প্ৰায় ৩০ বছৰ মানৰ আগৰ কথা। কাৰোবাৰ হয়তো মনত থাকিব পাৰে। মোৰ মনত বস্তুটোৱে সাঁচ বহুৱাই গল, সেয়ে আজি দিগন্ত কুমাৰ ভট্টাচাৰ্য্যৰ ক্লিক ক্লিক লেখাটো পঢ়াৰ পাছত মনত পৰাত অ.ক.বৰ ৰাইজক জনোৱাৰ লোভ সামৰিব নোৱাৰিলো।
হয়, তেতিয়া আমি হাইস্কুলৰ ষষ্ঠ বা সপ্তম মান শ্ৰেণীত পঢ়িছিলো চাগৈ, ঠিক মনত নাই পৰা এইমূৰ্হুত্বত, তেতিয়া আজিৰ দৰে ডিজিটেল কেমেৰাতো দুৰৰে কথা, ৰীল ভৰোৱা এনাল্গ কেমেৰাও কাটচিতহে পূজিপতি সকলৰ হাতত দেখা গৈছিল। সেই সময়ত আমাৰ স্কুলাৰশ্বিপৰ আবেদনৰ বাবে ফটোৰ প্ৰয়োজন হৈছিল। দেউতাৰ চাইকেলৰ আগফালৰ লোহাডালত বহি ফটো উঠিবলৈ গৈছিলো কাছাৰী বাকৰিলৈ। মাত্ৰ ৫ টকাত তিনিকপি ফটো দিছিলে মুকলি ঠাইতে ফটোৰ ব্যৱসায় কৰা ব্যৱসায়ী জনে। কিন্তু কেমাৰাটো কি আছিল সেইটো শুনক কওঁ....................
তিনিটা ঠেংৰ ওপৰত খাপখুৱাই থোৱা এটা কাঠৰ বাকছ। বাকছটোৰ প্ৰায় ১ ফুটতকৈ অলপ বেছি হৱ দীঘলীয়া আকৃতিৰ আছিল, পাছৰ ফালে এটা হাত সুমুৱাব পৰা প্ৰায় ১ বেগেত মান জোখৰ ফুটা আছিল আৰু এই ফুটাটোৰ লগত সংযোগ আছিল এতিয়াৰ লংপেণ্টৰ এটা ঠেং দীঘে দীঘে কাটি দিলে যিদৰে দেখা যাব ঠিক তেনেকুৱা এটা চুঙা সদৃশ হাত ভৰাব পৰা ডাঠ কাপোৰৰ চোলা। সন্মুখৰ ফালে আছিল এখন ডাঠ কাঁচৰ লেন্স, লেন্স খন দেখিবলৈ হাইপাৱাৰ চশমাৰ লেন্সৰ দৰে গোলাকাৰ, সন্মুখৰ ফালে থকা কেমেৰাৰ কাঠৰ বেৰখনত খাপখুৱাই ৰখা আছিল। এই গোটেই বাকচটোৱেই তেতিয়াৰ দিনৰ কেমেৰা। কলা, বগা ফটোবোৰ আজিৰ দৰে উজ্বল নহৈছিল যদিও কামত লগাব পৰা আছিল।
ফটো মৰা পদ্ধতিঃ-
এজন মানুহক মুকলি আকাশৰ তলত ষ্টেণ্ড কৰি ৰখা কেমেৰাটোৰ সন্মুখত এখন কাঠৰ বেঞ্চিত বহিবলৈ দিয়ে। তাৰ পাছত মানুহজনে কয় চিধাকৈ বহক, চকু টিপ নামাৰিব বুলি কৈ দীঘল কাপোৰৰ চোলাটোৰ মাজেৰে হাতটো সুমুৱাই প্ৰায় ৩ মিনিট মান সময় বাকচটোৰ ভিতৰত কিবা কিবি কৰি থাকে, তেনেকৈ কিছুসময় কৰাৰ পাছত কয় হৈ গল। এইখিনি কাম হোৱাৰ পাছত অকনমান সময় ৰবলৈ দিয়ে, তেওঁ সেই বাকচটোৰ ভিতৰত আকৌ হাত সুমুৱাই আকৌ কিবা কিবি কৰে, তাৰ পাছত ওচৰতে মাটিতে থকা আন এটা পাত্ৰত জুলীয়া পদাৰ্থৰ সৈতে ঘহিপিহি ফটোবোৰ তৈয়াৰ কৰে। এই গোটেই প্ৰক্ৰিয়াটোত সময় লয় প্ৰায় ৫ৰ পৰা ৭ মিনিট মান সময়হে। ইমান ফটাফটকৈ ফটো তুলি দিব পাৰে বাবে আমি এইদৰে ফটো উঠা মুকলি ষ্টুডিঅটোক ফটাফট বুলি কৈছিলো।
তাৰ পাছত ঠায়ে ঠায়ে নিগাজিকৈ প্ৰতিষ্ঠা কৰা ষ্টুডিঅ বোৰ আহিল, এইদৰেই ফটাফটৰ ব্যৱসায় লাহে লাহে সময়ৰ গতিত হেৰাই গল। তাৰ পাছত আহিল ৰীল ভৰাব পৰা কেমেৰা, সেয়াও আহিল আৰু গল, তাৰ পাছত ডিজিটেল কেমাৰৰ ৰাজত্ব আৰম্ভ হল।
No comments:
Post a Comment