Sunday, 16 June 2019

ক্ৰমাত ধুষৰিত হৈ পৰা হিদলনি পথাৰখনঃ-

দুৰৈৰ পৰাই দেখা গৈছিল বহু বছৰ পুৰণি এজোপা বৃহত্ আহত গছ। এই বৃহত আহত জোপাৰ তলত এটা সৰু শিৱ মন্দিৰ আছিল, শিৱৰাত্ৰীৰ দুদিনমান আগৰে পৰা নানাৰঙী কাগজ কোণীয়া কোণীকৈ কাটি ৰচীত আঠা লগাই মন্দিৰ প্ৰাঙ্গন চমকাই তোলে তেতিয়াৰ ডেকা-গাভৰুৱে আৰু শিৱৰাত্ৰীত উদযাপনো কৰিছিল। গছজোপাৰ কাষেতে থকা বহল পথাৰখনত শাৰী শাৰীকৈ এহাল দুহালকৈ প্ৰায় ৩০, ৩৫ যোৰা হালোৱা, এযোৰাৰ পিছত আনযোৰাকৈ লানী নিচিগাকৈ শাৰী পাতি এজাক পাহোৱাল ডেকাই পুৱাৰ পৰা বেলি দুপৰলৈ হাল বাই চহাই, এবিঘা দুবিঘা নহয়, প্ৰায় ১৫০ বিঘাৰো অধিক মাটিৰ এটি বিশাল সমবায়ৰ । আমিবোৰে তেতিয়া হাতত চাহৰ কেটলী আৰু জলপানৰ টোপোলা এটা লৈ নিজৰ নিজৰ হালোৱাক পুৱাৰ জলাপান দিবলৈ যাওঁ। কেতিয়াবা কোনোবা হালোৱাৰ জলপান আহি পোৱা দেৰি হলে, কাষৰ হালোজনৰ পৰাই এবাতি যাছি দিয়ে। জলপান খোৱা সময়ত হালোৱাবোৰে হালবোৰ একেই শাৰীকৈ ৰখাই থৈ, সেই বৃহত আকাৰৰ আহত গছজোপাৰ তলত ঘুৰণীয়াকৈ বহি লয়হি। সকলোৱে খাই বৈ এপলক জীৰাই, এইকন সময়তেই কোনোবাই খৈনী এপালি খায়, কোনোবাই জু-মুঠিত নিয়া বা ৰছীৰ আগ জ্বলাই নিয়া জুইত চুৰত জ্বলাই চুমক দিয়ে। সেইখনেই আছিল প্ৰায় ৩৫ বছৰৰ আগৰ ডেকা সমবায় তথা হিদলনী পথাৰখন।
হিদলনীৰ পথাৰখনৰ দুয়োফালে দুটা পুখুৰী, এটা বৰপুখুৰী আৰু আনটো সৰু। দুয়োটা পুখুৰীৰ মাজেৰে ইংৰাজী এচ আখৰটোৰ আকৃতিত এটা গৰুগাড়ী যোৱা বাট। বাৰিষা পুখুৰী দুটা পানীৰে উপচি পৰে, ভেট আৰু শেলেকুৰে ঠাহ খাই থাকে, পানীত নামি ঢুকি পোৱালৈকে ভেট, শেলেকু খাওঁ, ঢুকি নোপোৱাবোৰ আনিবলৈ কলগছৰ ভুৰ সাজি দীঘৰ বঠা এডালেৰে গৈ দ-পানীৰ পৰা সেইবোৰ আনোগৈ, সাঁতুৰি-নাদুৰি হেঁপাহ নপলাইছিল আমাৰ। পানী আঠুৱনীয়া হৈ থাকিলে ওপঙা বৰঙি পাতিছিলো পুৱাতেই, বিয়লিলৈ সেইবোৰ তুলিছিলো, টোৰা, চেঙেলী, গৰৈ মাছৰে খালৈ ভৰি পৰিছিল।
পথাৰখনৰ সিটোমূৰত এটা হোলা, হোলাটোৰ পাৰে পাৰে কেইঘৰ মান মুচলমান সম্প্ৰদায়ৰ লোকৰ ঘৰ। পথাৰ খনৰ পশ্চিম দিশত এডৰা অতব্য জয়াল হাবি, হাবিখনৰ এটা মুৰত এজোপা জোপোহা হেলচ গছ। ফাগুণ চ’ত মহীয়া হেলচ পকী তুলতুলীয়া হৈ থাকে, তেতিয়া ৮ কি ১০ বছৰীয়া চেঙেলীয়া আমিবোৰে হেলছ খাবলৈ গছত উঠোগৈ, খাবলৈ বৰ সোৱাদ, জালুকৰ চিৰাৰ দৰে চিৰাবোৰ, কেঁচাবোৰ টেঙেচী আৰু পকাবোৰৰ সোৱাদ মিঠা।
১৯৮০-৮১ চন মান পথাৰখনৰ পূবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয় স্থাপন হয়। উচ্চ প্ৰদস্থ বিভাগীয় বিষয়াই তিনিদিনীয়াকৈ শুভাৰম্ভনী অনুষ্ঠান পাতিছিল, তিনিদিনলৈকে অভ্যৰ্থনা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানবোৰে আমাক মুহিত কৰি ৰাখিছিল। সেই সাংস্কৃতিক অনুষ্ঠানতেই প্ৰথমবাৰৰ বাবে সন্ধ্যা মেনন আৰু বিজয় ভূঞাৰ গীত গোটেই ৰাতি উপভোগ কৰিছিলো। তাৰ কেইবছৰমানৰ পিছত হিদলনীৰ পশ্চিম দিশত ডিফলু স্বাস্থ্য-উপকেন্দ্ৰ স্থাপন হয়। তেতিয়াও শুভাৰম্ভনী অনুষ্ঠানৰ নিশা দকোমেণ্টৰীত চলিছিল ছামেলী মেমচাব নামৰ বোলছবিখন। সেইখনেই হয়তো ডাঙৰ পৰ্দাত দেখা আমাৰ জীৱনৰ প্ৰথম বোলছবি আছিল। পৰিবৰ্তনৰ নামত এনেকৈয়ে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰাস কৰি আনিবলৈ ধৰিলে হিদলনী পথাৰৰ সেই সোণালী দিনবোৰ৷
অসম আন্দোলনৰ গৰিষ্ঠ সংখ্যক নেতাই অসম গণ পৰিষদ আঞ্চলিক দল গঠন কৰি ১৯৮৫-৮৬ চনত ক্ষমতালৈ আহি অসমত চৰকাৰ গঠন কৰিলে। আৰম্ভনিতে হিদলনী পথৰাৰ বুকুত নগাঁও অসামৰিক চিকিত্সালয়ৰ প্ৰস্তাৱনা কৰিলে। প্ৰায় ৪/৫ বছৰৰ অন্তত বিশাল পথাৰখন কংক্ৰিতৰ দেৱালে আগুৰি পেলালে আৰু ডেকা সমবায় তথা হিদলনী পথাৰখনৰ বুকুত তেতিয়াৰ পৰাই ধংসযজ্ঞ আৰম্ভ হৈছিল ৷
আঞ্চলিক দলৰ চৰকাৰখন অৱস্থা থৰক-বৰক হোৱাত ১৯৯০ চনত তাত্ক্ষণিকভাবে ৰাষ্ট্ৰপতি শাসন বলবত কৰা হ’ল, ৰাষ্ট্ৰপতি শাসন মানে কি বস্তু তেতিয়ালৈ আমিবোৰে বুজিবই পৰা হোৱা নাছিলো। হঠাত সেইদিনা আবেলি ৫ মান বজাত প্ৰায় দুই/তিনিশ মান সামৰিকৰ বাহিনীৰ গাড়ীৰ শব্দই গোটেই গাঁওখন কোলাহলৰ সৃষ্টি কৰিলে, আমিবোৰ ভয়ত কম্পমান হৈ পৰিলো, দুৰে দুৰে গৈ দেখিলো শ শ সামৰিক জোৱান গিৰিপ-গাৰাপ শব্দৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা অসামৰিক চিকিত্সালয় খনৰ চৌহদত ভৰি পৰিল। গাড়ীবোৰ এফালৰ শাৰী শাৰীকৈ ৰাখিলে। সাধাৰণ মানুহবোৰ সেইকেইদিন নিশা ভয়তে পেপুৱা লাগি আছিল। এনেকৈয়ে সামৰিক অতিশৰ্য্য আৰম্ভ হ’ল। শুনিবলৈ পাইছিলো সামৰিক বাহিনীৰ জিলা মূল কেম্প হিচাবে সেই চিকিত্সালয়খনত অধিগ্ৰহণ কৰিছে। দিনৰ পিছত মাহ আৰু মাহৰ পিছত বছৰ বাগৰিল, সামৰিক বাহিনীয়ে চিকিত্সালয় খনত বাহৰ পতা প্ৰায় ১০ বছৰ অতিক্ৰম কৰিলে। এই ১০ বছৰত সাধাৰণ খাটিখোৱা মানুহক কিমান হাৰাশাস্তি কৰি তাৰ কোনো হিচাব নাই। এদিন আবেলি সামৰিক জোৱান সকলে অনুশীলন কৰি আছিল, কি কাৰণত নাজানো, দুপ-দুপাই এজাক সামৰিক জোৱান আমাৰ গাৱৰ ফালে দৌৰি কাৰোবাক খেদি আহিল, দুই একক বাটত পাই ৰামতাঙোন সোধাৱা দেখি, যি যেনি আছে তেনিয়েই পলাবলৈ ধৰিলে। সমন্ধীয় মোমাইদেউ জনে পথাৰৰ পৰা নতুনকৈ জগা গৰু পোৱালীটো কোলাত লৈ ঘৰমূৱা হৈছিল, চকুৰ পচাৰতে আহি মোমাইদেউক জোৱান কেইজনে কোনো সোধ-পোছ নাই এনেকুৱাকৈ গুৰুলা-গুৰুলকৈ কোবালে যে মোমাইদেউ বহুদিনলৈ বিচনাত পৰি থাকিব লগীয়া হৈছিল। এয়া মাত্ৰ এটা উদাহৰণহে কৈছো, এনে বহু ঘটনা সংঘটিত হৈছিল সেই ১০ বছৰ কালত। এটা সময়ত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰিল, নতুন চৰকাৰ আহিল, প্ৰায় ২৯ বছৰৰ পিছত সামৰিক কেম্পটো সেইস্থানৰ পৰা স্থানান্তৰ কৰিলে, কিন্তু সেই ভয়ানক দিনবোৰে সকলোৰে মনত এটা সাঁচ বহুৱাই গ’ল।
২০১৪ চনত অসামৰিক চিকিত্সালয়ৰ ২৫ বছৰীয়া পুৰণি ভৱনবোৰ ভাঙি প্ৰসূতি চিকিত্সায়খন নকৈ গঢ় দিলে, ২০১৬ চনত প্ৰসূতি চিকিত্সালয়ৰ পিছফালে প্ৰস্তাৱিত নগাঁও চিকিত্সালয় মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে। এতিয়া ওখ ওখ অট্টালিকা, ন-ন দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানে হিদলনী পথাৰখনৰ চৌপাশ এখন কংক্ৰিতৰ মহানগৰীলৈ পৰিনত কৰিলে। সময়ৰ সোঁতত হিদলনী পথাৰ, সেই আহত গছজোপা, হেলছ গছজোপা, সেই পুখুৰী দুটা চিৰদিনৰ বাবে হেৰাই গ’ল। পাহৰণিৰ গৰ্ভত আজি সকলো জাহ গ’ল।
পুৰণি চেঙেলীয়াবোৰ আজি আদবয়সীয়া হ’ল, কোনোবা বৃদ্ধ হ’ল, কোনোবা ইহ সংসাৰৰ পৰা মেলানি মাগিলে, নতুন প্ৰজন্ম আহিল, আজিৰ চেঙেলীয়াবোৰে এই নিৰ্মীয়মান মহানগৰীখনৰ ইতিহাসৰ কথা ঘুণাক্ষণেও কাৰো মুখত শুনা নাই চাগৈ, কিন্তু স্মৃতিবোৰ আমাৰ হৃদয়ত চিৰদিনৰ বাবে সজিব হৈ থাকিল এখন বোলছবিৰ দৰে।

No comments:

Post a Comment