Sunday, 22 March 2015

কেঁচা সোণৰ অলঙ্কাৰ তৈয়াৰৰ আঁৰৰ কাহিনীঃ-




অসমৰ বিৰল শিল্পবোৰৰ লগতে কেঁচাসোনৰ শিল্পও লেখত লৱলগীয়া এটি শিল্প। কিন্তু এই বিষয়ে এতিয়ালৈকে বহল ভাবে প্ৰচাৰ হোৱা নাই বুলিয়েই কৱ লাগিব। তথাপি এটা কথা নুই কৰিব নোৱাৰো যে আজিৰ পৰা প্ৰায় ৭,৮ মাহ মানৰ আগতে এই শিল্পৰ লগত জডিত সেইসকল মহান শিল্পীক DY365 য়ে আমাৰ কথাওঁ শুনক নামৰ অনুষ্ঠানটিৰ জৰিয়তে ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ এক সুন্দৰ প্ৰচেষ্ঠা হাতত লৈছিল, সি কিছুমাত্ৰাই  হলেও দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল বুলি ভাবো।

নগাওঁ সদৰৰ পৰা প্ৰায় ১২ কি.মি.মান দুৰৈত এখন গাওঁ। গাওঁ খনৰ নাম  ৰণথলী। আমাৰ আজু ককাহঁতৰ দিনৰে কথা, কিন্তু পিছত ককাহঁতে আমাক কৈছিল, বোলে  ইংৰাজৰ দিনত তাহানিতে সেই ঠাইত ইংৰাজ সৈনিক আৰু অসমীয়াৰ মাজত এখন তয়া-ময়া ৰণ লাগিছিল, তেতিয়াৰে পৰাই সেইঠাইখনৰ নাম ৰণথলী নামেৰে জনাজাত হৈ পৰে । কিন্তু সেইটোৱেই গাওঁখনৰ নাম বিখ্যাত হোৱা নাই, এই ৰণথলী গাঁৱৰ ৮০ শতাংশ মানুহেই সোঁণাৰী সম্প্ৰদায়ৰ লোক, গাঁওখনৰ প্ৰতিঘৰ মানুহৰ প্ৰতি গৰাকী সদস্যই কৰ্মী, নিজৰ ঘৰতেই তেওঁলোকে কেচাঁসোণৰ আ-অলংকাৰ নিজ হাতে গঢ়ি সেইবোৰ থলুৱা বজাৰত বিক্ৰিকৰি নিজৰ পৰিয়ালৰ লগতে গাওঁখনকো অৰ্থনৈতিক দিশত দোপদ-দোপে উন্নতি কৰি সুনাম কঢিয়াই আনিছে। সেইদৰে নগাঁও চহৰৰ পৰা অনুমানিক ২৪ কি.মি. দুৰৰ গেৰজাইপাম নামৰ এটি অঞ্চলৰ সাধাৰণ পৰিয়ালৰ মাজতো এনে কেঁচাসোণ তৈয়াৰী শিল্প দেখা পোৱা যায়।

এই কেঁচা সোণৰ শিল্পীসকলৰ পৰা জানিব পৰা মতে, তেওঁলোকে কেঁচামাল (Raw Materials) বাহিৰৰ বেপাৰীৰ পৰা ক্ৰয় কৰি আনি, সেইবোৰ নিজ গৃহত স্থাপান কৰা শালত ৰাংপেপাৰৰ মাজত সুমুৱাই গঢ়ি-পিটি পাতল কৰি তোলে। তাৰ পিছত সেইবোৰ অলঙ্কাৰ প্ৰস্তুত কৰিবৰ বাবে লা-ৰে আবৃত্ত ব্ৰঞ্জ, পিতল আদি ধাতুৰ সাঁচৰ মাজত দি সুন্দৰ ৰূপ দিয়ে। তেওঁলোকে তৈয়াৰ কৰা আ-অলংকাৰ বোৰৰ যেনেঃ- ঢোলবিৰি, জোনবিৰি, কেৰু, মনি, ঠুৰীয়া, গেজেৰা, ফুলি, নাকৰফুলি, খাৰু, আঙঠি আদিয়েই প্ৰধান। 

আৰ্থিক দিশৰ ফালৰ পৰা এই গাওঁ খনৰ প্ৰতিঘৰ মানুহেই জুৰুলা । উপাৰ্জন বুলিবলৈ তেওঁলোকৰ এই কেঁচাসোনৰ বৃত্তিটোৱেই একমাত্ৰ সম্বল। 

যাতায়তৰ ফালৰ পৰাওঁ গাওঁখন বহুতো দুৰৈতে আছে, যোগোযোগ বুলিবলৈ সেই সাতামপুৰুষীয়া আলিবাটোৱেই সাৰথি। স্থানীয় লোকৰমতে আজিলৈকে চৰকাৰৰ ফালৰ পৰাও কোনো ধৰনৰ সাহাৰ্য্য লাভ কৰা নাই। এই সুন্দৰ শিল্পটি অসমৰ নিদিষ্ট কেইখনমান ঠাইৰ বাহিৰে কোনো ঠাইত দেখিবলৈ পোৱা নাযায়, সেয়ে এনে শিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ তথা সচেতন মহলে সময় থাকোতেই সঠিক পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। অন্যৰ্থা ই পাহৰণিৰ গৰ্ভত বিলিন হৈ যাবলৈ বৰ বেছি সময় নালাগিব।

বি.দ্ৰঃ- কেঁচাসোণৰ কেইপদমান অলঙ্কাৰৰ আলোকচিত্ৰ এই লেখাৰ লগতে সংলগ্ন কৰিছো।


বৰা নিতুল,
নগাঁও,







No comments:

Post a Comment