মাঘৰ বিহু পালেহিয়েই, পুহমাহৰ শেষৰ ফালে মানুহৰ ঘৰে ঘৰে ঢেঁকীৰ
ধেংকুল্চ ধেংকুল্চ শব্দ ৰাতিপুৱা গধূলি কাণত পৰিলহি। ইফালে সিফালে চিৰা-ভজা,
সান্দহগুড়ি খুন্দৰ চিনাকি যেন গোন্ধ এটাই নাকত খুন্দা মাৰিলেই। এনে সময়তেই আমিও
বাৰীৰ মাজত থকা কাঁঠআলুৰ লতাডালৰ গুড়ি বিচাৰি বিচাৰি উলিয়াই খান্দিবলৈ লাগি যাওঁ।
মাজডোখৰত নভঙাকৈ গোটে গোটে দীঘল কাঁঠ আলু উলিয়াই অনাটোও জানো কম কষ্টকৰ কথা আছিল
নে..? খন্দাইহে জানে।
আয়ে
পিতাইক এইকেইদিনত প্ৰায়ে খাটনি ধৰে, ঢেঁকীটোৰ ঠোৰাটো ঠিক কৰি দিব লাগে, বিহুৰ
যোগাৰ কৰিবলৈ হ’ল। পিছে পিতাইৰ এইকেইটা দিনত আজৰি নাই, ধান শুকুওৱা, ধান ভঁড়ালত
সুমুওৱা, খেৰ শুকুৱাই মেজি দিয়া আদি এশ এবুৰি কাম। তাৰ মাজতে চেগ মাৰি ঢেঁকীৰ
কটৰা, ঠোৰা যি বেয়া হৈ আছে, সেয়া ঠিক কৰি দিয়ে।
ইফালে
আয়ে বৰ-কেৰাহীটোত ধান ফালিবলৈ বহাই দিয়ে, আমিবোৰে পুৱাতেই উঠি কেঁৰাহীৰ তলৰ জুই
বঢ়াই থাকিব লাগে। ধানে ফাট মেলিলে কাঁঢ়নিৰে কাঢ়ি দুপৰীয়া ৰ’দত মেলিব
লাগে। আজিকালি এনেকৈ ধান ফলা দেখাই নাযায়।
আয়ে
বিহুৰ আগে আগে এইকেইটা দিনত ছাইখাৰনি, চৌদা বা মণিচালৰ গুটিৰে সিজোৱা একেৰাহী
কাপোৰ ধুবলৈ মেলি লয়। কেতিয়াবা কাপোৰ মেলিবলৈ ঠাইৰ অভাৱ হ’লে পথাৰত গৈ
বননিৰ ওপৰত মেলি দিয়ে, একেলেঠাৰীয়ে পৰা ৰ’দত কাপোৰ বোৰ শুকাই আৰু আইয়ে আবেলিলৈ কাপোৰ সামৰি আনে।
ককাৰ
দিনৰে নাৰিকল গছৰ পৰা পিতাই বিহুলৈ বুলি শুকান নাৰিকল পাৰে, নাৰিকলৰ বাকলি গুচুৱা
কামটো মোৰ ভাগতে পৰিছিল, মই শুকান নাৰিকল বোৰ এটা এটাকৈ ডাঙি কাণৰ কাষলৈ আনি
জোকাৰি চাওঁ, পানী লৰিছেনে নাই, পানী লৰিছে যদি সেইটোৰ ভিতৰখন ভাল, লগে লগে সেইটোৰ
বাকলি গুচাই, চুৰুকি সোঁ-মাজতে দুফাল কৰি তাৰ পানীখিনি গোটাই যাওঁ। গোটেইবোৰ
নাৰিকল বাকলি গুচাই হ’লেই, নাৰিকলৰ পানীৰ ভাগবতৰা হয় ককাইদেউ, মোৰ আৰু ভাইটি
হঁতৰ মাজত। খাবলৈ যে কিমান সোৱাদ ঐ।
ঢেঁকীৰ
মাত নুশুনাকৈয়ে আজিৰ ল’ৰা ছোৱালী ডাঙৰ হৈছে। চিৰা-পিঠা বনাব নজনাকৈয়ে ছোৱালী
গাভৰু-বোৱাৰী হৈছে যদিও বজাৰত সহজলভ্য ভিন্ন প্ৰকাৰৰ পিঠা-চিৰা-মুড়ি আৰু জাৰ্চি
গৰুৰ পনীয়া দৈৰে বিহুত আলহী সোধাৰ পৰম্পৰা অৱশ্যে চলিয়েই আছে। পাৰ্থক্য মাথো ইয়াতে
যে আগৰ ডেকা-গাভৰু বা আন মানুহবোৰে এইবিলাক খাই তৃপ্তি লভিছিল আৰু আজিকালি
চিনামাটিৰ প্লেটত সজাই দিয়া বজাৰৰ পিঠা-পনাবোৰ আলহীয়ে খাওঁ-নাখাওঁকৈ কিবা এবিধ
মুখলৈ নিয়ে, বাকীখিনি গৃহস্থনীয়ে পুনৰ সামৰি ৰাখে পাছৰ আলহীলৈ। বজাৰৰ পৰা অনা
এইবিলাক খাদ্য সামগ্ৰীয়ে যে জীৱনত কিমানবাৰ কণ্টেনাৰৰ পৰা ড্ৰয়িংৰূমলৈ অহাযোৱা
কৰিব লগীয়া হয়, কিমান আলহীৰ মুখ দেখে তাক অনুমান কৰা টান। বিহুৰ ভোগ মাটিমাহ,
কাঠআলু, ঠেঁকেৰাৰ গোন্ধত আমোলমোলাই থকা দালিখন নহ’বও পাৰে, কিন্তু কিনা খানা-পিনাৰে
পৰম্পৰা চলিয়েই আছে। তাৰোপৰি বিহুৰ মৰম চেনেহবোৰৰ অনুষ্ঠানিকতাবোৰ সীমাবদ্ধ হৈ
পৰিছে ম’বাইল, এচ.এম.এচ, হুৱাষ্ট-এপ, ই-মেইলতে। হেপি বিহু, হেপি ভোগালী আদিৰে।
পৰিবৰ্তনৰ এই ধাৰাই আমাক ইমান খৰগতিৰে আগুৱাই লৈ গৈছে যে আমি গৈ ক’ত কেতিয়া,
কেনেকৈ উপস্থিত হওঁগৈ বা নিজকে আৱিস্কাৰ কৰোগৈ তাৰো কোনো লেখ-জোখ নাই।
নিতুল বৰা,
নগাঁও,
![]() |
ভোগালীৰ বাবে আয়োজন কৰা বিভিন্ন পিঠা |
![]() |
গুড়ি পিঠাগুড়ি |
![]() |
ঘিলাপিঠা |
No comments:
Post a Comment