Saturday, 24 April 2021

আমাৰ কনমানিটো বিহুৱা সাজত আৰু সিহঁতৰ হুঁচৰি দলটি

 প্ৰথমবাৰৰ বাবে আমাৰ কনমানিটোৱে এইবেলি ৰঙালী বিহুত বিহুৱা সাজ পিন্ধি হুঁচৰি গাইছে। বিহুৱা সাজত ফটোৰ বাবে পজ দিছে। 

গৰুবিহুৰ দিনা কনমানিটোৰ সমনিয়া কেইটাক - কেনেকৈ মাঁহ হালধিৰে গৰুৰ গা - নোৱাই- ধোৱাই, কেনেকৈ চাত বাৰি বনাই, কেনেকৈ নতুন পঘা পিন্ধাই , কেনেকৈ মাখিয়তিৰে গৰুৰ মহ দাহবোৰ খেদে সেইবোৰ শিকাইছিলো।

লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু বাপেৰ সৰু,
তই হব বলধ গৰু, 

এইগীত গায় লাও বেঙেনা গৰু গালৈ কিয় মাৰি খাবলৈ দিব লাগে সেইবোৰো দেখুৱাইছিলো।

এই সকলোবোৰৰ কেইখনমান আলোকচিত্ৰ মোৰ ব্লগত সাঁচি ৰাখিলো।


বৰা নিতুল,










২৪, এপ্ৰিল, ২০২১

Friday, 27 September 2019

আমাৰ কনমানিটোৰ প্ৰথম মঞ্চত গীত পৰিবেশন

ৰঙালী বিহু উদায়পনৰ মঞ্চত পোন-প্ৰথমবাৰৰ বাবে গীত পৰিবেশনৰ মূৰ্হুত্বত একেবাৰে কণিষ্ঠ প্ৰতিযোগী আমাৰ কনমানি আয়ুচ বৰা। প্ৰথমবাৰৰ বাবে মঞ্চত উঠিছে। তোমাৰ এই যাত্ৰা শুভ হওঁক, সকলোৱে আৰ্শীবাদ কৰিব আমাৰ কনমানিটোক সি যাতে অনাগত দিনত সফল হ'ব পাৰে।

Sunday, 16 June 2019

ক্ৰমাত ধুষৰিত হৈ পৰা হিদলনি পথাৰখনঃ-

দুৰৈৰ পৰাই দেখা গৈছিল বহু বছৰ পুৰণি এজোপা বৃহত্ আহত গছ। এই বৃহত আহত জোপাৰ তলত এটা সৰু শিৱ মন্দিৰ আছিল, শিৱৰাত্ৰীৰ দুদিনমান আগৰে পৰা নানাৰঙী কাগজ কোণীয়া কোণীকৈ কাটি ৰচীত আঠা লগাই মন্দিৰ প্ৰাঙ্গন চমকাই তোলে তেতিয়াৰ ডেকা-গাভৰুৱে আৰু শিৱৰাত্ৰীত উদযাপনো কৰিছিল। গছজোপাৰ কাষেতে থকা বহল পথাৰখনত শাৰী শাৰীকৈ এহাল দুহালকৈ প্ৰায় ৩০, ৩৫ যোৰা হালোৱা, এযোৰাৰ পিছত আনযোৰাকৈ লানী নিচিগাকৈ শাৰী পাতি এজাক পাহোৱাল ডেকাই পুৱাৰ পৰা বেলি দুপৰলৈ হাল বাই চহাই, এবিঘা দুবিঘা নহয়, প্ৰায় ১৫০ বিঘাৰো অধিক মাটিৰ এটি বিশাল সমবায়ৰ । আমিবোৰে তেতিয়া হাতত চাহৰ কেটলী আৰু জলপানৰ টোপোলা এটা লৈ নিজৰ নিজৰ হালোৱাক পুৱাৰ জলাপান দিবলৈ যাওঁ। কেতিয়াবা কোনোবা হালোৱাৰ জলপান আহি পোৱা দেৰি হলে, কাষৰ হালোজনৰ পৰাই এবাতি যাছি দিয়ে। জলপান খোৱা সময়ত হালোৱাবোৰে হালবোৰ একেই শাৰীকৈ ৰখাই থৈ, সেই বৃহত আকাৰৰ আহত গছজোপাৰ তলত ঘুৰণীয়াকৈ বহি লয়হি। সকলোৱে খাই বৈ এপলক জীৰাই, এইকন সময়তেই কোনোবাই খৈনী এপালি খায়, কোনোবাই জু-মুঠিত নিয়া বা ৰছীৰ আগ জ্বলাই নিয়া জুইত চুৰত জ্বলাই চুমক দিয়ে। সেইখনেই আছিল প্ৰায় ৩৫ বছৰৰ আগৰ ডেকা সমবায় তথা হিদলনী পথাৰখন।
হিদলনীৰ পথাৰখনৰ দুয়োফালে দুটা পুখুৰী, এটা বৰপুখুৰী আৰু আনটো সৰু। দুয়োটা পুখুৰীৰ মাজেৰে ইংৰাজী এচ আখৰটোৰ আকৃতিত এটা গৰুগাড়ী যোৱা বাট। বাৰিষা পুখুৰী দুটা পানীৰে উপচি পৰে, ভেট আৰু শেলেকুৰে ঠাহ খাই থাকে, পানীত নামি ঢুকি পোৱালৈকে ভেট, শেলেকু খাওঁ, ঢুকি নোপোৱাবোৰ আনিবলৈ কলগছৰ ভুৰ সাজি দীঘৰ বঠা এডালেৰে গৈ দ-পানীৰ পৰা সেইবোৰ আনোগৈ, সাঁতুৰি-নাদুৰি হেঁপাহ নপলাইছিল আমাৰ। পানী আঠুৱনীয়া হৈ থাকিলে ওপঙা বৰঙি পাতিছিলো পুৱাতেই, বিয়লিলৈ সেইবোৰ তুলিছিলো, টোৰা, চেঙেলী, গৰৈ মাছৰে খালৈ ভৰি পৰিছিল।
পথাৰখনৰ সিটোমূৰত এটা হোলা, হোলাটোৰ পাৰে পাৰে কেইঘৰ মান মুচলমান সম্প্ৰদায়ৰ লোকৰ ঘৰ। পথাৰ খনৰ পশ্চিম দিশত এডৰা অতব্য জয়াল হাবি, হাবিখনৰ এটা মুৰত এজোপা জোপোহা হেলচ গছ। ফাগুণ চ’ত মহীয়া হেলচ পকী তুলতুলীয়া হৈ থাকে, তেতিয়া ৮ কি ১০ বছৰীয়া চেঙেলীয়া আমিবোৰে হেলছ খাবলৈ গছত উঠোগৈ, খাবলৈ বৰ সোৱাদ, জালুকৰ চিৰাৰ দৰে চিৰাবোৰ, কেঁচাবোৰ টেঙেচী আৰু পকাবোৰৰ সোৱাদ মিঠা।
১৯৮০-৮১ চন মান পথাৰখনৰ পূবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয় স্থাপন হয়। উচ্চ প্ৰদস্থ বিভাগীয় বিষয়াই তিনিদিনীয়াকৈ শুভাৰম্ভনী অনুষ্ঠান পাতিছিল, তিনিদিনলৈকে অভ্যৰ্থনা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানবোৰে আমাক মুহিত কৰি ৰাখিছিল। সেই সাংস্কৃতিক অনুষ্ঠানতেই প্ৰথমবাৰৰ বাবে সন্ধ্যা মেনন আৰু বিজয় ভূঞাৰ গীত গোটেই ৰাতি উপভোগ কৰিছিলো। তাৰ কেইবছৰমানৰ পিছত হিদলনীৰ পশ্চিম দিশত ডিফলু স্বাস্থ্য-উপকেন্দ্ৰ স্থাপন হয়। তেতিয়াও শুভাৰম্ভনী অনুষ্ঠানৰ নিশা দকোমেণ্টৰীত চলিছিল ছামেলী মেমচাব নামৰ বোলছবিখন। সেইখনেই হয়তো ডাঙৰ পৰ্দাত দেখা আমাৰ জীৱনৰ প্ৰথম বোলছবি আছিল। পৰিবৰ্তনৰ নামত এনেকৈয়ে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰাস কৰি আনিবলৈ ধৰিলে হিদলনী পথাৰৰ সেই সোণালী দিনবোৰ৷
অসম আন্দোলনৰ গৰিষ্ঠ সংখ্যক নেতাই অসম গণ পৰিষদ আঞ্চলিক দল গঠন কৰি ১৯৮৫-৮৬ চনত ক্ষমতালৈ আহি অসমত চৰকাৰ গঠন কৰিলে। আৰম্ভনিতে হিদলনী পথৰাৰ বুকুত নগাঁও অসামৰিক চিকিত্সালয়ৰ প্ৰস্তাৱনা কৰিলে। প্ৰায় ৪/৫ বছৰৰ অন্তত বিশাল পথাৰখন কংক্ৰিতৰ দেৱালে আগুৰি পেলালে আৰু ডেকা সমবায় তথা হিদলনী পথাৰখনৰ বুকুত তেতিয়াৰ পৰাই ধংসযজ্ঞ আৰম্ভ হৈছিল ৷
আঞ্চলিক দলৰ চৰকাৰখন অৱস্থা থৰক-বৰক হোৱাত ১৯৯০ চনত তাত্ক্ষণিকভাবে ৰাষ্ট্ৰপতি শাসন বলবত কৰা হ’ল, ৰাষ্ট্ৰপতি শাসন মানে কি বস্তু তেতিয়ালৈ আমিবোৰে বুজিবই পৰা হোৱা নাছিলো। হঠাত সেইদিনা আবেলি ৫ মান বজাত প্ৰায় দুই/তিনিশ মান সামৰিকৰ বাহিনীৰ গাড়ীৰ শব্দই গোটেই গাঁওখন কোলাহলৰ সৃষ্টি কৰিলে, আমিবোৰ ভয়ত কম্পমান হৈ পৰিলো, দুৰে দুৰে গৈ দেখিলো শ শ সামৰিক জোৱান গিৰিপ-গাৰাপ শব্দৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা অসামৰিক চিকিত্সালয় খনৰ চৌহদত ভৰি পৰিল। গাড়ীবোৰ এফালৰ শাৰী শাৰীকৈ ৰাখিলে। সাধাৰণ মানুহবোৰ সেইকেইদিন নিশা ভয়তে পেপুৱা লাগি আছিল। এনেকৈয়ে সামৰিক অতিশৰ্য্য আৰম্ভ হ’ল। শুনিবলৈ পাইছিলো সামৰিক বাহিনীৰ জিলা মূল কেম্প হিচাবে সেই চিকিত্সালয়খনত অধিগ্ৰহণ কৰিছে। দিনৰ পিছত মাহ আৰু মাহৰ পিছত বছৰ বাগৰিল, সামৰিক বাহিনীয়ে চিকিত্সালয় খনত বাহৰ পতা প্ৰায় ১০ বছৰ অতিক্ৰম কৰিলে। এই ১০ বছৰত সাধাৰণ খাটিখোৱা মানুহক কিমান হাৰাশাস্তি কৰি তাৰ কোনো হিচাব নাই। এদিন আবেলি সামৰিক জোৱান সকলে অনুশীলন কৰি আছিল, কি কাৰণত নাজানো, দুপ-দুপাই এজাক সামৰিক জোৱান আমাৰ গাৱৰ ফালে দৌৰি কাৰোবাক খেদি আহিল, দুই একক বাটত পাই ৰামতাঙোন সোধাৱা দেখি, যি যেনি আছে তেনিয়েই পলাবলৈ ধৰিলে। সমন্ধীয় মোমাইদেউ জনে পথাৰৰ পৰা নতুনকৈ জগা গৰু পোৱালীটো কোলাত লৈ ঘৰমূৱা হৈছিল, চকুৰ পচাৰতে আহি মোমাইদেউক জোৱান কেইজনে কোনো সোধ-পোছ নাই এনেকুৱাকৈ গুৰুলা-গুৰুলকৈ কোবালে যে মোমাইদেউ বহুদিনলৈ বিচনাত পৰি থাকিব লগীয়া হৈছিল। এয়া মাত্ৰ এটা উদাহৰণহে কৈছো, এনে বহু ঘটনা সংঘটিত হৈছিল সেই ১০ বছৰ কালত। এটা সময়ত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰিল, নতুন চৰকাৰ আহিল, প্ৰায় ২৯ বছৰৰ পিছত সামৰিক কেম্পটো সেইস্থানৰ পৰা স্থানান্তৰ কৰিলে, কিন্তু সেই ভয়ানক দিনবোৰে সকলোৰে মনত এটা সাঁচ বহুৱাই গ’ল।
২০১৪ চনত অসামৰিক চিকিত্সালয়ৰ ২৫ বছৰীয়া পুৰণি ভৱনবোৰ ভাঙি প্ৰসূতি চিকিত্সায়খন নকৈ গঢ় দিলে, ২০১৬ চনত প্ৰসূতি চিকিত্সালয়ৰ পিছফালে প্ৰস্তাৱিত নগাঁও চিকিত্সালয় মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে। এতিয়া ওখ ওখ অট্টালিকা, ন-ন দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানে হিদলনী পথাৰখনৰ চৌপাশ এখন কংক্ৰিতৰ মহানগৰীলৈ পৰিনত কৰিলে। সময়ৰ সোঁতত হিদলনী পথাৰ, সেই আহত গছজোপা, হেলছ গছজোপা, সেই পুখুৰী দুটা চিৰদিনৰ বাবে হেৰাই গ’ল। পাহৰণিৰ গৰ্ভত আজি সকলো জাহ গ’ল।
পুৰণি চেঙেলীয়াবোৰ আজি আদবয়সীয়া হ’ল, কোনোবা বৃদ্ধ হ’ল, কোনোবা ইহ সংসাৰৰ পৰা মেলানি মাগিলে, নতুন প্ৰজন্ম আহিল, আজিৰ চেঙেলীয়াবোৰে এই নিৰ্মীয়মান মহানগৰীখনৰ ইতিহাসৰ কথা ঘুণাক্ষণেও কাৰো মুখত শুনা নাই চাগৈ, কিন্তু স্মৃতিবোৰ আমাৰ হৃদয়ত চিৰদিনৰ বাবে সজিব হৈ থাকিল এখন বোলছবিৰ দৰে।

Sunday, 7 January 2018

যান-বাহন চালকৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু অনুজ্ঞাপত্ৰৰ বৈধতা-?


কেইদিনমানৰ আগতে নলবাৰীত সংঘটিত হোৱা দূৰ্ঘটনাটোত এটা পৰিয়ালৰ প্ৰায় সকলো সদস্য নিঃশেষ হৈ যোৱাত আমি সকলো মৰ্মাহত হৈ, সেই বেদনা আজিও পাহৰিব পৰা নাই । এনে ঘটনাৰ পূনৰাবৃত্তি নঘটক, নহওঁক তাকেই কামন কৰি, নিৰাপদ যাত্ৰাৰ সুনিশ্চিত কৰাৰ অৰ্থে যান-বাহন চালকৰ বিষয়ে দুআষাৰ লিখাৰ মৰসাহ নকৰি নোৱাৰিলো।

যি ধৰণে দৈনিক দ্ৰুত গতিত যান-বাহনৰ ক্ৰয়-বিক্ৰি হবলৈ ধৰিছে, সমানুপাতিক হাৰত যান-বাহন চলাচলৰৰ বাবে প্ৰয়োজনীয় বহল ৰাজপথ প্ৰৰ্য্যাপ্ত পৰিমানে গঢ়ি তুলিবলৈ এতিয়াও বহু কেইখন চহৰত বাকী আছে। গৰিষ্ঠ সংখ্যক ৰাজ-পথ বা উপপথেই  পূৰ্বতে নিৰ্মাণ কৰা দৰেই আছে যদিও, সেইবোৰত চলাচল কৰা বাহনৰ সংখ্য প্ৰায় ২০, ২৫ গুণে বৃদ্ধি পালে বুলি কলেও ভুল কোৱা নহব চাগৈ। এই ক্ষেত্ৰত চৰকাৰ বা পৰিবহন বিভাগৰ কোনো নিশেধাজ্ঞা নথকাৰ হেতু, নতুন বাহন বিক্ৰি কৰা সংস্থা সমূহে অঘোষিত প্ৰতিযোগিতাতহে নমা যেন অনুভৱ হয়।

তাৰোপৰি বাহন চলোৱাৰ নিয়মাৱলীৰ বিষয়ে গৰিষ্ঠ সংখ্যক ব্যৱসায়িক বাহনৰ চালকেই অঞ্জ বা অনভিজ্ঞ। প্ৰায়ে দেখা যায় ব্যৱসায়িক বাহন সমূহত চেমনীয়া বোৰে দুদিনমান হেণ্ডিমেন হিচাবে কাম কৰাৰ পিছত চালকক দেখি দেখিয়েই কেইদিনমানৰ পাছত সেই হেণ্ডিমেন জন আন এখন ব্যৱসায়িক বাহনৰ চালক হৈ পৰে। তেওঁ অতি সহজে কোনো ব্যৱহাৰিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে, মৌখিক বা ব্যহাৰিক পৰীক্ষাত অৱত্তীৰ্ণ নোহৱাকৈয়ে,  শকত অংকৰ বিনিময়ত বিভাগৰ পৰা চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰে। এই কথা প্ৰশাসন বা বিভাগীয় চৰকাৰী বিষয়াৰ অজ্ঞাতে হয় বুলি মনে নধৰে বা কোনেও বুকুত হাত থৈ নহয় বুলি কব নোৱাৰে।

কিন্তু কথা হৈছে এই অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকলৰ কোনো দোষ নাই, কাৰণ পেটৰ তাৰনাত আৰু পৰিয়ালৰ কথা ভাবিয়েই তেওঁলোক দুপইছা বেছিকৈ আৰ্জিবলৈ এনে সহজে উপলব্ধ অনুজ্ঞাপত্ৰ যি কোনো মূল্যৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ উঠিপৰি লাগে। তাৰোপৰি যান-বাহন নিয়মাৱলী অনুযায়ী সকলো ধৰণৰ বাহন চালকৰ প্ৰয়োজনীয় প্ৰশিক্ষণ বা ব্যৱহাৰীক পৰীক্ষাৰ অন্তত অনুজ্ঞাপত্ৰ প্ৰদান কৰা এটা সুকীয়া বিভাগ আছে। যিহেতু এই সুকীয়া বিভাগটোৱেই এতিয়া অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কোনো নিয়মাৱলী অনুসৰন নকৰা পৰিলক্ষিত হৈছে, তেনেক্ষেত্ৰত প্ৰশাসন বা বিভাগীয় কতৃপক্ষই মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোত হস্তক্ষেপ কৰা  বা গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল বুলি ভাবো।
এইখিনিতে এটা কথা নকৈ নোৱাৰি যে ব্যক্তিগত চালক সকলক ক্ষেত্ৰত দেখা যায় যে, তেওঁলোকে নিজৰ নিৰাপদ যাত্ৰাৰ বাবেই হওঁক বা দায়িত্ব/কৰ্ত্তব্য বুলিয়েই হওঁক, বাহন চলোৱাৰ নিয়মাৱলী কিছু হলেও আয়ত্ত কৰিবলৈ আগ্ৰহী হৈ পিছলৈ পাকৈত হৈ পৰাওঁ দেখা যায়। নাইবা নিজকে সম্পূৰ্ণৰূপে পাকৈত চালক হিচাবে মন ডাঠ কৰিব নোৱাৰালৈকে ৰাজপথলৈ গাড়ীলৈ ওলাবলৈ শংকাত ভুগা দেখা যায়।

সততে হোৱা দুৰ্ঘটনা হাৰ হ্ৰাস কৰিবলৈ, পথযাত্ৰা সুনিশ্চিত কৰিবলৈ, যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবোৰ আসোঁৱাহ দুৰ কৰিবলৈ তলত উল্লেখিত কিছু প্ৰদক্ষেপ বিবেচনা মাজেৰে গ্ৰহণ কৰিবলৈ আমি এই পত্ৰৰ জৰিয়তে আহ্বান জনালো।

ক) প্ৰথমেই অনুজ্ঞাপত্ৰ প্ৰদান কৰা বিভাগে যাতে প্ৰয়োজনীয় প্ৰশিক্ষণ, মৌখিক বা ব্যৱহাৰীক পৰীক্ষাৰ অন্ততহে এজন চালকক অনুজ্ঞাপত্ৰ প্ৰদান কৰে সেইটো নিশ্চিত কৰিলে আপোনাআপুনি বহু চালক-যাত্ৰী নিৰাপদে যাত্ৰা কৰিব পাৰিব বুলি ভাবো।

খ) কোনো আগতীয়া জাননী নিদিয়াকৈ চালক সকলৰ অনুজ্ঞাপত্ৰ সময়ে সময়ে পৰীক্ষণৰ ব্যৱস্থা কৰা। বৈধ বা  অবৈধ অনুজ্ঞাপত্ৰ চিনাক্ত কৰি অবৈধ অনুজ্ঞাপত্ৰৰ চালকক আইনমতে দণ্ডনীয় কৰাৰ ব্যৱস্থা কৰা, লগতে উক্ত অবৈধ অনুজ্ঞাপত্ৰ প্ৰদান কৰা বিভাগীয় বিষয়াক উপযুক্ত শাস্তিৰ দিয়া কৰা ।

গ) প্ৰতিজন চালককে বাহন চলোৱাৰ সাংকেতিক চিহ্নৰ বিষয়ে বা পথৰ কাষত থকা ফলকৰ মুকলিকৈ সেই স্থানতে প্ৰশ্ন কৰিলে চালকৰ জ্ঞানৰ অনুমান পোৱা যাব। অনভিজ্ঞ চালকৰ অনুজ্ঞাপত্ৰ লগে লগে বাতিল কৰাৰ দিহা কৰা।
ঘ) নিশাৰ ভাগত চলোৱা বাহনৰ চালক সকলক কেনেধৰণৰ হেডলাইটৰ আপাৰ /ড্ৰিপাৰৰ ব্যৱহাৰ, ইণ্ডিকেৰৰ ব্যৱহাৰ, সৰ্বাধিক/সৰ্বনিম্ন কি গতিত বাহন চলালে নিৰাপদে যাত্ৰা কৰিব পাৰি, এই সকলোবোৰ বিষয়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, প্ৰশিক্ষণৰ অন্তত ফলাফলৰ বাবে পৰীক্ষাৰ ব্যৱস্থা ৰাখি, সফল চালক সকলক অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা।
ঙ) অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকলক বা অনভিজ্ঞ চালক সকলক প্ৰতিখন চহৰতে প্ৰৰ্য্যায়ক্ৰমে প্ৰশিক্ষণৰ দিহা কৰক, পৰবৰ্তী পৰ্য্যায়ত তেওঁলোকক বৈধ অনুজ্ঞপত্ৰ প্ৰদানৰ দিহা কৰক।

চ) চালক যাত্ৰী উভয়ে যাত্ৰাৰ সময়ত নিজৰ চীটবেল্ট ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ লগতে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰক।

ছ) চলকৰ অনুজ্ঞাপত্ৰৰ লগত বয়সৰ উৰ্দ্ধতম সীমা এটা থকাও দৰকাৰ। মনৰ যোৰত বাহন চলোৱা বহু বয়োজেষ্ঠ লোক দেখা পাওঁ, যাৰ হয় দৃষ্টিশক্তি অথবা শ্ৰৱণ শক্তি কম যেন অনুভৱ হয়। বাহন চলাওঁতে কেতিয়াবা অতি তাত্ক্ষণিক ভাৱে কিছুমান সিদ্ধান্ত লৱ লগা পৰিস্থিতি আহি পৰে। বয়োজেষ্ঠ চালকৰ ক্ষেত্ৰত এনে সময়ত সিদ্ধান্ত লোৱাটো কঠিন হৈ পৰে।

জ) যাত্ৰীবাহী আৰু মালবাহী বাহনৰ চালকৰ ক্ষেত্ৰত বয়সৰ নিম্নসীমা নিৰ্দ্ধাৰণ কৰাটো অতিকৈ বাঞ্চনীয়, কাৰণ বহুত সময়ত চেমনীয়া বয়সৰ চালকে গধূৰ যাত্ৰীবাহী বা মালবাহী বাহন চলোৱা দেখা যায়।


বৰা নিতুল,
নগাঁও।

Tuesday, 14 February 2017

মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফচল - দ্ৰুত গতিত জলবায়ুৰ পৰিবৰ্তন

প্ৰায় ৩০ বছৰৰ আগতে যেতিয়া আমি প্ৰাইমেৰী স্কুলত পঢ়িছিলো, সেইসময়ত দুৰ্গাপূজা চাবলৈ যাওতে দীঘল হাতৰ চাৰ্ট, দীঘল পেণ্ট আৰু ভৰিত জোটা মূজা পিন্ধিব লগা হৈছিল। অৰ্থাত্ অক্টোৱৰ মাহত সেইসময়ত শীতৰ আগমন ঘটিছিল। আৰু এতিয়াৰ অক্টোৱৰ মাহতো দুৰৰে কথা নবেম্বৰৰ মাজভাগলৈকে দিনত গৰমৰ প্ৰকোপত থাকিব নোৱাৰি, নিশাৰ ভাগলৈ কিছু শীত অনুভৱ কৰা হয়। লাহে লাহে বছৰটোৰ শীতৰ দিন কমি গৈ আছে আৰু গ্ৰীষ্মৰ দিন বাঢ়ি গৈ আছে। এই অভূতপূৰ্ব জলবায়ুৰ পৰিবৰ্তন, মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফচল।

নগাঁৱৰ পৰা ৪৫ কি.মি. ভিতৰৰ অঞ্চল, কঁঠালগুৰি পাহাৰ অবৈধ ভাবে কাটি তহিলং কৰা দৃশ্য দেখি আমাৰ গাড়ীখন ৰৈ দিবলৈ বাধ্য হৈছিল। দেখি আচৰিত হৈছিলো যে পথৰ কাষতে থকা সুউচ্চ দুটি পাহাৰ সম্পূৰ্ণ ৰূপে কাটি নিঃশেষ কৰিলে।

এয়া মাথো এটাহে উদাহৰণ। এনে কাৰ্য্য সমগ্ৰ বনাঞ্চলতে সততে দেখিবলৈ পোৱা যায়।

বৰা নিতুল।

বনৰীয়া হাতীৰ উপদ্ৰপ আৰু বনাঞ্চলৰ দাঁতি কাষৰীয়া মানুহঃ-

কিছুদিনৰ পৰা হাতী আৰু মানুহৰ মাজত সংঘাত হোৱাটো এক সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। প্ৰায়ে বাতৰি কাকত, বা দুৰদৰ্শনত শুনিবলৈ পোৱা যায়, বন্যহাতী আহি মানুহৰ বসতিৰ স্থান লণ্ডভণ্ড কৰাৰ উপৰিও মানুহে কৰা খেতিখোলা খাই তহিলং কৰিছেহি, ইয়াৰ বিপৰীতে মানুহে হাতীবোৰ খেদাবলৈ চেষ্টা কৰিছে বা বনবিভাগক দোষাৰোপ কৰিছে। এইটো হবলৈ কিয় পাইছে, ইয়াৰ প্ৰকৃত্ব কোৰোণটো ক’ত ? হাতীবোৰৰ গাত দোষ নে বনবিভাগৰ গাত দোষ ? নে বনাঞ্চলৰ দাঁতি কাষৰীয়া বাসিন্দা সকলৰ দোষ ? ই আজি এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সময় থাকোতেই এই সমস্যাৰ বিকল্পৰ কথা নাভাবিলে, আজি জোৰ পুৰি হাত পালেহি, তথাপিও সাধাৰণ মানুহৰ চেতনা অহা নাই।
নবেম্বৰ মাহৰ কোনোবা এটা দিনত, কৰ্তব্যৰ খাতিৰত নগাঁৱৰ পৰা প্ৰায় ২৫ কি.মি.মান নিলগৰ বামুনী অঞ্চললৈ গৈছিলো। ঠিক ৩ মান বাজিছে, নিজৰ কাম শেষ কৰি উভতনি পথেৰে মটৰ চাইকেলত লাহে লাহে বামুনী, চাপানলা বনাঞ্চলৰ কাষৰ পকী পথেৰে আহি আছো, পথৰ কাষতে খেলিবলৈ অহা কনমানী দুটামানৰ চিঞৰ শুনিলো যে- হাতী ওলালেই, হাতী ওলালেই। মই মটৰ চাইকেলৰ গতি কিছু মন্থৰ কৰি ইফালে সিফালে চালো, দেখিলো বেলি আছেই, প্ৰায় ৩ শ মিটাৰ মান দুৰৈত এটা হাতীৰ জাকে বনাঞ্চলৰ কাষতে ৰৈ আছেহি। মটৰ চাইকেলখন ৰখাই কিছু আগুৱাই গ’লো দেখিলো, হাতীৰ জাকটোৰ লগত সৰু সৰু হাতীৰ পোৱালীও আছে । দেউতাই আগতে কোৱা শুনিছিলো, বনৰীয়া হাতীৰ পোৱালী থকা জাকবোৰৰ ওচৰলৈ কেতিয়াও নাযাবলৈ, সিহঁতৰ পোৱালীৰ কিবা ক্ষতি কৰিবলৈ মানুহ ওচৰলৈ আহিছে বুলি ভাবি ভয়ানক ৰূপ ল’ব পাৰে। জীৱনত প্ৰথম বাৰৰ বাবে এনে হাতীৰ জাক দেখাৰ সৌভাগ্য হ’ল যদিও এনেকৈ দিনৰ ভাগতে দেখা পোৱা যায় বুলি কল্পনাও কৰা নাছিলো। হাবিৰ মাজত আৰু বহুতো হাতী থকাৰ উমান পালো, জাকৰ কোলাহল আৰু দতাল হাতীৰ বিকট শব্দবোৰ সেইদিনাহে স্বচাক্ষে শুনিবলৈ পালো। অলপ সচকিত হৈ কেমেৰাৰে দুৰৰ পৰা ফটো তুলিবলৈ চালো যদিও মবাইলৰ কেমেৰাৰে ইমান দুৰৰ হাতীৰ জাকৰ ফটো ভালকৈ লবলৈ সক্ষম নহলো।
লামডিং বনাঞ্চলৰ দাঁতি কাষৰীয়া ২ নং পিপল পুখীৰ বুলি গাঁৱত মোৰ মামাৰ ঘৰ। যোৱা কালি নিশাৰ কথা, শীতৰ নিশা মামাহঁতৰ ঘৰৰ সকলোৱেই টোপনীত লালকাল, প্ৰায় ২ মান বজাত মামাহঁতৰ ঘৰৰ পিছফালৰ কলগছবোৰ মৰমৰাই থকা, চেৰেক চোৰোক শব্দ, মটককৈ উঠা শব্দত এজন মামাই সাৰপালে, কাণ উঙাই শুনিলে কিহৰ শব্দ। মামাৰ বুজিবলৈ বাকী নাথাকিল- শব্দ নকৰাকৈ বিচনাৰ পৰা উঠিল, কাষৰ ৰূমতে শুই থকা সৰু মামাক (ভায়েক) হাতত সাৰে ভৰিত সাৰে গৈ জগালেগৈ। উঠচোন হাতী আহিছে হ’বলা, সৰুমামাও উচপ খাই উঠিল। কোনো শব্দ নকৰাকৈ ভিতৰত লাইট বা টৰ্চ নজলোৱাকৈ খিৰিকি এখন অলপ ফাক কৰি পিছফালে চালে। খিৰিকিৰ কাষৰে পৰা চকুৰে একো নেদেখি, কিন্তু গমপালে যে হাতী হয়, কিন্তু কিমান হাতী সেইটো বুজিব নোৱাৰিলে। আগদুৱাৰেদি শব্দ নকৰাকৈ ওলাই গৈ কাষৰ ঘৰৰ মানুহ জগালেগৈ, এনেই দুই চাৰি ঘৰৰ মতামানুহবোৰ গোত খালে, দুৰৰ পৰা ৫ বেটাৰীৰ টৰ্চ মাৰিলে, টৰ্চৰ পোহৰ দেখিলে মামাহঁতৰ পিছত ফালে অতি কমেও ২০-২৫ টা হাতীৰ এটা জাক। কি কৰিব কি নকৰিব ভাবি, ঘৰৰ মানুবোৰ লাহে লাহে কাষৰ ঘৰলৈ অতৰাই আনিলে। ওচৰ-চুবুৰীয়া মতামানুহবোৰে জোৰমুঠি সাজি জ্বলাই হাতীৰ জাকটো খেদিবলৈ গ’ল যদিও হাতীৰ জাকটোৱে কেৰেপেই নকৰিলে। উপায়ন্তৰ হৈ জোৰমুঠিবোৰ হাতীৰ জাকৰ মাজলৈ দলিয়াবলৈ ধৰিলে। এইবাৰ যেনিবা অলপ লাহে লাহে হাতীৰ জাকটো দুৰলৈ আতৰিল। এনেকৈ জুই দলিয়াই দলিয়াই কালি নিশা প্ৰায় ২ ঘণ্টাৰ অন্তত হাতীৰ জাকটো খেদিবলৈ সক্ষম হ’ল। এয়া এক সাধাৰণ ঘটনা মামাহঁতৰ বাবে।
কিন্তু এনেকৈ আৰু কিমান দিনলৈ চলিব ? আজি গাঁৱৰ বাৰীয়ে ঘৰে ক’লগছ, ফলমূল পাইছে বাবে সিমানতে ৰৈছে। এদিন এইবোৰো যেতিয়া শেষ হ’ব তেতিয়া পেটতৰ তাৰনাত মানুহৰ ঘৰদুৱাৰ ভাঙি হলেওতো খাদ্যৰ সন্ধান সিহঁতে কৰিবই। শুনিবলৈ পোৱা মতে কোনো কোনো ঠাইত মানুহ ঘৰ দুৱাৰ ভাঙি খাইছেও। ইয়াৰ বাবে মূল দায়ী কোন ?
মই ভাবো বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁও বাসী বেছি দায়ী। তাৰ সমান্তৰালকৈ বনবিভাগৰ একাংশ বিষয়া কৰ্মচাৰীও দায়ী। আজি বনাঞ্চলৰ ভিতৰত কোনো ধৰণৰ খাদ্য নাই, ফলমূলৰ গছ নাই, কেঁচা গছগছনিৰ অভাৱ। বনবিভাগৰ দোষ বাৰু একাষৰীয়াকৈ থলো। দাঁতি কাষৰীয়া বাসিন্দা সকলে যদি অবৈধ ভাবে গছ কটা বা চোৰাংকৈ গছ কাটিবলৈ বনাঞ্চলত মানুহ সোমাৱাত বাধা আৰোপ কৰিলে হয়, নিশ্চয় আজি এই দিন নাহিল হয়। কাৰণ প্ৰতিখন বনাঞ্চলৰ দাঁতিকাষৰীয়া মানুহখিনিয়ে ভালদৰে জানে কোনে কেতিয়া বনাঞ্চলৰ মাজৰ মূল্যবান গছ কাটিবলৈ আহে, এই কাষৰীয়া মানুহৰ মাজৰে দুই একে চৰদাৰগিৰি কৰি মুনাফাও আদায় কৰে। তাতোতকৈ ডাঙৰ কথা, মই নিজে যিমান দুৰ দেখিছো শুনিছো এই কাষৰীয়া গাঁৱৰ মানুহৰ প্ৰায় এশভাগেই ঘৰদুৱাৰ সাজিবলৈ বা ঘৰুৱা সামগ্ৰী সাজিবলৈ কোনো কাহানিও কাঁঠ কিনি পোৱা নাই, বৰঞ্চ একাংশই বনাঞ্চলৰ পৰা পোলাপোলে কাঁঠ কাটি ফালি সেইবোৰ চাইকেলত পোলাপোলকৈ বান্ধি বজাৰত বেচিবলৈ নিয়েহে। আনৰ কথা নকলোৱেইবা, মোৰ মামাৰ গাঁৱৰ মানুহখিনিক মই যিমান দিনৰ পৰা দেখিছো ন-দি ক’ব পাৰো যে প্ৰতিঘৰ মানুহেই আজিলৈকে কোনো দিনে ঘৰসাজিবলৈ কাঁঠ আন অঞ্চলৰ মানুহৰ দৰে বজাৰৰ পৰা কিনি পোৱা নাই।
আজি বনৰীয়া হাতীৰ উপদ্ৰপ হলেই চৰকাৰক দোষাৰোপ, বনবিভাগক দোষাৰোপ কৰে। কিন্তু বছৰ বছৰ, মাহ মাহ ধৰি বনাঞ্চলৰ কাষত বসতি কৰিব লাগিব কোনে ? দাঁতি কাষৰীয়া লোক সকলে। গতিকে দাঁতিকাষৰীয়া লোক সকল যদি সচেতন নহয়, তেনেহলে আনক দোষ দি একো লাভ নহয়। মানি লৈছো বনবিভাগৰ একাংশ বিষয়াৰ চত্ৰচায়াত চোৰাং বেপাৰীয়ে গছবোৰ কাটি তহিলং কৰিছে, কিন্তু কাটি নিব নেকি, ৰাতিয়েই হওঁক বা দিনতেই হওঁক, গছ কাটি দাঁতি কাষৰীয়া লোকৰ চকুৰ আগেদিয়েই নিব লাগিব। হাতীৰ ভয়ত নিশা উজাগৰে কটোৱাতকৈ যদি চোৰাং বেপাৰীৰ বাবে আগতেই উজাগৰে নিশা কটালে হয়, তেনেহলে আজি এই সমস্যাৰ সৃষ্টি নহল হয়। এতিয়া দোৰ্ভোগ ভুগিব কোনে ?
বনবিভাগ বা চৰকাৰে বনসুৰক্ষা আইন দৃঢ় কৰিছে যদিও সু-ফললৈ বহু দুৰ, বনাঞ্চলত মূল্যবান গছৰ পুলি ৰোপন কৰি সংৰক্ষিত কৰিছে, পূৰ্বতকৈ বনমন্ত্ৰী কঠোৰ হৈছে, বনসুৰক্ষা কৰ্মী বৃদ্ধিত গুৰুত্ব দিছে। এইখিনিলৈকে ঠিকেই আছে, কিন্তু কেৱল মূল্যবান গছ ৰোপন কৰিলে বা বনাঞ্চল বোৰ সুৰক্ষা দিলেই এই সমস্যাৰ সমাধান নহব। হাতীৰ উপদ্ৰপ কমাবলৈ হ’ল বনাঞ্চলবোৰৰ সুৰক্ষা দিয়াৰ সমানেই বনাঞ্চলৰ ঠাইবিশেষে বনৰীয়া জন্তুৰ খাদ্য উত্পাদিত গছ-গছনি যেনে আম, কঁঠাল, মুধুৰী আম, কল আদি সহজতে গজিব পৰা ফলমূলৰ পুলিও ৰোপন কৰিব লাগিব। কাৰণ এইবোৰৰ ফলবোৰ জীৱজন্তুয়ে খাই বিস্থাৰ লগত গুটিবোৰ যতে ত’তে পেলালেই কম সময়ত এনেফলমূলৰ গছৰ সংখ্যা বৃদ্ধি হোৱা সম্ভাৱনা অধিক। লগতে বনাঞ্চলৰ দাঁতিকাষৰীয়া বাসিন্দাবোৰৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব, অন্যৰ্থা সকলো ফুটুকাৰ ফেন হ’ব। প্ৰতিখন বনাঞ্চলত যদি এনেকৈ কৰা হয়, আজি নহলেও অন্তত ৫ বছৰৰ পিছত কিছু হলেও বনাঞ্চলৰ খাদ্য সংকট দুৰ হ’ব বুলি আমাৰ বিশ্বাস। সময় থাকোতেই বিকল্পৰ সন্ধান আৱশ্যক।

বৰা নিতুল,


Tuesday, 3 May 2016

প্ৰসূতিৰ প্ৰতি বৈষম্য আচৰণ কিয় ?





অসম চৰকাৰৰ নিৰ্দ্দেশনা অনুসৰি সকলো মহিলা কৰ্মচাৰীৰ বাবে প্ৰসূতি ছুটী ম্যাদ ৪ মাহ ১৫ দিন বুলি শুনা পাওঁ। আন এক সূত্ৰৰ মতে ৬ মাহ পৰ্য্যন্ত প্ৰসূতি ছুটীৰ ব্যৱস্থা আছে। এই নীতি নিয়মীয়া (Regular Employee) মহিলা কৰ্মচাৰী আৰু ঠিকাভিত্তিক মহিলা (Contractual Employee) কৰ্মচাৰীৰ ক্ষেত্ৰতো একেই প্ৰণয়ন কৰা দেখা যায়। তাৰ বিপৰীতে কিছুদিন আগতে চৰকাৰী নিৰ্দ্দেশনা অনুসৰি প্ৰতিগৰাকী মাতৃৰ বাবে শিশুৰ পৰিচৰ্য্যাৰ ছুটী (Child Care leave) ২ বছৰ কাল কেৱল নিয়মীয়া মহিলা কৰ্মচাৰী (Regular Employee) ৰ ক্ষেত্ৰতহে প্ৰযোজ্য, কিন্তু ঠিকাভিত্তিক মহিলা কৰ্মচাৰী (Contractual Employee) ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, এই বিসঙ্গতিৰ কাৰণ কি..? নে চৰকাৰী নিয়মীয়া মহিলা কৰ্মচাৰী সকলৰ তুলনাত ঠিকাভিত্তিক মহিলা কৰ্মচাৰী সকলৰ সন্তান পৃথক ধৰণে প্ৰসৱ হয়..? এয়া মোৰ দৰে সাধাৰণ মানুহৰ মগজুয়ে ঢুকি নোপোৱা প্ৰশ্ন।

দেখা যায় যে, চৰকাৰী বিভাগত কৰ্মৰত এগৰাকী ঠিকাভিত্তিক মহিলা কৰ্মচাৰীয়ে প্ৰসৱৰ পিছৰ সময়চোৱাত ৪.৫ মাহ সময় প্ৰসূতি ছুটী সম্পূৰ্ণ কৰিলে শিশুটিৰ বয়সো সিমানেই হয়গৈ। স্বাস্থ্য বিভাগৰ বিজ্ঞাপন আৰু চিকিত্সকৰ পৰামৰ্শ অনুসৰি প্ৰতিটো শিশুক ৬ মাহ পৰ্য্যন্ত মাতৃ দুগ্ধ পান কৰোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত চৰকাৰী বিভাগত কৰ্মৰত (ঠিকাভিত্তিক) এগৰাকী মহিলাই প্ৰসূতি ছুটীৰ শেষত ৪.৫ মাহ বয়সৰ শিশুটিক এৰি পুৱা ১০ বাজাৰ পৰা বিয়লি ৫ বজালৈ সুদীৰ্ঘ ৭ ঘণ্টা সময় কি দৰে কৰ্মত মনোনিবেশ কৰিব ? মাতৃ গৰাকীৰ মনটো থাকিব শিশুটিৰ ওচৰত, শিশুটিয়ে কান্দিছে নেকি ? শিশুটিৰ ভোক লাগিছে নেকি ? ইত্যাদি ইত্যাদি। তেনে সময়ত কৰ্মত একাগ্ৰতাৰে এইসকল মহিলা (মাতৃ) কৰ্মচাৰী মনোনিবেশ কৰিব পাৰিবনে ? এইসকল ঠিকাভিত্তিক মহিলা কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দ্দেশনাক অনুসৰণ কৰি কৰ্মত ব্যস্ত হৈ পৰিলেও আনফালে শিশুটিৰ প্ৰতি অন্যায় কৰা নহবনে..? আজিৰ শিশু কালিলৈ দেশৰ মানৱ সম্পদ, তেনেহলে আমাৰ দেশৰ একাংশ মানৱ সম্পদক জানিবুজি আমিয়েই কঠোৰ জীৱন কটাবলৈ ঠেলি দিয়া নাইনে ?

কেৱল চৰকাৰী বা ঠিকাভিত্তিক মহিলা  কৰ্মচাৰীয়েই কিয়, এই শিশুৰ পৰিচৰ্য্যা ছুটীৰ ম্যাদ চৰকাৰী, বেচৰকাৰী সকলো প্ৰসূতি মহিলা বাবেই প্ৰযোজ্য হোৱাতো প্ৰয়োজন নাছিল নে..?

যিসকল বিদ্যান লোকে এইধৰণৰ চৰকাৰী নীতি নিয়ম সমূহ প্ৰণয়ন কৰে, আমি এই লেখাৰ যোগেদি তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিব বিচাৰিছো যে, অন্তত শিশু আৰু মাতৃৰ প্ৰতি মানৱীয় দৃষ্টি ৰাখি নীতি নিৰ্দ্দেশনা সমূহ একে কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক।

বৰা নিতুল,
নগাঁও,
//২০১৬   

Friday, 18 March 2016

নষ্টালজিয়া-৩ (এপলকৰ বাবে উভতি চাওঁ)





চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাখিলগা কাঁড়ৰ দৰে পাৰহৈ গল ধৰিবই নোৱাৰি। কি আছিল কি হল এতিয়া। সকলোতেই অভূতপূৰ্ব পৰিবৰ্ত্তনে চাৰিওফালে চানি ধৰিছে। পৰিবেশ সলনি হল, বিজ্ঞানেও ন ন চমকপ্ৰদ আৱিস্কাৰে সকলোকে অন্য এখন জনগতলৈ যেন লৈহে গল সকলোকে। জলবায়ুৰো পৰিবৰ্ত্তন হল, ভৌগলিক পৰিসীমাও সলনি হল, সলনি হল মানুহৰ চিন্তাধাৰা, সলনি হল যোগাযোগ, যাতায়তো।

এতিয়া আৰু সেই তাহানিৰ দিনৰ কথা কলে কিবা সাধুকথা বুলিহে যে ভাবিব তাত সন্দেহ নাই। ১৯৮০ৰ দশকৰ সময়ত কি আছিল আৰু আজি কি আছে তুলনা কৰি চালেই এনে লাগে যেন বেলেগ এখন পৃথিৱীতহে বাস কৰিছো আমি।

তাহানিৰ দিনত যোগাযোগ বুলিবলৈ আছিল ৰেডিঅটো আৰু ডাকোৱালজনহে। সেই সময়ত ৰেডিঅ এটা থকা মানেই বহুত ধনী ব্যক্তি বুলি ভবা হৈছিল, চাইকেল কোনোবা এখন গাঁৱত এখন বা দুখন হে আছিল।
তাৰ পাছত প্ৰথমে শুনাপালো টেলিভিচন নামৰ কিবা এটা যন্ত্ৰ ওলাইছে বুলি, এইখৱৰটোও শুনাপাইছিলো ওচৰ চুবুৰীয়াৰ ৰেডিঅৰ যোগেদি। ৰেডিঅৰ বাতৰি দিয়াৰ সময়ত ওচৰ-চুবুৰীয়া আহি কানপাতি শুনিছিল দেশৰ বা-বাতৰি। প্ৰথম টেলিভিচনটো আহিছিল গাঁৱৰ গণ্যমান্য এঘৰলৈ, তাকো আছিল কলা-বগা টেলিভিচন। তেতিয়া আমিবোৰে সেই টেলিভিচনৰ কোনো এটা অনুষ্ঠান চাবলৈ গৈ বহু সময় অপেক্ষা কৰিব লগিয়া হৈছিল সেই গৃহস্থৰ চোতালত, তাৰ পাছত গৃহস্থই আমাক পঢ়াৰ দুই এটা কথা সুধিছিল, যিয়ে পাৰিছিল শুদ্ধ উত্তৰ দিব তেওঁক হে টেলিভিচনৰ অনুষ্ঠান চাবলৈ অনুমতি দিয়া হৈছিল, ভিতৰলৈ যোৱাৰ আগতে হাতভৰি ভালকৈ ধুইহে যাব পাৰিছিলো, পকী মজিয়াত এটা কঁঠ বা ঢাৰি পাৰি দিছিল আৰু আমিবোৰ তাতেই বহি চিনেমাহলৰ প্ৰথমশ্ৰেণীৰ দৰ্শকৰ দৰে ডিঙি ওপৰলৈ কৰি বেতাল-বিক্ৰমৰ পৰা আৰম্ভ কৰি ৱাচিং পাউদাৰ নিৰ্মালৈকে মুখমেলি ভেবা লাগি চাইছিলো। লাহে লাহে ৰামায়ণ আৰু মহাভাৰত নামৰ দুখনি ধাৰাবাহিকৰ আৰম্ভ হৈছিল, প্ৰতি দেওঁবাৰে প্ৰচাৰিত হোৱা সেই ধাৰাবাহিক চাবলৈ গাঁৱৰ ডেকা-বুঢ়া সকলোৱে পথাৰৰ হাল সোনকালে সামৰি আহি টেলিভিচন থকা গৃহস্থৰ ঘৰৰ মজিয়া ভৰি পৰিছিলহি। এটা সময়ত ধাৰাবাহিক শেষ হলে চিনেমা হলৰ পৰা দৰ্শক ওলোৱাৰ দৰে বাটপথ ভৰি পৰিছিল।

কেইবছৰমানৰ পাছত গাঁৱৰ সংঘলৈ চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ টেলিভিচন দিয়াত প্ৰথম গাভাস্কাৰ, শ্ৰীকান্ত, ৰবিশাস্ত্ৰীৰ ক্ৰিকট খেল চোৱাৰ সৌভাগ্য হৈছিল। তাৰ পাছত এঘৰ দুঘৰকৈ ঘৰে ঘৰে টেলিভিচনেৰে ভৰি পৰিছিল, মানুহবোৰো সময়ৰ লগত সলনি হৈছিল। লাহে লাহে ইঘৰৰ মানুহ সিঘৰলৈ টেলিভিচনৰ অনুষ্ঠান চাবলৈ নোযোৱা হল, হয়তো তেনেকৈ চাবলৈ গলে তেওঁলোকে বেয়া পোৱা হল। আমিবোৰো বঞ্চিত হৈ পৰিলো টেলিভিচন চোৱাৰ পৰা।
ঠিক তেনেদৰে ডাকোৱালেও এটা সময়ত চিঠিৰ টোপোলা লৈ ঘৰে ঘৰে চাইকেলৰ টিলিঙা বজাই খৱৰবোৰ বিলাই গৈছিল। ডাকোৱাল আহিছে বুলি উমান পালেই সকলো ওচৰ-চুবুৰীয়াই আহি হেচা মাৰি ধৰিছিলহি, কাৰ কি চিঠি আহিছে বুলি..............নাম সুধি সুধি ডাকোৱালে চিঠিবোৰ গৰাকীৰ হাতত চমজাই দিছিল।

মইও তেতিয়াৰে পৰাই চিঠিৰ প্ৰতি আকৃষ্ট হৈছিলো, হাইস্কুলত পঢ়ি থকাৰে পৰা চিঠিলিখাৰ অভ্যাস এটাই গঢ় লৈ উঠিছিল, প্ৰথমে আপোন কাৰোবালৈ লিখিছিলো,. তাৰ পাছত বন্ধু-বান্ধৱীলৈ চিঠি লিখিছিলো। ডাকঘৰৰ পৰা ইনলেণ্ডলেটাৰ একেবাৰতে সৰহকৈ ক্ৰয় কৰি হেপাহ পলুৱাই পাৰোমানে চিঠি লিখিছিলো। প্ৰতিখন ইনলেণ্ড কাৰ্ডৰ মূল্য আছিল তেতিয়া ৭৫ পইচা, সেউজীয়া ৰঙৰ সেই ইনলেণ্ডলেটাৰ একোখনত চিঠি এটা সীমিত অংশৰ ভিতৰত জনাবলগিয়া কথাখিনি লিখিব লাগিছিল। চাৰিটা ভাজ কৰি ইনলেণ্ডলেটাৰ খনৰ এটামুৰত আঠা লগাই, এপিঠিত প্ৰেৰকৰ ঠিকনা আৰু আনটো পিঠিত প্ৰেৰিত ঠিকনা লিখিব লগীয়া হৈছিল। এনেকৈ লিখা প্ৰতিখন চিঠিৰ উত্তৰ কমেও ২০,২৫ দিনৰ পাছত ডাকোৱালে হঠাতে আনিছিল, চিঠিখন পোৱাৰ পাছত এক মূৰ্হুত্বও পলম নকৰাকৈ কেতিয়া পঢ়ো কেতিয়া পঢ়ো লাগি থকা মনটোৰ খু-ধুৱনি মাৰিবলৈকে একেপাকতে আঠা লগোৱা অংশ ফালি উশাহ নসলোৱাকৈ পঢ়ি পেলাইছিলো খৰধৰকৈ,. তাৰ পাছত আকৌ এবাৰ ভালকৈ পঢ়িছিলো, কিমান যে ভাল লাগিছিল যেতিয়া এখন চিঠিৰ উত্তৰ আহে,. সেয়া কেৱল চিঠি পোৱা জনেহে বুজিব পাৰিব। এনেকৈ প্ৰতি সপ্তাহতে মোৰ ঠিকনাত দুই তিনিখন চিঠি আহিছিল আত্মীয়ৰ পৰা, বিভিন্ন ঠাইৰ বন্ধু-বান্ধৱীৰ পৰা। তাহানিৰ স্মৃতিৰ চিন হিচাপে আজিও সজতনে সাঁচি ৰাখিছো মোৰ সেই মৰমৰ চিঠিবোৰ। কেতিয়াবা আজৰি পালে আজিও উলিয়াই পঢ়ি চাওঁ,. আকৌ যেন পলকতে উভতি যায় মনতো সেই দিনবোৰলৈ,. একমূৰ্হুত্বৰ বাবে সকলো পাহৰি যাওঁ। এতিয়া আৰু মোৰ সেই চিঠি লিখা অভ্যাসটো নিজে নিজেই নাইকিয়া হৈ গল। কাৰণ চিঠি কাৰোবালৈ দিলেও আজি কাৰো চিঠিৰ উত্তৰ দিবলৈ আহৰি নাই। এতিয়া আৰু সেই অফিচিয়েল চিঠিবোৰ, টেলিফোনৰ, মবাইলৰ বিলবোৰৰ বাহিৰে ডাকোৱালে আনিব লগীয়া একোৱেই নাই। এতিয়া সকলোৱে ই-মেইলহে কৰে। সৰুসুৰা কথা-বতাৰাতো সকলো মবাইলতেই পাতিব পাৰে।

তাৰ পাছত আহিল টেলিফোন, ওচৰৰে সমন্ধীয়া খুড়াৰ ঘৰত টেলিফোন সংযোগ হোৱা বুলি শুনি চাবলৈ গলো, তিনি চাৰিজনমান কৰ্মী আহি দীঘল দীঘল খুটা পুটি এডাল তাঁৰেৰে টেলিফোন এটা খুড়াৰ ঘৰত সংযোগ কৰিলে। ওচৰৰ পৰা সেইদিনাহে টেলিফোন দেখা পাইছিলো, ইয়াৰ আগতে চিনেমাতহে টেলিফোন দেখিছিলো, তাকো কলা ৰঙৰ সেই নম্বৰ ঘুৰুৱাটো যিটোৱে কিৰিৰিং কিৰিৰিং তীব্ৰ শব্দ কৰি বাজি উঠিছিল। ভাইটি ডিব্ৰগড়ত পঢ়িবলৈ যোৱাৰ পিছৰে পৰা সেই খুড়া হঁতৰ ঘৰৰ ফোন নম্বৰত মাজে মাজে মাহৰ মুৰত খৱৰ দিছিল, আৰু খুড়া হতৰ কোনোৱা এটাই ১০ মিনিটমান পিছত ভাইটিক ফোন কৰিবলৈ কৈ আমাৰ ঘৰলৈ আহি খৱৰ দিছিলহি, মই গৈ ৰৈ আছিলোগৈ, কেইমূৰ্হত্বমানৰ পিছত ফোনটো বাজি উঠিছিল বিকত শব্দ কৰি, লগে লগে আগবাঢ়ি গৈ আনে কোৱা দৰে শুনি কৈ উঠিলো হেল্ল বুলি---সিফালৰ পৰা ভাইটিৰ স্পষ্ট মাত, তই কেনে আছ দাদা...?? মা-হঁত সকলো ভালেই আছেনে...?? প্ৰথমবাৰৰ বাবে তাৰ মাতটো বহুত দিনৰ মুৰত টেলিফোনত শুনিবলৈ পাই মই বাকৰুদ্ধ হৈ পৰিছিলো। তাৰ পিছত কৈছিলো ও ভালেই আছো, সকলোৰে ভাল। তই কেনে আছ অ...?? খোৱাবোৱা সময়মতে কৰিবি। ভালকৈ পঢ়িবি ইত্যাদি ইত্যাদি কেইটামান কথা পাতি সামৰিছিলো।

তাৰ পিছত এনেকৈ অসুবিধা হোৱাৰ বাবে দেউতাই ঘৰত এটা লেণ্ড ফোন সংযোগ কৰিছিল। তাৰ পিছৰ পৰাই ভাইটিলৈ ট্ৰাং কল কৰিছিলো সপ্তাহত কেইবাদিনো। ট্ৰাং কল কৰিবলৈ তেতিয়া প্ৰথমে অপাৰেটৰক ১৯৮ নম্বৰত ফোন কৰি কবলগীয়া হৈছিল। হেল্ল মোক এটা ট্ৰাং কল দিবছোন..?? সিফালৰ পৰা অপাৰেটৰে সুধিছিল—ফোন নম্বৰটো কওঁক..?? মই লগে লগে ভাইটিৰ হুষ্টেলৰ নম্বৰটো কৈছিলো—০৩৭৪৫-২৬৭৯৪৫। আকৌ সুধিছিলো আপোনাৰ ঘৰৰ নম্বৰটো কওঁক...মই লগে লগে আমাৰ নম্বৰটো দিলো। তেতিয়া পুনৰ কলে—অলপ পিছত দি আছো ধৰিব আপুনি। এক দীঘলীয়া ব্যৱস্থা আছিল সেয়া। কেতিয়াবা বুকিং পাওঁ কেতিয়াবা নাপাওঁ। এতিয়া সকলোতে এক মিনিটৰ ভিতৰতে সংযোগ হয়। কিমান যে সলনি হল যোগাযোগ ব্যৱস্থা। কিন্তু আজি সকলো আমাৰ হাতৰ মুঠিত। ই-মেইল, মবাইলৰ তীব্ৰ সংযোগে গোটেই পৃথিৱীখনৰ দুৰ-দুৰণীৰ বাটকে চমু কৰি পেলালে। কিন্তু তথাপিও যেন পাহৰিব পৰা নাই মই সেই তাহানিৰ ব্যৱস্থাবোৰৰ কথা, সেইবোৰৰ মাদকতাই সুকিয়া আছিল। সেয়া আজি এক নষ্টালজিয়া।

“”আগবাৰী শুৱনি কাকিনি তামোল ঐ
পাছবাৰী শুৱনি পাণ
বৰঘৰ শুৱনি জীয়াৰী ছোৱালী ঐ
উলিয়াই দিবলৈ টান।“”

মোৰ বাবে এতিয়া তাহানিৰ সেইদিনবোৰ বৰঘৰৰ জীয়াৰীৰ লেখিয়া হৈ পৰিছে। যাক মই উলিয়াই দিবলৈ টান পাইছো।


কাতি বিহুত তুলসী দেৱীক পূজা কৰিব লাগে কিয়.......??


তুলসী দেৱীৰ নাম বৃন্দা, তেওঁ নাৰায়ণৰ প্ৰিয়তমা পত্নী। বৃন্দাবনত বৃক্ষ আকাৰে থকাৰ বাবে তেওঁৰ নাম বৃন্দাবনী, তেওঁ বিশ্বতে পূজিতা, তেওঁক সেয়েহে নাৰায়ণেও পূজা কৰে। তুলসীয়ে সকলোকে আনন্দ প্ৰদান কৰে সেইবাবে তেওঁৰ আন এটা নাম হৈছে নন্দিনী। কৃষ্ণৰ জীৱনৰূপা মনোৰমা বাবে তেওঁৰ নাম শ্ৰীকৃষ্ণজীৱনী, যিহেতু তেওঁক কৃষ্ণয়ো অৰ্চনা বন্দনা কৰে।
বৃন্দা, বৃন্দাবনী, বিশ্বৰ পাৱনী, বিশ্বৰ পূজিতা, কৃষ্ণৰজীৱনী পুস্পসাৰা, নন্দিনী আৰু তুলসী এই কেইটা নামেৰে তুলসীক পূজা কৰিলে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল লাভ কৰিব পাৰিব।
বিশেষকৈ কাতি মাহৰ পূৰ্ণিমা তিথি তুলসী পূজাৰ প্ৰসস্ত দিন। তুলসীৰ পূজাই সকলোকে শোক দুখৰ পৰা মুক্ত কৰি শান্তি প্ৰদান কৰে।
যি পদ্মহস্তা, পদ্মমুখী, পদ্মস্থিতা, পদ্মনেত্ৰা আৰু লক্ষীৰূপা সেই সৌম্যৰূপিনী তুলসী দেৱীক কৰিছে। যিজনে সংক্ৰান্তি আৰু চন্দ্ৰ সূৰ্য্যৰ গ্ৰহণৰ সময়ত সংযত হৈ তুলসী চৰিত্ৰ আৰু বন্দনা স্তৱ পাঠ কৰে তেওঁৰ সৰ্বসিদ্ধি লাভৰ যোগ হাততে থাকে।
মন্ত্ৰ, জপ, যজ্ঞ, ক্ৰিয়া ধ্যান তীৰ্থ এই সমস্তৰ অভাৱত এই তুলসী চৰিত্ৰ/স্তৱত সকলো সিদ্ধি লাভ হয়। যিজনে গুৰুকৃত স্তৱ পাঠ বা শ্ৰৱন কৰে তেওঁ নিঃসন্দেহে মুক্তি লাভ কৰে।এয়াই হল তুলসী দেৱীৰ পূজাৰ বিধি।
 
তুলসীৰ জন্ম কাহিনীত তলৰ কথাখিনি উক্ত পুথিখনিত সন্নিবিষ্ট আছে......

কাৰ্ত্তিকী পূৰ্ণিমা ৰাতি শুক্ৰবাৰ দিনা।
শুভক্ষণে কন্যা শিশু জন্মিলে সিদিনা।।
জ্যোতিময়ী মূৰ্ক্তি কন্যা নয়ণাভিৰাম।
পুৰাবিদগণে দিলে তুলসী এই নাম।।
ভূমিষ্ঠা হৈয়েই কন্যা সংকল্প কৰিলে।
নাৰায়ণক পতিৰূপে মনতে ভাবিলে।।
নাৰায়ণক পতি ৰূপে সংকল্প কৰিলে।
সহস্ৰ শতেক বছৰ তপস্যা কৰিলে।।
দশ দশ শত বৰ্ষ নকৰি আহাৰ।
কঠোৰ তপস্যা শেষ নহল কন্যাৰ।।
কঠোৰ তপস্যা দেখি ব্ৰহ্মা সনাতন।
বদৰিকাশ্ৰমলৈকে কৰিলে গমন।।
ব্ৰহ্মাক দেখিয়া দেৱী আনন্দিত মন।
ভক্তি ভাবে প্ৰনিপাত কৰে সেইক্ষণ।।
জগত বিধাতা দেৱীক সোধে মৰেমেৰে।
তুলসী নিচিন্তে কোৱা কিবা বৰ লাগে।।

তুলসীয়ে নাৰায়ণক পতি ৰূপে পাবলৈ বৰ বিচাৰিলে আৰু গোবিন্দ প্ৰভুৱে তেওঁক বৰ দিলে কেনেকৈ সেয়া তলৰ অংশত..............

গোবিন্দই কলে মোক মধুৰ বচনে।
ভাৰতত থাকিবা তুমি আনন্দিত মনে।।
তাতেই তপস্যা তুমি সদায় কৰিবা।
ফলৰূপে নাৰায়ণক পতিৰূপে পাবা।।
ব্ৰহ্মাই কৰিব দান তপস্যাৰ ফল।
প্ৰদান কৰিব বৰ তোমাৰ মঙ্গল।।
মোৰ অংশজাত হয় দেৱ নাৰায়ণ।
পতিৰূপে পাবা তেওঁক দেৱ নাৰায়ণ।।


মৰমৰ দেউতাঃ-


এক সহিব নোৱাৰা সময়। বিদায় মূৰ্হুত্ব যেনেকুৱাই নহওঁক কিয় সেয়া এক অনাবিল বিষাদৰে ভৰা পাহৰিব নোৱাৰা সময়। আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা এনে এক মূৰ্হুত্বৰ সন্মুখীন হৱলগীয়া হয় । কোনোবাই আত্মীয়-স্বজনক এৰি যোৱাৰ সময়ত, কোনোবাই কৰ্মময় জীৱনৰ অৱসৰ, কোনোবাই স্বদেশ এৰি চিৰদিনলৈ যোৱাৰ সময়ত আৰু কোনোবাই জীৱনৰ সমস্ত মায়ামোহ, ধন-ঐচৰ্য্য এৰি দেহ ত্যাগ কৰাৰ সময়ত আপোনজনে হিয়াধাকুৰি হুক-হুকাই উঠে শেষবাৰৰ বাবে, কব লগিয়া বহু কথাই মনৰ মাজতে ওকমোকাই থাকে, কিন্তু একোৱেই কব পৰা নাযায়, সকলো নিৰবে সহ্য কৰি যাবলগা হয়, কৰিবলৈ একোৱেই নাথাকে তেনেসময়ত.........লাহে লাহে সময়ৰ সোঁতত সকলো পাহৰি পৰিস্থিতি পৰিবেশৰ লগত নিজকে খাপখুৱাই লবলৈও বাধ্য হয়। এনে এক অনাবিল মূৰ্হুত্বত মোৰ অনুভুতি খিনি এনেকৈ লিপিবদ্ধ কৰিলো..............

এদিন এনেকৈয়ে হঠাতেই মোৰ দেউতা চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ দিন আহিল। তাৰ আগতে এদিনো ভাবি চোৱা নাছিলো যে দেউতাৰ এদিন চাকৰি শেষ হৱ।  কব নোৱাৰাকৈয়ে মোৰ মনত এক ভাবিব নোৱাৰা শোকে খুন্দমাৰি ধৰিছিল সেইদিনা, ভাবিবলৈ বাধ্য হৈছিলো যে সেইদিনটোৰ পৰা আৰু মোৰ দেউতাৰ চাকৰি নাথাকে। অৰ্থাত্ সেইদিনাৰ পৰা দেউতাই আৰু মাহেকৰ মুৰত কোনো দৰমহা নাপায়....সকলো চৰকাৰী চাকৰিয়ালৰ জীৱনলৈ এনে এটা অৱসৰৰ দিন এদিন আহেই। মোৰ দেউতাই প্ৰথম চাকৰিয়াল নহয় যে অৱসৰ গ্ৰহন কৰিছিল, তেনেহলে—তেনেহলে মই কিয় সহজে মানি লব পৰা নাই ? নাজানো আন মাক-দেউতাকে অৱসৰ লোৱাৰ দিনা তেওঁলোকৰ সন্তানে এনেকৈ দুখত ভাগি পৰেনে নাই।---কথাবোৰ মই বাৰু বেছিকৈ চিন্তা কৰিছো নেকি- নিজকে নিজে শান্তনা দিবৰ বাবে মাজে মাজে ভাবি চাইছিলো....নাই তেনেকুৱা নহয়....আনৰ লগত আমাৰ পৰিয়ালৰ আকাশ-পাতালৰ পাৰ্থক্য আছে। কাৰণ সাধাৰণ প্ৰাইমেৰী শিক্ষকৰ চাৰিটি সন্তানৰে গঠিত   অভাব অনাটনে জৰ্জৰিত পৰিয়াটোৰ আটাইকেইটা প্ৰাণীয়েই মাহটোৰ শেষত দেউতাৰ দৰমহাৰ টকা কেইটালৈ অলেখ আশাৰে বাটচাই ৰব লাগিয়া হৈছিল। দেউতাই নিজে কৰা খেতিৰ ধানেৰে বছৰটো নোযোৰেগৈ, তেল-নিমখৰ পৰা আদিকৰি সকলো বাকী দোকানৰ পৰা কিনিবলগীয়া হয়, তাতে চাৰিটাকৈ লৰাক স্কুলৰ পঢ়া-শুনাৰ খৰচৰ কথা নকলোৱেইবা, আগদিনা মাহিলী দৰমহা লৈ আহে আৰু মাহৰ ১০টা দিনৰ পাছত সেই একেই অৱস্থা হয়গৈ। মাহৰ শেষৰ ফালে বাকী দোকানীৰ নানান কৰ্কথনা শুনিব লগা হয়। সেয়ে হয়তো সহজভাবে লব পৰা নাছিলো। আজিৰ পৰা আৰু কোনো আশালৈ মাহৰ শেষৰ দৰমহা পোৱা দিনটোলৈ বাটচাব লগিয়া নহয়, তাকেই ভাবি ভাবি দুচকুৱেদি কেতিয়া জানো দুধাৰি চকুপানী বৈ আহিল কবই নোৱাৰিলো।

সেইদিনা আছিল ২০০০ চনৰ ৩১ ডিচেম্বৰৰ দিন। লগৰ সমনীয়াহঁত ইংৰাজী নৱবৰ্ষক আদৰাৰ প্ৰস্তুতিত ব্যস্ত, আৰু আমাৰ পৰিয়ালৰ সকলো সেইদিনা এক বুজাব নোৱাৰা দুখত ঘৰতেই চটফটাই ফুৰিছো। সেইদিনটোতেই দেউতাক বিদ্যালয়ৰ পৰা বিদায় সম্ভাষন জনোৱা হৱ। সদায় অহাৰ দৰে সেইদিনাও দেউতাৰ সহকৰ্মী মোহন বৰুৱা চাৰ আহি আমাৰ ঘৰ ওলাইছিলহি ঠিক ৯ মান বজাত, লগতে আহিছিল আন এজন শিক্ষকো মটৰ চাইকেল লৈ দেউতাক ঘৰৰ পৰা লৈ যাবলৈ। দেউতা গা-পা ধুই ওলাই মানে সদায় তেওঁ আহি আমাৰ সন্মুখৰ ৰূমৰ বিচনাতে দীঘল দি জীৰণী লয়হি, মায়ে চাহ একাপ দিয়ে আৰু দেউতা ওলাই হলেই একেলগে দুয়ো বিদ্যালয়লৈ যায়গৈ। এয়া যেন দেউতা আৰু বৰুৱা চাৰৰ এক দৈনিক ৰুটীনহে। সেইদিনাও আহি একেলগেই ওলাই গল। আমাৰ মা-দাদ-ভাইটি কাৰো মুখত হাঁহি নাই...সকলোৱে যেন ইজনে সিজনৰ পৰা মনৰ মাজত থকা দুখখিনি লুকুৱাইহে ৰাখিছে। কিন্তু নিজকে যেন কোনেওঁ বুজাব পৰা নাই।

আবেলি ঠিক ৪মান বজাত দেউতাক সহকৰ্মী ৮জন মান আৰু বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ঘৰত থবলৈ আহিছিল। সকলোকে বহিবলৈ দি মা-চাহৰ খোলাত লাগিল, মই দুৰৰ পৰাই আলেঙে আলেঙে চাই আছিলো, ওচৰলৈ যাবলৈ সাহস হোৱা নাছিল, আচলতে দেউতাৰ মুখামুখি হৱ পৰা নাছিলো.......শঁৰাই, গামোচা, এখন এৰীকাপোৰ, এটা হাকোটা ছাতি, দুডালমান লাখুটি আৰু এখন প্ৰশস্তিপত্ৰ, কেইটামান নামীদামী কলম আৰু এটা হাত ঘড়ীৰে আমাৰ একমাত্ৰ সন্মুখৰ টেবুলখন ভৰি পৰিছিল। সহকৰ্মী সকলে দেউতাক কিবা কিবি কৈ বুজানি দি থকা শুনিছিলো. যদিও দেউতাৰ মুখেৰে এটা শব্দও শুনা নাছিলো..............এনেকৈ কেইমূৰ্হুত্বমান পাৰ হৈছিল.......হঠাতে কাণত পৰিল দেউতাৰ হুক-হুকনি...হয় সেয়া দেউতাই হুকহুকাই উঠিছে........ভিতৰত মায়ে উচুপি উঠিছে........বুজিবলৈ বাকী নাথাকিল......মোৰ দুচকু চকুপানীৰে উপচি পৰিল, নিজকে আনৰ চকুৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছিলো যদিও চকুৰপানীক বাধা দিব নোৱাৰিলো। মনলৈ অনেক ভাব আহিছিল সেই মূৰ্হুত্বত.........এতিয়া আমি কেনেকৈ চলিম, কেনেকৈ ভাতৰ চাউল কিনিম, কেনেকৈ ঘৰৰ সমস্ত খৰচ উলিয়াম, দেউতায়েবা কেনেকৈ চলাব ঘৰখন....এনেবোৰ যেন বহু প্ৰশ্নই একেসময়তে মনটো ভাৰক্ৰন্ত কৰিলেহি। এটা সময়ত সকলোৱে দেউতাৰ পৰা বিদাই লৈ ঘৰলৈ বুলি উভতিল। আকৌ আমাৰ ঘৰখন নিৰ্যনতাৰে ভৰি পৰিল, কতো একো শব্দ নাই....যেন কাঁহ পৰি যিনযোৱা অৱস্থা.....যি যতেই আছে ততেই থাকিল, দেউতা সেই কাঠৰ চকীখনতে দেহাটো এৰি দি বহুত পৰ বহি থাকিল......মুখত এক সহিব নোৱাৰা চিন্তাই যেন দেউতাক খুলি খুলি খাইছিল। এইবোৰ দেখি শুনিয়েই মই বহুদিনলৈ মা-দেউতাৰ পৰা পঢ়া-শুনাৰ বাবে পইচা খোজা নাছিলো, কিজানিবা দেউতাই দিব নোৱাৰি মনত দুখ পাই, যিমান পাৰো নিজেই নিজৰ কাম কৰি গৈছিলো, ভাইটি দুটাকো মনে মনে কৈছিলো---তহঁতে কিন্তু মা-দেউতাক এতিয়া আৰু আগৰ দৰে পইচা নিবিচাৰিবি দেই—সৰু ভাইটিতো একেবাৰে সৰু আছিল, সি একো নুবুজি সুধিছিল কিয় দাদা...দেউতাই পইচা নিদিয়ে বুলি কৈছে নেকি..??..কেনেকৈ বুজাম তাক, কেনেকৈ কও মই দেউতাই আৰু পইচা কেতিয়াওঁ নাপাই বুলি। তথাপিওঁ তাক বুজাবলৈ চেষ্টা কৰিছিলো, হয়তো সি লাহে লাহে বুজিব পাৰিছিল চাগৈ।


ইমান খিনিলৈকে সকলো ঠিকেই বুজিছিলো । দেউতাৰ চাকৰি কৰাৰ দিনত সহকৰ্মীৰে আমাৰ ঘৰ প্ৰায়ে ভৰি আছিল। বৰুৱা চাৰতো প্ৰায়ে আহোতে যাওঁতে মাৰ হাতৰ একাপ চাহ নাখালে হেপাহেই নপলাইছিল, প্ৰতিদিনেই দুইতিনিজন মান শিক্ষক আমাৰ ঘৰত বিভিন্ন কাৰণত সোমাইছিলহি.....কিন্তু দেউতাৰ সেই সহকৰ্মী সকল বিগত ১১ বছৰে এজনেও দেউতাৰ এটা খৱৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে.......আনকি দেউতা ২০১০-১১ বছৰ দুটা দুৰাৰোগ্য ৰোগত আক্ৰন্ত হৈ শৰ্য্যগত অৱস্থাতো খৱৰ কৰিবলৈ কোনো এজন সহকৰ্মীয়ে অহা নাছিল। ভাবিবলৈ বাধ্য হৈছিলো কিয়-কিয় দেউতাৰ সেইসকল সহকৰ্মীয়ে এনেকৈ দেউতাক অকলশৰীয়া কৰি পতাৰণা কৰিলে, আমাৰ পদুলিয়েদি পাৰহৈ গলেও কিয় এবাৰ দেউতাৰ খৱৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে, চাকৰি জীৱনত গঢ়লোৱা সৰ্ম্পকবোৰ এনেকৈয়ে শেষ হৈ যায়নে, অৱসৰ মানেই সকলো শেষ নেকি ? হয়তো তেওঁলোকৰো বাধ্য-বধকতা আহি পৰিছিল.....ইচ্ছা থাকিও যেন আহিব পৰা নাছিল তেওঁলোক। আজি মোৰ দেউতা নাই, তেওঁ যোৱা ২০১১ চনৰ ১ আগষ্টৰ দিনা আমাক সকলোকে কন্দুৱাই এৰি থৈ স্বৰ্গগামী হল, এনেকৈয়ে দেউতাৰ আমাৰ পৰা বিদায় ললে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।