টং টং
টং, স্কুলৰ ঘণ্টাটো বাজি উঠিল, আমি সকলো স্কুলৰ ভিতৰলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিলো।
শ্ৰেণীৰ পাঠ আৰম্ভ, লগৰ বোৰে ইটোৱে সিটোক কানে কানে ফুচফুচাই কোৱা কথা মোৰো কানত
আহি পৰিলহি। ঐ আজিবোলে টংক হঁতৰ ঘৰৰ পৰা বুট-ক’ল দিবহি। মনত কব নোৱাৰাকৈয়ে বাঁহ ললেহি আনন্দই, আজি
তেনেহলে সোনকালে স্কুল ছুটি হবই হ’ব। এতিয়া বা কাক কাক ক’ল আনিবলৈ পঠিয়াই হেড চাৰে। আনকালে হলে আমি তিনিটাই চাঞ্চ
পাওঁ, মানে মই, চন্দ্ৰ আৰু বুবুলিয়ে। এক দুই কৈ পিৰিয়ড বোৰ গৈ আছে, তেনেতে আহি
ওলালহি টংক দেউতাক, চাৰক লগ পাই কিবা কিবি কোৱা যেন পালো, মোৰ মন উগুল-থুগুল
লাগিলেই।
কিছু
সময়ৰ পিছত চাৰে আমাক মাতিলে, ঐ তহঁত কেইটা
টংক হঁতৰ ঘৰলৈ যা, আৰু দেউতাকে কল এথোক আৰু বুট এখৰাহি দিব লৈ আহিবিগৈ। আমি
ভালেই পালো, কিতাপ বহী কেইটা সমৰি থৈ একে কোবে দৌৰ মাৰিলো, বাটত যাওঁতে ক’ত কি কথা, ঐ আজি ছুটিৰ পিছত কলঙৰ
পাৰৰ বগৰী আৰু তেতেলী খামগৈ হা। ঠিক আছে, কিন্তু মোক মাটি পেঞ্চিল এডাল দিলেহে
বগৰী পাৰি দিম বুলি চন্দ্ৰই খাটনি ধৰিলে, হ’ব দে দিম বুলি কথা দিলো। তিনিও কথা পাতি পাতি গৈ টংক হঁতৰ
ঘৰ পালোগৈ, দেউতাকে দীঘল বাঁহ এডাল যোগাৰ কৰি দিলে আৰু আমি তিনিও সেইডালতে ৰচী
এডাল বান্ধি কল থোক ওলমাই ভাৰ কৰিলো, চন্দ্ৰই বুটৰ খৰাহিটো পোহাৰীয়ে ভাৰ অনাদি
মূৰৰ ওপৰত লৈ আগে আগে আগবাঢ়িল, আমি দুয়ো কলৰ ভাৰ লৈ পিছে পিছে গৈ স্কুল পালোগৈ।
হেডচাৰে
কিছু পুৰণি পৰীক্ষাৰ বহীৰ পাতত বুট আৰু কল বিলাবলৈ দিলে, আমি তিনিও আৰু দুজনীমান
ছোৱালীয়ে মিলি বেঞ্চীয়ে বেঞ্চীয়ে বুট, কল কাগজত বিলাই দিলোগৈ। খোৱাৰ আগতে হেডচাৰে
সকলোকে উদ্দেশ্যি দু-আষাৰ মান কলে—আজি টংকৰ জন্মদিন, সেই হেতুকে সিহঁতৰ ঘৰৰ পৰা
সমূহ ছাত্ৰ-ছাত্ৰীকে এইদৰে বুট-কল খুৱাই আশীৰ্বাদ বিচাৰিছে। চাৰৰ ভৰি চুই টংকই
সেৱা কৰিলে। তাৰ কিছুসময়ৰ পিছত আমাক ছুটি দিলে।
এতিয়া
আমাক আৰু কোনে পায়, লগত টংককো লৈ আমি তিনিও কলঙৰ পাৰ পালোগৈ, মই অকনমান খিনমিন
আছিলো বাবে চন্দ্ৰ আৰু বুবুলিয়ে মোক গছত উঠিবলৈ প্ৰায়ে নিদিয়েই, মই তলতে থাকি
বুটলিহে থাকো, বগৰী গছৰ পৰা পকা পকা বগৰীবোৰ ডাল জোকাৰি দিয়ে, আৰু মই যিমান পাৰো
হাফ পেণ্টৰ পকেটত ভৰাই যাওঁ, বগৰী গোটাই হলেই সিহঁত নামি আহি কেঁহোৰ দোকানৰ বাহিৰত
থকা নিমখৰ বস্তাৰ পৰা নিমখ লৈ চাৰিওটাই হৰহৰিয়া জানৰ পুলত বহি দকচি খাওঁ, চন্দ্ৰক
দিয়া কথা মতে মই মাটি পেঞ্চিল এডাল দিব লগাত পৰিল। তেতিয়াৰ দিনত দীঘল মাটি পেঞ্চিল
থকাটো বহুত ডাঙৰ কথা আছিল আমাৰ বাবে। ইয়াৰ পিছত পকা তেতেলী বিচাৰি তেতেলী গছৰ তল
চলাথ কৰো, এইবোৰ কৰি কৰি ঘৰলৈ বাট পোনাওটেই প্ৰায় ৩ বাজিবৰ হয়। চাৰিওটাই নিজৰ নিজৰ
বাট লওঁ। বুবুলি আৰু আমাৰ ঘৰ ওচৰা-ওচৰি বাবে একেলগে আহো, আহোতে মনতে ভাবি আহো, হে
ভগৱান আজি যেন ভ-ৰাম বুঢ়াটো বাটতে ৰৈ নাথাকে আৰু। ভ-ৰাম বুঢ়া আমাৰ ওচৰৰে অৱসৰ
গ্ৰহণ কৰি ঘৰতে থকা বৃদ্ধ। স্কুলৰ পৰা অহা ল’ৰা ছোৱালীবোৰক ৰখাই লৈ নেওতা সোধে, নহলে বিভিন্ন প্ৰশ্ন
কৰে। সেই ভয়তে আমি কেতিয়াবা সেই বাটেৰে নাহোৱেই। আজি এনেও দেৰি হৈছে, সেয়ে এবাট
ঘুৰি ঘৰলৈ গলে আৰু দেৰিহে হ’বগৈ বুলি পোন বাটেই আহিলো। ভ-ৰাম বুঢ়াৰ পদুলিৰ কিছু দুৰৰ পৰা আমাৰ
খোজৰ গতি কিছু খৰতকীয়া হৈ পৰে ক’ব নোৱাৰাকৈয়ে। এনেতে শুনিলোৱেই নহয় মাত--- ঐ এইকেইটা......অমুকৰ আৰু তমুকৰ পুতেক নহয়নে..? চাও এইফালে আহ। আমি প্ৰায় নুশুনাৰ ভাও ধৰি খৰগতিৰে মনতে
ভোৰ-ভোৰালো, এই বুঢ়াডালৰ কাম বন নাই খালি বাটত আহি খাপ পিতি থাকিবহি, ঐ পলা পলা,
বুঢ়াই মাতিলেই। আমি আওকান কৰি কথা অচিলা লৈ যিমান পাৰো খোজৰ গতি বঢ়াই দিলো, পিছে
বুঢ়াৰ পৰা ক’ত
সাৰিব পাৰি। বুঢ়াৰ যিহে দীঘল দীঘল ভৰি দুখুন। বুঢ়াই দীঘল বেঙা মেলা খোজেৰে আহি
আমাক আগচি ধৰিলেহি, ঐ তহঁত দুটাক মাতিছো যে শুনিছনে নাই...? অ অ অ ক’কা, এহ আমি শুনাই নাছিলো, কথা
পাতি আহি আছো যে সেয়ে। বাৰু তহঁতৰ স্কুলৰ পৰা আহোতে কিয় ইমান দেৰি হ’ল..? নহয় মানে ক’কা। কি নহয় মানে ক’কা..? ঐ আজি স্কুলত মাষ্টৰে কি
পঢ়ালে..? নেওতা
মাত, নেওতা..?
একৰ এক গল থাকিল শূন্য,
দুইৰ এক গল থাকিল এক,
তিনিৰ এক গল থাকিল দুই,
হেই
সেইখন নহয়, বৰ নেওতা মাত ? কি বিপদ ঔ, এইডালৰ পৰা কেনেকৈ
সাৰিব পাৰি। ইফালে এনেই দেৰি হৈছে, ঘৰত আজি পিঠিখন ফালিব আইয়ে। মই ভাবি থাকোতেই
বুবুলিয়ে আখৈ ফুটাদি কেইশাৰীমান মাতিয়েই দিলে। কিন্তু বুঢ়াই মোৰ ফালে চাই
কলে---তই একা...? মই
বোলো কি ক’কা..? কওঁক ! তই স্কুলৰ চাৰিসীমাটো ক..? ঘেহাই ঘেহাই.......উত্তৰে ডিফলু
সত্ৰ, দক্ষিণে কলং, পশ্চিমে দেওধৰ গাওঁ, পূৱে সমবায়। বাৰু হৈছে, আজিলৈ এৰিলো বাৰু।
যা-এতিয়া তহঁত ঘৰলৈ যা। এইবুলি কবলৈহে পালে আমি দুয়োটাই ফৰিং চিটিকা দিলো, একেবাৰে
ঘৰতহৈ গৈ উশাহ সলাইছোগৈ। উস ৰক্ষা এদিনলৈ।
No comments:
Post a Comment