
দেখা
যায় যে, চৰকাৰী বিভাগত কৰ্মৰত এগৰাকী ঠিকাভিত্তিক মহিলা কৰ্মচাৰীয়ে প্ৰসৱৰ পিছৰ
সময়চোৱাত ৪.৫ মাহ সময় প্ৰসূতি ছুটী সম্পূৰ্ণ কৰিলে শিশুটিৰ বয়সো সিমানেই হয়গৈ।
স্বাস্থ্য বিভাগৰ বিজ্ঞাপন আৰু চিকিত্সকৰ পৰামৰ্শ অনুসৰি প্ৰতিটো শিশুক ৬ মাহ
পৰ্য্যন্ত মাতৃ দুগ্ধ পান কৰোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত চৰকাৰী
বিভাগত কৰ্মৰত (ঠিকাভিত্তিক) এগৰাকী মহিলাই প্ৰসূতি ছুটীৰ শেষত ৪.৫ মাহ বয়সৰ
শিশুটিক এৰি পুৱা ১০ বাজাৰ পৰা বিয়লি ৫ বজালৈ সুদীৰ্ঘ ৭ ঘণ্টা সময় কি দৰে কৰ্মত
মনোনিবেশ কৰিব ? মাতৃ গৰাকীৰ মনটো থাকিব শিশুটিৰ ওচৰত, শিশুটিয়ে কান্দিছে নেকি ? শিশুটিৰ ভোক লাগিছে নেকি ? ইত্যাদি ইত্যাদি। তেনে সময়ত
কৰ্মত একাগ্ৰতাৰে এইসকল মহিলা (মাতৃ) কৰ্মচাৰী মনোনিবেশ কৰিব পাৰিবনে ? এইসকল ঠিকাভিত্তিক মহিলা
কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দ্দেশনাক অনুসৰণ কৰি কৰ্মত ব্যস্ত হৈ পৰিলেও আনফালে শিশুটিৰ
প্ৰতি অন্যায় কৰা নহবনে..? আজিৰ শিশু কালিলৈ দেশৰ মানৱ সম্পদ, তেনেহলে আমাৰ দেশৰ একাংশ মানৱ
সম্পদক জানিবুজি আমিয়েই কঠোৰ জীৱন কটাবলৈ ঠেলি দিয়া নাইনে ?
কেৱল
চৰকাৰী বা ঠিকাভিত্তিক মহিলা কৰ্মচাৰীয়েই
কিয়, এই শিশুৰ পৰিচৰ্য্যা ছুটীৰ ম্যাদ চৰকাৰী, বেচৰকাৰী সকলো প্ৰসূতি মহিলা বাবেই
প্ৰযোজ্য হোৱাতো প্ৰয়োজন নাছিল নে..?
যিসকল
বিদ্যান লোকে এইধৰণৰ চৰকাৰী নীতি নিয়ম সমূহ প্ৰণয়ন কৰে, আমি এই লেখাৰ যোগেদি
তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিব বিচাৰিছো যে, অন্তত শিশু আৰু মাতৃৰ প্ৰতি মানৱীয়
দৃষ্টি ৰাখি নীতি নিৰ্দ্দেশনা সমূহ একে কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক।
বৰা নিতুল,
নগাঁও,
৩/৪/২০১৬
No comments:
Post a Comment