Thursday, 12 September 2013

টাইটানিকৰ সেই বিভিষীকাময় প্ৰথম আৰু শেষ যাত্ৰাটোঃ-


টাইটানিক, এখন বিশাল জাহাজ, যাৰ নাম নুশুনা মানুহ হয়তো সমগ্ৰ বিশ্বতেই তেনেই তাকৰ হৱ, লগতে সেই বিভিষীকাময় ঘটনাটো। টাইটানিক জাহাজ খন তিনিখন ফুটবল খেলপথাৰৰ সমান দীঘল। এঘাৰ মহলীয়া, প্ৰায় ৪৬,০০০ মেট্ৰিকটন ওজনৰ টাইটানিক জাহাজখনৰ সমান ডাঙৰ জাহাজ সেইসময়ৰ আগলৈকে কোনেও নিৰ্মাণ কৰা নাছিল।সকলো সা-সুবিধাৰে সমৃদ্ধ টাইটানিক জাহাজখনে ৮৯১ জন কৰ্মচাৰী আৰু ১,৩১৬ জন যাত্ৰীক লৈ ১৯১২চনৰ ১০ এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ছাউথাম্পটনৰ পৰা নিউয়ৰ্ক অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।জাহাজ খনৰ এই প্ৰথম যাত্ৰাই আছিল বিশ্ববাসীৰ বাবে এটা ডাঙৰ খৱৰ। জাহাজখন সকলোতকৈ উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা ১৬টা জলপ্ৰতিৰোধী কোযা, বহল বাৰাণ্ডা, সুন্দৰ খোৱা কোঠা, তুৰস্কৰ আৰ্হিৰ স্নানাগাৰ, ঢৌ আৰু বতাহেও ক্ষতি কৰিব নোৱাৰা ব্যৱস্থাৰে পৰিপূৰ্ণ।এই সকলো সা-সুবিধা আৰু অত্যাধুনিকতাৰ গৰ্বেৰে গৰ্বিত এজন জাহাজৰ কৰ্মচাৰীয়ে কৈয়েই পেলাইছিল যে—স্বয়ং ভগৱানেও এই জাহাজখন ডুবাব নোৱাৰে। অহংকাৰেই পতনৰ মূল বুলি কথাষাৰ যেন পৰবৰ্তী ৪দিনৰ পাছত প্ৰতিপন্ন কৰিলে।

প্ৰকৃতিদেৱীয়ে যেন প্ৰমান কৰি দিলে যে---প্ৰকৃতিৰ ওচৰত মানৱ সৃষ্টি কিমান ক্ষুদ্ৰ। তাৰে ফলস্বৰূপে মাত্ৰ ৫দিনৰ পাচতেই ১৯১২চনৰ ১৫ এপ্ৰিলৰ দিনা আটলাণ্টিক মহাসাগৰৰ প্ৰকাণ্ড হিমবাহত খুণ্ডা মাৰিছিল।শীতল পানী আৰু যেনি তেনি ওপঙি ফুৰা বৰফৰ মাজত দুখন কলাপচিবল নাও আৰু পোন্ধৰখন লাইবোট অত-তত পৰি থকা দেখা গৈছিল।বৰফৰ শীতলতাই চিনিব নোৱাৰা কৰি পেলোৱা যাত্ৰীসকলৰ মৃতদেহ সাগৰৰ বুকুত ওপঙি আছিল। এইদৰেই বিশ্বৰ প্ৰথমখন ডুব নোযোৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা টাইটানিক জাহাজ যাত্ৰাৰ কেইঘণ্টামান পিছতেই ধ্বংসস্তুপত পৰিনত হৈছিল। প্ৰায় ১৫০০ যাত্ৰীক লৈ টাইটানিক চিৰদিনৰ বাবে আটলাণ্টিকৰ বুকুত শুই পৰিছিল।

সংঘটিত মূল ঘটনাটোঃ-

টাইটানিক জাহাজখনে ঘণ্টাত প্ৰায় ৪০ কি.মি. ৭৪৪ মিটাৰ বেগত ১৯১২চনৰ ১৫ এপ্ৰিলৰ নিশাও উত্তৰ আমেৰিকাৰ দিশে তীব্ৰ বেগেত যাত্ৰা কৰি আছিল। সেইদিনা আছিল দেওবাৰ আৰু যিটো পথেৰে টাইটানিক অগ্ৰসৰ হৈছিল, সেই পথটোৰ নাম আছিল নিউপাউণ্ডলেণ্ড ৰুট।দিনৰ ভাগত সেই পথেৰে অতিক্ৰম কৰে প্ৰায় ৬খন জাহাজে টাইটানিকৰ কতৃপক্ষক জনাইছিল যে সেইপথত পৰ্বত সদৃশ আইচবাৰ্গ আছে, গতিকে সাৱধানে অগ্ৰসৰ হওঁক।কিন্তু টাইটানিকৰ কতৃপক্ষই সেইজাহাজ কেইখনৰ পৰা অহা সাৱধানবাণী আৰু ৰেডিঅ সংকেতৰ লগতে সকলো গুৰুত্বপূৰ্ণ কথা আওকাণ কৰিছিল।তাৰোপৰি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পানীৰ তাপমাত্ৰা ৪৩ ডিগ্ৰী ফাৰেণহাইটৰ পৰা শূন্য ডিগ্ৰীৰ তললৈ নামি আহিব বুলি জনা তথ্যকো তেওঁলোকে আওকাণ কৰিছিল।উত্তৰ আটলাণ্টিক মহাসাগৰত এইদৰে পানীৰ তাপমাত্ৰা হঠাতে নিম্নগামী হোৱা মানেই ওচৰে-পাজৰে কৰবাত বৰফ থাকিব পাৰে।সকলো জানিও টাইটানিকৰ গতি হ্ৰাস কৰা হোৱা নাছিল আৰু সমুখত দেখা বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকে বেলেগ দিশও গতি কৰা নাছিল।
নিশা প্ৰায় দহমান বজাত ফ্ৰেডেৰিক ফ্লীট নাম লুক-আউট এজনে সাগৰৰ মাজত এটা সৰু, ডাঠ ৰঙৰ বস্তু এটা দেখা পাইছিল। কিন্তু ক্ৰমে ওচৰ চাপি অহাত বস্তুটো ডাঙৰ হৈ আহিল। ফ্লীটে পলম নকৰি জাহাজ কতৃপক্ষক লগে লগে খৱৰ দিলে যে আমাৰ সন্মুখত প্ৰকাণ্ড আইচবাৰ্গ আছে বুলি। এই খৱৰ শুনাৰ লগে লগে ফাৰ্ষ্ট অফিচাৰ উলিয়াম মাৰডকে ইঞ্জিনবোৰ ঘুৰাবলৈ নিৰ্দেশ দিলে। কিন্তু দ্ৰুত গতিত গৈ থকা জাহাজখন হঠাতে পিছুৱাই অনা বা গতি মন্থৰ কৰাটো ইমান সহজ কাম নাছিল। তথাপিও নাৱিক সকলৰ অপ্ৰাণ চেষ্টাৰ ফলত যেতিয়া টাইটানিকে আইচবাৰ্গটোৰ পৰা আতৰি আহিবলৈ আৰম্ভ কৰিছিল, সেইমূৰ্হুত্বতে আইচবাৰ্গটোৱে জাহাজখনৰ সোঁফালে এটা প্ৰচণ্ড খুণ্ডা মাৰি প্ৰায় ৩০০ফুটাৰ এটা অংশ ভাহি পেলাইছিল। জাহাজৰ ডেকত বৰফ সিঁচৰিত হৈ পৰিছিল আৰু ৬নং ব্ৰইলাৰ ৰূমটো পানীৰে ভৰি পৰাত ফায়ামেন ফ্ৰেডিৰিক কাৰেটে সেই ৰূমৰ সৈতে সংযোজিত ৫নং ব্ৰইলাৰ ৰূমৰ জলপ্ৰতিৰোধী দুৱাৰখন বন্ধ কৰি দিছিল।

সেইসময়ত কেপ্টেইন স্মিথৰ উত্কণ্ঠা আৰু ব্যস্ততা দুগুনে বাঢ়ি গৈছিল।তেওঁ ডিজাইনাৰ থমাছ এণ্ড্ৰিজৰ সৈতে কথা পাতোতেই টাইটানিকৰ পাঁচটা কোঠা পানীৰে ভৰি পৰিছিল। সকলোবোৰ কথা শুনাৰ পাছত ডিজাইনাৰ এন্দ্ৰিজৰ ধৰণা হৈছিল যে কেতিয়াও পানীত বুৰ নোযোৱাকৈ নিৰ্মাণ কৰা টাইটানিক আৰু খুব বেছি ডেৰ বা দুঘণ্টামান ওপঙি থাকিব।

নিশা প্ৰায় ১২.২৫ মান বজাত যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে টাইটানিকত থকা ১৬খন লাইফবোট আৰু ৪খন কলাপছিবল নাও সাজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। চাৰিও ফালে এচ-অ-এচ সংকেত প্ৰেৰণ কৰা হল। এচ-অ-এচ সংকেত হৈছে টাইটানিক জাহাজ বিপদত পৰিলে সাহায় কৰিব পৰাকৈ আন্তৰ্জাতিকভাবে গ্ৰহণ কৰা কেইটামান বিশেষ সংকেত। এই সংকেত প্ৰেৰণ কৰাৰ দায়িত্ব পৰিছিল ৰেডিঅ অপাৰেটৰ ফিলিপছৰ ওপৰত। যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগিল। টাইটানিক খালী কৰাৰ নিৰ্দেশ দিয়া হল।তথাপিও বহু সংখ্যক যাত্ৰীয়েই লাইফবোটত নুঠিলে, কাৰণ তেওঁলোকে ভাবিছিল যে কোনো জাহাজে আহি তেওঁলোকক উদ্ধাৰ কৰিবহি। সেয়ে ৬৫জন প্ৰৰ্য্যন্ত মানুহৰ বহন ক্ষমতা থকা প্ৰথমখন লাইফবোটে মাত্ৰ ২৮জন যাত্ৰী লৈয়ে যাত্ৰা কৰিছিল। এখন এখনকৈ ১৬খন লাইফবোট আৰু ২খন কলাপছিবল নাও গুচি গৈছিল। একেবাৰে শেষৰ লাইফবোটখনে যাত্ৰা কৰোতে প্ৰায় ১.৪০বাজিছিল আৰু সেইখনতেই উঠি যায় হোৱাইট ষ্টৰলাইনৰ মেনেজিং ডিৰেক্টৰ জে.ব্ৰুচ ইছমে। এৰিথৈ গৈছিল তেওঁৰ গৌৰৱৰ জাহাজ টাইটানিক আৰু প্ৰায় ১৬০০ বিপদগ্ৰস্ত মানুহক।নিশা প্ৰায় ২.১৫বজাত যেতিয়া অন্তিম দুখন কলাপছিবল নাও মেলি দিয়াৰ প্ৰস্তুতি চলোৱা হয়, ঠিক তেতিয়াই টাইটানিক কাতিহৈ পৰে আৰু ক্ৰমান্বয়ে জাহাজখন ডুব যাবলৈ ধৰে। মাজভাগতে টাইটানিক জাহাজখন দুটা সৰ্ম্পূন ভাগত বিভক্ত হৈ পৰে আৰু মাত্ৰ ১০মিনিট সময়ৰ পিছতেই আটলাণ্টিক মহাসাগৰত ১৩হাজাৰ ফুট গভীৰতাত প্ৰায় আধামাইলজোৰা টাইটানিকখন সিচৰিত হৈ পৰে।

এই লোমোহৰ্ষক ঘটনাৰ প্ৰায় ৩ঘণ্টাৰ পিছত অৰ্থাত্ ১৬এপ্ৰিল, সোমবাৰে পুৱা ৬বাজাত টাইটানিকৰ পাৰ প্ৰায় দহমাইল আঁতৰত থকা কেলিফোৰ্ণিয়া জাহাজে খৱৰটো পায় আৰু লগে লগে ঘটনাস্থলীলৈ ৰাওনা হয়। পুৱা ৮.৩০বজাত প্ৰায় ৫৮নাটিকেল মাইল দূৰত থকা কাৰপাথিয়া জাহাজে টাইটানিকৰ জীৱিত যাত্ৰীসকলক উদ্ধাৰ কৰি নিউয়ৰ্কৰ যাত্ৰা কৰে। কিন্তু তেওঁলোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত তাত প্ৰায় এঘণ্টা সময় কটোৱা কেলিফোৰ্ণিয়া জাহাজে টাইটানিকৰ কোনো অৱশিষ্টই নাপালে। ইয়াৰ প্ৰায় ১সপ্তাহৰ পিছত মেককে বেনেট নাম কেবল শ্বীপখনে সেইঠাইৰ পৰা প্ৰায় ৩০৬টা মৃতদেহ উদ্ধাৰ কৰিছিল। মুঠ যাত্ৰী ২২০৭ জনৰ মাত্ৰ ৭০৫ জনৰহে প্ৰাণ বাচিছিল। মৃত্যুক আকোৱালি লোৱা সকলৰ মাজত আছিল কেপ্টেইন স্মিথ আৰু ৰেডিঅ অপাৰেটৰ জেক ফিলিপছ।

(সহায়ক গ্ৰন্থঃ নগাওঁ মহাবিদ্যালয়ৰ আলোচনীৰ ৫০তম সোনালী জয়ন্তী সংখ্যাৰ সংগ্ৰাহক গীতাঞ্জলী কলিতাৰ টাইটানিকৰ সেই প্ৰথম তথা শেষ যাত্ৰাটো)

এদিন ভিক্ষা কৰিবলৈ অহা মোৰ সেই মোমাইদেউঃ-





আজিৰ পৰা প্ৰায় ৪৫ বছৰ আগৰ কথা, তেতিয়া আমাৰ পৰিয়ালটো দেউতাৰ চাকৰি সূত্ৰে পূৱ নগাঁৱৰ লংকাৰ পৰা ৫ কি.মি. দুৰৰ উদালি নামে ঠাইত আছিলো, সেইসময়ত মোৰ জন্মই হোৱা নাছিল

এদিনৰ কথা, জেঠ মহাৰ ভৰ দুপৰীয়া ভিক্ষা কৰিবলৈ আহিছিল এটি কনমানি মুছলমান সম্প্ৰদায়ৰ ল'ৰা, যাৰ নাম আবু বক্কৰ, বয়স আছিল মাত্ৰে ৭ বছৰহে, ৫ বছৰ বয়সতেই শিশুটিয়ে আব্বাজানক হেৰুৱাইছিল তাৰ আব্বাজানৰ মৃত্যুৰ পিচত দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপাই পৰিয়ালটো কেইবাদিনো অনাহাৰে থকাৰ পিছত বয়স কম হলেওঁ সি ঘৰৰ ডাঙৰ লৰা হোৱা বাবেই শেষত উপায়ন্তৰ হৈ ওচৰৰ গাঁৱলৈ বাধ্য হৈ মাকে তাক ভিক্ষা কৰিবলৈ পঠিয়াইছিল এঘৰ দুঘৰকৈ ঘুৰি ঘুৰি আহি এটা সময়ত সি আমাৰ ঘৰ পালেহি, সেইদিনা দেউতা ঘৰতে আছিল সি আহি আমাৰ চোতালতে ৰ'দত ছাতি এটা লৈ বহি পৰিল, ভাগৰে তাক জুৰুলা কৰিছে যে দেখিয়েই বুজিব পাৰি পিন্ধনত যি এটা বুকু পিঠি ফালি যোৱা চোলা আছে সিয়ো ঘামত তিতি গৈছে সি আহিয়েই চিলথি ভাষাত ভিক্ষা বিচাৰি মাত দিলেহি, দেউতা ওলাই গৈ কনমানি ল'ৰাটো দেখি বেয়া লাগি প্ৰথমৰ কোঠালৈ মাতি আনি সুধিলে ঘৰ ক' ? ঘৰত কোন কোন আছে..? কিয় ভিক্ষা কৰিব লগীয়া হৈছে ? ইত্যাদি ইত্যাদি, সিও পাৰে মানে দেউতাৰ প্ৰশ্নৰ উত্তৰ দিলে নিজৰ ভাষাতেই, আমাৰ মায়েও তাক কিবা এমুঠি খাবলৈ দিলে তাৰ মুখখন আনন্দতে সতেজহৈ উঠিল দেউতাই তাক সুধিলে তই কাম কৰিবি নেকি আমাৰ ঘৰত..? গৰু এজনী আছে সেইজনীকেই চাব লাগে আৰু দানা-পানী খুৱাই সন্ধিয়া বান্ধিব লাগে, ৰাতি হলে ঘৰলৈ যাবগৈ পাৰিবি সি ঘৰত কথাটো সুধি আহি জনাব বুলি কৈ সেইদিনালৈ গলগৈ

কেইদিনমান পিছত মাকে তাক লগতে লৈ আহি আমাৰ ঘৰত থৈ গলহি লাহে লাহে সি কামত পাকৈত হৈ পৰিল আমাৰ আটাইৰে লগত থাকোতে থাকোতে অসমীয়া ভাষা শুৱলাকৈ কব পৰা হল দেউতাই তাক আজৰি সময়ত অ.. . , আৰু নেওঁতা শিকাবলৈও ধৰিলে এদিন দেউতাই তাক ঘৰতে পঢ়ুৱাই পঢ়ুৱাই স্কুলত পৰীক্ষাও দিয়ালে, সময়ত সি ভাল ফলাফল লৈ উত্তীৰ্ণও হল, এনেকৈ সি কামৰ মাজতে পিছলৈ স্কুললৈ যাবলৈ ল'লে চতুৰ্থমানলৈকে পঢ়ি সি আৰু নপঢ়িলেআমাৰ ঘৰত থাকিয়েই সি অসমীয়াৰ সকলো আদব কায়দা অতি সোনকালে সহজতে শিকি পেলালে কথাই বতৰাই তাক কোনো কাৰণতে মুছলমান সম্প্ৰদায়ৰ বুলি কেতিয়াওঁ ধৰিব নোৱাৰা হৈ পৰিল সি দেউতাক নিজৰ ককাইদেউ বুলি মাতিছিল আৰু আমাৰ মাক সি বাইদেউ বুলিয়েই সম্বোধন কৰিছিল সহজ-সৰল সেই লৰাটো সকলোৰে অতি মৰমৰ হৈ পৰিছিল
 
এটা সময়ত সি চফল ডেকা হৈ পৰিল সি মনতে নিজাকৈ কিবা এটা কৰাৰ হেঁপাহ কৰি দেউতাক কলে-ককাইদেউ, মই আৰু ইয়াতে কাম কৰি নাথাকি কিবা এটা নিজাকৈ কৰিব বিচাৰিছো দেউতায়ো বোলে, ঠিক আছে ভাল কথাহে, তই কি টকা পইচা লাগে মই দিম বাৰু, তই আগবাহ দেউতাৰ পৰা সহাৰি পাই সি এদিন গৈ মটৰ দ্ৰাইভিঙৰ ট্ৰেনিং কৰিলে ট্ৰেনিং সমাপ্ত কৰি এখন পেছাগত চালকৰ অনুমতি পত্ৰও গোটালে, এনেকৈ সি এখন পুৰণি এম্বেচাদৰ গাড়ী নিয়মীয়াকৈ চলাবলৈ ল'লে আৰু মাজে মাজে আমাৰ ঘৰৰ লগতো যোগাযোগ ৰাখিলে

কিছুদিন সেইকাম কৰি পৰিয়ালটোক অলপ সকাহ দিব পৰা হল, তাৰ পিছত সি এখন ট্ৰাকৰ চালক হলগৈ, লংকাৰ পৰা ট্ৰাকখনেৰে শাক-পাচলি উজনি অসমৰ বিভিন্ন ঠাইলৈ চালান দিবলৈ ল'লে, এনেকৈ উজনিলৈ অহা-যোৱা কৰোতে কৰোতে এজন ভাল চাহ ব্যৱসায়ীৰ সানিধ্যলৈ আহিল, সি ট্ৰাকৰ চালকৰ কাম বাদ দি তেওঁৰ ব্যক্তিগত গাড়ীখনৰ চালকৰ চাকৰিত সোমাল এইখিনি পোৱালৈ বেছ কিছু বছৰ পাৰহৈ গৈছিল আমিও দেউতাৰ চাকৰি বদলি সূত্ৰে নগাঁৱলৈ উভতি আহিলো, তেতিয়াৰে পৰাই আমাৰ লগত তাৰ যোগাযোগ প্ৰায় হেৰাই গ' এনেকৈ প্ৰায় ১০ বছৰমান পাৰহৈ গ', আমিও হাইস্কুল পালোগৈ সময়ৰ লগে লগে সিও সত্ পথেৰে নিজে এপইচা দুপইচাকৈ গোটাই এদিন শিৱসাগৰৰ শিমলুগুৰিত মাটি কিনি তাতে সৰুকৈ ঘৰ এটা সাজি পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ লৈ গলগৈ সি তাৰ বৃত্তি, ঠাই সলনি কৰিলে যদিও আমাৰ পৰিয়ালৰ সেইমৰম কাহানিও পাহৰিব পৰা নাছিল সেয়ে এদিন চাহ ব্যৱসায়ীজনক গুৱাহাটীত থবলৈ আহি উভতি যাওঁতে নগাঁৱত আমাৰ ঠাইখনৰ অনুমান কৰি সুধি সুধি আবেলি প্ৰায় ৩ মান বজাত আমাক সকলোকে আচৰিত কৰি ঘৰ ওলালি পদুলিত গাড়ীখন ৰখাই দেউতাক দেখিয়েই পোনচাতেই আহি দেউতাক সাবতি ধৰিলে আৰু হুকহুকাই কান্দিলে, দেউতাক কলে-ককাইদেউ তই যদি মোক মানুহ নকৰিলি হেতেন আজি মই এই স্থান নাপালোহি হেতেন বুলি বহুত কান্দিলে কিন্তু সেইয়া তাৰ কোনো দুখৰ চকুপানী নাছিল, আছিল দেউতাই তাক দিয়া সেই মৰমৰ বহিঃপ্ৰকাশহে মাথোন মায়েও আহি আথেবেথে বহুৱাই পৰিয়ালৰ সকলোৰে খৱৰ ল'লে আমাৰ মামাৰ ঘৰ লংকাৰ পিপলপুখুৰী গাঁৱত আছিল বাবেই আমিও তাক বক্কৰ মামা বুলিয়েই মাতিছিলো জীৱনত আমিও ওচৰৰ পৰা মাৰুতি গাড়ীখন প্ৰথমবাৰৰ বাবে দেখা পাই লিৰিকি বিদাৰি চাই আছিলো, বক্কৰ মামাই আমাৰ মনৰ ভাব বুজিব পাৰি আমাক গাড়ী উঠাই এপাক ফুৰাইও আনিলেগৈ এনেকৈ প্ৰায় ২ ঘণ্টাৰো অধিক সময় আমাৰ লগত কটাই সকলো খা-খৱৰ লৈ এটা সময়ত বিদায় ল'লে তাৰ পিছত গুৱাহাটীলৈ আহিলেই আমাৰ ঘৰত সোমাই দুপৰীয়াৰ ভাতসাজ খাই যোৱাতো বক্কৰ মামাৰ এটা অভ্যাসত পৰিনত হৈছিলগৈ

এনেকৈ আনৰ গাড়ীৰ চালক হৈ এদিন বক্কৰ মামাই নিজাকৈ এখন ট্ৰাক কিনিবলৈ সক্ষম হ' ট্ৰাকৰ ভাড়াৰে পোৱা পইচা গোটাই গোটাই দুখন ট্ৰাকৰ মালিক হল নিজাকৈ সুন্দৰ এখন ঘৰো সাজিলে, একমাত্ৰ ভনীয়েকক বিয়াও দিলে, নিজেও বিয়া পাতিলে একমাত্ৰ পুতেক এতিয়া অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ আজি কিছুদিনৰ আগতে খৱৰ পালো এতিয়া বক্কৰ মামা এখন চাহ বাগিছাৰ মালিক হ' অৰ্থাত্ যি এদিন নিজে এমুঠি ভাতৰ কাৰণে আনৰ দুৱাৰ দলিত হাতপাতিব লগা হৈছিল, সি আজি এখন চাহ বাগিছাৰ মালিক, দুখনকৈ ট্ৰাকৰ মালিক, আৰু এখন নিজা ইণ্ডিগ' গাড়ীৰ মালিক হলগৈ এই সকলোবোৰ সম্ভব হৈছে একমাত্ৰ বক্কৰ মামাৰ অপৰিসীম ধৈৰ্য্য, একাগ্ৰতাৰেই ফল সময়ে মানুহক যে ক'ৰ পৰা কলৈ লৈ যায় সেয়া কোনেও কব নোৱাৰে


জীৱনে মৰণে মই চিৰদিন অসমীয়াঃ-



ময়েই খাছীয়া, ময়েই জয়ন্তীয়া, ডফলা-আবৰ-অকা;
ময়েই চিংফৌ, ভৈয়ামৰ মিৰি, সোৱণশিৰীয়া ডেকা;

বিজয়ী আহোম, কছাৰী-কোচৰ, মেছৰ কুমাৰ মই, ৰাজবংশী-ৰাভা, কপালত জ্বলে শত গৌৰৱ-আভা
মই লালুং-চুটিয়া-লুচাই-মিকিৰ-গাৰো, মিছিমি-খামতি-নগা-আঙ্গামী বীৰ;
পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ
সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা, চাহ বাগিছাৰ ময়েই বনুৱা, -অসমীয়া মৈমনছিঙীয়া, থলুৱা নেপালী, নৃত্য কুশলী মণিপুৰীয়া মই

জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ এই 'মই' টো আজি অসম নামৰ ভূখণ্ডৰ ভিতৰত কিমানখিনি আছেগৈ, তাক যেন এবাৰ উভতি চোৱাৰ সময় এইয়া আনহে নালাগে স্বয়ং লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰেই বংশ-লতাৰ গুৰি আছিল যথাক্ৰমে কনৌজত আৰু ৰাজপুতনাত লক্ষ্মীনাথৰ উপৰি-পুৰুষ কলিবৰ অসম নামৰ ভুখণ্ডলৈ আহিছিল তীৰ্থ পৰ্য্টনৰ অভিলাষত আৰু জ্যোতি প্ৰসাদৰ উপৰি-পুৰুষ নৱৰঙ্গৰাম আহিছিল ভাগ্যৰ অন্বেষণত তাৰোপৰি মহাপুৰুষ শঙ্কৰদেৱৰ পূৰ্বপুৰুষো কনৌজৰহে আছিল তেৰাৰ চতুৰ্থ উপৰি-পুৰুষ চণ্ডীবৰ আহিবলগীয়া হৈছিল কামেশ্বৰ দুৰ্লভ নাৰায়ণৰ প্ৰয়োজনত কথা-গুৰু মতে কামেশ্বৰে গৌড়েশ্বৰক ক'লে বোলে আমাৰ দেশত পণ্ডিত, ব্ৰাহ্মণ, কায়স্থ এইবোৰ নাই। সেয়ে তোমাৰ আমাৰ সুখ-দুখৰ বাৰ্তাও ৰাখিবলৈ ঘৰ চাৰেক মানুহ দিয়া সেই মৰ্মে গৌড়েশ্বৰে দেশৰ বাৰ্তা লৈ থাকিবলৈ সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ শূদ্ৰ দিলে সেই সাতঘৰ শূদ্ৰৰে এঘৰৰ অধস্তন পুৰুষ হলগৈ মহাপুৰুষ শঙ্কৰদেৱ

ইয়াৰ পিছৰ পৰা অসমৰ ৰজাসকলেও বিদেশী গুণাকৰ মানুহ পালে তেওঁলোকক মাটি-বাৰী, বিষয়-বাসনা দি অসমতে ঘৰ পাতি অসম চহকী কৰাত উদগণি দিছিল সেইদেখি ভাৰতবৰ্ষৰ আন ঠাইৰ পৰা আৰু ভাৰতৰ বাহিৰৰ পৰাও অসমলৈ মানুহ আহি সুচল পাই অসমতে বসতি কৰি থাকি গৈছিল ঘাইকৈ অসমৰ কামাখ্যা, পৰশুৰামকুণ্ড আদি অনেক তীৰ্থস্থান থকাৰ বাবে অসমলৈ তীৰ্থ কৰিবলৈ অহা বিদেশী মানুহেও উৰ্বৰা অসম এৰি নিজৰ কটুৰ দেশলৈ উভতি নগৈছিল তাৰোপৰি আন এটা কাৰণ আছিল যে সেই সময়ত অহা-যোৱা কৰা বাট বৰ দুৰ্গম আছিল সেইবাবেও কোনো বিদেশী মানুহ এবাৰ অসমলৈ আহিলে পৰাপক্ষত তেওঁ অসম এৰি উভতি নিজৰ দেশলৈ যাবলৈ মন নেমেলিছিল ভাৰতৰ অন্য প্ৰান্তৰ পৰা অহাই হওঁক বা ভাৰতৰ বাহিৰৰ পৰাই অহাই হওক, এই সকল লোকৰ পুৰুষানুক্ৰমিক ধ্যান-ধাৰণাই, শ্ৰমেই সমৃদ্ধ কৰি আহিছে অসমৰ ভাষা, সাহিত্য, সমাজ, সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতিও

আহোম সকলৰ উপৰি-পুৰুষ শ্যান দেশৰ চ্যুকাফা পাছৰ কালত অসমৰ ভুখণ্ডলৈ আহিছিল দেশ জয় কৰাৰ উদ্দেশ্যৰে দেশ জয় কৰি চ্যুকাফাই কেৱল যে মাটিখিনিকে আঁকোৱালি ল'লে তেনে নহয়, আঁকোৱালি ল'লে ইয়াৰ চিৰযুগমীয়া মাতষাৰিকো প্ৰৱল প্ৰতাপী আহোম ৰজাই ইচ্ছা কৰা হ'লে নিজৰ ভাষা, লিপি, ধৰ্ম আৰু সংস্কৃতি প্ৰজাসকলৰ ওপৰত জাপি দিব পাৰিলেহেঁতেন অনায়াসে কিন্তু তাৰ বিপৰীতে নিজৰ পূৰ্বপূৰুষৰ লগত সকলো ধৰণৰ আৱেগিক সম্পৰ্ক বিছিন্ন কৰি থলুৱা প্ৰজাসকলৰ ৰীতি-নীতিকে আহোমসকলে গ্ৰহণ কৰিলে, তাৰো পৰি গ্ৰহণ কৰিলে বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে পদবন্ধে ৰামায়ণত নিবন্ধ কৰা সেই মাত-কথাকে এনেকৈয়ে আনৰ মাজত নিজকে বিলাই দিয়েই চ্যুকাফাৰ বংশধৰ সকলে নিজকে প্ৰতিস্থা কৰিছিল
এইদৰেই মুছলমান সকলো এই ভূখণ্ডলৈ আহিছিল এদিন দেশ জয় কৰিবলৈকে এইসকলোবোৰ কথা চৈয়দ আব্দুল মালিকে তেওঁৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে---

অসমৰ মজিয়াত বিশ্বজয়ী মোগলৰ মুক্তৰাজ স্থাপন কৰিবলৈকে,
পিছে অসমৰ শৌৰ্য আৰু সৌন্দৰ্যৰ ওচৰত মোগলে মূৰ দোঁৱালে,
আৰু অসমত বন্দী হ',
অসমৰ ৰূপমুগ্ধ,
দুৰৰ মোগল আহি
হল অসমীয়া 

এসময়ত মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱৰ ফলত আৰু মানৰ আক্ৰমণত এই ভূখণ্ডৰ জনসংখ্যা বহু পৰিমানে হ্ৰাস পাইছিল যিখিনি মানুহ আছিল তেওঁলোকে কেৱল কৃষি-কৰ্মতে মনোনিবেষ কৰিছিল, লগতে পূৰ্বৰে পৰা ধোবা, নাপিত, কমাৰ, কুমাৰ বৃত্তিত জড়িত সকলেও কৃষি-কৰ্মতে হাত-উজান দিয়া বাবে সেই বৃত্তিৰ মানুহ ভাৰতৰ আন প্ৰান্তৰ পৰা আহিবলগীয়া হৈছিলগৈ পাছলৈ কৃষি-ক্ষেত্ৰত অধিক শস্য উত্পাদন কৰাৰ স্বাৰ্থত মৈমনসিংহ আদি জিলাৰ পৰা আনি বহুওৱা লোকসকলো হাঁড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল এই সকলে এতিয়া উদ্দীপ্ত কণ্ঠৰে একেষাৰে কব পাৰে---

জীৱনে মৰণে মই
চিৰদিন অসমীয়া,
অসমীয়া দেহে-প্ৰাণে মই

এই সকলো ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত আমাৰ অসমীয়া জাতিটোৱে যিখিনি অগ্ৰগতি লাভ কৰিলে, তাৰ বাবে উত্তৰ পুৰুষ সেইসকলৰ ওচৰত সদায়েই ঋণী হৈ থাকিল


সহায় লৈ...................
বৰা নিতুল,
(নগাঁও)
১১/০৮/২০১৩