Friday, 28 December 2012

জা-জলপানেৰে বিহুটি আদৰো আহকঃ-

পুহমহীয়া জাৰত কঁপি নিহালিখন লওঁ
মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ।। (মনত পৰিল হঠাতে শাৰীফাকি)

বিহুটি আহিল মানেই অসমীয়াৰ ঢেকীত, আখলত উখল-মাখল লাগিলেই নহয়, আঙুলিৰ মুৰত গন্তি কৰি কৰি তত নোপোৱা হয়গৈ, বিহুলৈ আৰু কিমান দিন আছে বুলি, আজি পুহৰ কিমান তাৰিখ হল অ বুলি এজনীয়ে আনজনীক সুধি লয়...........আজি বতৰটো গোমা, ধান মেলিম বুলি ভাবিছিলো, চেহ নহৱগৈ আৰু.......এই বতৰটোৰ গাত কি লাগিল জানো, বিহুটো আহিছে বতৰে কৰিছে এইয়া, ইফালে ধান উধানতে আছে। এইয়া বিহুলৈ কেইদিনমান থাকেতে জীয়াৰী-বোৱাৰীৰ নিজৰ মাজতেই আলোচনা একাংশ........................তথাপিও আখল থমকি নৰয়, মাটিৰ চৌকা বোৰক যেন নোঁৱাই ধোৱাই দৰাহে সজাই সাজু কৰে মাটিৰে লেপি লেপি,  এদিন এদিনকৈ গোটাই যোৱা এৱাঁ গাখীৰেৰে মাটিৰ টেকেলীবোৰৰ পেটবোৰ গেৰেলা হৈ পৰে, আখৈ লগত লুকাভাকু খেলিবলৈ কুচিডালেও ঠেং ডাঙিয়েই থাকে, ঢেঁকীয়ে এইকেইদিনত নকৈ প্ৰাণপাই উঠে, ধেংকুলচ্ ধেংকুলচ্ শব্দ ৰাতিলৈকে শুনিবলৈ পোৱা যায়।.................বিহু পালেহিয়েই, আহক আমিও আখলত পিঠা-পনাৰে ভৰাই পেলাও...........................
১) আখৈঃ-আখৈ ফুটাবলৈ নদী, জান-জুৰিৰ পৰা অনা ফৰফৰিয়া বালিৰ প্ৰয়োজন হয়। বেজিধান, বকুল বৰাধান আৰু মালভোগ ধানৰ দৰে মিহি ধান লাগে আখৈ ফুটাবলৈ। আনবোৰ ধানৰ পৰাও আখৈ তৈয়াৰ কৰিব পাৰি যদিও বেজিধানৰহে আখৈ খাবলৈ ভাল, কাৰণ বেজিধান দীঘলীয়া, মিহি আৰু আখৈ ডাঙৰকৈ ফুটে। আখৈ তৈয়াৰ কৰিবলৈ ধানখিনি ভালকৈ ৰদত শুকুৱাই লব লাগিব, কেৰাহি এটা চৌকাত বহাই দি তাতে পৰিস্কাৰ বালি অলপ দি কিছু সময় গৰম কৰিব লাগে, এতিয়া ৰদত শুকুৱাই থোৱা ধান খিনিৰ অলপ মান কেৰাহিৰ বালিৰ ওপৰত দি কুচিৰে লাহে লাহে লৰাই থাকিব লাগে আৰু চাব লাগে যাতে এটা দুটা ফুটিছে, যিমানে ধানবোৰ খৰকৈ ফুটিব সিমানেই খৰকৈ লৰাই থাকিলে আখৈ এটা দুটাকৈ ফটফটকৈ ফুটি উফৰি পৰিব, উফৰি মাটিত যতে ততে নপৰিবলৈ এখন হাতেৰে চালনি এখন কেৰাহিৰ ওপৰত ধৰি থাকি আনখন হাতেৰে কুচিৰে লৰাই থাকিব লাগে, ভাজি শেষ হলে অৰ্থাত গোটেই ধান ফুটি আখৈ হোৱাৰ পাছত চালনিখনৰে বালিৰ পৰা আখৈখিনি চালি উঠাই আনি ধানৰ বাকলিবোৰ বাচিলেই হৈ গল আখৈ তৈয়াৰ।.....সৰু লৰাছোৱালীৰ মাত নুফুটিলে আখৈ ভাজি থাকোঁতে কেৰাহিৰ পৰা উফৰি অহা আখৈ খোৱালে মাত আখৈ ফুটাদি ফুটে বুলি লোক বিশ্বাস আছে। (কুচি—ঘৰচোৱা খেৰেৰে, বাঁহৰ কাঠি তুলি বা নাৰিকলৰ কাঠিৰে তৈয়াৰ কৰি লোৱা সোতা সদৃশ আহিলা, এই আহিলাকে কোৱা হয় কুচি)
২)সান্দহ গুৰিঃ- সান্দহগুৰি উখুৱা আৰৈ দুয়োবিধ চাউলৰ পৰা প্ৰস্তুত কৰিব পাৰি। প্ৰথমতে আধাঘণ্টামান চাউলখিনি পানীত তিয়াই ৰাখি খৰাহি এটাত টুকি টুকি পানীখিনি যাবলৈ দি থব লাগে। এতিয়া আখলত কেৰাহি গৰম হলেই তিয়াই ৰখা চাউলৰ অলপমান কেৰাহিত বাকি দি কুচি বা হেতাৰে লৰাই অলপ ৰঙচুৱা যেন হলেই কেৰাহিৰ পৰা নমাই আনি ঢেঁকীত দি খুন্দিব লাগে, আজিকালি ঢেঁকী নথকা সকলে ভজা চাউলখিনি খুন্দনাত বা মিলতো দি খুন্দি আনিব পাৰে। সান্দহ গুৰি পিঠাগুৰিৰ দৰেই গুৰি হৱ লাগিব বুলি কোনো কথা নাই, অলপ গুৰি হৈ দুই এটা গোটা থাকিলেও হয়। গৰম গাখীৰ বা গৰম পানীৰে গুড় (মিঠৈ)ৰে সান্দহ খাবলৈ সোৱাদ লগা হয়, গৰম গাখীৰ বা পানী দিব লাগে যাতে সহজতে গোটা বোৰ কুমলি যায়।

৩)চিৰাঃ-চিৰা খুন্দিবৰ বাবে লোৱা ধানখিনি জাৰি তিনিদিন কেৰাহি বা আন ডাঙৰ পাত্ৰত পানীত তিয়াই থব লাগে। তিনিদিনমানৰ পিছত পানীৰ পৰা টুকি পানী খিনি নিগৰি যাবলৈ পাচিত ভৰাই ৰাখিব লাগে। ঢেঁকীশালৰ খুবলিৰ কাষতে আখল থাকিলে সুবিধা হয়, আখত জুই ধৰি কেৰাহি গৰম কৰি ৰাখি এমুঠিকৈ ধান কেৰাহিত দিব লাগে, অলপ গৰম হোৱাৰ পাছতে কুচিৰে লৰাই থাকিলে দুই এটা ধান ফুটিব, তেতিয়াই প্ৰথম খোলা ধান ধুবলিত দিব লাগে আৰু ঢেঁকীৰে খুন্দিব লাগে, খুন্দোতে ধানখিনি খুবলৈ কামোৰ খাই নধৰিবলৈ বাঁহৰ বা কাঠৰ মাৰিৰে খুচৰি দিব লাগে। ঢেঁকীৰ থুৰাৰ খুন্দাত ধান চেপেটা হৈ চিৰা হৈ পৰিব আৰু তেতিয়াই খুবলিৰ পৰা উলিয়াই আহি খৰাহিত ৰাখিব লাগে। এইদৰেই বিহুৰ সময়ত এখোলাৰ পাছত আনখোলা ধান ভাজি খুবলিত দি খুন্দি খুন্দি চিৰা ঘৰুৱা ভাবেই প্ৰস্তুত কৰা হয়।
(৪)চুঙা পিঠা বা চুঙা চাউলঃ-চুঙাপিঠা প্ৰস্তুত কৰিবৰ বাবে কুমলীয়া জাতিবাঁহৰ এপাবৰ এফালে এটা গাঁঠিৰে সৈতে ৰাখি আনফালে গাঠি নৰখাকৈ কাটি লব লাগে আৰু কেঁচা কলপাত কেইখনমান লাগে। এতিয়া চুঙাত দি পিঠা বনাবলগীয়া চাউল খিনি ৰাতিয়েই পানীত তিয়াই থব লাগিব আৰু পিছদিনা পুৱা চাউলখিনি ভালকৈ টুকি ধুই লৈ বাঁহৰ চুঙাত ভৰাই যাব লাগে। চুঙাটোৰ সম্পূৰ্ণ মুখলৈকে দিব নালাগে, মুখৰ পৰা প্ৰায় ৪ ইঞ্চিমান খালি ঠাই ৰাখি ভৰাব লাগে যাতে চাউলবোৰ সিজি গলে ফুলিলেও চাপ সৃষ্টি হৈ বাহিৰ হৈ নাযায়। তাৰ পাছত চুঙাটোৰ মুখত কলপাতৰ সোপা টানকৈ মাৰি জুই ধৰি লৈ চুঙাটো জুইত হেলনিয়াকৈ দিব লাগে যাতে গোটেই চুঙাটোত জুই পাই থাকে। কিছু সময়ৰ পাছত চুঙাটো পুৰি গৈ কলা ছাইৰ ৰঙৰ যেতিয়া হৱ তেতিয়া চুঙাটো জুইৰ পৰা অতৰাই আনি ঠাণ্ডা হবলৈ দিব লাগিব, চেঁচা হলে দা বা কটাৰীৰে বাঁহৰ চুঙাটোৰ গাটো ফালি ফালি চাউল খিনি বাচন এটাত থৈ যাব লাগে। এতিয়া গৰম গাখীৰ আৰু গুৰ (মিঠৈ)ৰ লগত পৰিবেশন কৰক।
(৫)কোমল চাউলঃ-কোমল চাউল প্ৰস্তুত কৰিবৰ বাবে দুটা প্ৰক্ৰিয়া আছে। ১) কোমল চাউল প্ৰস্তত কৰিবৰ বাবে কোমল ধানৰ প্ৰয়োজন হয়, (কোমল ধান মানে ধানবিধ কোমল নহয় আকৌ নামটোহে কোমল)। ডাঙৰ কেৰাহী এটাত ভালকৈ পানী গৰম কৰি কোমল ধানখিনি চালি-জাৰি লৈ কেৰাহীৰ পানীত দিব লাগে, এতিয়া কেৰাহীৰ ওপৰত দলা বা বস্তাৰে ঢাকি দিব লাগে। প্ৰায় ১ ঘণ্টামান জুই দিয়াৰ পিছত দুই এটাকৈ ধান ফাটি যাব আৰু তেতিয়াই কাঠৰ চৱতাৰে কেৰাহীৰ ধানখিনি তল-ওপৰ কৰি দিব লাগে যাতে গোটেইবোৰ ধান ভালকৈ সিজি যায়। এতিয়া সম্পূৰ্ণকৈ সিজিলে বা গোটেই ধানবোৰ ফালি গলেই গপচ চালনীৰে কাঢ়ি টুকি পেলাব লাগে। পানী নিগৰি শেষ হলেই চোতালত বাঁহৰ ঢাৰি পাৰি ৰদত পাতলকৈ মেলি দিব লাগে আৰু ঘনে ঘনে লৰাই থাকিব লাগে। কিন্তু ধানখিনি একে ৰদতে শুকাব লাগিব নহলে চাউলবোৰ খাবলৈ বেয়া হৈ যায়। ধানখিনি শুকাইছেনে নাই চাবলৈ সেইটো জানিবলৈ হাতৰ তলুৱাত কেইটামান ধান লৈ ভালকৈ দুয়োখন হাতেৰে মোহাৰি দিলেই যদি চাউল ফটককৈ ওলাই যায় অৰ্থাত্ বাকলিবোৰ এৰাই যায় সহজতে তেতিয়াই বুজিব লাগিব ধান শুকাইছে ভালকৈ। তাৰ পিছত ধান গৰমে গৰমে বস্তাত ভৰাই থৈ দুদিনৰ পিছত মিলত বা ঢেকীত খুন্দি চালি-জাৰি সাঁচি ৰাখিব লাগে। আগৰ দিনত কোমল চাউল মাটিৰ কলহত ভৰাই ৰাখিছিল। কোমল চাউল বহুদিনলৈ ৰাখিব নালাগে, বহুদিন থাকিলে মলঙি যায়। এতিয়া পৰিবেশনৰ বাবে এঘণ্টামানৰ বাবে আগতে তিয়াই ৰাখিব লাগে, তাৰ পিছত গাখীৰ, দৈ, গুৰ আদিৰ লগত আলহীক পৰিবেশন কৰক। ২)কোমল ধানখিনি ভালকৈ নিতিওৱাকৈ ৰদত শুকুৱাই লব লাগে। ভালকৈ শুকালেই ধান গৰমে গৰমে বস্তাত ভৰাই পিছদিনাই মিলত বা ঢেকীত খুন্দি চাউল জাৰি-ফুকি লৈ এটা সৰু কেৰাহীত এখোলা দুখোলাকৈ চাউলখিনি ভাজিব লাগিব, এনে কৰোতে চৌকাৰ জুই এটা নিদিষ্ট পৰিমানত দিব লাগিব। যেতিয়া চাউলবোৰ অলপ অলপ ৰঙচুৱাহৈ পৰিব তেতিয়া কেৰাহীৰ পৰা কাঢ়ি আনি সাঁচি ৰাখিব পাৰিব। তাৰ পিছত খোৱাৰ কিছু সময়ৰ আগতে গৰম গাখীৰ বা গৰম পানী দিলেই কুমলি যাব, এতিয়া গুৰ মিহলি কৰি পৰিবেশন কৰিব পাৰে।
(৬)ভজা-চাউলঃ- ভজাচাউল প্ৰস্তুত কৰিবলৈ বৰাধানৰ প্ৰয়োজন হয়। তিনিদিন তিনিৰাতি ধান কেৰাহীত তিয়াই ৰাখিব লাগিব আৰু পিছত কেৰাহীৰ পৰা টুকি পানী যাবলৈ দিব লাগে। পানী নিগৰি শেষ হলে জুইত কেৰাহীত একাজলি দি এখোলা দুখোলাকৈ ভাজিব লাগে, যেতিয়া এটা দুটা ফুটি আখৈৰ দৰে ফুটিব তেতিয়া কেৰাহীৰ পৰা কাঢ়ি থব লাগে। এদিনৰ পিছত ঢেঁকীত বা মিলত খুন্দি চাউল উলিয়াব লাগে। খোৱাৰ এঘণ্টামানৰ আগতে গৰম পানীত তিয়াই থব লাগে যাতে ভালকৈ কুমলি যায় আৰু টুকি লৈ এতিয়া দৈ, গুৰ (মিঠৈ), ক্ৰীমেৰে পৰিবেশন কৰক। খাবলৈ সোৱাদ হয়।
(৭)বৰাচাউলৰ জলপানঃ-বৰাচাউলৰ জলপান প্ৰস্তুত কৰিবলৈ বৰা ধানৰ চাউলৰ প্ৰয়োজন হয়। বহুদিনীয়া চাউল হলে চাউলখিনি সিজোৱাৰ আগতে অলপ সময় পানীত তিয়াই ৰাখিব লাগিব, এতিয়া সৰু কেৰাহী এটাত চাউল অলপ দি পানী দিব লাগে আৰু চাব লাগে যাতে পানী চাউলতকৈ একাঙুলমানহে ওপৰত থাকে। ২০ মিনিটমান সিজোৱাৰ পিছত ভালকৈ সিজি যাব আৰু আঠাযুক্ত হৈ পৰিব, এতিয়া পাত্ৰত লৈ গাখীৰ, গুৰ (মিঠৈ) ক্ৰীমৰ লগত পৰিবেশন কৰক। কোনো ঠাইত কলপাতত দিও সিজোৱা হয় বৰাচাউল, এনেকৈ সিজালে কলপাতৰ পৰা অহা গোন্ধ আৰু কলপাতৰ উপকাৰীতাৰ বাবে খাবলৈ সোৱাদ হয়।
(৮)তিলপিঠাঃ- তিলপিঠা প্ৰস্তুত কৰিবলৈ বৰাচাউল, তিল, গুড়ৰ প্ৰয়োজন হয়। এতিয়া বৰাচাউলখিনি এঘণ্টামানৰ আগতে পানীত তিয়াই থৈ কুমলিবলৈ দিব লাগে, ভালকৈ কুমলিলে টুকি ৰাখিব লাগে খৰাহি এটাত, পানী নিগৰি শেষ হলে ঢেঁকীত বা খুন্দনাত খুন্দি গুড়ি কৰিব লাগে আৰু লগে লগে গুড়ি চালনীৰে চালি চালি থৈ যাব লাগে আৰু চালনীত থাকি যোৱা খুদ বোৰ আকৌ ঢেঁকীত দি দিব লাগে। চালনীৰে চালি যোৱা গুড়িখিনি চৰিয়া বা পাচি এটাত হাতেৰে হেচি হেচি টিতা পৰিস্কাৰ কাপোৰেৰে ঢাকি ৰাখিব লাগে যাতে বতাহত শুকাই ফৰফৰিয়া হৈ নাযায়। চাউল খুন্দি হোৱাৰ পিছত তিলখিনি ভালকৈ পানীত ধুই ৰদত শুকুৱাই লব লাগে, ভালকৈ তিল শুকালেই কেৰাহীত কম জুইত ভাজি লব লাগে। এতিয়া তিল এটা পাত্ৰত লৈ তাৰ লগতে গুড় (মিঠৈ) মিহি মিহিকৈ কাটি সানি পেলাব লাগে।
এতিয়া আখলত খোলা এখন পাতি কমকৈ জুই দিব লাগে আৰু ওচৰতে তিল, গুড় মিহলি পাত্ৰটো আৰু পিঠাগুড়িৰ পাত্ৰটো কাষতে বেলেগে বেলেগে ৰাখিলৈ খোলাখন ভালকৈ গৰম হোৱালৈ অপেক্ষা কৰক। কোনো কোনো লোকে খোলাৰ সলনি কেৰাহীও ব্যৱহাৰ কৰা দেখা যায়। ওচৰতে পাতল শুকান কাপোৰ এখন ৰাখিব লাগে যাতে সেইখনেৰে খোলাত ৰৈ যোৱা অৱশিষ্টখিনি চাফা কৰিব পাৰি। এতিয়া পিঠাগুড়ি হাতেৰে একাজলি লৈ খোলাখনত দি হাতৰ তলুৱাৰে পাতলকৈ ঘুৰণীয়াকৈ মেলি দিব লাগে, ক্ষন্তেকৰ পাছত দেখাযাব পিঠাগুড়িখিনিৰ চৌপাশটো ঘোৰখাই আহিছে, তেতিয়াই তিল আৰু গুড়ৰ মিশ্ৰটোৰ অলপ লৈ ঘুৰণীয়া হৈ পৰা পিঠাগুড়ি খিনিৰ মাজভাগত দীঘলীয়াকৈ দি দিব লাগে, তাৰ পাছত হাতেৰে এফালৰ পৰা পিঠাগুড়িৰ অংশটো ঘুৰাই ঘুৰাই হাতেৰে সামান্য হেচি দীঘলীয়াকৈ মেৰিয়াই পেলাব লাগে আৰু কিছু সময় গৰম হৱৰ বাবে খোলাৰ কাষত বা খোলা ওপৰত মাৰি দুডালত দি থৱ লাগে। এতিয়া অৱশিষ্ট গুৰাবোৰ শুকান ফটাকানি খনেৰে চুচি চাফা কৰিলেই দ্বিতীয় পিঠা তৈয়াৰ কৰিবৰ বাবে সাজু হৈ উঠে। এনেকৈ এটাৰ পিছত এটাকৈ সাজি গৈ থাকিব লাগে।
(৯)ঘিলাপিঠাঃ-ঘিলাপিঠা প্ৰস্তুত কৰিবলৈ বৰাচাউল, গুড়ৰ প্ৰয়োজন হয়। প্ৰথমে বৰাচাউল তিয়াই থৈ টুকি লৈ পানী নিগৰিবলৈ দিব লাগে আৰু পানী গৈ শুকান হলেই ঢেঁকীত খুন্দি গুড়ি কৰিব লাগে। এতিয়া পিঠাগুড়িখিনিৰ লগত গুড় মিহিকৈ কাটি অলপ পানীৰে সৈতে ভালকৈ সানি লৈ পাত্ৰ এটাত লব লাগে। এতিয়া আখলত কেৰাহীত তেল গৰম কৰিলৈ পিঠাগুড়ি আৰু গুড়ৰ মিশ্ৰণটোৰ কিছু অংশ লৈ হাতেৰে ঘিলাৰ আকৃতিৰ দৰে কৰি গৰম তেলত দি ভাজিব যাব লাগে আৰু লৰনি বা বাঁহৰ শলাৰে লৰাই যাব লাগে যাতে দেই নাযায় পিঠাবোৰ, অলপ ৰঙচুৱা হৈ ফুলি গলেই কেৰাহীৰ পৰা কাঢ়ি আন এটা পাত্ৰত থৈ যাব লাগে। গৰমে গৰমে খাবলৈ বৰ সোৱাদ হয়। তেলত ভজা হয় বাবে কোনো কোনোৱে তেলপিঠা বুলি কয়।
(১০)সুতুলিপিঠাঃ-সুতুলিপিঠাৰ বাবে বৰাচাউল, গুড় বা চেনী, নাৰিকল, তিল আৰু সঁৰিয়হৰ তেলৰ প্ৰয়োজন হয়। বৰাচাউল তিয়াই লৈ টুকি ঢেঁকীত খুন্দি গুড়িকৰি লৈ এটা পাত্ৰত পিঠাগুড়িখিনিৰ লগত পানীৰ মিহলাই গুড়ৰ লগত সানি লব লাগে। লগে লগে নাৰিকল ৰোকনিৰে ৰুকি লব লাগে আৰু নাৰিকলৰ লগত গুড় বা চেনী মিহলাই লব লাগে। এতিয়া পিঠাগুড়িৰ কিছু অংশ লৈ ঘিলাৰ আকৃতিৰ ঘুৰনীয়া কৰি লৈ মাজ অংশটো খালৰ দৰে দ কৰি তাত নাৰিকলৰ আৰু চেনী বা গুড়ৰ মিশ্ৰনটোৰ অলপ আনি পিঠাগুড়িৰ দ খাল অংশটো পুৰ কৰিব লাগে আৰু হাতেৰে হেচি দি সমান কৰি দিব লাগে যাতে নাৰিকল আৰু গুড়ৰ মিশ্ৰনটো বাহিৰ ওলাই নাযায়। ইয়াৰ পিছত গৰম তেলত ভাজিব লাগে। সিজিলেই হৈ যাব, এতিয়া পৰিবেশন কৰক।
(১১)টেকেলীমুখত দিয়া পিঠাঃ-এইবিধ পিঠা প্ৰস্তুত কৰিবলৈ আৰৈ চাউলৰ কেঁচা পিঠাগুড়ি, গুড় (মিঠৈ),মাটিৰ টেকেলী আৰু এখন পৰিস্কাৰ কাপোৰৰ প্ৰয়োজন। আৰৈ চাউলৰ পিঠাগুড়ি খুন্দি লৈ পিঠাগুড়িখিনি পানী আৰু গুড়ৰ লগত ফৰফৰিয়াকৈ সানি কাপোৰ এটুকুৰাৰ মাজত টোপোলা সদৃশ কৰি লব লাগিব। এতিয়া টেকেলী এটাত আধালৈকে পানী ভৰাই লৈ সেইটো জুইৰ ওপৰত দি পানী গৰম হলেই কাপোৰৰ টোপোলাৰ মাজত থকা পিঠাগুড়িৰ টোপোলাটো টেকেলীটোৰ মুখত খাপখাই পৰাকৈ দিব লাগে যাতে উতলি থকা পানীৰ ভাপ বাহিৰ হৈ ওলাই নাহে। পানীৰ ভাপতে কাপোৰৰ মাজত থকা পিঠাগুড়িখিনি সিজি যাব। ২০মিনিট মানৰ পিছত কাপোৰৰ টোপোলাটো টেকেলীৰ পৰা অতৰাই আনি পাত্ৰ এটাত থৈ টোপোলাটো খুলি পিঠাটো উলিয়াই দিলেই হৈ গল। এতিয়া পুনৰ আন এটা পিঠা একে পদ্ধতিৰেই তৈয়াৰ কৰিব পাৰি। এইপিঠা এৱাঁ গাখীৰৰ লগত বা ৰাতিপুৱা ফিকা চাহৰ লগতো পৰিবেশন কৰিব পাৰে। আজিকালি টেকেলীত প্ৰস্তুত নকৰি বহুতেই কেটলীৰ মুখত কাপোৰৰ টোপোলাত পিঠাগুড়ি দি প্ৰস্তুত কৰে বাবে কোনো কোনোৱে কেটলীমুখত দিয়া বা ভপত সিজে বাবেই বহুত ভাপত দিয়া পিঠা বুলিও কোৱা দেখা যায়।

উৰুকাৰ নিশা চুৰ কৰিবলৈ গৈ কি ঘটিছিলঃ-


(লৰালিৰ দিনতে উৰুকাৰ নিশা সমনীয়াৰ লগত কৰা চুৰি কাৰ্য্যৰ কিছু সোৱাদ আপোনালোকলৈও আগবঢ়ালো। এইলেখাটি পঢ়াৰ পিছে কোনেও যাতে এইবাৰ উৰুকাৰ দিনা চুৰ কৰিবলৈ উত্সাহিত হৈ হাতেকামে লাগি নাযায়, কাৰণ তাহানিৰ দিনৰ তুলনাত আজিৰ দিন যথেষ্ট সলনি হৈছে। সেয়ে আমি কৰা কামবোৰৰ লেখিয়াকৈ কোনোবাই কৰিবলৈ গলে, এতিয়া চিধাই মোকৰ্দমা হৈ যাব পাৰে বা মূৰ ফলাফলিহে হবগৈ পাৰে, সেয়ে কোনোবাই তেনে কাৰ্য্য সংঘটিত কৰিলে লেখক জগৰীয়া নহয়।)

দলনিৰ মাজৰে নৰা কাটি আনি
টুনৰে হাৰলি সাজোঁ
কলঙৰ চৰতে খালোহি ভোজভাত
মাজ-নিশা ধেমালি কৰো।।

আঘোণ মাহৰপৰা পুহৰ শেষলৈকে গাঁৱৰ সকলো ধনকটা, মৰণা মৰা, খেৰ শুকুৱাই মেজি বা খেৰঘৰত থোৱাৰ ব্যৱস্থা সম্পূৰ্ণ হৈ যায়। পুহত ধান ৰদত শুকুৱাই ভঁড়ালত ভৰাই, মাঘৰ বিহুৰ বাবে প্ৰয়োজনীয় ধান বাহিৰকৰি ভঁড়ালঘৰ সামৰে, কিয়নো মাঘমাহত ভঁড়াল ঘৰ খুলিব নাপাই বুলি ককাহঁতে কোৱা শুনিছিলো।
এইকেইদিনত আকৌ দেউতা আৰু খুৰাহঁতে নিজৰ নিজৰ ঢেঁকী মেৰামতিও আৰম্ভ কৰি দিয়ে, কতৰা, থোৰা, খুম্বলিৰ পৰা আৰম্ভ কৰি বঢ়নী ৰূপে ব্যৱহাৰ কৰা মাৰিডাললৈকে যোগাৰ কৰি দিয়ে, নহলে মা-বৰমা, খুৰিটিহঁতৰ কেটকেটনী শুনিবলগীয়াও হয়। কেইদিনমানৰ পাছৰে পৰা গাঁৱৰ জীয়াৰী, বোৱাৰীবোৰেও ঢেঁকীত জা-জলপানৰ যোগাৰ আৰম্ভ কৰি দিয়েই। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঢেঁকীৰ মাতে ৰাতি দুপৰলৈকে ৰজনজনাই থাকে। প্ৰতিঘৰৰ আখলত জীয়াৰী-বোৱাৰী সকলো লাহে-লাহে ব্যস্ত হৈ পৰে পিঠ-পনা বনোৱাত। বিহু পাৰ নোহোৱালৈকে যেন কাৰোৰে আজৰি নাই এইসময়ত।
মাঘবিহুৰ ওচৰ চাপি অহাৰ লগেলগে লৰালিৰ দিনলৈ মনটো এতিয়াও উৰি যায়। আঘোনৰ পকা ধান কাটিমাৰি শেষহোৱাৰ পাছৰে পৰা বিহুৰবাবে সকলোৰে উঠপ-ঠপ লাগেই। আমি লৰাবোৰে কাৰঘৰত গৰুগাড়ী আজৰি হৈছে বিচাৰি লৈ যুঁৱলীৰ দুফালে দুটাইধৰি টানি গাড়ীখন পথাৰলৈ লৈ যাওঁ আৰু লগৰবোৰে হাতত একোখনকৈ কাঁচি লৈ পাছে-পাছে নৰা কাটিবলৈ বুলি খোজ লয়। ৰাতিপুৱাৰে পৰা সকলোৱে নৰা কাটি গাড়ী ভৰ্তি কৰি এগাড়ী নৰা লৈ উভতি আহো, সন্ধ্যা হাতভৰি ধুৱৰ সময়ত নৰাই কাটা ভৰিত পানী লাগিলেই চেকচেকনীত থাকিব নোৱাৰা হওঁ। তাৰ পাছৰ পৰা উৰুকাৰ ভোজৰ বাবে খৰি কটা আৰম্ভ হৈ যায়। কাৰোবাৰ বাৰীৰ গছ,কেতিয়াবা তামোল, নহলে শুকান বাঁহ কাটি সেইবোৰ ফালফালকৈ কাটি মেজি আকাৰে শুকাবলৈ সজাই ৰখো। খৰি ফালোতে ওচৰ চুবুৰীয়াৰ পৰা কাঁহৰ বাটিত ৰঙা চাহ, তামোল খোৱাৰ কি যে আনন্দ।
বিহুলৈ চাৰিদিনমান থকাৰে পৰা আমি লৰামখাই কলঙৰ পাৰত হাৱলিঘৰ বা ভেলাঘৰ সাজিছিলো, তাৰবাবে প্ৰত্যেকৰে বাঁহৰতলীৰ পাৰ ভলুকাবাঁহ আৰু জাতিবাঁহ বাচি-বাচি কাটি আনিছিলো। তাৰমাজতে দুটামান অপৈনত বা অপইটা বাঁহ কাটিছিলো তমালেৰে বেৰবন্ধা, মাৰলিবন্ধাৰ দৰে কামবোৰ কৰিবলৈ। ভেলাঘৰৰ কাষতে এটা দীঘল ভলুকাবাঁহৰ খুটা পুতি সেইটোৰ গাত কলমাৰলি বা নৰা জাপে জাপে বান্ধিছিলো মেজি আকৃতি কৰি।
উৰুকাৰ দিনা দিনৰ ভাগতে পুখুৰী বা কলঙৰ জেং মাৰি মাছ বিচাৰি আনিছিলো নহলে ওচৰৰ মুচলমান গাঁৱৰ পাৰ বাচি-বাচি মূৰ্গী কিনিছিলো। দিনৰ ভাগতেই গাঁৱৰ ইঘৰ সিঘৰৰ আশে-পাশে ঘুৰি কাৰ বাৰীত কি চুৰ কৰিব পাৰি--কবি, আলু, বেঙেনা আৰু জেওঁৰা আছে সেইবোৰ চাই আহি ভেলাঘৰৰ থলিত আলোচনা কৰো, ভাগেভাগে কোনে কি কৰিব কামবোৰ ভগাই দিয়া হয়। সন্ধিয়া নামি অহাৰ লগেলগেই লগৰবোৰৰ ঘৰৰপৰা চাউল তোলা কমটোও আৰম্ভ হৈ যায়। কোনোৱে যদি বাচন-বৰ্তন জোগাৰ কৰে, কোনোৱে মাছ-মূৰ্গী বাচিবলৈ লাগি যায়, এফালে ৰন্ধাই ৰান্ধি থাকিব চুৰ কৰাই চুৰ কৰিবলৈ যাব। কোনোৱে আকৌ যদি খৰিচুৰ কৰিবলৈ যায়, কোনোৱে পাচলি চুৰ কৰিবলৈ কাৰোবাৰ বাৰীৰ সোমায়, গৃহস্থ ওলাই মুখেৰে খেক-খোক, অঅঅকককক থু, খুহুৰ খুহুৰ কাঁহ দুটামান মৰা শুনিলেই পাচলিৰ মাজতে বহুত সময় ৰৈ থাকিব লগীয়াও হৈছিল গৃহস্থ ভিতৰলৈ নাযায় মানে। কেতিয়াবা দুই এটাক গৃহস্থই দেখা পালেই শুহুপাল খেদা লৈছিল আৰু টেঙৰ চেঙেলীয়া বোৰ বাগী দি কেনিবা পলাইছিল, কত আৰু বিচাৰি পায়।
এদিনৰ কথা লগৰ দুটামানে পাচলি চুৰ কৰিবলৈ গৈ দেখে গৃহস্থ শোৱাই নাই, সেইঘৰৰ গৃহিনীয়ে তেতিয়াও ঢেঁকীশালৰ কাষতে থকা আখলত টোপনীয়াই টোপনীয়াই পিঠা বনাইয়েই আছে, আমাৰ লগৰ সকলোতকৈ টেঙৰটো গৈছিল, সি ৰৈ ৰৈ আমনি লগাত কিনো কৰিছে চাকি জ্বলাই, চাবলৈ গৈ দেখে গৃহিনীয়ে তেতিয়াও কলমতিয়াই কলমতিয়াই ধিমিক-ধামাক চাকিৰ পোহৰত পিঠা খৰাহি এটা কাষতে থৈ এটা-দুটাকৈ পিঠা বনাই আছে, সি হাতসাৰে-ভৰিতসাৰে ধিমিক-ধামাক পোহৰেৰ মাজেৰেই গৈ পিঠা খৰাহি সাউতকৈ গমনোপোৱাকৈয়ে লৈ আহিল গৈ। কিছুসময়ৰ পিছত ৰাতিয়েই গোৱালগালি আৰম্ভ হৈ গল, লগৰ দুটামান মনতে দুখ লাগি কলে—ধেত্ তেৰি বৰ বেয়া কথা হল দেই, খুৰীটিয়ে ইমান কষ্টৰে টোপনিক্ষতি কৰি পিঠা বনাইছে তহঁতেনো সোপাকে লৈ আহিব লাগেনে, বাৰু আনিলি আনিলি, আকৌ দি থৈ আহিবিগৈ... কেইটামান পিঠা ৰাখি বাকীখিনি আকৌ লৈ গৈ দুৱাৰৰ মুখত থৈ দুৱাৰত দুটামান টোকৰ মাৰিথৈ আহিল গৈ। আকৌ গৃহস্থ ওলাই কোন..?? কোন..?? বুলি মাতি বাহিৰলৈ ওলাইচাই দেখে পিঠাখৰাহি দেখোন, আকৌ গালি আৰম্ভ, খুৰীটিয়ে তেতিয়া দাদাইদেউক বুজনি দিলে---হেৰি, শুনিছেনে.... সিহঁতকেইটা বেয়া লৰা-ছোৱালী নহয় দিয়ক, সিহঁতৰ চাগৈ ৰাতিখন ভোজভাত বনাই হোৱা নাই বাবে ভোকতে থাকিব নোৱাৰিহে তেনে কৰিলে, নহলেনো সিহঁতে পিঠাখৰাহি ঘুৰাই থৈ যায়হিনে..! দাদাইদেউৱে কথাটো ঠিকেই বুলি বুজিব পাৰি সাম কাটিলে সেইফালে।
কেতিয়াবা আকৌ কাৰোবাৰ ঘৰৰ দুই এজন বয়োজেষ্ঠই বিচনাৰ পৰাই মাজে সময়ে এনেয়ে গলহেকাহি এটা মাৰে, মাজে মাজে চিঞৰি কয়---অ বোলো কোন অ সেইটো বাৰীৰ মাজত..?? ৰহ গৈছো, চাল্লা হতচিৰি যোৱাহঁত তহঁতৰ পৰা শুৱও নোৱাৰা হলো। ইফালে কোনো নাইয়েই বাৰীত, কিজানিবা কোনোবা সোমাইহি, সেয়ে মাজে-মাজে সাৰে আছে যে গৃহস্থ তাৰেই উমান দিয়ে, পাছলৈ আমি চোৰ মখাইও বুজি পোৱা হলগৈ যে উঠি নাহে গৃহস্থ লেপৰ তলত উমৰ পৰা, সেয়ে সেইবোৰলৈ কাণসাৰ নিদি কৰ্মভাগ চলাই গৈছিলো বিনাদ্বিধাই।
তেজবেলি আকৌ উৰুকাৰ আগনিশা আমি সমনীয়া আটাইকেইটাই গাঁৱৰে পুটুকন দাইটিৰ ঘৰলৈ গলো হাঁহ কিনিবলৈ বুলি, বোলো বেপাৰীয়ে পইচাকেইটা পোৱাতকৈ আমাৰ পুটুকন দাইটিয়েই পাওঁক, অন্তত গাঁৱৰ পইচা কেইটা গাঁৱৰে মানুহটোৱে পাব, দাইটিৰ সহায়ও হৱ। এইবুলি কাণসমনীয়া আটাইকেইটা গৈ গৃহস্থৰ ঘৰৰ পিৰালীতে বহি পৰিলোগৈ, সাজ লাগিবৰ হৈছে আমাৰ মাজৰে হুটকখনীয়া কছুগুটি কনপাইৰ সেই সৰু কালৰ স্বভাৱৰ তেতিয়াও যে পৰিবৰ্তন নঘটিল গমেই পোৱা নাছিলো, সি কোন টলকতনো গৈ পাছফালৰ হাঁহৰ গঁড়ালত হেপাৰ দৰে হাত দিলেগৈ গমেই নাপালোআমি দাইটিৰ লগত দৰ-দাম মাৰি থকাতেই থাকিলো, দৰেদামে নিমিলাত দাইটিয়েও নিদিয়ে আমিও নেৰো, ইফালে কনপাইয়ে হাঁহৰ টেটু মুচৰি শেষেই কৰিলে।এনেকৈ থেৰোগেৰু কৰি থাকোটেই কনপাইয়ে কেতিয়া যে জোলোঙাত হাঁহ ভৰাই আনি আমাৰ শাৰীত মিলিগলহি ধৰিবই নোৱাৰিলো, তেতিয়ালৈকে কথাটো কোনেই গম পোৱা নাই আমিযেতিয়া দৰেদামে নিমিলা দেখিলে, কনপায়ে সাউতকৈ চেগ বুজি কথাত কথা যোগ দি কলে----বোলে হৱ দাইটি তোৰ লোকচান কৰি আমি হাঁহ নিনিও, তইও দিব নোৱাৰ আৰু আমিও দিব নোৱাৰো, গতিকে আমি বেলেগতে গৈ হাঁহ বিচাৰোগৈ বল, এইবুলি সি জোৰকৰিয়েই আমাক পুটুকন দাইটিৰ ঘৰৰ পৰা লৈ আনিলে, কেইঘৰমানৰ পদুলি পাৰ হোৱাৰ পাছতহে আদবাটত জোলোঙাটো দাঙি দেখুওৱতহে উৰহিৰ ওৰ পালো। হেৰৌ বোলো কি কৰিলি, কি কৰিলি এইয়া...??? পুটুকন দাইটিয়ে গম পাব লাগিলে হাঁহৰ টেটু মুচৰাদি তোৰো টেটু মুচৰিব গম পাবি এতিয়া। সি কলে---কথাটো আমি কেইটাইহে জানো আৰু নো কোনে জানে..?? গতিকে ৰাতিৰ বাবে মাংস হৈ গল। আৰু পিঠা খৰাহিৰ দৰে এইটোতো এতিয়া ঘুৰাই দিব পৰা অৱস্থাতো নাই, গতিকে বাদ দে ইমান চিন্তা কৰিলে আমাৰ ভোজ নহৱগৈ, দেখানাই পুটুকন দাইটিয়ে কেনেকৈ একেটা দৰতে খুটি পুটি বহি আছে আকোঁৰগোজ হৈ, হেৰৌ গাঁৱৰে লৰামখাই হাঁহটো বিচাৰিছে দুপইচা কমকৈহে দিব লাগে, এতিয়া পালে মজাতো................আমি আটাইকেইটাই মুখ মেলি চাইথকাতে থাকিলো আৰু সি একেকোবে গৈ পাখী গুচাই জুইত পুৰি গৰম পানী ঢালিলে আৰু হাঁহ কাটি-বাচি আজৰি, কিজানিবা বিচাৰি ওলালেও যাতে সিহঁতৰ হাঁহ বুলি চিন ধৰিবহি নোৱাৰে..................ৰাতিলৈ সেইবেলি দকচি হাঁহৰ ভোজভাত হলগৈ কনপাইৰ জহতে।
ৰাতি খাইবৈ উঠি বাচনবোৰ এবাল্টি পানীৰেই যেনেতেনে আওখালি থৈ লগৰ কোনোৱাটোৰ ঘৰত দমাই থৈ আজৰি হৈ লওঁ, দুই এটাই কম্বল, লেপ লগত লৈ আহে ৰাতিটো হাৱলি ঘৰতে কটাবলৈ। সকলো কাম শেষ হোৱাৰ পাছত দুটামানে ঠাণ্ডাত থাকিব নোৱাৰি জুই ধৰাত লাগি যায়, আটাইয়ে অলপ সময় জুই পুৱাই গাটো গৰম কৰি লৈ দিনতে ঠিৰাং কৰি থোৱা কামৰ বাবে সাজু।
আকৌ অপাৰেচন আৰম্ভ হৈ যায়, ভাগে-ভাগে দল বান্ধি যাওঁ কাৰোবাৰ কুঁহিয়ানীৰ তাঁতী ভাঙিবলৈ। এইবাৰ বিশেষ কষ্ট বা চিন্তা কৰিবলগীয়া নহয়, কাৰণ সকলোৱে নিজৰ নিজৰ বাৰীৰ পাচলিলৈহে চকু ৰাখে, এই মৰ ঠেটুৱৈত গাঁৱৰ সিমুৰত থকা কুঁহিয়ানীলৈ কতনো চকু দিব পাৰে। সেয়ে চাৰি পাঁচটাই মিলি কুঁহিয়ানীৰ একোখন তাঁতী চাৰি ঠাইত ধৰি চিধাই উঠাই লৈ আহোগৈ, এনেকৈ একোখন তাঁতীৰে ৰাতিটো চলি যায়। তাৰ মাজতে দুটামানে এই ঠেটুৱৈতো কুঁহিয়াৰ দুডালমান লগত লৈ আহে আৰু জুইৰ ওচৰত বহি-বহি খায়হি। ৰাতিটো কতযে ৰসাল কথা কৈ কৈ হাঁহি ধেমালিৰে কেনেকৈ পাৰহৈ যায় গমকে নাপাও। শেষ ৰাতি শেষ অপাৰেচনটো বাকী থাকেই, এইটো অপাৰেচনৰ বাবে দুটামানে যাওঁ নাযাওঁ কৰে, কাৰণ সিহঁতৰ তেতিয়ালৈ টোপনীয়ে হেঁচা মাৰি ধৰে সেইখিনি সময়ত, আমি দুটামানে তেতিয়া কওঁ হেৰৌ গোটেই বছৰটো নাকবজাই শুলি কিডাল কৰিলি, এদিননো টোপনী ক্ষতি কৰি থাকিব নোৱাৰনে...?? হেৰৌ নিজৰ বিয়াৰ বেলিকা কি কৰিবি... ?? হুমৰ গুৰিত দেউক কবি নেকি যে----দেউ আপুনি ৰিল কাটক মোৰ টোপনী ধৰিছে। কবলৈহে পালো সকলোৱে ধেকধেকাই হাঁহি দিলে, টোপনী ধৰা কেইটাৰ টোপনী কেনিবা যায়।
শেষ নিশা প্ৰায় প্ৰতিঘৰ মানুহেই টোপনীত লালকাল হৈ পৰে আৰু তাৰেই সুবিধা লওঁ আমি বোৰে। এই অপাৰেচন আকৌ অলপ বেলেগ দেই.....বস্তু চুৰকৰা নহয়, খেলিমেলিহে কৰা হয়। গাঁৱত ইঘৰ সিঘৰৰ লগত আগৰে কাজিয়া থাকেই, সেয়ে ৰং চাবলৈকে আমিবোৰে মিলি ইঘৰৰ বয়বস্তু যেনে-- ৰাতিপুৱা বাহিৰলৈ নিয়া ঘটীতো সিঘৰত থৈ আহো, কাৰোবাৰ পদুলিৰ জপনা নি গৰুঘৰত লগাই থৈছিলো, কাৰোবাৰ আক পাছফালৰ দুৱাৰত বাহিৰৰ পৰা ঢোকা এডাল লগাই থৈছিলো, যাতে ৰাতিপুৱা সহজতে খুলিব নোৱাৰে, কাৰোবাৰ আকৌ গোহালিত সোমাই গাইগৰু খিৰাই গাখীৰ লৈ আনি ৰাতিয়েই গৰম কৰি খাইছিলো, গাখীৰ খিৰাওতে যাতে গৃহস্থই গম পালেই ফটকৈ ওলাই আহিব নোৱাৰে সেয়ে সন্মুখৰ দুৱাৰৰ খাৰুৱা ডালত ৰছীৰে আগতিয়াকৈ বান্ধি আহিছিলো, গাখীৰ খিৰাই হলেই সেইদাল খুলি ফৰিং চিটিকা দিছিলো। কেতিয়াবা কেতিয়াবা লোকৰ ঘৰত এইবোৰ কৰি থাকোতেই নিজৰ ঘৰতো এনেকুৱা কৰিছিল আনবোৰে...........তথাপিও আনন্দৰ সীমা নাছিল, ৰাতিপুৱা আমাৰ মায়ে ভোৰভোৰাবলৈ আৰম্ভ কৰিলেই বুজনি দিছিলো, এদিনহে ধেমালি কৰিব একোনহয়, বছেৰেকৰ বিহুৰদিনা গালি পাৰিব নাপাই অ মা, আমিও আনৰ ঘৰত ধেমালি কৰি আহিছো। এইবোৰ দেখোন আমাৰ পূৰ্বপুৰুষেই শিকাই থৈ গৈছে আনন্দ কৰিবলৈ...............মায়েও একো নামাতে তেতিয়া...........
ধলপুৱাতে সকলোবোৰ ঘৰাঘৰি গৈ, গা-ধুই আহি মেজিত জুই-জ্বলাই অগ্নিক সেৱাকৰো সকলোৱে একেলগে, আমাৰ মাজৰে আবিয়ৈ এটিয়ে ৰাতিয়েই তিয়াই থোৱা মাহ-প্ৰসাদ আৰু তামোল পান, শিকি আধলি আনি মেজিৰ সন্মুখত ৰাখি সেৱা জনাই, জয়হৰিবোলা জয়ৰামবোলা বুলি আমাৰ মাজৰে এজনে হৰিধ্বনি দিয়ে,তাৰ পিছতে মেজিত অগ্নি সংযোগ কৰে। দপদপকৈ জ্বলি উঠে মেজিৰ জুই, তাৰপাছত প্ৰসাদ আনি সকলোকে বিলাই দিয়ে, কেতিয়াবা মেজিৰ জুইতে মিঠাআলু পুৰি খোৱাও হয়, এইদৰে মিঠাআলু বিহুৰ দিনাই ৰাতিপুৱাতেই খোৱতো এটা পৰম্পৰা আছে। মেজিৰ জুইৰ কাষতে কিছুসময় ৰাতিৰ কাণ্ডকাৰখানাবোৰৰ আলোচনা হয়, কোনে কি কি কৰিলে, কাৰঘৰত কি হল আজি ইত্যাদি ইত্যাদি। তেতিয়ালৈ আটাইৰে চকু এগাতত থাকেগৈ, আৰু কিছু সময়ৰ পাছত সকলো ঘৰা-ঘৰি যাওঁগৈ।
এনেকৈয়ে শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল নানা ৰংধেমালিৰে, এতিয়া আৰু সেইদিন নাই, এতিয়া সেইবোৰ কৰিবলৈ গলে গৃহস্থই চিধাই গৈ আৰক্ষীচকীত মোকৰ্দমাহে তৰিবগৈ, সেয়ে পুনৰ কওঁ এইবিদ্যাবোৰৰ যাতে কোনেও অনুকৰণ নকৰে।


Tuesday, 4 December 2012

ফটাফট ফটোঃ-



প্ৰায় ৩০ বছৰ মানৰ আগৰ কথা। কাৰোবাৰ হয়তো মনত থাকিব পাৰে। মোৰ মনত বস্তুটোৱে সাঁচ বহুৱাই গল, সেয়ে আজি দিগন্ত কুমাৰ ভট্টাচাৰ্য্যৰ ক্লিক ক্লিক লেখাটো পঢ়াৰ পাছত মনত পৰাত অ.ক.বৰ ৰাইজক জনোৱাৰ লোভ সামৰিব নোৱাৰিলো।

হয়, তেতিয়া আমি হাইস্কুলৰ ষষ্ঠ বা সপ্তম মান শ্ৰেণীত পঢ়িছিলো চাগৈ, ঠিক মনত নাই পৰা এইমূৰ্হুত্বত, তেতিয়া আজিৰ দৰে ডিজিটেল কেমেৰাতো দুৰৰে কথা, ৰীল ভৰোৱা এনাল্গ কেমেৰাও কাটচিতহে পূজিপতি সকলৰ হাতত দেখা গৈছিল। সেই সময়ত আমাৰ স্কুলাৰশ্বিপৰ আবেদনৰ বাবে ফটোৰ প্ৰয়োজন হৈছিল। দেউতাৰ চাইকেলৰ আগফালৰ লোহাডালত বহি ফটো উঠিবলৈ গৈছিলো কাছাৰী বাকৰিলৈ। মাত্ৰ ৫ টকাত তিনিকপি ফটো দিছিলে মুকলি ঠাইতে ফটোৰ ব্যৱসায় কৰা ব্যৱসায়ী জনে। কিন্তু কেমাৰাটো কি আছিল সেইটো শুনক কওঁ....................

তিনিটা ঠেংৰ ওপৰত খাপখুৱাই থোৱা এটা কাঠৰ বাকছ। বাকছটোৰ প্ৰায় ১ ফুটতকৈ অলপ বেছি হৱ দীঘলীয়া আকৃতিৰ আছিল, পাছৰ ফালে এটা হাত সুমুৱাব পৰা প্ৰায় ১ বেগেত মান জোখৰ ফুটা আছিল আৰু এই ফুটাটোৰ লগত সংযোগ আছিল এতিয়াৰ লংপেণ্টৰ এটা ঠেং দীঘে দীঘে কাটি দিলে যিদৰে দেখা যাব ঠিক তেনেকুৱা এটা চুঙা সদৃশ হাত ভৰাব পৰা ডাঠ কাপোৰৰ চোলা। সন্মুখৰ ফালে আছিল এখন ডাঠ কাঁচৰ লেন্স, লেন্স খন দেখিবলৈ হাইপাৱাৰ চশমাৰ লেন্সৰ দৰে গোলাকাৰ, সন্মুখৰ ফালে থকা কেমেৰাৰ কাঠৰ বেৰখনত খাপখুৱাই ৰখা আছিল। এই গোটেই বাকচটোৱেই তেতিয়াৰ দিনৰ কেমেৰা। কলা, বগা ফটোবোৰ আজিৰ দৰে উজ্বল নহৈছিল যদিও কামত লগাব পৰা আছিল।

ফটো মৰা পদ্ধতিঃ-

এজন মানুহক মুকলি আকাশৰ তলত ষ্টেণ্ড কৰি ৰখা কেমেৰাটোৰ সন্মুখত এখন কাঠৰ বেঞ্চিত বহিবলৈ দিয়ে। তাৰ পাছত মানুহজনে কয় চিধাকৈ বহক, চকু টিপ নামাৰিব বুলি কৈ দীঘল কাপোৰৰ চোলাটোৰ মাজেৰে হাতটো সুমুৱাই প্ৰায় ৩ মিনিট মান সময় বাকচটোৰ ভিতৰত কিবা কিবি কৰি থাকে, তেনেকৈ কিছুসময় কৰাৰ পাছত কয় হৈ গল। এইখিনি কাম হোৱাৰ পাছত অকনমান সময় ৰবলৈ দিয়ে, তেওঁ সেই বাকচটোৰ ভিতৰত আকৌ হাত সুমুৱাই আকৌ কিবা কিবি কৰে, তাৰ পাছত ওচৰতে মাটিতে থকা আন এটা পাত্ৰত জুলীয়া পদাৰ্থৰ সৈতে ঘহিপিহি ফটোবোৰ তৈয়াৰ কৰে। এই গোটেই প্ৰক্ৰিয়াটোত সময় লয় প্ৰায় ৫ৰ পৰা ৭ মিনিট মান সময়হে। ইমান ফটাফটকৈ ফটো তুলি দিব পাৰে বাবে আমি এইদৰে ফটো উঠা মুকলি ষ্টুডিঅটোক ফটাফট বুলি কৈছিলো।

তাৰ পাছত ঠায়ে ঠায়ে নিগাজিকৈ প্ৰতিষ্ঠা কৰা ষ্টুডিঅ বোৰ আহিল, এইদৰেই ফটাফটৰ ব্যৱসায় লাহে লাহে সময়ৰ গতিত হেৰাই গল। তাৰ পাছত আহিল ৰীল ভৰাব পৰা কেমেৰা, সেয়াও আহিল আৰু গল, তাৰ পাছত ডিজিটেল কেমাৰৰ ৰাজত্ব আৰম্ভ হল।

Sunday, 2 December 2012

আই তোক কিহেৰে পুজিমে মইঃ-




জনমে জনমে যেন তোমাকেই পাওঁ মোৰ জন্মদাত্ৰী। সেইগৰাকীয়েই হৈছে আই, মোৰ আই। যি দহমাহ দহ দিন গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ সমস্ত ভৰৰ সমান জন্ত্ৰনাকো সহি জন্ম দিছে মোক, আপোনাক, আপোনালোকক। ভূমিস্থ হোৱাৰ পাছত চকু মেলি চাওঁতেই প্ৰথমেই আইক কাষত পালো, অমৃত সদৃশ আইৰ দুগ্ধ পান কৰিয়েই প্ৰথম আহাৰ পান কৰিছিলো। সেইগৰাকীয়েই মোৰ আই। শৈশৱতো আইৰ স্নেহ, কৈশোৰতো আইৰ স্নেহ, যৌৱনতো আইৰ স্নেহ, আৰু সাংসাৰিক হোৱাৰ পাছতো আইৰ স্নেহৰ কোনো তুলনা নাপালো।.....হয় সেইগাৰাকীয়েই আমাৰ আইমাতৃ, যি জীৱনৰ সমস্ত সুখ নেওঁচি নিজ সন্তানৰ বেলিকা সকলো উচৰ্গা কৰিব পাৰে। যি নিজে নাখায় সন্তানৰ ক্ষুধা নিবাৰণ কৰিব পাৰে।

‘আই’ বা ‘মা’ শব্দটিৰ মাদকতাই সুকিয়া, এই সমন্ধৰ ওপৰত কোনো সমন্ধই হৱ নোৱাৰে। জন্ম দিয়াৰ যি ঋণ সেই ঋণ বোলে কোনো কালেই কোনেও পৰিশোধ কৰিব নোৱাৰে। এই সকলোবোৰ জানিও কিয় পৰশুৰামৰ হাতত মাতৃৰ হত্যাৰ দৰে কাৰ্য্য সিদ্ধি হৈছিল। এই সকলো জানিও কিয় আমি পাহৰি যাওঁ সেই গৰাকী মোৰ আই বুলি। এই সকলো জানিও কিয় পুত্ৰৰ হাতত আজিও মাতৃ-হত্যাৰ দৰে ঘটনা ঘটিয়েই আছে। মোৰ আই যাক এবাৰ হেৰুৱালে জীৱনত দুনাই কেতিয়াওঁ পোৱা নাযায়।

সেয়ে কওঁ এগৰাকী নাৰী সন্তান সম্ভৱা হোৱাৰ পিছৰে পৰা, এটি দেহ নিজৰ শৰীৰত কঢ়িয়ায় আৰু সুস্থ-সৱলৰূপত জন্ম দি একক সংগ্ৰামেৰে গৌৰবাম্বিত হয়। জীৱন মৰণৰ ই কি যে এক অধ্যায় তাক ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰে। সন্তান লালন-পালনৰ এটি দীৰ্ঘদিনীয়া কষ্টসহিষ্ণু ধাপ-ৰাতিক দিন আৰু দিনক ৰাতি কৰি কেনেদৰে অতিবাহিত কৰে, সেয়া হৈছে নাৰী জাতিৰ অনন্য শক্তি স্বৰূপ।

বৈবাহিক বান্ধনোত সোমাই পৰাৰ আগলৈকে এগৰাকী নাৰী বেলেগ এখন ঘৰৰ বেলেগ পৰিবেশত ডাঙৰ দীঘল হয়। আৰু বিয়াৰ পিছত এখন সম্পূৰ্ণ নতুন ঘৰলৈ আহি নিজকে সেই নতুন পৰিবেশৰ লগত খাপখুৱাই লবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। নিজৰ ঘৰখনৰ তুলনাত নতুন ঘৰখনত ষোল্লঅনা কেতিয়াও নাপায়। তথাপিও গোটেই জীৱন নতুন ঘৰখনত থাকিব লাগিব বুলি ভাবিয়েই সকলো কথা বাদ দি নতুন ঘৰখনক আপোন কৰিবলৈ ব্যস্ত হৈ পৰে। সেই বাবেই কিছু ত্যাগ কৰি হলেওঁ হাঁহিৰে উজলাবলৈহে চেষ্টা কৰে। তথাপিওঁ কোনো নাৰীয়েই নতুন ঘৰখনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে কেতিয়াওঁ নাহে। নতুন ঘৰখনত প্ৰথমতেই নানান সমস্যাৰ মুখামুখি হৱ লগিয়া হয়। স্বামী, শহুৰ-শাহুৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোকে সন্তোষ্ট কৰিবলৈ বহুতো কামেই ইচ্চা নাথাকিলেও কৰিবলৈ বাধ্য হয়। নাৰীৰ সহ্য গুণ অতুলনীয়া যে এই কথাৰ আখৰে আখৰে যেন প্ৰতিফলিত হৈ পৰে তেতিয়াহে। কেতিয়াবা দেখা যায় এই সকলোবোৰ ত্যগস্বীকাৰ কৰাৰ পাছতো যেতিয়া সন্তুষ্টি দিব নোৱাৰে তেতিয়াই জেদী ভাবৰও জন্ম হয়। এটা সময়ত মাকৰ ঘৰত জীয়াৰী অৱস্থাত অমুক কৰিছিল তমুক কৰিছিল, এতিয়া সেইবোৰ মাকৰ ঘৰতে এৰি আহিছে। নতুন ঘৰখনত নতুন পৰিবেশত পুৰণি দিনৰ সেই আশাৰ-আকাঙ্খাৰ বাবে সময়ো নাই, সুবিধাও নাই আৰু কাৰো যেন ন-বোৱাৰী গৰাকীৰ প্ৰতি আগ্ৰহো নাই। এনে পৰিস্থিতিৰো সন্মুখিন হৱ লগা হয়, তথাপিওঁ তাত আক্ষেপো নাই। সংসাৰখন সুন্দৰকৈ চলাব পাৰিলে সেইবোৰ পিছতো হৱ বুলি নিজকে নিজে সান্তনা লাভা নাৰীৰো অভাৱ নাই।

সেইদৰে শিক্ষিতা নাৰী ক্ষেত্ৰত কোনো কোনো স্বামীয়ে নিজৰ পূৰ্ণ স্বাধীনতা অব্যহত ৰখাতো স্বভাৱগত যেন পৰিলক্ষিত হয়। নাৰী গৰাকীৰো যে স্বাধীনতা, আশা-আকাঙ্খা থাকিব পাৰে তাক বুজি পাইও আওকাণ কৰে। তথাপিওঁ শিক্ষা-দীক্ষাৰে পৰিপূৰ্ণ নিজ স্বামীৰ স্খলিত চৰিত্ৰৰ কথা জানিও তেওঁৰ সন্মান বচাবলৈকে কেতিয়াবা কেতিয়াবা একো গৰাকী নাৰীয়ে মুখত কৃত্ৰিম হাঁহি বিৰিঙাই, সকলোবোৰ দুখ নেওঁচি বুকুত তেতিয়াও সজতনে সাঁচি ৰাখে স্বামীৰ প্ৰতি অকৃত্ৰিম মৰম আৰু ভালপোৱা। এনেদৰেই জীৱনত ত্যাগ স্বীকাৰ কৰি হলেওঁ নাৰীয়ে নিজৰ সংসাৰখনক ধৰি ৰাখিবলৈ সক্ষম হয়।

কিন্তু কেতিয়াবা কেতিয়াবা নাৰীয়েও পুৰুষৰ ওপৰত অধিপত্য খটোৱা দেখা যায়। বৈবাহিক সূত্ৰে পুৰুষ এজন নাৰীৰ সম্পূৰ্ণ ৰূপে নিজৰহৈ পৰে আৰু পুৰুষজনৰ সৰ্বত্ৰ অধিকাৰ কৰি পেলোৱাও দেখা যায়। আৰু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে কেতিয়াবা সীমা চেৰাই যাবলৈও কুণ্ঠবোধ নকৰা পৰিলক্ষিত হয়। তাৰেই ফলশ্ৰুতিত স্বামীয়ে পত্নীৰ আজ্ঞা পালন কৰিবলৈ বাধ্য হৈ পৰে। আৰু যদি কেতিয়াবা কোনো তেওঁলোকৰ সকলো আজ্ঞা পালন কৰিবলৈ অবাধ্য হৈ পৰে, তেতিয়াই নাৰীৰ মুখ অভিমান ওফন্দি উঠে। পত্নীৰ থেনথেননী শুনি শুনি অৱশেষত দাবী মানি লবলৈ বাধ্য হৈ পৰিলেই পত্নীয়ে অঘোষিত যুদ্ধ জয়ৰ দৰে আনন্দত উল্লাসিত হৈ পৰাও দেখা যায়। পৰিনামত কোনো কোনো স্বামীয়ে মুখফুটাই স্বীকাৰ নকৰিলেও মনৰ মাজতে ভোৰভোৰাই উঠে যে.............ওন্দোলা মুখ দেখুৱাই যুদ্ধ জয় কৰা এই মাইকী মানুহবোৰৰ নাক খজুৱালেই বুদ্ধি ওলায়।

ঠিক সেইদৰে পুৰুষ সকলো জানো কম.......??? তেওঁলোকো একোপ চৰা.............যেতিয়াই এগৰাকী মহিলাই সদায় লগ পোৱা পুৰুষজনক তেওঁৰ পত্নীৰে বজাৰে-সমাৰে বা বাটে-পথে দেখা পাই একেই ব্যৱহাৰ কৰিবলৈ বা আচৰন প্ৰদৰ্শন কৰিবলৈ বিচাৰে তেতিয়াই পুৰুষজনে সেইদিনা আকৌ নিজকে অলপ গহীন হৈ দেখুৱাবলৈ বিচাৰে। ইয়াৰ অৰ্থ এয়ে যে তেওঁৰ পত্নীয়ে যাতে বুজক যে তেওঁৰ স্বামী আন কোনো মহিলাৰ লগত কোনো বিশেষ সম্পৰ্ক নাই।অথচ আনদিনা অকলে লগ পোৱা হলে সেইমহিলা গৰাকীৰ লগত বহু কথা পাতিলেহেতেন।এই কথাখিনিকেই যেন তেওঁৰ ব্যৱহাৰৰ মাজেৰে পত্নীক বুজাই দিব খোজে সন্তৰ্পণে।

আগৰ দিনতো স্বামী-স্ত্ৰীৰ মাজত, বা নতুন ঘৰখনৰ মাজত আউল লগা দেখা যায়, কিছুমান পৰিয়ালত হোৱা হাই-কাজিয়াক চবুৰীয়া সকলোৱে জানিছিল, শাহু-বোৱাৰীৰ কাজিয়াক লৈ গাঁৱত বু বু বা বাও চলিছিল, কেতিয়াবা মিমাংশা নহলে মেল বহুৱাব লগিয়াও হৈছিল। এতিয়া আৰু সেই দিন নাই, নাৰী আজি বহুদুৰ আগুৱাই গৈছে, পুৰুষৰ লগত সমানে খোজত খোজ মিলাই যাব পৰা হল। সময় পৰিবৰ্তন হল, সময়ৰ লগত সকলো মিলি যোৱাটোৱেই সকলোৰে কাম্য। কিন্তু আজিৰ দিনত যৌতুকৰ বলি হৈ বা নাৰী নিৰ্য্যাতনৰ বশৱৰ্তী হৈ স্বামী গৃহত সঘনাই অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লোৱাতো নিত্য-নৈম্যতিক ঘটনাত পৰিনত হৈছে। খৱৰ কাগজত বা দুৰদৰ্শনত ঘটনাটো ওলোৱাৰ পাছতহে কাষৰ ঘৰৰ মানুহে গম পায়। একেবাৰে বেৰৰ কাষৰ মানুহেও ভুকে নাপাই। তাৰোপৰি শুনিলেও কোনো আগুৱাই আহি বাধা দিয়াৰ পৰা বিৰত থাকে যে জানি বুজি সেইবোৰ সমস্যাৰ মাজত সোমাব নিবিচাৰে।

অনাদিকালৰে পৰা মানৱ সমাজেই সৃষ্টিৰ অভিন্ন শক্তি নাৰীক বিভিন্ন ৰূপত পূজি আহিছে, ইয়াক নুই কৰিব নোৱাৰি। সেয়ে যেতিয়াই সৃষ্টিৰ মহিমাক অপমান, লাঞ্জনা আৰু নিৰ্য্যাতন কৰা হৱ তেতিয়াই নিজৰ স্থিতিক নিজেই বিনাশ কৰাৰ সমতুল্য হৱ। নাৰী সমাজৰ অৰ্দ্ধ আকাশ হিচাপে পৰিগণিত হলেও আজিও নাৰী যেন যৌন নিৰ্যাতনৰ জালফালি ওলাই আহিব পৰা নাই ।বৰ্তমানৰ কাৰিকৰী যুগতো মহিলা সকল আৰ্থিক স্বাৱলম্বি হৈ পুৰুষ প্ৰধান সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে যদিওঁ বহুক্ষেত্ৰত নিৰ্যাতনৰ বলী হবলগিয়া হোৱা দেখাযায়। মূলত আৰ্থিক ভাবে নাৰী কিছু স্বাৱলম্বী হলেওঁ সামাজিকভাবে নাৰীৰ মৰ্য্যদা আৰু নিৰাপত্তা এতিয়াও সুনিশ্চিত হোৱা নাই।

মোৰ প্ৰেম (কিছু কাল্পনিক, কিছু বাস্তৱিক)


প্ৰেম প্ৰেম বুলি এচাম বলিয়া,
নেদেখে প্ৰেমৰ মুখ,
প্ৰেম বিচাৰিলে পায় সংসাৰত,
দুখৰ উপৰি দুখ।।

এই কথাফাকিয়েই যেন তাৰ লগত আখৰে আখৰে ফলিয়াই আহিছে বছৰ বছৰ ধৰি। তথাপিওঁ সি কাহানিও হাতাশাক প্ৰশ্ৰয় দিয়া নাই, থমকি ৰোৱা নাই জীৱন বাটত, অহৰ্নিশে চলাই গৈছে কঠোৰ শ্ৰম, কৰ্মব্যস্ততা। এটাৰ পাছত এটা দিন আহিছে গৈছে। প্ৰতিদিনৰ ৰাতিপুৱা এক ন-উদ্যাম লৈ সি আগুৱাই গৈছে তাৰ লক্ষ স্থানলৈ বুলি।
হুৰমুৰকৈ সোমাই আহিল সি, আহিয়েই দেখিলে লগৰ আটাইকেইটাই অফিচত বিশেষ কাম নাই বাবে নিজৰ নিজৰ কম্পিউটাৰত বহি ফেচবুকত কাৰোবাৰ লগত কথা পাতি সময় অতিবাহিত কৰি আছে, সি অহালৈ যেন কাৰোৰেই ভক্ষেপেই নাই, তাৰ মুৰটো অচন্দাই কৰিলে................। সি ভাবিলে মনতে কাম-বন নাই খালি এইমখাই ফেচবুক ফেচবুক, কি পাই বাৰু ইহঁতে সেই ফেচবুক ডালৰ মাজত।
এইটো অবিনাশ, সিওঁ সিহঁতৰ লগতে একেটা কাৰ্য্যালয়তে চাকৰি কৰে, সিহঁতবোৰ হল-ঝৰ্ণা, মালবিকা, ৰেকিব, মানস, প্ৰভাকৰ ইহঁতেই সিহঁত। অবিনাশে এইবোৰ চছিয়েল চাইটৰ বিষয়ে একো বুজি নাপায়, বুজিবলে বা জানিবলৈ কেতিয়াওঁ ইচ্ছাও কৰা নাই, কিন্তু অফিচত কাম নাথাকিলে যেতিয়া সিহঁতবোৰ ফেচবুকত নিজৰ নিজৰ বন্ধু-বান্ধৱীৰ লগত ব্যস্ত হৈ পৰে তেতিয়াই সি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে। তাৰ কথা পাতিবলৈ লগ এটাও নথাকে, এনেয়ে সিহঁতে কামৰ মাজতে আজি ফেচবুকত কি আপডেট দিলে, কাৰ কিমান ফ্ৰেইণ্ড আছে, কোনে কাৰ লগত কিমান কথা পাতিলে এইবোৰকেই পাতি থাকে, তাকে শুনি শুনি তাৰ মুৰ গৰম হৈ যায়।
অবিনাশে কম্পিউটাৰ নজনা নহয়, সিও জানে, তাৰ সমান কম্পিউটাৰ জনা মানুহ হয়তো গোটেই অফিচটোতেই কম ওলাব, কিন্তু সি দৰকাৰী কামবোৰ কৰাৰ বাহিৰে অবাবতে সেইবোৰত সময় নষ্ট নকৰে, একো কাম নাথাকিলে সেয়ে সি সিহঁতক আমনি নকৰি অফিচৰ সন্মুখতে থকা ফুলনীখনৰ কাষে কাষে খোজ কাঢ়ি ফুৰে।
এনেকৈ দিন গৈ মাহ, মাহৰ পাছত বছৰ গৰকিলেগৈ, কিন্তু সিহঁতবোৰৰ কোনো পৰিবৰ্তন নাই বৰঞ্চ দিনক দিনে বেছিহে হৱলৈ ধৰিলে, তাৰে মাজৰ এটাইটো কিবা বোলে ৱিকিপিডিয়ানে কি সেইভাগতো সোমাই লৈছে, আৰু বোলে কিবা পুৰস্কাৰো পাইছে, বাকী বোৰৰ লগতে সি সেই পুৰস্কাৰ চাৰ্টিফিকেটবোৰ আনি অবিনাশকো দেখুৱাইছে, কিন্তু তাৰ আগত কোৱা মানে হোলোঙাৰে কান খুজুওৱা একেই কথা। সি এইবোৰ নুবুজে এনেয়ে চাইহে থলে।
মাজে মাজে অফিচ চুটীৰ পাছত অবিনাশৰ লগৰ বোৰে নিজৰ নিজৰ গাৰ্ল ফ্ৰেইণ্ডৰ লগত সময় কতাই, পাৰ্কত গৈ ঘণ্টা ঘণ্টা ধৰি কি কথা পাতি থাকে অবিনাশে একো আওভাও নুবুজে। কিন্তু এইবোৰকে দেখি দেখি তাৰো ফেচবুকৰ প্ৰতি যেন কেইদিনমানৰ পৰা কিবা এটা আগ্ৰহ জন্মিছে সি নজনাকৈয়ে, সেয়ে সি এদিন  আনদিনাতকৈ অফিচলৈ সোনকালে আহিল, যাতে লগৰ বোৰ অহাৰ আগেয়ে সি ফেচবুকনো কি বা কেনেকুৱা চাই লব পাৰে, নহলে সিহঁত অহাৰ পাছত সি যদি ফেচবুক খোলে, আটাইকেইটাই তাৰ কিবা তাঁৰ-চাঁৰ চিগিল বুলিয়েই ভাবিব। নাভাবিবনো কিয় সদায় এইবোৰৰ বিৰোধিতা কৰোতা বা আগ্ৰহ নেদেখুওৱা জনেই যদি ক্ষুদ নিজেই ফেচবুক খোলে আচৰিততো হৱৰে কথা, সেয়ে আহিয়েই সি খৰধৰকৈ চিধাই কম্পিউটাৰটো অন কৰি নেট সংযোগ কৰিলে, টাইপ মাৰি দিলে টাইটল বাৰত www.facebook.com তাৰ পাছত আহিল ফেচবুকৰ মেইন পেজটো, এতিয়া কি কৰিব, ভাবিলে ঘড়ীটোলৈ চালে সময় তেতিয়া ৯.৩০ হৈছেহে, এহ বহুত সময় আছে অফিচৰ বাকী বোৰ মানুহ আহিবলৈ, সেয়ে সি এইবাৰ ভালকৈ পঢ়িচালে চাইন আপ, চাইন ইন। তাৰ পাছত চাইন আপ কৰিয়েই এটা একাউণ্ট খুলি ললে। তাৰ নিজৰ এখন ধুনীয়া ফটো সি তাৰ প্ৰফাইলত সংযোগ কৰি ৰাখিলে। সেইদিনা প্ৰখম খুলিয়েই সি কি কৰিব একো বুজি পোৱা নাছিল, কেৱল ফ্ৰেইণ্ড চাৰ্চ কৰিব পাৰিলে, ভাল লগা দেখাত ধুনীয়া ফটো থকা কেইজনীমান ছোৱালী চাইলৈ পঠাই দিলে ফ্ৰেইণ্ড ৰিকুৱেষ্ট, ইটো সিটো প্ৰথম পৃষ্ঠাতে চাই চাই থাকোতেই সময় খিনি কেতিয়া যে পাখি লগা কাঁড়ৰ দৰে পাৰহৈ গল ধৰিবই নোৱাৰিলে।
সময়বোৰ পাৰহৈ গৈ আছে, দিন যায় মানে অবিনাশেও লুকাই চুৰকৈ ফেচবুক অফিচতেই খুলিবলৈ ললে, লাহে লাহে তাৰ ফ্ৰেইণ্ড লিষ্টখনো দীঘল হবলৈ ধৰিলে। সদায় আহি ফেচবুকেই খোলে প্ৰথমে, আহিয়েই দেখে সি চাৰি পাছজনী ধুনীয়া ছোৱালীয়ে তাৰ ফ্ৰেইণ্ড হৱৰ বাবে অপেক্ষা কৰি আছে, লগে লগে তাৰ মনটো ভাল লাগি যায়। এক বুজাব নোৱাৰ অনুভুতিয়ে তাৰ মনটোত ধুমুহাৰ সৃষ্টি কৰি তোলে। তাৰে দুই এজনীৰ লগত মাজে সময়ে মেচেজ লিখি কথাও পাতিছে, প্ৰথমে সি জনাই নাছিল তেনেকৈ যে কথা পাতিব পাৰি, এদিন এজনী ছোৱালীয়ে সি ফেচবুক চাই থাকোতেই hi বুলি মাতিলে, তেতিয়াহে সি বুজিলে যে ইয়াত লিখিলেই সেইগৰাকীয়ে দেখা পাব। এনেকৈয়ে এদিন দুদিনকৈ সি ফেচবুকৰ তলা-নলা সকলো বুজিব পৰা হল। এতিয়া বাকী আছে তাৰ মনৰ পচন্দৰ এজনী জীৱন সংগী বিচৰাৰ, কিন্তু কেনেকৈ সম্ভৱ ভাবি ভাবি পাৰ নোপোৱা হল। নহলে যে সি তাৰ কলিগবোৰৰ লগত সমানে খোজত খোজ মিলাই আগুৱাই যাব নোৱাৰিব, সি সিহঁতক দেখুৱাই দিব বিচাৰে যে সিও পাৰে সিহঁতৰ দৰে সকলো সম্ভৱ কৰিব, তাৰো আছে এজনী গাৰ্ল ফ্ৰেইণ্ড সিহঁতৰ দৰে। কিন্তু সি এতিয়াই সিহঁতক সকলো দেখুৱাই নিদিয়ে, লাহে লাহে তাৰ বাকী থকা কামটো হৈ লওঁক, তাৰ পাছত সি এদিন সকলোকে এটা চাৰ্প্ৰাইজ দিব আৰু সেইদিনা সিহঁত সকলো বিস্ময়েৰে অৱাক হৈ ৰব। সেইদিনটোলৈ আৰু বেছি দিন নাই যে সি মনতে ভাবিলে।
এদিন অবিনাশে দুই এটা আপডেট দি থাকোতেই তাৰ এজন বন্ধুৱে তাক অসমীয়া কথা-বতৰা বুলি এটা  ভাল গ্ৰুপত সুমুৱাই দিয়াৰ কথা কলে, সিওঁ না নকৰিলে....লাহে লাহে গ্ৰুপটোত তাৰ ভাল লাগিল, গ্ৰুপৰ সদস্যবোৰৰ মৰম চেনেহে তাক আপ্লুত কৰিলে, সিও এটা দুটাকৈ কিবা কিবি লিখিবলৈ ধৰিলে, সকলোৱে অবিনাশৰ লেখাবোৰ ভাল পালে আৰু তাক অনুপ্ৰনিত কৰিলে, তাৰ উত্সাহ দুগুনে বাঢ়ি গল, মনটো ভাল লাগি গল। এতিয়া সি তাৰ লগৰ বোৰতকৈ বেছি সময়হে ফেচবুকত কটোৱা হল, মাজতে সি দৰমহা পাই এটা কম্পিউটাৰ কিনিলে কেৱল ফেচবুকৰ বাবে নহয়-অসমীয়া কথা-বতৰাৰ বাবেহে। এতিয়া আৰু সি অফিচলৈ সোনকালে নাযায় লুকাই-চুৰকৈ ফেচবুক খুলিবলৈ, ঘৰতে হল উপলব্ধ হল তাৰ প্ৰিয় ফেচবুক, প্ৰিয় অসমীয়া কথা-বতৰা।
জীৱনৰ ৩৪টা বসন্ত গৰকা অবিনাশে পাৰহৈ অহা দিনবোৰত মৰম, ভালপোৱা, প্ৰেম কি বস্তু যে অনুভৱেই কৰিব পৰা নাছিল, আচলতে অনুভৱ কৰিবলৈ আজৰিয়েই পোৱা নাছিল বুলিলেহে সঁচা কোৱা হৱ, সদায় সি তাৰ দৰিদ্ৰতাৰে ভৰি থকা ঘৰখনৰ জোৰা-টাপলি মাৰি থাকেতেই কেতিয়া যে ৩৪টা বসন্ত পাৰহৈ গল গমেই নাপালে, সৰুৰে পৰা কাৰোৰে মৰম নোপোৱা অবিনাশ অলপ যেন মৰম আকলুৱাহে আছিল তেনে নহয় সি যথেষ্ট আময়িকও। লগৰবোৰে কেতিয়াবাই ঘৰ-সংসাৰ পাতি বাপেকী হল, এতিয়া সি এটা চৰকাৰী কাম পালে, লাহে লাহে সি ঘৰখনক অলপ সকাহ দিব পৰা হল। ঘৰখনৰ অভাব বোৰ দুৰ কৰিব পাৰি এতিয়াহে সি অলপ ভালকৈ উশাহ লব পৰা হৈছে। তাৰ লগে লগেই মাকে তাৰ ঘৰখন পতাৰ কথাটো মাজে সময়ে উনুকিয়াই নথকা নহয়, কিন্তু সি এতিয়াই মন মেলা নাই সেইবোৰ জঞ্জালত সোমাবলৈ, তাৰ কৰিব লগিয়া বহুত আছে ঘৰখনৰ বাবে। সেইবোৰ কৰি উঠিহে সি নিজৰ কথা ভাবিব বুলি মনতে ভাবি থাকে।
লাহে লাহে মাকে পাকঘৰৰ ভাৰ সহিব নোৱাৰা হৈ আহিল, সিয়ো নিৰুপাই হল, বাধ্য হৈ সি এইবাৰ ঘৰখন পাতিবলৈ সিদ্ধান্ত ললে, কিন্তু মন কৰিলেই জানো হৱ, তাৰ বাবে আজিৰ দিনতনো কোন ছোৱালী ৰৈ থাকিব, এইবোৰকে ভাবি ভাবি তাৰ ৰাতি বহু দেৰিলৈ টোপনী নহা হয়। কি হৱ কি নহৱ ভাবি থাকোতেই যেন ৰাতিপুৱাবৰে হয়, তথাপিও নোলায় তাৰ সমীকৰণৰ উত্তৰ, সদায় ভাবে কিন্তু সদায় একেই।
অ.ক.বত সি এদিন দুদিনকৈ নিগাজিকৈ এখন আসন দখল কৰিবলৈ সক্ষম হল, অ.ক.বত থাকোতেই সি ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰিলে, অবিনাশে অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ কথা চিন্তা কৰিলে, কিন্তু কেনেকৈ কৰিব, বহুজনৰ পৰা সি সহায় পালে, ক্ৰমান্বয়ে সি ৱিকিপিডিয়াৰ লগতো জড়িত হৈ পৰিল, সমান্তৰাল ভাবে চলাই গল অ,ক,বতো চৰ্চা। সময় পাৰহৈ যোৱাৰ লগে লগে তাৰ কামবোৰে ৰাইজৰ সমাদৰ পাবলৈ ধৰিলে, এতিয়া তাক চিনি নোপোৱা মানুহ খুউব কম আছে বুলিলেও ভুল কোৱা নহৱ। তাৰ লেখাবোৰৰ জনপ্ৰিয়াত বাঢ়ি গৈ থাকিবলৈ ধৰিলে, লগতে তাৰ অনুগামীও।
এদিনৰ কথা অবিনাশে সদায় ব্যস্ত থকাৰ দৰে সেইদিনাও ব্যস্ত হৈয়ে আছে, হঠাতে তালৈ আহিল এজনী  সুন্দৰী যুৱতীৰ বন্ধুত্বৰ প্ৰস্তাব, হয়তো সেই যুৱতি গৰাকীয়ে তাৰ লেখাবোৰৰ প্ৰতি আসক্ত হৈয়ে তালৈ বন্ধুত্বৰ প্ৰস্তাব আগবঢ়াইছিলে। সি আগ-গুড়ি নাভাবি দেখি সহাৰি জনালে। সেয়াই আছিল আৰম্ভনি.....সি তলকিবই নোৱাৰিলে যে সি এখন নতুন জগতত ভৰি দিলে তাৰ অলক্ষিতেই। মাজে মাজে দুয়োৰে ভাব বিনিময় চলি থাকিল, প্ৰথম অৱস্থাত বান্ধৱী গৰাকীয়ে বৰ এটা বিশ্বাসত লোৱা নাছিল তাক। লবনো কেনেকৈ যিহে ফেচবুকৰ ঘটনাবোৰ শুনি থাকে খৱৰ কাগজত, দুৰদৰ্শনৰ বাতৰিত, ভয় লাগিবৰে কথা, কেনেকুৱাবা লৰা ঠিকতো নাই, সেয়ে বান্ধৱী গৰাকীয়ে নিজকে অলপ সংযত কৰিহে দুই এষাৰ কথা পাতে তাকো বেছি সময় নহয় কেতিয়াবাহে ১০ মিনিট বা ১৫ মিনিট মাত্ৰ, সিমানতে শেষ হয়। এনেকৈ চাওঁতে চাওঁতে সিহঁত দুয়ো দুয়োৰে ওচৰ চাপি আহিল নজনাকৈয়ে, সিহঁতৰ কথা পতাৰ সময়ো যেন লাগে লাহে বাঢ়ি যাবলৈ ধৰিলে। বান্ধৱী গৰাকী আছিল শ্যামলী, শ্যামলী বৰুৱা, ঘৰ তেজপুৰত, ঘৰৰ এজনীয়েই ছোৱালী সকলোৰে মৰমৰ। এতিয়া সিহঁত দুয়োটাই প্ৰায়ে ৰাতি ৰাতি ১০,১১ বজালৈ কথাপাতে, ঘৰৰ কথা, বন্ধু বান্ধৱৰ কথা, স্কুলীয়া জীৱনৰ কথা, চাকৰি জীৱনৰ কথা, এটা এটাকৈ সি তাৰ জীৱনত পাৰহৈ অহা দিনবোৰৰ সকলো কথা তাইক কৈছে, তাইয়ো পাৰে মানে সকলোৱেই কৈছে। এতিয়া যেন ফেচবুকৰ বাহিৰে সিহঁতৰ আন কথা ভাবিবলৈ আহৰি নাই, কেতিয়া দুয়ো আহি অফিচৰ পৰা আৰু তাই স্কুলৰ পৰা আহি পাবহি, কেতিয়া কথা পাতিব পাৰিব তাকেই যেন সুবিধা বিচাৰি থাকে দুয়োটাৰে মনে। কবলৈ পাহৰিছিলোৱেই শ্যামলী এগৰাকী শিক্ষয়ত্ৰী, সৌ সিদিনা নতুনকৈ চাকৰিত যোগ দিছে, টেট পৰীক্ষাত উৰ্ত্তীন হৈ সোমাইছে, সেয়ে দুয়ো দিনৰ ভাগত তেনেকৈ সুবিধা নাপাই কথা পাতিবলৈ।
শ্যামলীক তাৰ জীৱনত বান্ধৱী হিচাপে অবিনাশ যেন খুবেই সুখী। আজিকালি তাৰ মনটো ভাল হৈয়ে থাকে, অনবৰতে তাৰ মুখত এটা নহয় এটা গানৰ কলি শুনিবলৈ পোৱা যায়। ইয়াৰ অন্তৰালত আন কোনো নহয়, শ্যামলীৰ প্ৰভাব আছে, শ্যামলীৰ এটা এটা কথাই তাক মুগ্ধ কৰে, তাই ব্যৱহাৰ, তাইৰ হাঁহি তাৰ খুবেই ভাল লাগে, শ্যামলীৰো ভাল নলগা নহয়, তাৰ কথাবোৰে তাইকো ভবাই তোলে, কেতিয়াবা ভাবে দুয়োটাই আৰু যদি কেইবছৰ মানৰ আগতে দুয়ো দুয়োৰে জীৱনলৈ আহিলে হয়, তেতিয়া ইমান দিনলৈ সিহঁত বহু দুৰেই আগুৱাই যাব পাৰিলে হয়, এই যে ভাল লাগে, সেয়ে দুয়োটাই কথা পাতি পাতি কিমান সময় যায়গৈ কব নোৱাৰা হৈ থাকে, ঘড়ীটোলৈ চালে মনত পৰে যে ৰাতি বহুত হল। তেতিয়া খৰধৰকৈ শুৱলৈ যায়। এনেকৈয়ে দৈনিক ৰুটীন যেন হৈ পৰিছে সিহঁতৰ কথা-বতাৰাৰ।
আজি অ.ক.বৰ শীৰ্ষ সদস্য-সদস্যা ক্ৰমে উচ্চজিত্ কলিতা আৰু মিতালী বৰ্মনৰ বিয়া, এইখৱৰটো দুয়োটাই অ.ক.বৰ মজিয়াতেই শুনিছিল, কিন্তু আজি তেওঁলোকৰ বিয়া..............সঁচাই ভাবিয়েই ভাল লাগিছে, যি সময়ত ইণ্টাৰনেট, ফেচবুক আদিক মানুহে আমোদ প্ৰমোদৰহে থল বুলি ভাবি আহিছে, সেইসময়তেই ইন্টাৰনেটৰ যোগেদিয়েই বা ফেচবুকৰ যোগেদিয়েই এনেকৈ কাৰোবাৰ এখন ঘৰ সুন্দৰকৈ গঢ়ি উঠিলে কিয় বাৰু ভাল নালাগিব। এইবিয়াখনৰ খৱৰে যেন আন বহুতৰ লগতে সিহঁতকো এখোজ বেছিকৈহে ওচৰ চপাই আনিলে।
অবিনাশৰ আজি মনটো সেয়ে ফুৰ্টী লাগি আছে, এই অ.ক.বৰ বিয়া খনৰ কথাটো কেতিয়াকৈ সি শ্যামলীক কব পাৰিব তাকেই ভাবি ভাবি আহি আছিল অফিচৰ পৰা, আহিয়েই সি হাত মুখ ধুই খৰধৰকৈ ফেচবুক খুলিলে কিজানিবা শ্যামলী আছেই.........কিন্তু ই কি শ্যামলী যে নাই, এতিয়াওঁ অহাই নাই ফেচবুকলৈ, কি কৰা যায়, অপেক্ষা কৰিবলৈ যেন তাৰ আজি সময় নাই....শ্যামলীৰ লগত যোগাযোগৰ একমাত্ৰ উপাই আছে যদি সেয়া তাৰবাবে ফেচবুকহে। সি নাজানে তাইৰ ফোন নম্বৰ, ইমান দিনে কথা পাতি আছে যদিও ফোন নম্বৰটো লোৱা হোৱা নাই, আচলতে তাৰ বিশেষ প্ৰয়োজনো হোৱা নাছিল, সদায় ৰাতি নেটত লগ পায়েই আৰু। কিন্তু আজি সি ভাবিছে-তাইৰ যদি ফোন নম্বৰটো থাকিল হয় তেনেহলে সি আজি তাইক এটা এচ,এম, এচ দিও মাতিব পাৰিলে হয়, কিন্তু এতিয়া তাৰ হাতত আন উপাই নাই। সি মনতে ভোৰ-ভোৰালে- হুহ ইমান দিন কথা-পাতিলি হেৰ, ফোন নম্বৰটোকে লব নোৱাৰিলি, কিহৰ ডেকাটো হলি, ছোৱালী এজনীক পটাবলৈ ইমান দিন লাগে নেকি..? বোলো হেৰ, এনেকৈ হলে এদিন তই লাখুটী লৈহে কইনা আনিবগৈ লাগিব কৈ থলো। বাবা, অ বাবা, চাহ আনিছো হু ল, চাহ কাপ খাই ল তাৰ পাছত কামত লাগিবি  (((মাকে এইবোৰৰ ভু-ভাকেই নাপায়, কম্পিউটাৰটো মুখৰ আগত লৈ বহি থকা মানেই মাকে ভাবে সি কিবা অফিচৰ কামত ব্যস্ত আছে বুলি, সেয়ে টেবুলতেই চাহ হাজিৰ দিলেহি, পিছে সিহে জানে কি অফিচৰ কাম কৰি আছে))),..................একেবাৰে ওচৰত মাকে চাহৰ কাপটো আনি থোৱাতহে তাৰ তন্ময়তা ভাগিল। সি ভাবিলে কিমান সময় বাৰু সি এনেকৈ ভাবি ৰৈ আছে। লগে লগে মনিটৰলৈ চাই দেখে শ্যামলীয়ে তাক মাতি মাতি বহুত কেইটা মেচেজেই দিলে ইতিমধ্যে.......তাইৰ একপ্ৰকাৰ অভিমানেই হৈছিল, হুহ ইমান সময়ে বা কি কৰিনো আছে জানো....ফেচবুক অন কৰি এতিায়লৈকে ৰিপ্লাই নাই। খকামকাকৈ সি লিখি পেলালে তাইলৈ –
:-অ তুমি আহিলা, মই গমেই নাপাওঁ, মই মানে অলপ ৱিকিত ব্যস্ত আছিলো, দিলে সি গোকাট মিছা কথা এটাকৈ, নকৈয়ো নোৱাৰে, সাৰিবতো লাগিব, তাইৰ অভিমানো ভাঙিব লাগিব। সি সহজ হল, মাজে মাজে চাহৰ কাপত চুমুক মাৰি আছে কথাও পাতি আছে।
:-হুহ, মনত যে পৰিল, কোনোবা এজনী আছে বুলি, কেইটা মেচেজ দিলো চোৱা এতিয়া..............সদায় সদায় মই চিঞৰি থাকিব নোৱাৰো হলে..........ৰৈ ৰৈ আমনি লাগি যায়গৈ পাই, মা-হঁত কেতিয়াবাই শুলে, মইহে তোমাৰ বাবে ৰৈ আছো। ((শ্যামলীৰ অভিমান সূচক বচন থল থলকৈ পৰিলহি তাৰ কানত))
:-কিনো কৰি থাকা ফেচবুক খুলি, কাৰোবাৰ লগত কথাপাতি থকা নাইতো...? নহলে মই ইমান সময়ে মাতি আছো কব নোৱাৰা কিয়...??? (শ্যমলীয়ে পুনৰ সুধিলে মনৰ খুধুৱনি মাৰিবলৈ)
:-নাই অ সঁচাকৈ কৈছো, মই অলপ ব্যস্ত আছিলো সেয়েহে।
:-ঠিক আছে বাৰু,
দুয়ো পুনৰ সহজ হৈ কথা পাতাত লাগিল। এনেকৈ শ্যামলীয়ে যে কিমান ৰাতিলৈ তাৰ বাবে অপেক্ষা কৰি থাকিব লগিয়া হয় টোপনিয়াই টোপনিয়াই তাৰ কোনো লেখ জোখ নাই। এদিন দুদিনকৈ সিহঁতৰ মাজত মৰম ভালপোৱা বোৰে ঠাই লবলৈ ধৰিলে, দুয়ো দুয়োৰে লগত আজিকালি যথেষ্ট ফ্ৰি হৈ কথা পাতিব পৰা হল, শ্যামলীয়েও অবিনাশৰ সকলো আবদাৰ পুৰাবলৈ ধৰিলে, পাৰে মানে হিয়াউজাৰি মৰম দিবলৈ চেষ্টা ক্ৰুতি নকৰিলে। কালি হঠাতে শ্যামলীয়ে তাইৰ ফোন নম্বৰটো অবিনাশক দিলে, যাতে সকলো সময়তে তাৰ খৱৰ লৈ থাকিব পাৰে, অবিনাশে সেইটো তাৰ মবাইলত সজতনে সাঁচি ৰাখিলে।  আজিকালি শ্যামলীয়ে শয়নে-সপোনে অবিনাশৰ কথাই ভাবি থাকে, স্কুললৈ যাওঁতে আহোতে, স্কুলত ক্লাচ কৰি থাকোতেওঁ কব নোৱাৰাকৈয়ে তাই মনটো অবিনাশৰ ওচৰলৈ উৰা মাৰে, ভাবে তেওঁ বা এতিয়া কি কৰি আছে, কিবা খালেনে নাই, ইত্যাদি ইত্যাদি। তাই এতিয়া ৰাতি ৰাতি প্ৰায়ে সপোন দেখে, অবিনাশৰ সপোন, এখন সুখৰ সংসাৰৰ সোপন, কেতিয়াবা সাপোনতে তাই নিজকে অবিনাশৰ দুবাহুৰ মাজত বিচাৰি থাকে, তাৰ মৰমৰ বাবে আকুল হৈ পৰে, সাৰপালেই তাইৰ খং এটাই জুমুৰি কৰি ধৰেহি, তাই মনৰ ভিতৰতে কয়--ইমান যে ভাল লাগিছিল সপোনটো, চেহ সাৰ পাই গলো। ৰাতিপুৱা উঠিয়েই মবাইলোটো চাই তাই, কিজানি অবিনাশৰ কিবা মেচেজ আছেই, অবিনাশেও তাই ভাল পাই বাবেই তাই শোৱাৰ পাছত কিবা কিবি তাইৰ মেচেজত লিখি থয় আৰু সেয়া শ্যামলীয়ে ৰাতিপুৱা বিচনাতেই সাৰ পাই চকু মোহাৰি মোহাৰি হেপাঁহ পলুৱাই পঢ়ি লয়, মনটো তাইৰ দিনটোৰ বাবে ভাল লাগি যায়, যেন এক নতুন আশা বুকুত বান্ধি লৈ আগবাঢ়িহে যায় দিনটোৰ বাবে। কিমান যে কল্পনা তাইৰ অবিনাশক লৈ কোনো লেখ নাই।
এদিন শ্যামলীয়ে অবিনাশক তাইৰ মবাইল নম্বৰটো দিলে, যাতে সকলো সময়তে তাৰ লগত যোগাযোগ কৰিব পাৰে, এতিয়া সিহঁতে মাজে মাজে সুবিধা অনুযায়ী ফোনতো কথা পাতে, কিন্তু বৰ বেছি সময়ৰ বাবে নহয়, থুলমুলকৈহে। সকলো ঠিকেই আছে, কতো একো খুত নাই সিহঁতৰ মাজত। এনেকৈ সময়বোৰ পাৰহৈ আছে।
বহুত হল আৰু, আৰু কিমান দিন এনেকৈ থাকিব সিহঁত, দুয়োটায়ে ভাবে কথাটো, সমন্ধটোৰ এটা নাম দিব পাৰিলে ভাল আছিল, এই কথাটো শ্যামলীয়ে কেইবাবাৰু অবিনাশক বুজাবৰ চেষ্টা নকৰা নহয়, কিন্তু সি তাইৰ লগত ধেমালিকৈ কথাপাতি তাইৰ কথাটো পাতল কৰি দিয়ে, আচলতে সি কথাটো সিমান ভালকৈ গুৰুত্বই দিয়া নাছিল, তাই যে সঁচাকৈয়ে ভাবিছে কথাটো সি বুজিব পৰা নাছিল। শ্যামলীয়ে ভাবিলে নহৱ আৰু তেওঁৰ দ্বাৰা, নিজেই কিবা এটা কৰিব লাগিব, আজি তাই তাক কথাটো কৈয়েই দিব সকলো লাজ অভিমান কাটি কৰি, নহলে যে এনেকৈ থাকিলে পাছলৈ বহুত দেৰি হৈ যাব পাৰে। ইফালে অবিনাশে তাইকতো আকাৰে ইঙ্গিতে তাইকেই যে ভাল পায় সেইটো জনাই দিছেই, তাইহে বুজিও নুবুজা ভাওঁ ধৰি থাকে। ৯টা বাজিত অবিনাশে ফেচবুক খুলিবৰ হল তাই ঘড়ীটোলৈ চাই মনতে ভাবিলে কথাটো। মাকক পাকঘৰত অলপ সহায় কৰি ভাত সোনকালে খাবলৈ সকলো যোগাৰ কৰিলে, যাতে আজৰি হৈ নিচিন্ত মনে অবিনাশৰ লগত কথাপাতিব পাৰে। কিন্তু মাকেনো কি জানে...তাইৰ যে ইমান খৰধৰ কিহৰ বাবে। শ্যামলী আৰু ৰৈ থাকিব নোৱাৰিলে, ভাত খাবলৈ তেতিয়াওঁ প্ৰায় ৩০মিনিটমান দেৰি আছে, সেয়ে তাই কামৰ মাজতেই মবাইলত ফেচবুক খুলি অবিনাশ আছেনে নাই চালে। তাই অবিনাশক দেখি মনতে ভাবিলে, উৱা  আজি দেখোন মোৰ মহাদেৱ সোনকালেই কৈলাশত আৰ্বিভাৱ, কথা কি....! তাই তাক মাতষাৰ লগায়েই কামো কৰি আছে........
:-বাহঃ আজি দেখোন মোতকৈ আগতেই আহি ৰৈ আছা, কথা কি....? মই আকৌ ভাবিছিলো তুমি আহিবাহে বুলি, ভালেই কৰিলৈ মই চিন্তাহে কৰি আছিলো ঘড়ীটোলৈ চাই। এতিয়া তুমি অলপ ৰবা হা, মই মাক সহায় কৰি দিছো, ভাত খাইয়েই ভালকৈ কথা পাতিব পাৰিম।
:-নাই এনেয়ে তোমাৰ লগত কথা পাতিবলৈ মন গল, সেয়ে অ। ঠিক আছে, তুমি আহা মানে মই অ.ক.বতেই চকু ফুৰাও। (অবিনাশে তাৰ প্ৰিয় লেখক বোৰৰ লেখাবোৰ প্ৰথমেই পঢ়াত লাগিল।)

শ্যামলীয়ে ভাত খাবলৈ বহিল, মাক হঁতে ভাত খোৱাৰ মাজতে দিনটোৰ কথাবোৰ আলোচনা কৰি থাকিল, তাইৰ সেইবোৰলৈ ভক্ষ্যেপ নাই, তাইৰ চিন্তা কেৱল কেতিয়া সোনকালে ভাত খাই অবিনাশৰ ওচৰ পায়গৈ। মাকে তাইৰ কাণ্ডবোৰ আলেঙে আলেঙে লক্ষ্য কৰি আছিল, এপাকত সুধিয়েই পেলালে—মাজনী তই ইমান খৰধৰকৈ খাই কলৈ যাৱ হা...?? লাহে লাহে খাচোন ভাত কেইটা।
তাইৰ মাকৰ কথা ইকানে সুমুৱাই সিকানে যেন উলিয়াইহে দিলে........মুখেৰে একো নামাতি খৰধৰকৈ ভাত কেইটা খাই উধাতু খাই পালেহি অবিনাশৰ ওচৰ।
:-শুনিছানে!মই আহিলো দেই, তুমি আছানে বাৰু...? (যেন ঘৈনিয়েকেহে গিৰিয়েকক মাতিছে)
:-আছো আছো কোৱা, তোমালৈকে ৰৈ আছো আক। পিছে মোক যে আজি শুনিছানে বুলি কলা, কথাটো কি অ....?? মনে মনে অবিনাশে বেয়া পোৱা নাই তেনেকৈ মাতা বাবে।
:-ভাত খাই আহিলো খৰধৰকৈ জানা, মাহঁতক তাতে এৰিলো। কিয় মই তোমাক তেনেকৈ মাতিব নোৱাৰো নেকি কিবা...??
:- ভাত খাওঁতে তোমাৰ কিয়নো ইমান খৰধৰ হা ....?? কাৰ বাবেনো দৌৰাদৌৰিখন কৰা বাৰু....! (অবিনাশে খোচটো ইচ্ছা কৰিয়েই মাৰি চালে)
:-হুহ তুমি এইবোৰ নুবুজিবা বুইছা, এয়া আখৰাহে, ভাওনাৰ প্ৰস্তুতি আক। বাৰু সেইবোৰ বাদ, তুমি ৰৈ থাকি আমনি পাবা বুলি ফুটাফট খাই আহিছো আক। আজি তোমাক অলপ কথা কবলগিয়া আছে জানা, ভয়ো লাগে কিজানি তুমি বেয়া পাই যোৱা। কমনে নকম ভাবি আছো।

অবিনাশেও বহু কথাই কম কম বুলি বুকুৰ মাজত বহু দিনৰে পৰাই সাঁচি ৰাখিছে। সি তাইক পাৰিবনে বাৰু সুধিব, সদায় ভাবে আজি কম, আজি কম, কিন্তু সদায় কোৱা নহয়। তাইৰো একেই অৱস্থা, কেনেকৈনো ছোৱালী হৈ আগতে কয় বাৰু কথাবোৰ,  তাইৰ মনটোৱে যেন কয় এতিয়াই সকলো কথা কৈ দিম এফালৰ পৰা, নাই নোৱাৰে তাই, সকলো কথা কৈ দিয়াৰ পাছত যদি সি বেছি অভিমানী হৈ যায়। নালাগে থাকক, চাওঁচোন কেইদিনমান আৰু, তেতিয়া অবিনাশৰো মনটোৰ ভিতৰলৈ কুকুটি-কুকুটি সোমায় বুজি লব পাৰিব।
অবিনাশে কথাৰ মাজতে এবাৰ সুধিয়েই পেলালে, সি পেটত কথা ৰাখিব নোৱাৰে, ওলাই যায়।----শুনাচোন! তোমাক কথা এটা কওঁ, তুমি যেন মোৰ কথাটোত কেতিয়াওঁ ভুল নুবুজা, তোমাৰ যি সিদ্ধান্তই নহওঁক কিয় তাক মই আদৰি লম, কিন্তু তুমি মোক বেয়া পাব নোৱাৰিবা, কেই মূৰ্হুত্ব নিৰবতাৰ পাছত..................... তোমাৰ সপোনৰ ৰাজকুমাৰক মোৰ মাজত বিচাৰি পাইছানে কেতিয়াবা...??? আকৌ সেই নিৰবাতই চানি ধৰিলে.................কাৰো একো মাতবোল নাই..........((দুয়োটাই অফলাইন হৈ আছে বাবে এটায়ো এটাক ধৰিব পৰা নাই আছেনে নাই)).................শ্যামলীয়ে যেন নিজৰ চকু কেইটাকৈ বিশ্বাস কৰিব পৰা নাই, তাই ভাবত বিভোৰ হৈ পৰিল........সিফালে অবিনাশৰ বুকুয়ে ধান-বনাদি বানিবলৈ ধৰিছে, কি হল তাই বাৰু বেয়া পালে নেকি মোৰ কথাত...! একো নোকোৱা হল যে.....................নে তাইৰ আন কোৰোবাৰ লগত.......................নাই নাই তেনে হৱই নোৱাৰে, তাৰ ইমান ভুল হৱ নোৱাৰে। কেইমূৰ্হুত্বৰ ভিতৰতে অবিনাশৰ মনৰ মাজত হাজাৰটা এনে ধাৰনাই ভুমুকি মাৰি তাৰ মনটোকেই খেলিমেলি কৰি দিলে। সি মনে মনে ভাবিলে-এয়া বাৰু কি কৰিলো মই, তেওঁ চাগৈ মোক বৰ বেয়া পালে, চেহ কি দৰকাৰ আছিল বাৰু সুধিবলৈ আজি, গোটেই পৰিবেশটোৱেই সলনি হৈ গল। খিলখিলকৈ হাঁহিমাতি থকা ৰূপহী শ্যামলীজনী যেন কাঁহ পৰি জিনহে গল। সি হাঁহিবই নে কান্দিবই ভাবি নাপালে, এনেকৈ দোধোৰ-মোধোৰ হৈ থাকোতেই কেতিয়া যে তাৰ চুকুহাল সেমেকি উঠিল কবই নোৱাৰিলে, তাৰ বুকু দুৰুদুৰকৈ কপি উঠিল, বুকুৰ মাজত এটা চেপা শোকে ঠাহ মাৰি ধৰা যেন অনুভৱ কৰিলে সি, ইমান দিনে সি পাই অহা মৰমবোৰ যেন পলকতে এজান কাল ধূমুহাই জোকাৰি থৈ গল এনে লাগিল।

এনে সময়তেই অবিনাশৰ মনৰ মাজত এটা দুখৰ সুৰে ভুমিকিয়াহি---

মৰম তুমি কম নকৰিবা,
    লাগিলে দুৰে দুৰে আতৰিয়েই থাকা,
    ভালপাওঁ কিমান প্ৰমান দিবলৈ,
    আনি দিব নোৱাৰো মই জোন-বেলি, তৰা।।

ইফালে অবিনাশৰ প্ৰশ্নটো দেখি শ্যামলীৰ দুচকু বহল হৈ পৰিল, তাই ভেবা লাগি চাই থাকিল, ইতিমধ্যে সি কৰা প্ৰশ্নটো তাই কিমান বাৰ পঢ়িলে কব নোৱাৰে, ইমান দিনে তাই কম কম বুলি ভাবি থকা কথাটো যেন অবিনাশৰ প্ৰশ্নটোৰ মাজতেই বিচাৰি পালে, লগতে বিচাৰি পালে তাই আৰু বহুত কিবাকিবি, সপোন বোৰে যেন প্ৰাণপাই উঠিল, চাৰিওফালে সফলতাৰ জ্যোতিয়ে আবৰিহে পেলালে, তাই কি কব কি নকব ভাবি নাপালে, ইমানে আনন্দ লাগিল যে তাইৰ দুগালেদি দুধাৰি তপত চকুলো বৈ আহিল, বহু সময়ৰ পাছত তাই লিখিলে তালৈ-----ইমান দিনে মই তোমাৰ দৰে এজন পুৰুষক বিচাৰি ফুৰিছিলো জানা...! আবেগ আনন্দৰ সমাহাৰত কৈ দিলে তাইয়ো তাইৰ মনৰ কথা একেষাৰতে।

অবিনাশৰ সকলো ধাৰণা ভুল প্ৰমানিত কৰি, তাৰ দুঃচিন্তাত যতি পেলাই শ্যামলীৰ উত্তৰ আহিল, সিও আচৰিত হল, কাৰণ সি কেতিয়াওঁ ভবাই নাছিল যে তাই তাক তেনে এটা উত্তৰ দিব অবিনাশৰো দুচকু সেমেকি গল, কিন্তু এয়া যে তাৰ আনন্দৰহে সেমেকা চকু। ইতিমধ্যে ৱাল ঘড়ীটোৱে ২ বাজৰ সংকেত দিলে-টং টং টং। সি যেন ৰাতি ২ বজাতো চিঞৰি চিঞৰি সকলোকে জনাই দিব এই সুখৱৰটো, লগৰ সকলোকে যেন ৰাতিয়েই কৈ দিব, ঐ চা হঁত তহতৰ দৰে আজি মোৰো আছে কোনোৱা এগৰাকী, যি মোৰ বাবে, কেৱল মোৰ বাবে সাঁচি ৰাখিছে হৃদয়ৰ সমস্ত মৰম, ভালপোৱা। অবিনাশ আৰু শ্যামলী আজি পৃথিৱীৰ সকলোতেকৈ যেন সুখী, সিহঁতৰ সুখৰ যেন কোনো জোখ নাই। এতিয়া দুয়ো দুয়োক লৈ ভবিষ্যতৰ সপোন গঢ়াত ব্যস্ত।
কথাৰ মাজতে শ্যমলীয়ে অবিনাশক প্ৰায়ে শুনাই, মোৰ লগৰ ছোৱালী সকলো তেজপুৰতেই বিয়া হৈছে, সিহঁতৰেই ভাল, নিজৰ ঠাইখন এৰি থৈ যাব লগা হোৱা নাই, ওচৰতে নিজৰ মাকৰ ঘৰখনো পাই থাকে। মইহে ইমান দুৰলৈ যাব লাগিবগৈ.................এইখন কেচেট শ্যামলীয়ে অবিনাশক লগ পোৱাৰে পৰা সিহঁতৰ প্ৰেমৰ ৰেকৰ্ড প্লেয়াৰটোত বহুত বাৰ বজাইছে। বজাই বজাই অবিনাশৰ কান ফালি দিছে, .............তাইৰ মনৰ দুখটো সি বুজিপাই, সি কেতিয়াও একো নামাতে, শান্তশিষ্ট লৰাৰ দৰে তাইৰ আপত্তিবোৰ শুনিবলৈ বিচাৰে, কিন্তু সি বেচেৰাইনো কি কৰিব পাৰে, তাৰ ঘৰ গুৱাহাটীত, তেজপুৰত ঘৰ হোৱাহেতেন এইখন কেচেটৰ মূল্য শূন্য।
আজি পুনৰ শ্যমলীয়ে সেইখন কেচেট লগাইছেহে, তাৰ আজি সঁচাকৈয়ে খঙটো উঠি আহিল যদিওঁ সি একো নামাতিলে, মনে মনে চাইৰল। শ্যামলীয়ে কিবা কিবি চাটিংত কৈ আছে, সি এটাও টু শব্দ কোৱা নাই। এবাৰত খং উঠাত কলে, ঠিক আছে বাৰু তুমি তেজপুৰ এৰি কলৈকো যাব নালাগে, মই তোমাৰ বাবে এটা তেজপুৰৰ লৰাকেই চাই দিম। শ্যামলীৰ যেন খং দুগুনেহে চৰিল, তাই কিবা কিবি বলকিয়েই থাকিল।
এনেকুৱা খুটখাট লাগি থাকে সিহঁতৰ মাজত, শ্যামলীয়ে জানো সঁচাকৈ তাক এৰি থাকিব পাৰে...?? এইবোৰ কৈ চাগৈ তাই তাক জুখিহে চায় এনে লাগে তাৰ। এনে সময়তেই অবিনাশে অকলশৰে বহি সুৰ জুৰে-----

অ আজি আছো কালি নাই বুজিছানে নাই,
দুদিনীয়া মৰমে হিয়া নুযুৰাই
জীৱন যে দুদিনীয়া ,
বুজোতা কোনো নাই।।

আজি শ্যামলীয়ে অবিনাশক তেজপুৰলৈ মাতিছে, এবাৰ ওচৰৰ পৰা চাবলৈ বিচাৰে তাইৰ চেনেহৰ হেপাঁহৰ অবিনাশক, ইমান মৰম ভালপোৱা থকা সেই চফলডেকা অবিনাশ বাৰু কেনেকুৱা হৱ ওচৰৰ পৰা দেখিবলৈ, ধুনীয়া তাৰ কথাবোৰৰ দৰে তাৰ চেহেৰাটোও ধুনীয়ানে বাৰু....??? লগ পালে কি কি কথা পাতিম..? প্ৰথম লগপাই বাৰু তেওঁৰ চকুলৈ চাব পাৰিমনে....??   মনৰ উত্কণ্ঠাত আছে তাই, এনেকুৱা এশএবুৰি কথাই আহি তাইক জুলুম কৰেহি, অবিনাশৰো একেই অৱস্থা........তাৰো মনটোৱে শ্যামলীক এবাৰ যেন কাষতে পাবলৈ উগুলথুগুল লগালে। সিও মনতে ভাবিথাকে মাজে মাজে কেনেকুৱাবা হৱ বাৰু তাৰ ভাললগা সপোন কুঁৱৰীজনী, ফটোত দেখিছে সিহঁতে ইটোৱে সিটোক, কথাও পাতিছে কিন্তু তথাপিওঁ যেন কিবা এটা আধৰুৱাহে হৈ আছে তেনেকুৱা লাগে। সেয়া জানিবলৈ এতিয়া সিহঁতৰ সেইদিনটোলৈ অপেক্ষা কৰিব লাগিব................