(১)
যোৱা প্ৰায় ১০ বছৰেই হ’ল মোৰ বাইক চলোৱা, ক’লেজ পাৰ
হ’লো, চাকৰি জীৱনৰ আধা গ’ল বুলিলেও ভুল কোৱা
নহ’ব চাগৈ। কিন্তু মোৰ বাইকৰ পিছৰ চিটটো সদায় খালী হৈয়ে থাকে, কেতিয়াও
কোনো প্ৰেয়সীক বহুৱাই কিবা বোলেনে ডেটিং মেটিং গৈ নাপালো। এতিয়া ঘৰৰ ফালৰ পৰা
বিয়াৰ যা-যোগাৰ চলাৰ পিছত বহুত বিচাৰ খোচাৰৰ অন্তত যেনিবা এগৰাকী সুন্দৰী যুৱতীৰ
লগত সাঙুৰ খাই পৰিলো। আঙুঠি পিন্ধোৱা হৈ যোৱাৰ পিছত বন্ধুবোৰৰ উপদেশ ক্ৰমে লাহে
লাহে ভাবি পত্নীৰ লগত ফোন যোগে এষাৰ দুষাৰকৈ কথা পাতিবলৈ ল’লো।
এনেকৈ এদিন দুদিনকৈ কথা পাতি পাতি আমি এতিয়ালৈ যথেষ্ট ফ্ৰি হৈ কথা পাতিব পৰা হ’লো।
এসপ্তাহৰ আগৰ কথা, সেইদিনা শনিবাৰ, ময়ো সেইদিনা বেংকৰ কিছুকামৰ বাবে
কাৰ্য্যালয়ৰ পৰা অলপ সোনকালেই ওলালো, ১২ বজাৰ আগতে গৈ বেংক পাবগৈ লাগে। যথাসময়ত
বেংকৰ সকলো কামকাজ সম্পূৰ্ণ কৰি আজৰি হও মানে ঠিক ১.৩০ মিনিটমান হ’লগৈ,
সেইদিনা আৰু কাৰ্য্যলয়লৈ দুনাই যোৱা নহ’ল মোৰ। ভাবিলো
এতিয়াইনো ঘৰলৈ গৈ কি কৰিমগৈ সেয়ে পানীগাঁও চাৰিআলীৰ বন্ধুৰ দোকানতে অলপ আদ্দা
দিয়াৰ মানসেৰে গৈ সোমালোগৈ। কিছু সময়ৰ তাতে কথাপাতাৰ অন্তত হঠাত্ মোৰ দুৰভাষটোৱে
গৰজী উঠিল, হাতৰ তলুৱাত লৈ নামটো জিলিকি উঠা দেখিয়েই মনটো ভাললাগি গ’ল, আমাৰ
তেওঁ কৰিছে ফোন.....কানে কানে কওঁ তেওঁ মানে বুজিছে চাগৈ ৰাইজে। এখন্তেকো পলম নকৰি
টিপামাৰি দি কানত লগাই ধৰিলো, সিফালৰ পৰা ভাহি আহিল সুন্দৰ নাৰীকণ্ঠ---তুমি ক’ত আছা..? মই
বোলো—পানীগাঁও চাৰিআলীতে আছো কোৱা। পুনৰ উত্তৰ আহিল—মই গৈ আছো। মই বোলো ঠিক আছে
আহা। (তেওঁ স্কুল ছুটি দি ঘৰৰ দিশে এখন টেম্পুত আহি আছিল)।
ফোনটো থোৱাৰ পিছৰে পৰা যদিও বন্ধুৰ লগত কথা পাতি আছো কিন্তু মোৰ চকু
প্ৰতিখন টেম্পুত হে আছিল। মনতে ভাবি আছো কোনখনত আহিছে বা এতিয়া। এনেকৈ ভাবি
থাকোতেই ১০,১২খন মান টেম্পু পাৰহৈ গ’ল। প্ৰায় ১০ মিনিট
মানৰ পিছত এখনত দেখাপালো মোক দেখি হাত জোকাৰি দিয়া, আগবাঢ়ি গ’লো, মোক
উদ্দেশ্যি সুধিলে ইয়াতে নামো নে—মই বোলো নামা। এইবুলি তেওঁ টেম্পুৱালজনক ভাঁড়াটো
দি নামি আহিল। সেইসময়ত মোৰ মন উগুল-থুগুল, আগে পিছে তেনেকৈ গাভৰু ছোৱালীৰ বাবে ৰৈ
থকাৰ অভিজ্ঞতা নায়েই। ওচৰৰ প্ৰায়বোৰ দোকানৰ দোকানীয়েই চিনাকি, ইফালে সিফালে চালো
কোনোবাই বাৰু আমাক লক্ষ্য কৰি আছে নেকি..? দুজন মান চকুৱে
চকুৱে পৰাত নিজেই ৰঙা-চিঙা পৰি গ’লো। এনেলাগিল যে ফাট মেলা বসুমতি পাতালে লুকাও
অৱস্থা মোৰ। তাৰ পিছত তেওঁৰ লগত বজাৰলৈ বুলি বাইকত উঠিবলৈ ধৰোতেই ফটককৈ তেওঁ কলে
মোৰ মবাইলটো ক’ত..? মই বোলো চোৱা
বেগটোতে আছে চাগৈ, এইবুলি তেওঁ বেগটোত হাত ভৰাই বিচাৰি নাপাই হুৱাদুৱা লগালে। মোৰো
বুকু চিৰিং কৈ মাৰিলে। ইফালে টেম্পুখনত তেৱেঁই শেষ যাত্ৰী হৈ আছিল বাবে পইচা দিয়াৰ
পিছত কোনফালে গ’লগৈ ঠিক অনুমান কৰিবলৈ অসুবিধা হ’ল,
ষ্টেণ্ডলৈ উভতি গ’ল নে, নে অহা দিশেই গ’ল..? এইভাবি
কিবা খেলিমেলিখন লাগি গ’ল নহয়। দুবাৰমান মোৰ মবাইলটোৰ পৰা ৰিং কৰিলো,
বাজি বাজি শেষ হৈ গ’ল কিন্তু ৰিচিভ নকৰিলে। আৰু ৰৈ নাথাকিলো। তেনেতে
কাষতে থকা দোকানী জনে ক’লে টেম্পুখন উভতি ষ্টেণ্ডলৈকে গ’ল। এক মূৰ্হুত্বও
পলম নকৰি বাইক ষ্ট্ৰাট কৰি তেওঁক উঠাই ল’লো, তেওঁক ক’লো
বোলো-ভালকৈ ধৰিলোৱা, সেইদিনাই প্ৰথমবাৰৰ বাবে মোৰ বাইকৰ পিছৰ খালী চিটটো পুৰ হ’ল দেই।
আমি সেই মূৰ্হুত্বত পাহৰি গৈছিলো যে আমি প্ৰথমবাৰৰ বাবেহে সেইদিনা তেনেকৈ উঠিছো,
তেওঁৰো চাগৈ একেই অনুভৱ, সেয়ে পলম নকৰি মোৰ বাহুত সাবতি ধৰিলে, মই তীব্ৰবেগে বাইক
ষ্টেণ্ডৰ ফালে এৰি দিলো। ৭ মিনিটৰ ভিতৰতে গৈ টেম্পু ষ্টেণ্ডগৈ পালোগৈ। ইফালে
সিফালে চাই বিচাৰিবলৈ ধৰিলো টেম্পুখন নাই ক’তো নাই। আকৌ মই ৰিং
কৰিলো, কিৰিং কিৰিং বাজি আছে, শেষত ৰিচিভ কৰিলে—সিফালৰ পৰা টেম্পু চালক জনে কলে
দাদা ফোনটো বাইদেউৱে টেম্পুতে পেলাইথৈ গ’ল, আপোনালোক ক’ত আছে
মই ষ্টেণ্ডলৈকে গৈ আছো তালৈকে আহক। তেতিয়াহে ৰক্ষা—মই ষ্টেণ্ডতে আছো বুলি কৈ
অপেক্ষা কৰিলো। এখন দুখনকৈ আৰু ৫ খনমান টেম্পু আহি ষ্টেণ্ডত সোমাল। নাই দেখা দেখি
নাই। ভাবি শ্ৰীমতীৰ কান্দোনে হাঁহো অৱস্থা হ’ল। প্ৰায় ১৫
মিনিটমানৰ পিছত যেনিবা টেম্পুখন আহি পালেহি আৰু আমাক দেখি মাতিলে---টেম্পুৱালজনে
ফোনটো আগবঢ়াই দি কলে—ফোনটো বাজি থকা শুনি মই বিচাৰিছো বোলো ক’ত কি
বাজি আছে। মই উঠাই ৰিচিভ কৰো মানে বন্ধই হৈ গ’ল ৰিং। আপোনালোকক
বিচাৰিছিলো, কিন্তু নাপালো। সেয়ে বেগতে ভৰাই ৰাখিলো। বেয়া নাপাব দেই।
আমিনো বাৰু বেয়া পাম কেলৈ....মই তেওঁক হাঁহিমাৰি ধন্যবাদ এটা জনাই
ফোনটো লৈ আতৰি আহিলো, তেওঁও হাঁহি সহাৰি দিলে। ভাবি শ্ৰীমতীক কলো বোলো—সেইটো তোমাৰটো
হয়নে নহয় চাই লোৱাচোন আগতে। তেওঁ হয় বুলি ক’লে—আমাৰ আৰু সেইদিনা
বজাৰলৈ যোৱা নহ’লগৈ। চিধাই ঘৰমুৱা হ’লো।
তেওঁ আকৌ আন এখন টেম্পুত উঠি ঘৰলৈ যাও বুলিছিল, কিন্তু মই নিদিলো—বোলো নালাগে অকলে
যাব ঘৰলৈ, ময়েই গৈ থৈ আহিমগৈ। এইবুলি দুয়ো তেওঁলোকৰ ঘৰলৈকে গ’লোগৈ।
দুয়োকে একেলগে দেখি তেওঁলোকৰ ঘৰৰ সকলোৱে মনত প্ৰশ্নবোধক এটা দেখিলো দুৱাৰমুখত।
অৰ্থাত্ কেনেকৈ ক’ত লগ পালো, ইত্যাদি ইত্যাদি। পিছত আচল ঘটনা গাপ
দি, কাহিনী বেলেগকৈহে সাজি ক’ব লগা হ’ল, ধমক
খোৱাৰ ভয়ত। প্ৰথম দিনাই প্ৰথমবাৰৰ বাবে ঘটা মোৰ বাইকৰ পিছৰ চিটৰ কাহিনীটো
চিৰস্মৰণীয় হৈ ৰ’ল।
(২)
গৰমৰ দিন, যোৱা বছৰৰ ঘটনা। ঠিক জে’ঠ মাহেই আছিল হ’বলা।
ভৰদুৰীয়াখন ওলালো কাপোৰৰ বজাৰলৈ বুলি, ভটিজাটোৰ বাবে কাপোৰ এযোৰ, মাৰ বাবে চাদৰ
দুখন আৰু দুখনমান বিচনা চাদৰ কিনিব লাগে। হাতত পইচা কেইটালৈ সাজি কাজি ওলালো, আনকালতকৈ
অলপ ফিটফাট হৈ ওলাইছো। তেনেকৈ ওলোৱাও এটা কাৰণ আছে, বহুতবাৰ কাপোৰ-কানি বজাৰ
কৰিবলৈ গ’লে দোকানত সোমোৱাৰ লগে লগে দোকানীয়ে গ্ৰহক হিচাপে
যোৱা মোৰ ওপৰৰ পৰা তললৈ ভালকৈ লক্ষ্য কৰে, অৰ্থাত্ পিন্ধন উৰুণৰ পৰা এটা সম্যক
ধাৰণা কৰে অগান্তুক গ্ৰহক কিমান পইচাৰ মালিক হ’ব পাৰে। আৰু সেই
হিচাপে অনুমান কৰি এটা দৰৰ কাপোৰ বা যি বিচাৰে তেনে বস্তুহে গ্ৰাহকক দেখুৱায়। আনবোৰ
গ্ৰাহকে এইবোৰ কথা লক্ষ্য কৰেনে নাই নাজানো, মই কিন্তু বহুত বাৰ প্ৰমাণ পাইছো।
সেয়ে সেইদিনা সাজি কাজি ওলাইছো।
পদূলিৰ পৰা বাইকখন এৰি দিলো হো-হোৱাই চহৰৰ দিশেৰে। বাচি বাচি ভালকাপোৰ
পাব পৰা কেইখনমান দোকানত সোমোৱাৰ লক্ষ্যৰে বাইকখন ষ্টেণ্ড কৰি চাবিপাত হাততে লৈ
আগবাঢ়িলো। প্ৰথমখন দোকানত সোমালো, ওহো মন পচন্দহোৱাকৈ নাপালো, ওলাই আহিলো সেইখনৰ
পৰা—কাষৰ খনলৈ গ’লো সেইখনত বহুত কেইযোৰৰ মাজৰ পৰা বাচি লৈ ভটিজাৰ
কাপোৰযোৰ পালো। টোপোলাটো হাতত লৈ আন এখনলৈ আগবাঢ়িলো। সেইখনতো মাৰ কাপোৰ নাপালো,
উত্কত গৰমত ইফালে জোল বাহিৰ হৈ গৈছিল, সেয়ে শেষবাৰৰ বাবে মাৰ চাদৰ কেইখন বিচাৰি
এখনত সোমালো, উস ৰক্ষা সেইখনত যেনিবা পাই গ’লো মাৰ দুখন মন
পচন্দৰ চাদৰ। বচ কাম চেটেপ, এইবাৰ আৰু ৰৈ থকাৰ সকাম নাই, এইবুলি বাইকখন থকাৰ ফালে
আগবাঢ়িলো কাপোৰৰ পলিথিন কেইটা হাততে লৈ। বাইক ষ্টেণ্ডৰ পৰা নমাবলৈ গৈহে হুচ আহিল,
অহ মোৰ বাইকৰ চাবিপাত ক’ত...? এইবুলি এটা এটাকৈ
পকেট আটাইকেইটাতে হাত ভৰাই ভৰাই বিচাৰিবলৈ লাগিলো, কিন্তু চাবিপাত নাই। কি হ’ব
এতিয়া, ইফালে গৰমত মৰিছো আৰু এতিয়া সোনকালে যাবলৈ বিচাৰিও চাবিপাত নাই। আকৌ দোকান
কেইখনলৈ দৌৰ মাৰিলো---বোলো চাবিপাত এৰিছো নেকি বাৰু আপোনালোকৰ দোকান..? এনেকৈ
আটাইকেইখন দোকানত বিচাৰি চাবিপাত নাপালো। এইটো মোৰ বৰ বেয়া অভ্যাস, য’তে ত’তে
চাবি, চানগ্লাছ প্ৰায়ে এৰোৱেই। পিছত বিচাৰি হাবাথুৰি খাই ফুৰো।
শেষত উপায়ন্তৰহৈ বাইকখন ঠেলা এখনতে উঠাই নিবলৈ বুলি ঠেলা বিচাৰি গ’লো আৰু
ঠেলাও মাতি আনি বাইকখন উঠাবলৈ ধৰোতেই কাষৰ দোকানখনৰ দোকানীজনে মোৰ অৱস্থাটো দেখি চাগৈ
ভাবিলে মোক দেখুওৱা কাপোৰবোৰৰ মাজতে সোমাই গ’ল নেকি চাবিপাত
বাৰু। এইবুলি মোক মাত লগালে আৰু আকৌ এবাৰ কাপোৰবোৰ খুচৰিবলৈ ধৰিলে। এযোৰ এযোৰকৈ
কাপোৰবোৰ মেলি দিয়াত তাৰে মাজৰ এযোৰত চাবিপাত পেচ খাই লাগি থকাৰ পৰা ওলাই পৰিল। উস
ৰক্ষা, বাচিলো দেই, অন্ততঃ বাইকৰ অৰিজিনেল ল’কটো গেৰেজত ভাঙিব
লগা নহ’ল গৈ। দোকানী জনক অশেষ ধন্যবাদ জনাই সেইদিনাৰ পৰা সাৱধান হ’লো।
ঠেলাৱালাজনক ১০ টকীয়া নোট এখন দি বিদায় দিলো। আৰু বাইক লৈ ফো-ফোঁৱাই ঘৰৰ দিশে
ধাবমান হ’লো। ৰাইজৰ এইগতি কেতিয়াবা হৈছেনে বাৰু...??
No comments:
Post a Comment