধাৰণা কৰে অগান্তুক গ্ৰহক কিমান পইচাৰ মালিক হব পাৰে। আৰু সেই হিচাপে অনুমান কৰি এটা দৰৰ কাপোৰ বা যি বিচাৰে তেনে বস্তুহে গ্ৰাহকক দেখুৱায়। আনবোৰ গ্ৰাহকে এইবোৰ কথা লক্ষ্য কৰেনে নাই নাজানো, মই কিন্তু বহুত বাৰ প্ৰমাণ পাইছো। সেয়ে সেইদিনা সাজি কাজি ওলাইছো। 

পদূলিৰ পৰা বাইকখন এৰি দিলো হো-হোৱাই চহৰৰ দিশেৰে। বাচি বাচি ভালকাপোৰ পাব পৰা কেইখনমান দোকানত সোমোৱাৰ লক্ষ্যৰে বাইকখন ষ্টেণ্ড কৰি চাবিপাত হাততে লৈ আগবাঢ়িলো। প্ৰথমখন দোকানত সোমালো, ওহো মন পচন্দহোৱাকৈ নাপালো, ওলাই আহিলো সেইখনৰ পৰা—কাষৰ খনলৈ গলো সেইখনত বহুত কেইযোৰৰ মাজৰ পৰা বাচি লৈ ভটিজাৰ কাপোৰযোৰ পালো। টোপোলাটো হাতত লৈ আন এখনলৈ আগবাঢ়িলো। সেইখনতো মাৰ কাপোৰ নাপালো, উত্কত গৰমত ইফালে জোল বাহিৰ হৈ গৈছিল, সেয়ে শেষবাৰৰ বাবে মাৰ চাদৰ কেইখন বিচাৰি এখনত সোমালো, উস ৰক্ষা সেইখনত যেনিবা পাই গলো মাৰ দুখন মন পচন্দৰ চাদৰ। বচ কাম চেটেপ, এইবাৰ আৰু ৰৈ থকাৰ সকাম নাই, এইবুলি বাইকখন থকাৰ ফালে আগবাঢ়িলো কাপোৰৰ পলিথিন কেইটা হাততে লৈ। বাইক ষ্টেণ্ডৰ পৰা নমাবলৈ গৈহে হুচ আহিল, অহ মোৰ বাইকৰ চাবিপাত কত...? এইবুলি এটা এটাকৈ পকেট আটাইকেইটাতে হাত ভৰাই ভৰাই বিচাৰিবলৈ লাগিলো, কিন্তু চাবিপাত নাই। কি হব এতিয়া, ইফালে গৰমত মৰিছো আৰু এতিয়া সোনকালে যাবলৈ বিচাৰিও চাবিপাত নাই। আকৌ দোকান কেইখনলৈ দৌৰ মাৰিলো---বোলো চাবিপাত এৰিছো নেকি বাৰু আপোনালোকৰ দোকান..? এনেকৈ আটাইকেইখন দোকানত বিচাৰি চাবিপাত নাপালো। এইটো মোৰ বৰ বেয়া অভ্যাস, যতে ততে চাবি, চানগ্লাছ প্ৰায়ে এৰোৱেই। পিছত বিচাৰি হাবাথুৰি খাই ফুৰো।

শেষত উপায়ন্তৰহৈ বাইকখন ঠেলা এখনতে উঠাই নিবলৈ বুলি ঠেলা বিচাৰি গলো আৰু ঠেলাও মাতি আনি বাইকখন উঠাবলৈ ধৰোতেই কাষৰ দোকানখনৰ দোকানীজনে মোৰ অৱস্থাটো দেখি চাগৈ ভাবিলে মোক দেখুওৱা কাপোৰবোৰৰ মাজতে সোমাই গল নেকি চাবিপাত বাৰু। এইবুলি মোক মাত লগালে আৰু আকৌ এবাৰ কাপোৰবোৰ খুচৰিবলৈ ধৰিলে। এযোৰ এযোৰকৈ কাপোৰবোৰ মেলি দিয়াত তাৰে মাজৰ এযোৰত চাবিপাত পেচ খাই লাগি থকাৰ পৰা ওলাই পৰিল। উস ৰক্ষা, বাচিলো দেই, অন্ততঃ বাইকৰ অৰিজিনেল লকটো গেৰেজত ভাঙিব লগা নহল গৈ। দোকানী জনক অশেষ ধন্যবাদ জনাই সেইদিনাৰ পৰা সাৱধান হলো। ঠেলাৱালাজনক ১০ টকীয়া নোট এখন দি বিদায় দিলো। আৰু বাইক লৈ ফো-ফোঁৱাই ঘৰৰ দিশে ধাবমান হলো। ৰাইজৰ এইগতি কেতিয়াবা হৈছেনে বাৰু...??

Tuesday, 29 October 2013

পৰশুৰামকুণ্ড

আগকথাঃ-পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মাহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হয়, বহুবছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাবেৰে ভগৱানক আৰাধানা কৰাৰ পাছত মাহদেৱ শিৱ তেওঁৰ ভক্তিত সন্তোষ্ট হৈ বিষ্ণু জৰথাক সাক্ষত কৰিবলৈ কলে। বিষ্ণু জৰাথক সাক্ষাত কৰাত তেওঁ কলে উত্ত-পূৱ এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোঁৱতি জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তোমাৰ পাপ খণ্ডন হৱ, শেষত এই কুণ্ডৰ পানীৰে গা-ধুৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল, তেতিয়াৰে পৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে।
পৰশুৰাম কুণ্ডৰ ইতিহাসঃ-
ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয় এই পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ আৰৰ কাহিনীত। জমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা, তেওঁলোকৰ পাঁচ জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন জমদগ্নি মুনিয়ে গা-ধুৱৰ বাবে সহধমনী ৰেনুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহুদেৰিলৈকে শ্ৰীমতী পানী আনিবলৈ গৈ ঘুৰি অহা নাই বাবে মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্যদৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধমনী ৰেনুকাই স্বৰ্গৰ পৰী সকলৰ গো-ধোৱাৰ দৃশ্যচাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। ঠিক তেনেতে তেওঁৰ সহধমনী ৰেনুকা পানীলৈ আশ্ৰমত প্ৰবেশ কৰাৰ লগে লগে ক্ৰোধত জলিপকি থকা মুনিয়ে তীক্ষ্ণ বাক্যবানেৰে থকা সৰকা কৰিলে আৰু তেওঁৰ আদেশ পালনত বিলম্ব হোৱাৰ বাবে উপযুক্ত শাস্তি দিবলৈ ঠিৰাং কৰিলে। বহুতো কাকুতি মিনতি কৰিও ৰেনুকাই একো সু-ফল নাপালে, কোনোপধ্যে স্বামীদেৱতাক সৈমান কৰাব নোৱাৰিলে, বৰঞ্চ স্বামীৰ ক্ৰোধ দুগুনে বাঢ়িলহে।উপায়ন্তৰহৈ ৰেনুকাই কান্দোনত ভাঙি পৰিল।
লগে লগে মুনিয়ে কাষতে থকা তেওঁৰ চাৰি পুত্ৰক পুত্ৰক মাতি আনিলে আৰু কলে যে তোমালোকৰ মাতৃৰ এক অপৰাধ হৈছে, স্বামীৰ আজ্ঞা পালনত তেওঁ ব্যৰ্থ হৈছে, তেওঁ উপযুক্ত শাস্তিৰ যোগ্য। তেতিয়া চাৰি পুত্ৰই সুধিলে যে আমি কি কৰিলে আপোনাৰ ক্ৰোধ ম্লান হৱ আৰু মাতৃও অপৰাধ মুক্ত হৱ? .....তেনেহলে শুনা, তোমালোকে মোৰ আগ্যা আখৰে আখৰে পালন কৰি মাতৃৰ শিৰচ্ছদ কৰি তেওঁ কৰা অপৰাধৰ দণ্ড বিহা এতিয়াই। চাৰিও পুত্ৰই এজন এজনকৈ কলে যে-যি গৰাকী মাতৃয়ে আমাক জন্ম দি ডাঙৰ দীঘল কৰিলে সেইগৰাকী মাতৃৰ হত্যাৰ দৰে ঘৃননীয় কাম কৰাৰ কথা কৰাতো দুৰৰে কথা সপোনতো ভাবিব নোৱাৰো আমি।আপুনি আমাক ক্ষমা কৰক আৰু আপোনাৰ আদেশ উঠাই লওঁক পিতৃদেৱ। চাৰি পুত্ৰৰ কথা শুনি খঙত একোনাই হৈ বাক্যবান কৰিলে যে- পুত্ৰহৈ পিতৃৰ আদেশ উলঙ্ঘা কৰি ইহ সংসাৰত জীয়াই থকাৰ অধিকাৰ তোমালোকে হেৰুৱাই পেলাইছা। এইবুলি কৈ মূৰ্হুততে কমণ্ডলুৰ পৰা এচলু পানী চাৰি পুত্ৰৰ গাত চতিয়াই দিলে আৰু চাৰিও পুত্ৰক লগে লগে ভষ্মিভুত কৰিলে। তেতিয়া বাকী থাকিল পঞ্চম পুত্ৰ পৰশুৰাম। পৰশুৰামক মতাত তেওঁ আহি পিতৃৰ ওচৰত হাজিৰ হল। পুত্ৰক উদ্দেশ্য কৰি মুনিয়ে কলে-
: তুমি কোনো প্ৰশ্ন নকৰাকৈ মোৰ আদেশ পালন কৰিবা বুলি প্ৰতিজ্ঞা কৰা এতিয়া ?
: আপুনি নিজ পুত্ৰক কিয় সন্দেহৰ দৃষ্টিৰে চাইছে পিতৃদেৱ ?
: সন্দেহ হৈছে এইবাবেই যে-তোমাৰ চাৰি ভাতৃয়ে ইতিমধ্যে পিতৃৰ আদেশ অমান্য কৰি মোৰ ক্ৰোধৰ জুইত ভষ্মিভুত হৈ ইহ-সংসাৰৰ পৰা বিদায় লৈছে।
: আদেশ কৰক পিতৃদেৱ-অলপো বিলম্ব নকৰাকৈ আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম বুলি কথা দিলো এতিক্ষনে।
: তেন্তে শীঘ্ৰে যোৱা আশ্ৰমলৈ আৰু মাতৃৰ শিৰচ্ছেদ কৰি তেওঁক তেওঁৰ শাস্তি বিহাগৈ।
পিতৃৰ আদেশ পাই কিংকৰ্তব্য বিমোৰ হৈ পৰিল পৰশুৰাম, যেন তেওঁৰ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমূৰ্হুতমান একেঠাইতে চকু মুদি ৰল, এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনৰ সকলো দুখ-বেজাৰ অতৰাই পেলালে। দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি পিছ মূৰ্হুততে হাতত কুঠাৰখন লৈ কলে-যি আজ্ঞা কৰে পিতৃদেৱ বুলি আশ্ৰমলৈ গতি কৰিলে।
আশ্ৰম আহি পাই দেখে যে নিজ স্বামীৰ ক্ৰোধত মাতৃ চিন্তিত হৈ মাটিত ঢলি পৰি আছে। পৰশুৰামে মাতৃৰ চৰণ স্পৰ্শ কৰি মাতৃক উদ্দেশি কলে-
মোৰ জন্মদাতৃ মাতৃ- মোক আৰ্শীবাদ কৰক যাতে মই পিতৃ আজ্ঞা পালনত অকনো বিচলিত নহওঁ। জন্মৰ ধাৰ পৰিশোধ কৰাৰ সলনি মই কেনেকৈ নিজ হাতে আপোনাক কুঠাৰঘাট কৰো মাতৃ ? মোক ক্ষমা কৰক মাতৃ।
তেতিয়া মাতৃ ৰেনুকাই কলে-পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ কৰ্তব্য মোৰ বাছা।তুমি তোমাৰ কৰ্তব্য পালনত হেমাহি নকৰিবা, অন্যথা তোমৰো চাৰি ভাতৃৰ দৰেই দশা হৱ।
সকলো দুখ পাহৰি এক মূৰ্হুতও বিলম্ব নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। মাতৃৰ তেজেৰে তুমুৰলি কুঠাৰখন হাতত লৈ লগে লগে পৰশুৰাম পিতৃৰ কাষলৈ আহিল। পৰশুৰামক দেখি পিতৃয়ে সন্তোষ্টহৈ কলে- তুমি পিতৃ আজ্ঞা পালন কৰি নিজৰ কীৰ্তি ৰাখিলা। কোৱা তোমাক কি বৰ লাগে পুত্ৰ ? তেতিয়া পৰশুৰামে কলে-মোক একো বৰ নালাগে পিতৃদেৱ। পাৰে যদি মোৰ মাতৃ-ভাতৃ সকলোকে পুনৰ জীবিত কৰি তোলক। লগে লগে মুনিয়ে কলে ঠিক আছে- ওওওম বুলি এক মন্ত্ৰ-উচ্চাৰণ কৰি কলে যোৱা চোৱাগৈ আশ্ৰমত তোমাৰ মাতৃ আৰু চাৰিও ভাতৃয়ে তোমাৰ কাৰণে অপেক্ষা কৰি আছে।
এনেকৈয়ে পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি পিতৃক সন্তোষ্ট কৰাৰ লগতে নিজৰ চাৰি ভাতৃ আৰু মাতৃক পুনৰ জীৱন দান দিবলৈ সক্ষম হল।
কিন্তু কথা সিমানতে শেষ নহল। মাতৃ হত্যাৰ পাপৰ ভুগি তেওঁৰ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহল। অপ্ৰাণ চেষ্টা কৰিও বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু এই মহাপাপৰ পৰা পৰিত্ৰান পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে কলে যে-মাতৃ হত্যাৰ এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপ মুক্ত হৱা।
তেতিয়াৰে পৰা পৰশুৰামে এফালৰ পৰা ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান-ভক্তিত সন্তোষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু কলে- তুমি কুঁশল নগৰৰ পণ্ডিত বিষ্ণুজৰথাক সাক্ষাত কৰা তেৱেঁই তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰথাইও পৰশুৰামক উপদেশ দিলে যে-তুমি উত্তৰ-পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত পাবা, তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তোমাৰ কুঠাৰেৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব তাত স্নান কৰাৰ লগে লগে তোমাৰ হাতৰ কুঠাৰ এৰাই যাৱ আৰু তুমি মাতৃহত্যা মহা পাপৰ পৰা মুক্ত হৱ পাৰিবা। আৰু সেই ঠাই যুগ-যুগান্তৰলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব।
পণ্ডিত জৰথাই কোৱাৰ পথেৰেই গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে। তাতেই আন্ধাৰহৈ আহাত ৰাতিটো আশ্ৰয় লোৱাৰ মানসেৰে এঘৰ মানুহৰ গোহালিত আশ্ৰয় ললে আৰু সেই গোহালিতে বান্ধি থোৱা দুটা বলধ গৰুৰ কথা-বতৰা শুনা পালে। এটা বলধে আনটোক কলে –আজি মোক গৰাকীয়ে বৰকৈ মাৰ-পিত কৰিলে জান। সেইকাৰণে কালিলৈ মই তেওঁক মোৰ শিঙেৰে এখোচ দিম। আনটো বলধে কলে-তেনে কৰিলে তোৰ পাপ নহবজানো ? যিজনে তোক ইমান দিনে খুৱাই-বোৱাই যত্ন কৰি পালিচে। উত্তৰত সি পুনৰ কলে-সেই পাপৰ পৰা মুক্তহৱলৈ ইয়াৰ পৰা কিছু আতৰত থকা মহেন্দ্ৰ পৰ্বতৰ সেই ব্ৰহ্মকণ্ডলৈ গৈ স্নান কৰি সেই পাপৰ পৰা মুক্ত হম।
পিছদিনা বলধটোৱে কথামতেই কাম কৰি দেখুৱালে মানে গৃহস্থক শিঙেৰে এক প্ৰচণ্ড আঘাত কৰিলে আৰু মহেন্দ্ৰ পৰ্বতৰ ব্ৰহ্মকুণ্ডৰ অভিমুখে দৌৰিবলৈ ধৰিলে। তাকে দেখি পৰশুৰামে ভাবিলে তেওঁৰ গন্তব্যস্থান পোৱা এইটোৱেই সহজ উপায়, এক মূৰ্হুতও বিলম্ব নকৰি পৰশুৰামে এখন হাতত কুঠাৰ আৰু আনখন হাতেৰে বলধ গৰুটোৰ নেজত থাপমাৰি ধৰি পাছে পাছে গৈ ব্ৰহ্মকুণ্ড পালেগৈ। চাৰিওফালে চাই ব্ৰহ্মকুণ্ডৰ জলাশয়ত স্নান কৰিবলৈ লওঁতেই এটা প্ৰকাণ্ড ঘঁৰিয়ালে পৰশুৰামক খাবলৈ খেদি আহিল। কিন্তু চকুৰ পলকতে সেই ঘঁৰিয়াটোৱে এক মানুহৰ ৰূপ ধাৰণ কৰিলে আৰু কলে- মোৰ নাম সুতাপা, বহুযুগ ধৰি মই শাপ ভুগি ঘঁৰিয়াল ৰূপে এই ব্ৰহ্মকুণ্ডতেই আপোনাৰ বাবে অপেক্ষা কৰি আছো। আপুনি ব্ৰহ্মকুণ্ডৰ পাৰ আপোনাৰ হাতৰ কুঠাৰেৰে কাটি দিয়াৰ লগে লগেই মই শাপমুক্ত হম আৰু এই ব্ৰহ্মকুণ্ডৰ পৰা যি অমৃত বৈ যাৱ আৰু এই অমৃত জলভাগ উত্তৰ-পূৱৰ প্ৰদেশ বোৰৰ মাজেদি ব্ৰহ্মপুত্ৰ নামেৰে বৈ গৈ সমূদ্ৰত মিলিত হৱ।
সেই ঘঁৰিয়াল ৰূপী সুতাপাৰ কথা মতেই পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘঁৰিয়াল ৰূপী সুতাপা উদ্ধাৰ হল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ সুলকি পৰিল। তেতিয়াহে পৰশুৰামৰ মাতৃহাত্যা মহাপাপ খণ্ডন হল।

(শেষকথাঃ-ব্ৰহ্মকুণ্ডৰ পুত্ৰ স্বৰূপ পৰশুৰামৰ হাতৰ স্পৰ্শত ব্ৰহ্মকুণ্ডৰ পৰা ধাৰাসাৰে ওলোৱা অসমৰ মাজেৰে বৰ্তমানেও প্ৰবাহিত হৈ থকা বৰলুইতৰ নাম ব্ৰহ্মপুত্ৰ নামেৰে জিলিকিছে আজিও।)
(এই প্ৰবন্ধটি মাননীয়া ৰুণু গোস্বামী বাইদেউৰ পৰিভ্ৰমন নামৰ প্ৰবন্ধটিৰ পৰা কিছু আভাস আৰু  ন-সংমিশ্ৰনৰে ন-ৰূপত লিখি উলিওৱা হৈছে।)

Saturday, 26 October 2013

হীৰেণ ভট্টাচাৰ্যৰ কবিতাঃ-

 
বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত
এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।
হাবিৰ চৰাই হাবিয়েদি উৰি যায়
শুনো কি নুশুনো উৰণীয়া মাত
মোৰ হাবিয়াস নপলায়
বন্ধু লাহী পাখিত বেলি আহি লহিয়ায়
নেদেখিলে সেই চৰাইৰে জাক
মোৰ হাবিয়াস নপলায়
বন্ধু চকুলোৱে ঢাকে মোৰ দূৰণিৰ বাট।'
(হীৰেন ভট্টাচাৰ্য)

... তেজ মঙহৰ সম্পৰ্কৰ পাছতেই মানুহৰ জীৱনত লেখত ল'ব লগা কোনো আছে যদি সেয়ে বন্ধু। বন্ধুত্ব... আত্মাই আত্মাই খাপ খাইথকা এটা সম্পৰ্ক। জীৱনটোক অধিক সাৱলীল কৰি তুলিবলৈ প্ৰয়োজন, এই সম্পৰ্কৰ। জীৱনটোক অধিক ৰঙীন আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰয়োজন এই সম্পৰ্কৰ।

মনত পৰেনে কেতিয়াবা..........................???????????


কিহৰ তাড়নাত জীয়াই থাকে প্ৰাণী..........
কিহৰ তাড়নাত জীয়াই থাকে মানুহবোৰ....
কিহৰ পিছত দৌৰিছো আমিবোৰ............

ৰাতিপুৱাইছে গধূলি হৈছে, আকৌ ৰাতি গৈছে দিন আহিছে, সপ্তাহ, মাহ,বছৰৰ পিছত বছৰ আহিছে, শত-সহস্ৰ মানুহ প্ৰতিদিনেই মৰি আছে, শত-সহস্ৰ প্ৰতিদিনেই জন্মিছে, কোনেও কাৰো হিচাপ ৰখা নাই, অহা আহিছে যোৱা গৈছে, এক যান্ত্ৰৰ দৰে পৰিচালিত হৈ আছে। অবিশ্বাস্য খবৰেৰে ভাৰক্ৰান্ত প্ৰতিটো বছৰে  যাৰ বাবে এৰি গৈছে কিছু দুশ্চিন্তা আৰু আকাংখা।
যাৰ বাবে সময়ৰ হিচাপ ৰখাৰ আহৰি নাই, কৰ্মই যাৰ জীৱনৰ লক্ষ আৰু উদ্দেশ্য, তেওঁলোকৰ বাবে ৰাতিপুৱাৰ ৰঙা বেলিটোৱে কিনো নতুন আশালৈ আনিব পাৰে...? তথাপিও ইয়াৰ মাজতেই তেওঁলোকে কাৰোৰে পৰা কেতিয়াওঁ স্বীকৃতি নিবিচাৰি নীৰৱে কাম কৰি গৈছে। সেই মহান ব্যক্তি সকলৰ সুখ-দুখৰ সমভাগী হৱলৈ আমিও কেতিয়াবা অলপ সময় উলিয়াব নোৱাৰোনে...? তথাপিও তেওঁলোকৰ মনত কোনো খেদ নাই, কৰ্মত কোনো হেমাহি নাই, নাই কোনো অভিমান, অভিযোগ। চিৰচাৰিত নিয়মেৰ মাজৰে নিজ নিজ কৰ্মত তেওঁলোক ব্যস্তহৈ যেন এখন্তেকো জীৰণি লবলৈ আহৰি নাই।
জীৱন সংগ্ৰামী এইসকলৰ বিষয়ে আমি অকনমান আন্তৰিকতা প্ৰকাশ কৰিব নোৱাৰো জানো.......?
সেইজন ব্যক্তি যিজনে, আমি ৰাতিপুৱা শুই উঠি চাহ কাপত চুমুক দিলো কি নিদিলো ঠিক তেনেতে দুৱাৰ মুখত দি যায়হি দেশৰ প্ৰতিটো চুকৰ-কোণৰ সকলো খৱৰেৰে ভৰা বাতৰিকাকতখন। ৰদ, বৰষুণ, ধুমুহা, বিজুলী, শাৰীৰিক অসুস্থতা এই সকলোবোৰকো নেওঁচি সেই চিনাকি চাইকেলখন চলাই চলাই প্ৰতিখন চহৰ,নগৰৰ প্ৰতিটো অলিয়ে গলিয়ে, দুৱাৰে দুৱাৰে নিৰৱেই দি গৈছে দেশৰ বতৰা। কাউৰীয়ে কা-কৰাৰ আগতেই প্ৰচণ্ড শীতকো নেওঁচি যি সময়ত সেইগৰাকী ব্যক্তিয়ে চাইকেলৰ পেডেলত শৰীৰৰ সমস্ত হেচা দি দিনটোৰ বাবে ধাপলি মেলে, সেই সময়ত আমি বহুতেই শোৱাপাটীৰ সুখত মচগুলহৈ থাকো। অথচ আমি তেওঁলোকক এদিনলৈও কেতিয়াওঁ পানী এগিলাচ, চাহ একাপ খাই এখন্তেক জীৰাই যাওঁক বুলি কৈ অকৃত্ৰিম আন্তৰিকতাকন প্ৰকাশ কৰাৰ প্ৰয়োজন বোধ নকৰো।
সেইজন ব্যক্তি যিজনে দুপৰ নিশালৈ প্ৰেছত নিৰবিচিন্ন ভাবে কাম কৰি গৈছে সীমিত পৰিমান অৰ্থৰ বিনিময়ত......................
সেইজন ব্যক্তি যি দিন ৰাতি একাকাৰ কৰি পথ-দলং নিৰ্মাণত উঠি পৰি লাগি থাকে..........
সেইজন ব্যক্তি যি দূৰ্গাপূজাৰ দৰে আনন্দ উত্সৱৰ সময়তো পৰিয়াল সকলো আশা-আকাংখাকো নেওঁচি কেৱল জনগণৰ সুবিধাৰ বাবেই ঘণ্টাৰ পাছত ঘণ্টাকৈ মুখত হুইচেল লৈ বজাই বজাই যান-বাহন বোৰ নিয়ন্ত্ৰন কৰি সকলোৰে যাতায়তত সহায় কৰে........
সেইজন ব্যক্তি যি নিজৰ দায়িত্ব প্ৰতি সদা-সজাগ হৈ কেতিয়াবা আত্মীয়ৰ বিবাহস্থলী ত্যাগ কৰি, কেতিয়াবা শোৱা পাটি এৰি, কেতিয়াবা আধা ভাতখোৱকৈ এৰি থৈ কাৰোবাৰ জীৱন বচাবলৈ ধাপলি মেলে..............
সেইজন ব্যক্তি যি নিজৰ জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰি সমাজৰ কল্যাণৰ বাবে বছৰৰ পিছত বছৰ ধৰি গৱেষণাগাৰত নিৰলস সাধনাত ব্যস্ত হৈ থাকে............
সেইজন ব্যক্তি যি নিজৰ পৰিয়াল, মাতৃভূমিৰ পৰা হাজাৰ মাইল দুৰৈত থাকিও সীমান্তত শত্ৰুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আমাৰ নিৰাপত্তাৰ দায়িত্বত দিনে-নিশাই ব্যস্ত হৈ থাকে......................
তৰোপৰি ঘৰে ঘৰে চিঠি বিলাই দিয়া সেই ডাকোৱালজন, ঘৰে ঘৰে গাখীৰ দিয়া গুৱালজন, কাপোৰ চিলোৱা দৰ্জিজন, ইস্ত্ৰী কৰা ধোৱাজন, যাত্ৰীবাহী যান-বাহনৰ দুৱাৰ মুখত ওলমি যোৱা হেণ্ডিমেনজন.....,যাত্ৰীৰ বয়-বস্তু কঢিওৱা কুলিজন, ৰিক্সাৱালাজন, ঠেলাৱালাজন, জোতা ৰঙ কৰা মুছিজন, চুলিকটা নাপিতজন, চুইপাৰ জন, ৱাৰ্ডবয়জন, নাৰ্চগৰাকী, যান-বাহনৰ মেকানিকজন, অগ্নি নিৰ্বাপিত কৰ্মীজন, পানীত দুৱযোৱাজনক উদ্ধাৰ কৰা সেই দুবাৰু সেনাজন, ঘাটত যাত্ৰীৰ অপেক্ষাৰত সেই নাঁৱৰীয়া জন..........এইসকলোৱেইতো এফালে পেটৰ ক্ষুধা নিবাৰণৰ বাবেই সংগ্ৰাম কৰিছে আনফালে সমাজলৈ একব্যতিক্ৰমী বৰঙণি আগবঢ়াই আহিছে। মানৱতাৰ খাতিৰতে হওঁক বা সৌজ্যনতাৰ খাতিৰতে হওঁক আমি তেওঁলোকৰ এই মহান বৃৰ্তিমুখী কৰ্মৰ অৱদানৰ বাবে তেওঁলোকক আন্তৰিকতা প্ৰকাশ কৰি সলাগ লোৱা উচিত।  (এই লেখাটিত কেৱল নিঃস্বাৰ্থ ভাবে কাম কৰা সেই মহান ব্যক্তি সকলৰ বিষয়েহে কোৱা হৈছে)

Friday, 25 October 2013

দুৰণিলৈ যাত্ৰা, তিতা মিঠা অভিজ্ঞতা আৰু অচিনাকি মৰমঃ-



(উজনি অসমৰ দুলীয়াজানলৈ যোৱাৰ পথত হোৱা বিভিন্ন অভিজ্ঞতা খিনি এনেকৈ অসম্পাদিত ৰূপত লিখি উলিয়ালো। অকৃত্ৰিম মৰম, চেনেহে মোৰ বুকুত দকৈ সাঁচ বহুৱাই যোৱা কিছু কথাৰ সোৱাদ দিবলৈ সমান্য চেষ্ঠা মাথোন।)  

এনেয়ে নকয় ধনীৰ ঘৰত চাবলৈ যাবা,
দুখীয়াৰ ঘৰত খাবলৈ যাবা।

উহ ইমান ঠাণ্ডা ঐ,.......ইমান কাহিলিপুৱাতে হাঁড়কপোৱাতে জ্বাৰত উঠি ঠাণ্ডা পানীৰে গা-ধোৱাৰ অভ্যাস নাই যদিও দুৰণিবতীয়া যাত্ৰ আছিল বাবে আগগুৰি নাভাবি ঢালি দিছিলো হৰহৰাই চেঁচা পানী, ঠক ঠককৈ কপি উঠিছিলো। তথাপিও উজনিলৈ যোৱাৰ প্ৰবল হেঁপাহতে সাজু হৈছিলো।
সময় ৰাতিপুৱা ৭.১৫ হৈছে, তৈল-নগৰী দুলীয়াজন অভিমুখী যাত্ৰা আৰম্ভ। লগত আছে মোৰ বন্ধু নৱদ্বীপ গোস্বামী, তেওঁৰ বায়েক-ভিনিহিয়েক আৰু ভাগিনটো। ভাগিনিয়েকটো আছিল উদন্ত স্বাভাৱৰ, ১৮ বছৰমান হৈছে, আধুনিক পোচাকৰ লগতে আধুনিক চাল-চলন, ধৈৰ্য্য কম, একেধাৰে ইমান দুৰলৈ যাবলৈ তাৰ ধৈৰ্য যে হৱ তাত মোৰ সন্দেহ আছে। যিকি নহওঁক আগবাঢ়িলো আমি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে তীব্ৰবেগত গাড়ী এৰি দিলো, বতৰ ডাৱৰীয়া আছিল বাবেই কুঁৱলীৰ প্ৰভাব সিমান নাছিল, ৰাস্তাত যান-বাহনৰ সিমান ভিৰ নাছিল। সুন্দৰ নিমজ পথেৰে আগবাঢ়িছে আমাৰ গাড়ী, কাজিৰঙাৰ সেইজীয়াৰ মাজেৰে জীৱজন্তুবোৰ চৰি থকাৰ দৃশ্যৰ উপভোগৰ লগতে দুয়োকাষে মনোমোহা প্ৰকৃতিয়ে আমাৰ যাত্ৰা আৰু মধুৰ কৰি তুলিছিল। বুঢ়ীআইৰ থানৰ সন্মুখত গাড়ীৰ গতি কমাই নামি পৰিলো, সকলোৱে একেলগে সেৱা জনাই নিৰ্মালী পটজল লৈ পুনৰ ধাৱমান উজনিৰ দিশে।সময় ৯.৪৫ মিনিট, তেতিয়া বোকাখাত ৰৈ হোটেলত কলপাতত দিয়া পুৰি ভাজি খাই পুনৰ যাত্ৰা চলিল। মিউজিক প্লেয়াৰটোৰ পৰা ভাহি আহিছে এটি সুমধুৰ গীত...................
মৰমত মাতিছো তোমাক জানেমনি,
তুমি মোৰ বুকুৰে হিয়াৰ বাখৰমনি,
অ কতেনো গৈ আছিলা, বিচাৰি ঐ ফুৰালা,
জানঐ কিয়নো তুমি মোক বলিয়া কৰিলা,
কিয়নো তুমি মোক বলিয়া কৰিলা।

শিৱসাগৰ পোৱাৰ লগে লগে দুৰৰ পৰা কেইবাটাও দৌল চকুত পৰিল, পথৰ দুয়োকাষে সৰু সৰু বজাৰ চকুত পৰিল, আমি আলোচনা কৰিলো আহোতে ইয়াত মাছ-পুঠি কিনি আনিম ঘৰলৈ। এটা সময়ত গৈ গৌৰীসাগৰ পালোগৈ, গাড়ীৰ গতি কমাই আনিলো আকৌ, সৰু চহৰৰ দৰে লাগিল ঠাইখন, এজন বেপাৰীৰ পৰা কমালা কিনো বুলি সুধিলো কমলাৰ হালি কিমান? দোকানী জনে মুখলৈ চাইছে, কলে কমলা হালি হিচাপে নহয়, আমি কেজি হিচাপেহে বিক্ৰি কৰো। পুনৰ সুধিলো তেনেহলে কেজি কিমান..?? তেওঁ কলে কেজি ৩০ টকা, তেনেহলে ১ কেজি দিয়ক বুলি বাচি বাচি কমলা ১ কেজি কিনি সকলো গাড়ীৰ ভিতৰতে বহি খালো, মই আৰু বন্ধুৱে দুয়ো এখনকৈ মিঠাপট্টী পান মুখত গজি দি পুনৰ আগবাঢ়িলো। গৌৰীসাগৰ, ডিমৌ, জাজী পাৰহৈ এইবাৰ পালোগৈ মৰানহাট,  মশ্ৰিন পথৰ দুয়োকাষে লক্ষ্য তৈলনগৰী দুলীয়াজান চোৱাৰ। ৰাতি কত থাকিম, কি কৰিম একো আওভাও নোপোৱাকৈ আছিলো যদিও পাছত গম পালো বাইদেউৰ সম্পৰ্কীয় বায়েক এজনী আছে বুলি কলে দুলীয়াজানত, তেওঁলোক চাহবাগনৰ কৰ্মচাৰী বুলি জানিব পাৰিলো, তেনেহলে নিশ্চয় থকাৰ সুবিধা ভালেই হৱ বুলি মনতে ভাব এটা হল। ফোন কৰিছ জনাইছে গৈ আছো বুলি, নহলেও কোনো কথা নাই কিবা এটা বন্ধবস্ত হৈ যাব পোহৰে পোহৰে দুলীয়াজান পালেগৈ। কোনোদিনে দুলীয়াজান নেদেখা আটাইৰে মুখত আনন্দৰ সীমা নাই, দুপৰীয়া ১.৩০ মিনিটত আমি গৈ ডিব্ৰুগড়ৰ ফুলবাগান পালোগৈ, ঘড়ীটোলৈ চাই নিজেই বিশ্বাস কৰিব পৰা নাছিলো কেনেকৈ ইমান সোনকালে গৈ ডিব্ৰুগড় পালোগৈ, আগতে ৰাতিৰ গাড়ীত গলেও ৰাতিপুৱাহে ডিব্ৰুগড় পাইছিলোগৈ। দুপৰীয়াৰ সাজ ডিব্ৰুগড়তে খাই ললো। তাৰ পিছত তিনিচুকীয়া অভিমুখে পুনৰ যাত্ৰা আৰম্ভ হল। তেনেতে বাইদেউৰ সম্পৰ্কীয়া বায়েকৰ পৰা ফোন আহিল যে দুলীয়াজানলৈ আহিবলৈ লাহোৱাল হৈ এটা চমুবাট আছে সেইফালে আহিবলৈ কলে। কথা মতেই কাম। আমি লাহোৱাললৈ লক্ষ্য কৰি আগবাঢ়িলো, প্ৰায় ২০ মিনিটৰ পাছত লাহোৱাল পালোগৈ, তাতে দোকান এখনত সুধি পথটোৰ সম্ভেদ ললো, সেই দিশেৰে আগবাঢ়িলো। বাটে বাটে সুধিব লগা হৈছে দুলীয়াজানৰ পথৰ বিষয়ে, কাৰণ আমি আগতে সেই পথেৰে যোৱা নাছিলো। মই তিনিচুকীয়াৰ পৰা আগলৈ যোৱা নাছিলো কেতিয়াও সেয়ে তিনিচুকীয়ালৈকে অনায়েসে নিচিন্তে গৈ পালো। ঠিক আবেলি ৩.৩০ বজাত আমি গৈ দুলীয়াজান নগৰ পালোগৈ, এতিয়া মধুটিং চাহবাগিছালৈ কোন বাটেৰে যাব লাগে উৱাদিহ পোৱা নাই, গাড়ী পাৰ্কিংৰ ঠাইত ৰাখি ইটো-সিটো কিনিবলৈ আগবাঢ়িলো, বস্তুটোও কিনিলো আৰু বাগিছা খনৰ সন্ধানো পালো।
লগে লগে গাড়ী ঘুৰালো দুলীয়াজান সামৰিক চিকিত্সালয়ৰ সন্মুখেদি আগবাঢ়িলো, চাৰিআলিবোৰ পালেই লাগি যায় খেলিমেলি, দুটামান চাৰিআলিত সুধি সুধি আগবাঢ়িলো, তৃতীয়া চাৰিআলিটো পাওঁতেই ট্ৰেফিক চিগনেলত ৰৈ গলো, তেনেতে এখন মহিন্দ্ৰৰ গাড়ী আমাৰ কাষতে ৰলহি, দ্ৰাইভাৰজনক সুধিলে মধুটিং বাগিছালৈ কোন বাটেৰে যাব লাগে, তেতিয়া তেওঁ কলে আমি সেইবাগিছালৈকে যাম আপুনি আমাৰ পিছে পিছে আহিলেই দেখুৱাই দিম, কথামতেই গাড়ীখনক অনুসৰণ কৰিলো, এনেকৈ বিচাৰি ফুৰোতেই আমাৰ প্ৰায় ১ঘণ্টামান দেৰি হৈ গল, তেতিয়ালৈ বেলি ডুবু ডুবু হৈছিল, ঠাণ্ডাও লাগিছিল, জেকেটটো পিন্ধি লৈ পুনৰ আগবাঢ়িলো, একাবেকা পথেৰ গৈ গৈ এটা সময়ত মধুটিং বাগিছাৰ তিনিআলিত আমাৰ গাড়ীখনে এইখনেই মধুটিং বাগান বুলি দেখুৱাই লগ এৰা দিলে, তেতিয়া পুনৰ এখন দোকানত সুধি আকৌ আগবাঢ়িলো, এইবাৰ এটা মাটিৰ পথৰে আগুৱাই গলো, দুৰৈত দেখিলো বাইদেউ গৰাকী আমাৰ বাবে অপেক্ষা কৰি কৰি আগুৱাই আহিছে। গাড়ী ৰখালো আৰু বাইদেউকো লগতে উঠাই ললো, মাজে মাজে সুধিলো কোনবাটেৰে যাম ইয়াৰ পৰা, তেওঁ দেখুৱাই গৈ থাকিল, কিছুসময়ৰ পাছতে গাড়ী গৈ তেওঁলোকৰ চোতালত ৰখালোগৈ।

গৃহস্থ ঘৰৰ সকলো যেন আমাৰ বাবেই অপেক্ষাৰত বুজিবলৈ বাকী নাথাকিল, সকলোৰে মুখত আনন্দৰ ৰেঙনি, ঘৰলৈ ইমান দুৰৰ পৰা আলহি আহিছে, কত থব কত নথব এনে লাগিল তেওঁলোকৰ। আদৰি-সাদৰি মাতি নিলে ঘৰৰ ভিতৰলৈ। কিন্তু বাগানাত কৰ্মৰত কৰ্মচাৰী এজনৰ নিজৰ ঘৰখনৰ দেখি ভাবিবলৈ বাধ্য হলো যে তেওঁ সঁচাকৈয়ে বাগানতে চাকৰি কৰেনে বাৰু..? হয়, সেয়াই সত্য আছিল। ঘৰৰ চৌপাশলৈ চকু ফুৰালো—বাৰীৰ চাৰিওকাষে জেওঁৰা দিয়া আছে, ঘৰখন মাটিৰে নিৰ্মান কৰা, ওপৰত টিংকেইচলামানৰ সৈতে কোনোমেত থিয় হৈ থকা এটি পজা। এইটোৱেই সেই বাইদেউ গৰাকীৰ ঘৰ। একেবাৰে সাধাৰণ তথা অভাৱ অনাতনে জুৰুলা কৰা এটি সৰু পৰিয়াল তেওঁলোকৰ, কাষতে খুড়াকৰ পৰিয়াল, তেওঁলোকৰো একেই অৱস্থা। তেতিয়াই মনত পৰিল মোৰ---- ধনীৰ ঘৰলৈ চাবলৈ যাবা, আৰু দুখীয়াৰ ঘৰলৈ খাবলৈ যাবা বুলি ডাকৰ বচন ফাকিলৈ। সঁচাকৈ....কেইমূৰ্হুত্বমানৰ ভিতৰতে এদিনৰ চিনাকি মই কেনেকৈ যে তেওঁলোকৰ ইমান আপোন হৈ পৰিলো মই গমকেই নাপালো, তেওঁলোকৰ সকলোৰে ব্যৱহাৰত মই মুগ্ধ হৈ পৰিলো, লগে লগে ভৰি-হাত ধুবলৈ গৰম পানীৰ বাল্টি, গামোচা পাছফালৰ চোতালত দিলেহি.....হাতমুখ ধুই উঠিয়েই দেখিলো চাহ বাতি, বিবিধ পিঠা আৰু জা-জলপানে সাজুহৈ মোক খা মোক খা কৰি। খাই বৈ উঠাৰ লগে লগে সলাবলৈ কাপোৰৰ পৰা আৰম্ভ কৰি কত যে কি নকৰিলে, ঠাণ্ডাত কোঙা হৈ পৰিছো বুলি ভাবি পাছফালৰ বাৰাণ্দাতে একুৰা জুইও ধৰি দিছে। মোৰ বুজিবলৈ বাকী নাথাকিল যে---তেওঁলোক ধনৰ ধনী নহলেও মৰম চেনেহেৰ ভৰি থকা একোখন বিশাল অন্তৰেৰে বহু ধনী, অজানিতে মুৰ দো-খাই আহিল মোৰ, ভক্তিত, শ্ৰদ্ধাত গদ গদ হলো, ভাবিবলৈ বাধ্য হলো বহু হাজাৰ জনৰ মাজতহে এনে মানুহক লগ পোৱা যায় কাত্চিত্ হে জীৱনত। ইতিমধ্যে জুই দপদপাই জ্বলি উঠিছে আমি বহি পৰিলো জুইৰ চাৰিও কাষে, কথা চলি থাকিল তাৰ মাজে মাজে, ঠাইখনৰ বিষয়ে জানিবলৈ ইটোসিঠো সুধি আছিলো, গম পালো তাৰ পৰা লক্ষীপথাৰ বৰ বেছি দুৰ নহয়, যত এসময়ত আলফা আৰু সামৰিক বাহিনীৰ লগত তীব্ৰ যুদ্ধ হৈছিল, তাৰ ওচৰতেই আলফাৰ কামাণ্ডাৰ ইন চিফ পৰেশ বৰুৱাৰ ঘাটি আছিল। এনেতে পাছফালৰ পৰা বাইদেউৱে আহি এখনি এৰীচাদৰৰে মোক মেৰিয়াই দিছেহি, ঘুৰি চাই বাইদেউৱে মুখলৈ চাই কৈছে---তোমাৰ ঠাণ্ডা লাগিব পাৰে, এইখনকে লৈ থাকাচোন। মই বোলো আপুনি মিচায়ে ইমান কষ্ট কৰিলে, মোৰ এইজেকেতটো আছেই দেখোন, ঠাণ্ডা আৰু কত লাগিব পাৰিব। তথাপিও এৰীচাদৰ দেখি ভাল লাগি গল, বহু দিনৰ আগতে এৰীচাদৰ লৈছিলো, এতিয়াও ঘৰত এৰীচাদৰ আছে যদিও লোৱা নহয়। একমাত্ৰ ছোৱালীজনী দিক্ষীতায়ে মাকক আলহি শুশ্ৰুষাত সহায় কৰি দিছে। বৰ মৰমলগা ছোৱালী, কম কথা কয় আৰু অনবৰতে মুখত এটি হাঁহি দেখা পালো। ঘৰখনৰ প্ৰতিজনৰ মাজত ইমান মিলাপ্ৰীতি দেখি আচৰিত নহৈও নোৱাৰিলো, মনতে ভাবিলো এই যান্ত্ৰিকতাৰ দিনত আভিজাত্যৰ প্ৰতিযোগীতাত ব্যস্ত বহুতেই হয়তো এনে মৰম চেনেহ কাহানিও পোৱা নাই, মোৰ সৌভাগ্য যে মই এনে মানুহৰ সানিধ্য লাভিবলৈ সক্ষম হলো। পুনৰ ভাবিলো ইয়ালৈ নহা হলে বহুত আমেজেই হেৰুৱালোহেতেন জীৱনত, যিবোৰ বহুত মূল্যবান মোৰ বাবে।

পৰিবেশটো দেখি আৰু ঘৰখনৰ অৱস্থাৰ কথা অনুমান কৰি মোৰ বন্ধুৰ উদন্ত ভাগিনৰ চিন্তা হল, সি পাৰিবনে নাই এই পৰিবেশত কটাব দুৰাতি, তাকে ভাবি সি একো কব নোৱাৰি ৰৈ আছে, এটাসময়ত মাকক বাহিৰলৈ মাতি আনি কলে..............অ মা, মই হলে এনেকুৱা ঘৰত থাকিব নোৱাৰো দেই, কেনেকৈ থাকিম, কত শুম। নাই মই লাগিলে হোটেলতে থাকিম, তোমালোক ইয়াতে থাকা যদি থাকা, মই কিন্তু নাথাকো। মাকে তাক বুজাবলৈ চেষ্টা কৰিলে কিন্তু কত আৰু পাৰে সৈমান কৰাব। মই কথাটো বুজিব পাৰি তাক কলো নাথাকো নুবুলিবি, তেওঁলোকে মনতে আঘাট পাব নহয়, আজি তেওঁলোকৰ এই অৱস্থাৰ বাবেই তই বাহিৰত থাকিলে তেওঁলোকৰ অৱস্থাটোক হাঁহাৰ দৰেহে হৱ, বৰ কষ্ট পাব তেওঁলোকে। লৰাটোৰ মনৰ ভাৱটো জানি মোৰ বহুত দুখ লাগিল, মানুহ দুখীয়া হল বুলি এনেকৈ ভাবিবলৈ কি শিক্ষাৰে শিক্ষিত হৈছে এইচাম ডেকা, ইতিমধ্যে গৃহস্থই কথাটো অনুমান কৰিব পাৰিছে চাগৈ, মোৰ নিজৰে দোষী দোষী লাগিল, মোক সেই বাইদেউ গৰাকীয়ে ভিতৰলৈ মাতি নি সুধিলে তুমি বাৰু আমাৰ ইয়াত থাকিবলৈ অসুবিধা পাবা নেকি.....? মই কলো---কিয় তেনেকৈ কৈছে বাইদেউ, মই একো অসুবিধা পোৱা নাই আপোনালোকৰ ঘৰত, বৰঞ্চ মই বেছি সুবিধাহে পাইছো, ইমান সুন্দৰ আপোনালোকৰ ঘৰৰ পৰিবেশটো, মোৰ ভাল লাগিছে, আপুনি চিন্তা নকৰিব, মই ইয়াত অলপো বেয়া নাপাও,......তেওঁলোকে ভাবিছিল মই তেওঁলোকৰ সমন্ধীয় নহয় যেতিয়া মইহে চাগৈ অসুবিধা পাইছো বুলি। কিছুসময়ৰ পাছত তেওঁলোকৰ বৰদেউতাক আহি ওলালহি, আৰু পৰিবেশটো দেখি বুজিব পাৰিলে চাৰি-পাঁচটাকৈ আলহি ভাৰ কেনেকৈনো তেওঁলোকে বহন কৰিব পাৰিব, সেয়ে তেওঁ কলে অসুবিধা হলে দুজনমান আমাৰ ঘৰলৈকে যাব পাৰি। কথা মতেই মোৰ বন্ধু আৰু উদন্ত ভাগিন যাবলৈ সাজু হল, মোৰ তেওঁলোকৰ ঘৰ এৰি যাবলৈহলে সত নগল, ইমান সুন্দৰ পৰিবেশ, সুন্দৰ ব্যৱহাৰ, ইমান খোলামনৰ মানুহৰ লগত লাগিলে মাটিয়ে বালিয়ে পৰি হলেও মই থাকিবলৈ ৰাজী আছো। কিন্তু কবও পৰা নাছিলো।
ক্ৰমাত ৰাতি হৈ অহাত বৰদেউতাকে আমাক ডেকা তিনিটাক লগ ধৰিলে তেওঁলোকৰ ঘৰখন চিনাকি হৈ আহিবলৈ, তাৰ পৰা প্ৰায় ৩ কি.মি. দুৰৈত তেওঁলোকৰ ঘৰ, কথা পেলাব নোৱাৰি ওলালো। তেওঁলোকৰ ঘৰগৈ পালোগৈ, দেখিলো সুউচ্ছ অট্টালিকা, প্ৰকাণ্ড চৌহদত আভিজাত্যৰ ৰহন ফুটি উঠিছে, বহিবলৈ দিলে, কথা বতৰা চলিল, কত থাকা, কি কৰাৰ পৰা আদি কৰি ৰভাতল সোমোলৈকে প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰিছিলো, ইফালে দিনৰ দিনটো ইমান দুৰ যাত্ৰা কৰা ভাগৰে আমাক হেচা মাৰি ধৰিছিল। প্ৰায় ২ ঘণ্টাৰো ওপৰ সময় আমি কথা-বতৰা পাতিলো যদিও তেওঁলোকৰ পৰা একাপ চাহ বা তামোলৰ বাবে কোনো ধৰনৰ প্ৰতিক্ৰিয়া নেদেখিহে আচৰিত হলো। একে ঠাই, একে বংশৰ একেপৰিয়াতে ইমান ভিন্ন আচৰনে মোক আচৰিত কৰি তুলিলে, এটা সময়ত কলে ভাতকেইটা তোমালোকে আমাৰ ঘৰতে খাবা বাৰু, তেতিয়া সময় ৯ বাজো বাজো, তেতিয়ালৈকে ঘৰৰ গৃহিনীয়ে পাকঘৰলৈ যোৱাৰ নামেই লোৱা নাই, মনতে ভাবিলো ইয়াত ভাত খাবলৈ হলে কেই বাজিব আজি ঠিক নাই, লাহে লাহে ৰাজনীতিৰ মহাভাৰতখন মেলিছেহে.............।। সেয়ে মই কলো নাই নাই আমাক বেয়া নাপাব, আমি ভাত তাতে খাম বুলি কৈ আহিছো নহয়, তাতে এওঁলোক ইয়াতে থাকিব যেতিয়া ভাত তাত নাখালে তেওঁলোকে বেয়া পাব নহয়, সেয়ে নালাগে আপোনালোকে জোগাৰ কৰিব।কিছুসময়ৰ পিছত আমি বিদাই লৈ বাইদেউহঁতৰ ঘৰলৈ আহিলো, তেতিয়ালৈ ৰাতি ভাতসাঁজ সাজু হলেই, নানাবিধৰ ব্যঞ্জনেৰে পাকঘৰ সুৱনি কৰাত ব্যস্ত আছিল মাক-জীয়েক আৰু খুৰীয়েক হঁত, ভাত খোৱলৈকে এইখিনি সময়ত কিমান যে কথাকৈ কৈ হাঁহি হাঁহি আমাৰ লগত মিলি গৈছে মাক-জীয়েক দুয়ো, ভাবিবই নোৱাৰো আমি যে কেইমূৰ্হুত্ব মানৰ আগতহে চিনাকি হৈছিলো, দীক্ষিতাই সংগীত চৰ্চা কৰে ঘৰতেই, আৰ্থিক ভাবে পৰিয়ালে সকলো জোগাৰ দিব পৰা নাই বাবে আক্ষেপো নকৰি নিজ গুণেৰেই দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও তেওঁৰ এই অসাধ্য সাধনাৰ বিষয়ে সুধি লোৱা সাক্ষাত্কাৰৰ এটি শ্ৰব্য বাণীবদ্ধ অংশ আমাক শুনাইছে। লুকাই লুকাই কব নোৱাৰাকৈ এই অসাধাৰণ ছোৱালীজনীলৈ চাইছো মই, মৰমলগা মুখখনত নাই অলপ দুখ, নাই অলপো আৰ্থিক ভাবে জুৰুলা কৰা হতাশাৰ চিন, মনতে ভগৱানক সুধিলো---কিয় বাৰু তুমি এনেকৈ পঠোৱা মানুহক, যাৰ প্ৰতিভা আছে তেওঁক অৰ্থ অবিহনেই পঠাইছা, যাৰ ধনঐচৈয্যৰে ভৰপুৰ তেওঁলোকৰ আকৌ সকলো থাকিও একো নাই যেন।............................ভাবি ভাবি পাৰ নাপালো...........

লাহে লাহে দীক্ষিতাৰ পঢ়াৰ কথা সুধিলো, বুজিলো সঁচাকৈ এক অনন্য মেধা শক্তিৰ অধিকাৰী তেওঁ, সকলোতে সাফল্যৰ উচ্চ সীখৰত আহোৰণ কৰিছে, মই তেওঁ পঢ়াৰ বিষয়ে নানা দিহা পৰামৰ্শ দিলো যিমান খিনি পাৰো, একান্ত মনে শুনি গল। তাৰ মাজতে আমাৰ একান্ত অনুৰুধোত তেওঁ এটি গীতৰ কলি গুণগুনাই শুনালে আমাক, জানিলো এক সুমধুৰ কণ্ঠৰো অধিকাৰী তেওঁ। গুণগুণোৱাৰ সময়ত ভেবা লাগি চাই থাকোতেই গল মোৰ, ভাত খাবলৈ বাইদেউৱে মাতোতেহে মোৰ তন্ময়তা ভাগিল।

পিছদিনা ৰাতিপুৱা চাহ বাগিছাৰ সৌন্দৰ্য আৰু গাঁৱৰ সুন্দৰ ধাননীপথাৰ দেখুৱাবলৈ মোক লৈ গল দীক্ষিতাই, দুৰৈত দেখিলো ৰিণিকি ৰিণিকি সেউজীয়া পাহাৰ, কনমানি এজনী ছোৱালীৰ দৰে হাঁহি হাঁহি মোক পথাৰৰ আলিৰ ওপৰেদি লৈ গৈছিল বহু দুৰলৈ, মাজে মাজে সুধিছে আপুনি পুখুৰীৰ জীয়া মাছ দেখা নাই নহয়, আহক আপোনাক দেখুৱাম মই.........মই একো নকৈ কেৱল হাঁহি মাৰি তেওঁৰ পিছে পিছে সকলোবোৰ উপভোগ কৰি মন্ত্ৰমুগ্ধৰ দৰে গৈ থাকিলো, ইমান সুন্দৰ পৰিবেশ, বিভিন্ন চৰাই মাত,................মাজে আনন্দতে জপিয়াই উঠে তাই, যেন আমাক পাই ফুৰ্টীৰ সীমা নাই, যেন মই কালি অহা নাই সিহঁতৰ গাঁৱলৈ বহুদিনৰহে চিনাকি মই তেনে লাগিল।

এনেকৈয়ে দুদিন দুৰাতি তেওঁলোকৰ ঘৰত কটাই, তৃতীয় দিনা পুৱা ৮ বজাত আমি তেওঁলোকৰ পৰা বিদায় ললো, পদুলিলৈকে সকলোৱে আগবঢ়াবলৈ আগুৱাই আহিল, বাইদেউৰ আৰু দিক্ষীতাৰ দুচকুত দেখিলো চকুপানী যেন ছোৱালীহে উলিয়াই দিবলৈ আগুৱাই আহিছে, বাইদেউৱে চাদৰৰ আচলেৰে দুচকু পানী মচিচে, মোৰো অজানিতে দুধাৰি চকুলো বৈ আহিল, নিজকে সংযত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হলো, তেনেতে বাইদেউৱে আহি সাবতি ধৰিলেহি, বাৰে বাৰে কলে নিজৰ ঘৰৰ দৰে যেতিয়াই মন যায় তেতিয়াই আহিবা, মই আৰু ৰৈ থাকিব নোৱাৰিলো, উচুপি উঠিলো।................ঘৰলৈ উভতি আহিলো যদিও মনটো তেওঁলোকৰ তাতে থৈ আহিলো, উভতনি যাত্ৰাত তিনিচুকীয়াৰ টিলিঙ্গা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ,বৰপুখুৰী, জয়সাগৰ আদিবোৰ চাই চাই পুনৰ ঘৰ অভিমুখে ৰাওঁনা হলো।

অসমৰ ঐতিহ্যৰ লগত জড়িত কেইখনমান ছবিঃ-

অংকীয়া ভাওনাৰ এজন ভাওৰীয়াক প্ৰসাধনেৰে চৰিত্ৰৰ লগত খাপখুৱাবলৈ ব্যস্ত এজন খনিকৰ।


১ম ছবিত--যোৰহাটৰ নিমাতীঘাট আৰু বৃহত্ নদী দ্বীপ মাজুলীক সংযোগ কৰি যাতায়তৰ একমাত্ৰ বাহন যন্ত্ৰচালিত নাও।

 
 ২য়-ছবিত গদাপাণিক বিচাৰি চাওদাঙে জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া দৃশ্যৰ বাটৰ নাটৰ নাট্যৰূপ।

৩য় ছবিত-অসমৰ পাটপলুৰ সূতাৰে অসমীয়া শিপিনীয়ে নিজে কাটি বৈ উলিওৱা পাটৰ কেইযোৰমান সাজ।

 ৪ৰ্থ ছবিত-অসমৰ মূগাপলুৰ সূতাৰে অসমীয়া শিপিনীয়ে নিজে কাটি বৈ উলিওৱা মূগাৰ কেইযোৰমান সাজ।

 ৫ম ছবিত-অংকীয়া ভাওনা প্ৰদৰ্শনৰ আগমূৰ্হুত্বত পৰিবেশন কৰা বায়ন সকলৰ বৰধেমালী অনুষ্ঠানৰ খোল বাদনৰ  এটি দৃশ্য।

 ৬ৰ্থ ছবিত-অংকীয়া ভাওনা প্ৰদৰ্শনৰ আগমূৰ্হুত্বত পৰিবেশন কৰা গায়য়ন সকলৰ বৰধেমালী অনুষ্ঠানৰ তাল বাদনৰ  এটি দৃশ্য।

 ৭ম ছবিত-মাজুলীৰ এক ভিতৰুৱা অঞ্চলত সন্ধিয়া অকলশৰে লগ পোৱা এটি কনমানি মিচিং শিশু।

৮ম ছবিত-প্ৰভু শ্ৰীৰামচন্দ্ৰই দেৱী সীতাক উদ্ধৰ কৰিবলৈ বান্দৰ সেনাৰ সৈত্যে আলোচনাত মিলিত হোৱাৰ অংকীয়া নাট্যৰূপ।

 ৯ম ছবিত-কেইবাদশক পূৰ্বে মৌজাদাৰে ব্যৱহাৰ কৰা এটি আবাস গৃহৰ আলোকচিত্ৰ।

১০ম ছবিত-নগাঁও জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাহাৰ কাটি নিৰ্মাণ কৰা ৪ লেণ্ডযুক্ত অত্যাধুনিক পথৰ  এটি দৃশ্য।