Sunday, 2 December 2012

আঘোনতে ন-খাওঁ আহাঃ-

আঘোনতে ন-খাওঁ আহাঃ-

কিনো খাই পাহৰিম তোক ঐ লাহৰী
কিনো খাই পাহৰিম তোক,
মিচিমি আহিব---বৰবিহ আনিব
তাকে খাই পাহৰিম তোক ঐ লাহৰী
তাকে খাই পাহৰিম তোক।।

এতিয়া আঘোন মাহ, চাৰিওফালে পথাৰ পকা ধানেৰে সোণোৱালী হৈ পৰিছে। খেতিয়কৰ উথপ-থপ লাগিছে ধান কাটি চপাবলৈ। সকলো খেতিয়কৰে মনত এটাই আশা- পথাৰৰ পৰা খেতি চপাই আঘোনৰ ভিতৰতে -ধানৰ চাউলেৰে ‘’ন-খোৱা’’ উত্সৱটি পাতিব লাগিব আৰু মাঘৰ বিহুৰ আগতেই ভঁড়ালত ধান ভৰাব লাগিব।

আঘোন মাহত ন ধানৰ চাউল বহাই শুকুৱাই উলিয়াই লৈ, প্ৰথমেই গোসাঁইলৈ বুলি আগবঢ়াই নাম এষাৰ পাতি বাৰীৰ ন শাক-পাচলি, মাছ-মঙহেৰে বা সঁৰিয়হ ফুলিবৰ বতৰত তেলাল হাঁহেৰে অঙহী-বঙহি সকলোকে মাতি আনি ন–খোৱা উত্সৱ টি পালন কৰা হয়।
এই ন-খোৱা উত্সৱটি সাধাৰণতে ৰাতিহে পাতি ভাল লাগে, সকলোৱে মিলি-জুলি নিশা এসাজ ঘৰৰ বাহিৰত ৰন্ধাৰ ব্যৱস্থা কৰা হয়। কোনো কোনোৱে ৰাজহুৱাকৈ এই ন-খোৱা ভোজ খোৱাও দেখা যায়।

ন-খাবৰ বাবে বজাৰৰ পৰা কোনোৱে মাছ, কোনোৱে মাংস আৰু কোনো কোনোৱে এটি তজবজীয়া তেল হোৱা পাটী হাঁহ আগতিয়াকৈ বিচাৰি কিনি আনি ৰখা হয়।

সেইদৰে সৰুৰে পৰাই আমিও দেখি আহিছো আমাৰ চুবুৰীটোৰ কেইঘৰে মিলিহে ন-খোৱা পাতি আহিছে প্ৰতিবছৰে। তেতিয়া আমি সৰু আছিলো, আঘোনৰ পথাৰৰ পকা ধান কাটি অনাৰ পাছৰে পৰা মা-দেউতাক সুধি সুধি ব্যতিব্যস্ত কৰি তোলো যে-আমি ন কেতিয়া খাম বুলি..।

এনে এটা দিনতেই দেউতাহঁতে ওচৰৰ আটাইকেইঘৰে মিলি আলোচনা কৰি ন-খোৱাৰ দিন এটা ঠিক কৰে। ঠিক তেতিয়াৰে পৰাই আমাৰ গাত তত নাইকিয়া হয়, কেতিয়া আহিব সেই দিনটো, আৰু কিমান দিন আছে ন-খোৱা দিনটোলৈ, দিনটোত কিমান বাৰ যে আঙুলি মুৰত হিচাপ কৰো ঠিক নাই, আইয়েও উত্তৰ দি দি ভাগৰি পৰে। অৱশেষত ন-খোৱাৰ দিন আহি পালে, মনত উগুল-থগুল, বুধবৰীয়া ৰূপহী বজাৰৰ পৰা কৱাইদেউৰ লগত গৈ এটা তেল হোৱা পাটী হাঁহ কিনি আনো, দিনতে কলপাত কটা, বাৰীৰ আদা কেইচোকোৰামান খান্দি আনা, তেতিয়াৰ দিনত ইলেকট্ৰিক লাইট নাছিল বাবে আগতিয়াকৈ মেন্থেল লাইটৰ যোগাৰ কৰা আৰু মেন্থেলৰ বেলুন দুটামান পুটুকণৰ দোকানৰ পৰা কিনি অনা, ৰান্ধি্ব পৰা ঠাই খিনিত কলপাত এখন চালি দিয়া, এই সকলোবোৰ কাম কৰিবলৈ পাই আনন্দৰ সীমা নাছিল আমাৰ, মনতে ভাব হয় যেন ন-খোৱাটো প্ৰতি মাহতেই পাতিব পৰা নিয়ম এটা থকা হলে। সেইদিনালৈ পঢ়া কিতাপৰ ফালে উভতিও নাচাওঁ, ৰাতি হৈ অহাৰ লগে লগে মনৰ ফুৰ্টী দুগুনে চৰে। চুবুৰীয়াৰ আটাইকেইঘৰৰ লৰা-ছোৱালীবোৰ গোট খাই খেলা আৰম্ভ হয়। ৰন্ধাই ৰান্ধে, চাউল-পাচলি কৰাই পাচলি কাটে। বয়সীয়াল সকলে গোসাঁই ঠপনাৰ আগত চাকি বন্তি লগাই এফাকি নাম-কীৰ্তন কৰে, নামৰ শেষত প্ৰসাদ বিতৰণ কৰে। আৰু সদৌ শেষত ভোজ-ভাত আনন্দৰে সকলোৱে গ্ৰহন কৰে। আমাৰ বৌতিয়ে খুন্দনাত তামোল খুন্দে ককা-আইতাৰ বাবে, সেই তামোলক সোৱাদৰ ভাগ লুকাই চুৰকৈ আমিও নলোৱাকৈ নাথাকো।

সময়ৰ পৰিবৰ্তনৰ লগে লগে আজিৰ ন-খোৱা তাহানিৰ দিনতকৈ সলনি হল, এতিয়া সেই তাহানিৰ দৰে ওচৰ-চুবুৰীয়া সকলো একগোট নহয়, সকলোৱে নিজ নিজ গৃহত নিজ নিজ প্ৰন্থাৰে ন-খোৱা পাতে। তথাপিও পাহৰিব নোৱাৰো সেই সোণোৱালী স্মৃতিৰ কথা। পলকতে লৈ যায় তাহানিৰ সেই নষ্টালজিক হৈ ৰোৱা দিন বোৰলৈ। এটি হুমুনিয়াহ কব নোৱাৰাকৈ ওলাই আহে। অহঃ দিনবোৰ কেনেকৈ হেৰাই গল চকুৰ প্ৰচাৰতে চাই থাকোতেই..................................................................।

No comments:

Post a Comment