Sunday, 2 December 2012

আই তোক কিহেৰে পুজিমে মইঃ-




জনমে জনমে যেন তোমাকেই পাওঁ মোৰ জন্মদাত্ৰী। সেইগৰাকীয়েই হৈছে আই, মোৰ আই। যি দহমাহ দহ দিন গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ সমস্ত ভৰৰ সমান জন্ত্ৰনাকো সহি জন্ম দিছে মোক, আপোনাক, আপোনালোকক। ভূমিস্থ হোৱাৰ পাছত চকু মেলি চাওঁতেই প্ৰথমেই আইক কাষত পালো, অমৃত সদৃশ আইৰ দুগ্ধ পান কৰিয়েই প্ৰথম আহাৰ পান কৰিছিলো। সেইগৰাকীয়েই মোৰ আই। শৈশৱতো আইৰ স্নেহ, কৈশোৰতো আইৰ স্নেহ, যৌৱনতো আইৰ স্নেহ, আৰু সাংসাৰিক হোৱাৰ পাছতো আইৰ স্নেহৰ কোনো তুলনা নাপালো।.....হয় সেইগাৰাকীয়েই আমাৰ আইমাতৃ, যি জীৱনৰ সমস্ত সুখ নেওঁচি নিজ সন্তানৰ বেলিকা সকলো উচৰ্গা কৰিব পাৰে। যি নিজে নাখায় সন্তানৰ ক্ষুধা নিবাৰণ কৰিব পাৰে।

‘আই’ বা ‘মা’ শব্দটিৰ মাদকতাই সুকিয়া, এই সমন্ধৰ ওপৰত কোনো সমন্ধই হৱ নোৱাৰে। জন্ম দিয়াৰ যি ঋণ সেই ঋণ বোলে কোনো কালেই কোনেও পৰিশোধ কৰিব নোৱাৰে। এই সকলোবোৰ জানিও কিয় পৰশুৰামৰ হাতত মাতৃৰ হত্যাৰ দৰে কাৰ্য্য সিদ্ধি হৈছিল। এই সকলো জানিও কিয় আমি পাহৰি যাওঁ সেই গৰাকী মোৰ আই বুলি। এই সকলো জানিও কিয় পুত্ৰৰ হাতত আজিও মাতৃ-হত্যাৰ দৰে ঘটনা ঘটিয়েই আছে। মোৰ আই যাক এবাৰ হেৰুৱালে জীৱনত দুনাই কেতিয়াওঁ পোৱা নাযায়।

সেয়ে কওঁ এগৰাকী নাৰী সন্তান সম্ভৱা হোৱাৰ পিছৰে পৰা, এটি দেহ নিজৰ শৰীৰত কঢ়িয়ায় আৰু সুস্থ-সৱলৰূপত জন্ম দি একক সংগ্ৰামেৰে গৌৰবাম্বিত হয়। জীৱন মৰণৰ ই কি যে এক অধ্যায় তাক ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰে। সন্তান লালন-পালনৰ এটি দীৰ্ঘদিনীয়া কষ্টসহিষ্ণু ধাপ-ৰাতিক দিন আৰু দিনক ৰাতি কৰি কেনেদৰে অতিবাহিত কৰে, সেয়া হৈছে নাৰী জাতিৰ অনন্য শক্তি স্বৰূপ।

বৈবাহিক বান্ধনোত সোমাই পৰাৰ আগলৈকে এগৰাকী নাৰী বেলেগ এখন ঘৰৰ বেলেগ পৰিবেশত ডাঙৰ দীঘল হয়। আৰু বিয়াৰ পিছত এখন সম্পূৰ্ণ নতুন ঘৰলৈ আহি নিজকে সেই নতুন পৰিবেশৰ লগত খাপখুৱাই লবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। নিজৰ ঘৰখনৰ তুলনাত নতুন ঘৰখনত ষোল্লঅনা কেতিয়াও নাপায়। তথাপিও গোটেই জীৱন নতুন ঘৰখনত থাকিব লাগিব বুলি ভাবিয়েই সকলো কথা বাদ দি নতুন ঘৰখনক আপোন কৰিবলৈ ব্যস্ত হৈ পৰে। সেই বাবেই কিছু ত্যাগ কৰি হলেওঁ হাঁহিৰে উজলাবলৈহে চেষ্টা কৰে। তথাপিওঁ কোনো নাৰীয়েই নতুন ঘৰখনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে কেতিয়াওঁ নাহে। নতুন ঘৰখনত প্ৰথমতেই নানান সমস্যাৰ মুখামুখি হৱ লগিয়া হয়। স্বামী, শহুৰ-শাহুৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোকে সন্তোষ্ট কৰিবলৈ বহুতো কামেই ইচ্চা নাথাকিলেও কৰিবলৈ বাধ্য হয়। নাৰীৰ সহ্য গুণ অতুলনীয়া যে এই কথাৰ আখৰে আখৰে যেন প্ৰতিফলিত হৈ পৰে তেতিয়াহে। কেতিয়াবা দেখা যায় এই সকলোবোৰ ত্যগস্বীকাৰ কৰাৰ পাছতো যেতিয়া সন্তুষ্টি দিব নোৱাৰে তেতিয়াই জেদী ভাবৰও জন্ম হয়। এটা সময়ত মাকৰ ঘৰত জীয়াৰী অৱস্থাত অমুক কৰিছিল তমুক কৰিছিল, এতিয়া সেইবোৰ মাকৰ ঘৰতে এৰি আহিছে। নতুন ঘৰখনত নতুন পৰিবেশত পুৰণি দিনৰ সেই আশাৰ-আকাঙ্খাৰ বাবে সময়ো নাই, সুবিধাও নাই আৰু কাৰো যেন ন-বোৱাৰী গৰাকীৰ প্ৰতি আগ্ৰহো নাই। এনে পৰিস্থিতিৰো সন্মুখিন হৱ লগা হয়, তথাপিওঁ তাত আক্ষেপো নাই। সংসাৰখন সুন্দৰকৈ চলাব পাৰিলে সেইবোৰ পিছতো হৱ বুলি নিজকে নিজে সান্তনা লাভা নাৰীৰো অভাৱ নাই।

সেইদৰে শিক্ষিতা নাৰী ক্ষেত্ৰত কোনো কোনো স্বামীয়ে নিজৰ পূৰ্ণ স্বাধীনতা অব্যহত ৰখাতো স্বভাৱগত যেন পৰিলক্ষিত হয়। নাৰী গৰাকীৰো যে স্বাধীনতা, আশা-আকাঙ্খা থাকিব পাৰে তাক বুজি পাইও আওকাণ কৰে। তথাপিওঁ শিক্ষা-দীক্ষাৰে পৰিপূৰ্ণ নিজ স্বামীৰ স্খলিত চৰিত্ৰৰ কথা জানিও তেওঁৰ সন্মান বচাবলৈকে কেতিয়াবা কেতিয়াবা একো গৰাকী নাৰীয়ে মুখত কৃত্ৰিম হাঁহি বিৰিঙাই, সকলোবোৰ দুখ নেওঁচি বুকুত তেতিয়াও সজতনে সাঁচি ৰাখে স্বামীৰ প্ৰতি অকৃত্ৰিম মৰম আৰু ভালপোৱা। এনেদৰেই জীৱনত ত্যাগ স্বীকাৰ কৰি হলেওঁ নাৰীয়ে নিজৰ সংসাৰখনক ধৰি ৰাখিবলৈ সক্ষম হয়।

কিন্তু কেতিয়াবা কেতিয়াবা নাৰীয়েও পুৰুষৰ ওপৰত অধিপত্য খটোৱা দেখা যায়। বৈবাহিক সূত্ৰে পুৰুষ এজন নাৰীৰ সম্পূৰ্ণ ৰূপে নিজৰহৈ পৰে আৰু পুৰুষজনৰ সৰ্বত্ৰ অধিকাৰ কৰি পেলোৱাও দেখা যায়। আৰু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে কেতিয়াবা সীমা চেৰাই যাবলৈও কুণ্ঠবোধ নকৰা পৰিলক্ষিত হয়। তাৰেই ফলশ্ৰুতিত স্বামীয়ে পত্নীৰ আজ্ঞা পালন কৰিবলৈ বাধ্য হৈ পৰে। আৰু যদি কেতিয়াবা কোনো তেওঁলোকৰ সকলো আজ্ঞা পালন কৰিবলৈ অবাধ্য হৈ পৰে, তেতিয়াই নাৰীৰ মুখ অভিমান ওফন্দি উঠে। পত্নীৰ থেনথেননী শুনি শুনি অৱশেষত দাবী মানি লবলৈ বাধ্য হৈ পৰিলেই পত্নীয়ে অঘোষিত যুদ্ধ জয়ৰ দৰে আনন্দত উল্লাসিত হৈ পৰাও দেখা যায়। পৰিনামত কোনো কোনো স্বামীয়ে মুখফুটাই স্বীকাৰ নকৰিলেও মনৰ মাজতে ভোৰভোৰাই উঠে যে.............ওন্দোলা মুখ দেখুৱাই যুদ্ধ জয় কৰা এই মাইকী মানুহবোৰৰ নাক খজুৱালেই বুদ্ধি ওলায়।

ঠিক সেইদৰে পুৰুষ সকলো জানো কম.......??? তেওঁলোকো একোপ চৰা.............যেতিয়াই এগৰাকী মহিলাই সদায় লগ পোৱা পুৰুষজনক তেওঁৰ পত্নীৰে বজাৰে-সমাৰে বা বাটে-পথে দেখা পাই একেই ব্যৱহাৰ কৰিবলৈ বা আচৰন প্ৰদৰ্শন কৰিবলৈ বিচাৰে তেতিয়াই পুৰুষজনে সেইদিনা আকৌ নিজকে অলপ গহীন হৈ দেখুৱাবলৈ বিচাৰে। ইয়াৰ অৰ্থ এয়ে যে তেওঁৰ পত্নীয়ে যাতে বুজক যে তেওঁৰ স্বামী আন কোনো মহিলাৰ লগত কোনো বিশেষ সম্পৰ্ক নাই।অথচ আনদিনা অকলে লগ পোৱা হলে সেইমহিলা গৰাকীৰ লগত বহু কথা পাতিলেহেতেন।এই কথাখিনিকেই যেন তেওঁৰ ব্যৱহাৰৰ মাজেৰে পত্নীক বুজাই দিব খোজে সন্তৰ্পণে।

আগৰ দিনতো স্বামী-স্ত্ৰীৰ মাজত, বা নতুন ঘৰখনৰ মাজত আউল লগা দেখা যায়, কিছুমান পৰিয়ালত হোৱা হাই-কাজিয়াক চবুৰীয়া সকলোৱে জানিছিল, শাহু-বোৱাৰীৰ কাজিয়াক লৈ গাঁৱত বু বু বা বাও চলিছিল, কেতিয়াবা মিমাংশা নহলে মেল বহুৱাব লগিয়াও হৈছিল। এতিয়া আৰু সেই দিন নাই, নাৰী আজি বহুদুৰ আগুৱাই গৈছে, পুৰুষৰ লগত সমানে খোজত খোজ মিলাই যাব পৰা হল। সময় পৰিবৰ্তন হল, সময়ৰ লগত সকলো মিলি যোৱাটোৱেই সকলোৰে কাম্য। কিন্তু আজিৰ দিনত যৌতুকৰ বলি হৈ বা নাৰী নিৰ্য্যাতনৰ বশৱৰ্তী হৈ স্বামী গৃহত সঘনাই অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লোৱাতো নিত্য-নৈম্যতিক ঘটনাত পৰিনত হৈছে। খৱৰ কাগজত বা দুৰদৰ্শনত ঘটনাটো ওলোৱাৰ পাছতহে কাষৰ ঘৰৰ মানুহে গম পায়। একেবাৰে বেৰৰ কাষৰ মানুহেও ভুকে নাপাই। তাৰোপৰি শুনিলেও কোনো আগুৱাই আহি বাধা দিয়াৰ পৰা বিৰত থাকে যে জানি বুজি সেইবোৰ সমস্যাৰ মাজত সোমাব নিবিচাৰে।

অনাদিকালৰে পৰা মানৱ সমাজেই সৃষ্টিৰ অভিন্ন শক্তি নাৰীক বিভিন্ন ৰূপত পূজি আহিছে, ইয়াক নুই কৰিব নোৱাৰি। সেয়ে যেতিয়াই সৃষ্টিৰ মহিমাক অপমান, লাঞ্জনা আৰু নিৰ্য্যাতন কৰা হৱ তেতিয়াই নিজৰ স্থিতিক নিজেই বিনাশ কৰাৰ সমতুল্য হৱ। নাৰী সমাজৰ অৰ্দ্ধ আকাশ হিচাপে পৰিগণিত হলেও আজিও নাৰী যেন যৌন নিৰ্যাতনৰ জালফালি ওলাই আহিব পৰা নাই ।বৰ্তমানৰ কাৰিকৰী যুগতো মহিলা সকল আৰ্থিক স্বাৱলম্বি হৈ পুৰুষ প্ৰধান সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে যদিওঁ বহুক্ষেত্ৰত নিৰ্যাতনৰ বলী হবলগিয়া হোৱা দেখাযায়। মূলত আৰ্থিক ভাবে নাৰী কিছু স্বাৱলম্বী হলেওঁ সামাজিকভাবে নাৰীৰ মৰ্য্যদা আৰু নিৰাপত্তা এতিয়াও সুনিশ্চিত হোৱা নাই।

No comments:

Post a Comment