(লৰালিৰ দিনতে উৰুকাৰ নিশা সমনীয়াৰ লগত কৰা চুৰি কাৰ্য্যৰ কিছু সোৱাদ আপোনালোকলৈও আগবঢ়ালো। এইলেখাটি পঢ়াৰ পিছে কোনেও যাতে এইবাৰ উৰুকাৰ দিনা চুৰ কৰিবলৈ উত্সাহিত হৈ হাতেকামে লাগি নাযায়, কাৰণ তাহানিৰ দিনৰ তুলনাত আজিৰ দিন যথেষ্ট সলনি হৈছে। সেয়ে আমি কৰা কামবোৰৰ লেখিয়াকৈ কোনোবাই কৰিবলৈ গলে, এতিয়া চিধাই মোকৰ্দমা হৈ যাব পাৰে বা মূৰ ফলাফলিহে হবগৈ পাৰে, সেয়ে কোনোবাই তেনে কাৰ্য্য সংঘটিত কৰিলে লেখক জগৰীয়া নহয়।)
দলনিৰ মাজৰে নৰা কাটি আনি
টুনৰে হাৰলি সাজোঁ
কলঙৰ চৰতে খালোহি ভোজভাত
মাজ-নিশা ধেমালি কৰো।।
আঘোণ মাহৰপৰা পুহৰ শেষলৈকে গাঁৱৰ সকলো ধনকটা, মৰণা মৰা, খেৰ শুকুৱাই মেজি বা খেৰঘৰত থোৱাৰ ব্যৱস্থা সম্পূৰ্ণ হৈ যায়। পুহত ধান ৰ’দত শুকুৱাই ভঁড়ালত ভৰাই, মাঘৰ বিহুৰ বাবে প্ৰয়োজনীয় ধান বাহিৰকৰি ভঁড়ালঘৰ সামৰে, কিয়নো মাঘমাহত ভঁড়াল ঘৰ খুলিব নাপাই বুলি ককাহঁতে কোৱা শুনিছিলো।
এইকেইদিনত আকৌ দেউতা আৰু খুৰাহঁতে নিজৰ নিজৰ ঢেঁকী মেৰামতিও আৰম্ভ কৰি দিয়ে, কতৰা, থোৰা, খুম্বলিৰ পৰা আৰম্ভ কৰি বঢ়নী ৰূপে ব্যৱহাৰ কৰা মাৰিডাললৈকে যোগাৰ কৰি দিয়ে, নহলে মা-বৰমা, খুৰিটিহঁতৰ কেটকেটনী শুনিবলগীয়াও হয়। কেইদিনমানৰ পাছৰে পৰা গাঁৱৰ জীয়াৰী, বোৱাৰীবোৰেও ঢেঁকীত জা-জলপানৰ যোগাৰ আৰম্ভ কৰি দিয়েই। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঢেঁকীৰ মাতে ৰাতি দুপৰলৈকে ৰজনজনাই থাকে। প্ৰতিঘৰৰ আখলত জীয়াৰী-বোৱাৰী সকলো লাহে-লাহে ব্যস্ত হৈ পৰে পিঠ-পনা বনোৱাত। বিহু পাৰ নোহোৱালৈকে যেন কাৰোৰে আজৰি নাই এইসময়ত।
মাঘবিহুৰ ওচৰ চাপি অহাৰ লগেলগে লৰালিৰ দিনলৈ মনটো এতিয়াও উৰি যায়। আঘোনৰ পকা ধান কাটিমাৰি শেষহোৱাৰ পাছৰে পৰা বিহুৰবাবে সকলোৰে উঠপ-ঠপ লাগেই। আমি লৰাবোৰে কাৰঘৰত গৰুগাড়ী আজৰি হৈছে বিচাৰি লৈ যুঁৱলীৰ দুফালে দুটাইধৰি টানি গাড়ীখন পথাৰলৈ লৈ যাওঁ আৰু লগৰবোৰে হাতত একোখনকৈ কাঁচি লৈ পাছে-পাছে নৰা কাটিবলৈ বুলি খোজ লয়। ৰাতিপুৱাৰে পৰা সকলোৱে নৰা কাটি গাড়ী ভৰ্তি কৰি এগাড়ী নৰা লৈ উভতি আহো, সন্ধ্যা হাতভৰি ধুৱৰ সময়ত নৰাই কাটা ভৰিত পানী লাগিলেই চেকচেকনীত থাকিব নোৱাৰা হওঁ। তাৰ পাছৰ পৰা উৰুকাৰ ভোজৰ বাবে খৰি কটা আৰম্ভ হৈ যায়। কাৰোবাৰ বাৰীৰ গছ,কেতিয়াবা তামোল, নহলে শুকান বাঁহ কাটি সেইবোৰ ফালফালকৈ কাটি মেজি আকাৰে শুকাবলৈ সজাই ৰখো। খৰি ফালোতে ওচৰ চুবুৰীয়াৰ পৰা কাঁহৰ বাটিত ৰঙা চাহ, তামোল খোৱাৰ কি যে আনন্দ।
বিহুলৈ চাৰিদিনমান থকাৰে পৰা আমি লৰামখাই কলঙৰ পাৰত হাৱলিঘৰ বা ভেলাঘৰ সাজিছিলো, তাৰবাবে প্ৰত্যেকৰে বাঁহৰতলীৰ পাৰ ভলুকাবাঁহ আৰু জাতিবাঁহ বাচি-বাচি কাটি আনিছিলো। তাৰমাজতে দুটামান অপৈনত বা অপইটা বাঁহ কাটিছিলো তমালেৰে বেৰবন্ধা, মাৰলিবন্ধাৰ দৰে কামবোৰ কৰিবলৈ। ভেলাঘৰৰ কাষতে এটা দীঘল ভলুকাবাঁহৰ খুটা পুতি সেইটোৰ গাত কলমাৰলি বা নৰা জাপে জাপে বান্ধিছিলো মেজি আকৃতি কৰি।
উৰুকাৰ দিনা দিনৰ ভাগতে পুখুৰী বা কলঙৰ জেং মাৰি মাছ বিচাৰি আনিছিলো নহলে ওচৰৰ মুচলমান গাঁৱৰ পাৰ বাচি-বাচি মূৰ্গী কিনিছিলো। দিনৰ ভাগতেই গাঁৱৰ ইঘৰ সিঘৰৰ আশে-পাশে ঘুৰি কাৰ বাৰীত কি চুৰ কৰিব পাৰি--কবি, আলু, বেঙেনা আৰু জেওঁৰা আছে সেইবোৰ চাই আহি ভেলাঘৰৰ থলিত আলোচনা কৰো, ভাগেভাগে কোনে কি কৰিব কামবোৰ ভগাই দিয়া হয়। সন্ধিয়া নামি অহাৰ লগেলগেই লগৰবোৰৰ ঘৰৰপৰা চাউল তোলা কমটোও আৰম্ভ হৈ যায়। কোনোৱে যদি বাচন-বৰ্তন জোগাৰ কৰে, কোনোৱে মাছ-মূৰ্গী বাচিবলৈ লাগি যায়, এফালে ৰন্ধাই ৰান্ধি থাকিব চুৰ কৰাই চুৰ কৰিবলৈ যাব। কোনোৱে আকৌ যদি খৰিচুৰ কৰিবলৈ যায়, কোনোৱে পাচলি চুৰ কৰিবলৈ কাৰোবাৰ বাৰীৰ সোমায়, গৃহস্থ ওলাই মুখেৰে খেক-খোক, অঅঅকককক থু, খুহুৰ খুহুৰ কাঁহ দুটামান মৰা শুনিলেই পাচলিৰ মাজতে বহুত সময় ৰৈ থাকিব লগীয়াও হৈছিল গৃহস্থ ভিতৰলৈ নাযায় মানে। কেতিয়াবা দুই এটাক গৃহস্থই দেখা পালেই শুহুপাল খেদা লৈছিল আৰু টেঙৰ চেঙেলীয়া বোৰ বাগী দি কেনিবা পলাইছিল, কত আৰু বিচাৰি পায়।
এদিনৰ কথা লগৰ দুটামানে পাচলি চুৰ কৰিবলৈ গৈ দেখে গৃহস্থ শোৱাই নাই, সেইঘৰৰ গৃহিনীয়ে তেতিয়াও ঢেঁকীশালৰ কাষতে থকা আখলত টোপনীয়াই টোপনীয়াই পিঠা বনাইয়েই আছে, আমাৰ লগৰ সকলোতকৈ টেঙৰটো গৈছিল, সি ৰৈ ৰৈ আমনি লগাত কিনো কৰিছে চাকি জ্বলাই, চাবলৈ গৈ দেখে গৃহিনীয়ে তেতিয়াও কলমতিয়াই কলমতিয়াই ধিমিক-ধামাক চাকিৰ পোহৰত পিঠা খৰাহি এটা কাষতে থৈ এটা-দুটাকৈ পিঠা বনাই আছে, সি হাতসাৰে-ভৰিতসাৰে ধিমিক-ধামাক পোহৰেৰ মাজেৰেই গৈ পিঠা খৰাহি সাউতকৈ গমনোপোৱাকৈয়ে লৈ আহিল গৈ। কিছুসময়ৰ পিছত ৰাতিয়েই গোৱালগালি আৰম্ভ হৈ গল, লগৰ দুটামান মনতে দুখ লাগি কলে—ধেত্ তেৰি বৰ বেয়া কথা হল দেই, খুৰীটিয়ে ইমান কষ্টৰে টোপনিক্ষতি কৰি পিঠা বনাইছে তহঁতেনো সোপাকে লৈ আহিব লাগেনে, বাৰু আনিলি আনিলি, আকৌ দি থৈ আহিবিগৈ... কেইটামান পিঠা ৰাখি বাকীখিনি আকৌ লৈ গৈ দুৱাৰৰ মুখত থৈ দুৱাৰত দুটামান টোকৰ মাৰিথৈ আহিল গৈ। আকৌ গৃহস্থ ওলাই কোন..?? কোন..?? বুলি মাতি বাহিৰলৈ ওলাইচাই দেখে পিঠাখৰাহি দেখোন, আকৌ গালি আৰম্ভ, খুৰীটিয়ে তেতিয়া দাদাইদেউক বুজনি দিলে---হেৰি, শুনিছেনে.... সিহঁতকেইটা বেয়া লৰা-ছোৱালী নহয় দিয়ক, সিহঁতৰ চাগৈ ৰাতিখন ভোজভাত বনাই হোৱা নাই বাবে ভোকতে থাকিব নোৱাৰিহে তেনে কৰিলে, নহলেনো সিহঁতে পিঠাখৰাহি ঘুৰাই থৈ যায়হিনে..! দাদাইদেউৱে কথাটো ঠিকেই বুলি বুজিব পাৰি সাম কাটিলে সেইফালে।
কেতিয়াবা আকৌ কাৰোবাৰ ঘৰৰ দুই এজন বয়োজেষ্ঠই বিচনাৰ পৰাই মাজে সময়ে এনেয়ে গলহেকাহি এটা মাৰে, মাজে মাজে চিঞৰি কয়---অ বোলো কোন অ সেইটো বাৰীৰ মাজত..?? ৰহ গৈছো, চাল্লা হতচিৰি যোৱাহঁত তহঁতৰ পৰা শুৱও নোৱাৰা হলো। ইফালে কোনো নাইয়েই বাৰীত, কিজানিবা কোনোবা সোমাইহি, সেয়ে মাজে-মাজে সাৰে আছে যে গৃহস্থ তাৰেই উমান দিয়ে, পাছলৈ আমি চোৰ মখাইও বুজি পোৱা হলগৈ যে উঠি নাহে গৃহস্থ লেপৰ তলত উমৰ পৰা, সেয়ে সেইবোৰলৈ কাণসাৰ নিদি কৰ্মভাগ চলাই গৈছিলো বিনাদ্বিধাই।
তেজবেলি আকৌ উৰুকাৰ আগনিশা আমি সমনীয়া আটাইকেইটাই গাঁৱৰে পুটুকন দাইটিৰ ঘৰলৈ গলো হাঁহ কিনিবলৈ বুলি, বোলো বেপাৰীয়ে পইচাকেইটা পোৱাতকৈ আমাৰ পুটুকন দাইটিয়েই পাওঁক, অন্তত গাঁৱৰ পইচা কেইটা গাঁৱৰে মানুহটোৱে পাব, দাইটিৰ সহায়ও হৱ। এইবুলি কাণসমনীয়া আটাইকেইটা গৈ গৃহস্থৰ ঘৰৰ পিৰালীতে বহি পৰিলোগৈ, সাজ লাগিবৰ হৈছে আমাৰ মাজৰে হুটকখনীয়া কছুগুটি কনপাইৰ সেই সৰু কালৰ স্বভাৱৰ তেতিয়াও যে পৰিবৰ্তন নঘটিল গমেই পোৱা নাছিলো, সি কোন টলকতনো গৈ পাছফালৰ হাঁহৰ গঁড়ালত হেপাৰ দৰে হাত দিলেগৈ গমেই নাপালো। আমি দাইটিৰ লগত দৰ-দাম মাৰি থকাতেই থাকিলো, দৰেদামে নিমিলাত দাইটিয়েও নিদিয়ে আমিও নেৰো, ইফালে কনপাইয়ে হাঁহৰ টেটু মুচৰি শেষেই কৰিলে।এনেকৈ থেৰোগেৰু কৰি থাকোটেই কনপাইয়ে কেতিয়া যে জোলোঙাত হাঁহ ভৰাই আনি আমাৰ শাৰীত মিলিগলহি ধৰিবই নোৱাৰিলো, তেতিয়ালৈকে কথাটো কোনেই গম পোৱা নাই আমি। যেতিয়া দৰেদামে নিমিলা দেখিলে, কনপায়ে সাউতকৈ চেগ বুজি কথাত কথা যোগ দি কলে----বোলে হৱ দাইটি তোৰ লোকচান কৰি আমি হাঁহ নিনিও, তইও দিব নোৱাৰ আৰু আমিও দিব নোৱাৰো, গতিকে আমি বেলেগতে গৈ হাঁহ বিচাৰোগৈ বল, এইবুলি সি জোৰকৰিয়েই আমাক পুটুকন দাইটিৰ ঘৰৰ পৰা লৈ আনিলে, কেইঘৰমানৰ পদুলি পাৰ হোৱাৰ পাছতহে আদবাটত জোলোঙাটো দাঙি দেখুওৱতহে উৰহিৰ ওৰ পালো। হেৰৌ বোলো কি কৰিলি, কি কৰিলি এইয়া...??? পুটুকন দাইটিয়ে গম পাব লাগিলে হাঁহৰ টেটু মুচৰাদি তোৰো টেটু মুচৰিব গম পাবি এতিয়া। সি কলে---কথাটো আমি কেইটাইহে জানো আৰু নো কোনে জানে..?? গতিকে ৰাতিৰ বাবে মাংস হৈ গল। আৰু পিঠা খৰাহিৰ দৰে এইটোতো এতিয়া ঘুৰাই দিব পৰা অৱস্থাতো নাই, গতিকে বাদ দে ইমান চিন্তা কৰিলে আমাৰ ভোজ নহৱগৈ, দেখানাই পুটুকন দাইটিয়ে কেনেকৈ একেটা দৰতে খুটি পুটি বহি আছে আকোঁৰগোজ হৈ, হেৰৌ গাঁৱৰে লৰামখাই হাঁহটো বিচাৰিছে দুপইচা কমকৈহে দিব লাগে, এতিয়া পালে মজাতো................আমি আটাইকেইটাই মুখ মেলি চাইথকাতে থাকিলো আৰু সি একেকোবে গৈ পাখী গুচাই জুইত পুৰি গৰম পানী ঢালিলে আৰু হাঁহ কাটি-বাচি আজৰি, কিজানিবা বিচাৰি ওলালেও যাতে সিহঁতৰ হাঁহ বুলি চিন ধৰিবহি নোৱাৰে..................ৰাতিলৈ সেইবেলি দকচি হাঁহৰ ভোজভাত হলগৈ কনপাইৰ জহতে।
ৰাতি খাইবৈ উঠি বাচনবোৰ এবাল্টি পানীৰেই যেনেতেনে আওখালি থৈ লগৰ কোনোৱাটোৰ ঘৰত দমাই থৈ আজৰি হৈ লওঁ, দুই এটাই কম্বল, লেপ লগত লৈ আহে ৰাতিটো হাৱলি ঘৰতে কটাবলৈ। সকলো কাম শেষ হোৱাৰ পাছত দুটামানে ঠাণ্ডাত থাকিব নোৱাৰি জুই ধৰাত লাগি যায়, আটাইয়ে অলপ সময় জুই পুৱাই গাটো গৰম কৰি লৈ দিনতে ঠিৰাং কৰি থোৱা কামৰ বাবে সাজু।
আকৌ অপাৰেচন আৰম্ভ হৈ যায়, ভাগে-ভাগে দল বান্ধি যাওঁ কাৰোবাৰ কুঁহিয়ানীৰ তাঁতী ভাঙিবলৈ। এইবাৰ বিশেষ কষ্ট বা চিন্তা কৰিবলগীয়া নহয়, কাৰণ সকলোৱে নিজৰ নিজৰ বাৰীৰ পাচলিলৈহে চকু ৰাখে, এই ম’ৰ ঠেটুৱৈত গাঁৱৰ সিমুৰত থকা কুঁহিয়ানীলৈ ক’তনো চকু দিব পাৰে। সেয়ে চাৰি পাঁচটাই মিলি কুঁহিয়ানীৰ একোখন তাঁতী চাৰি ঠাইত ধৰি চিধাই উঠাই লৈ আহোগৈ, এনেকৈ একোখন তাঁতীৰে ৰাতিটো চলি যায়। তাৰ মাজতে দুটামানে এই ঠেটুৱৈতো কুঁহিয়াৰ দুডালমান লগত লৈ আহে আৰু জুইৰ ওচৰত বহি-বহি খায়হি। ৰাতিটো ক’তযে ৰসাল কথা কৈ কৈ হাঁহি ধেমালিৰে কেনেকৈ পাৰহৈ যায় গমকে নাপাও। শেষ ৰাতি শেষ অপাৰেচনটো বাকী থাকেই, এইটো অপাৰেচনৰ বাবে দুটামানে যাওঁ নাযাওঁ কৰে, কাৰণ সিহঁতৰ তেতিয়ালৈ টোপনীয়ে হেঁচা মাৰি ধৰে সেইখিনি সময়ত, আমি দুটামানে তেতিয়া কওঁ হেৰৌ গোটেই বছৰটো নাকবজাই শুলি কিডাল কৰিলি, এদিননো টোপনী ক্ষতি কৰি থাকিব নোৱাৰনে...?? হেৰৌ নিজৰ বিয়াৰ বেলিকা কি কৰিবি... ?? হুমৰ গুৰিত দেউক কবি নেকি যে----দেউ আপুনি ৰিল কাটক মোৰ টোপনী ধৰিছে। কবলৈহে পালো সকলোৱে ধেকধেকাই হাঁহি দিলে, টোপনী ধৰা কেইটাৰ টোপনী কেনিবা যায়।
শেষ নিশা প্ৰায় প্ৰতিঘৰ মানুহেই টোপনীত লালকাল হৈ পৰে আৰু তাৰেই সুবিধা লওঁ আমি বোৰে। এই অপাৰেচন আকৌ অলপ বেলেগ দেই.....বস্তু চুৰকৰা নহয়, খেলিমেলিহে কৰা হয়। গাঁৱত ইঘৰ সিঘৰৰ লগত আগৰে কাজিয়া থাকেই, সেয়ে ৰং চাবলৈকে আমিবোৰে মিলি ইঘৰৰ বয়বস্তু যেনে-- ৰাতিপুৱা বাহিৰলৈ নিয়া ঘটীতো সিঘৰত থৈ আহো, কাৰোবাৰ পদুলিৰ জপনা নি গৰুঘৰত লগাই থৈছিলো, কাৰোবাৰ আক পাছফালৰ দুৱাৰত বাহিৰৰ পৰা ঢোকা এডাল লগাই থৈছিলো, যাতে ৰাতিপুৱা সহজতে খুলিব নোৱাৰে, কাৰোবাৰ আকৌ গোহালিত সোমাই গাইগৰু খিৰাই গাখীৰ লৈ আনি ৰাতিয়েই গৰম কৰি খাইছিলো, গাখীৰ খিৰাওতে যাতে গৃহস্থই গম পালেই ফটকৈ ওলাই আহিব নোৱাৰে সেয়ে সন্মুখৰ দুৱাৰৰ খাৰুৱা ডালত ৰছীৰে আগতিয়াকৈ বান্ধি আহিছিলো, গাখীৰ খিৰাই হলেই সেইদাল খুলি ফৰিং চিটিকা দিছিলো। কেতিয়াবা কেতিয়াবা লোকৰ ঘৰত এইবোৰ কৰি থাকোতেই নিজৰ ঘৰতো এনেকুৱা কৰিছিল আনবোৰে...........তথাপিও আনন্দৰ সীমা নাছিল, ৰাতিপুৱা আমাৰ মায়ে ভোৰভোৰাবলৈ আৰম্ভ কৰিলেই বুজনি দিছিলো, এদিনহে ধেমালি কৰিব একোনহয়, বছেৰেকৰ বিহুৰদিনা গালি পাৰিব নাপাই অ মা, আমিও আনৰ ঘৰত ধেমালি কৰি আহিছো। এইবোৰ দেখোন আমাৰ পূৰ্বপুৰুষেই শিকাই থৈ গৈছে আনন্দ কৰিবলৈ...............মায়েও একো নামাতে তেতিয়া...........।
ধলপুৱাতে সকলোবোৰ ঘৰাঘৰি গৈ, গা-ধুই আহি মেজিত জুই-জ্বলাই অগ্নিক সেৱাকৰো সকলোৱে একেলগে, আমাৰ মাজৰে আবিয়ৈ এটিয়ে ৰাতিয়েই তিয়াই থোৱা মাহ-প্ৰসাদ আৰু তামোল পান, শিকি আধলি আনি মেজিৰ সন্মুখত ৰাখি সেৱা জনাই, জয়হৰিবোলা জয়ৰামবোলা বুলি আমাৰ মাজৰে এজনে হৰিধ্বনি দিয়ে,তাৰ পিছতে মেজিত অগ্নি সংযোগ কৰে। দপদপকৈ জ্বলি উঠে মেজিৰ জুই, তাৰপাছত প্ৰসাদ আনি সকলোকে বিলাই দিয়ে, কেতিয়াবা মেজিৰ জুইতে মিঠাআলু পুৰি খোৱাও হয়, এইদৰে মিঠাআলু বিহুৰ দিনাই ৰাতিপুৱাতেই খোৱতো এটা পৰম্পৰা আছে। মেজিৰ জুইৰ কাষতে কিছুসময় ৰাতিৰ কাণ্ডকাৰখানাবোৰৰ আলোচনা হয়, কোনে কি কি কৰিলে, কাৰঘৰত কি হল আজি ইত্যাদি ইত্যাদি। তেতিয়ালৈ আটাইৰে চকু এগাতত থাকেগৈ, আৰু কিছু সময়ৰ পাছত সকলো ঘৰা-ঘৰি যাওঁগৈ।
এনেকৈয়ে শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল নানা ৰংধেমালিৰে, এতিয়া আৰু সেইদিন নাই, এতিয়া সেইবোৰ কৰিবলৈ গলে গৃহস্থই চিধাই গৈ আৰক্ষীচকীত মোকৰ্দমাহে তৰিবগৈ, সেয়ে পুনৰ কওঁ এইবিদ্যাবোৰৰ যাতে কোনেও অনুকৰণ নকৰে।
No comments:
Post a Comment