ৰজনীগন্ধা
এবিধ গ্ৰীষ্মকালীন ফুল। এইবিধ ফুল মনমুহি নিয়া সুবাস, স্নিগ্ধতা আৰু কোমল বগা ৰঙৰ
বাবে অতি জনপ্ৰিয়। দীঘল ঠাৰিৰে সৈতে কটা ফুল আৰু ঠাৰি নোহোৱা ফুল দুয়োবিধেই
বৰ্তমান জনপ্ৰিয়। থোপা ফুল সাজিবলৈ বা ফুলদানিত কোঠাৰ ভিতৰত সজাই ৰাখিবলৈ বা বিবাহ
উত্সৱত, কইনা সজাওতে ব্যৱহাৰ কৰিবলৈ এইবিধ ফুল অতি উত্তম। অসমৰ জলবায়ু এইবিধ ফুলৰ
খেতিৰ বাবে যথেষ্ট উপযোগী। ৰজনী গন্ধা এপহীয়া ফুল পৰা সুগন্ধি দ্ৰব্য প্ৰস্তুত
কৰিবলৈ বা তেল, ধূপকাঠি আদি প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।
এইবিধ
ফুলৰ ব্যৱসায়িক ভিত্তিত কৰিবলৈ দুই প্ৰকাৰৰ আছেঃ-
১)
এপহীয়া , ২) বহুপহীয়া।
এইফুলৰ
বংশ বিস্তাৰঃ-ৰজনীগন্ধা ফুলৰ গছৰ গুৰিত সৃষ্টি হোৱা আলুৰ পৰা বংশ বিস্তাৰ কৰা হয়।
এটা আলুৰ পৰা পিছৰ বছৰত কেইবাটাও আলুৰ সৃষ্টি হয়। প্ৰথম বছৰৰ এটা আলুৰ পৰা দ্বিতীয়
বছৰত ১৫,২০ টা আৰু তৃতীয় বছৰত ২০,২৫ টালৈ আলু লাভ কৰিব পাৰি। ইয়াৰ ভিতৰত ৮-১০ টা
আলু প্ৰতি বছৰে কটা ফুল উত্পাদন কৰিব পৰাকৈ উপযোগী হয়।
আলুৰ
আকাৰ আৰু আকৃতিঃ-
আলুবোৰ
২.৫ ছে.মি.তকৈ অধিক ব্যাসৰ অথবা ৩০-৩৫ গ্ৰাম ওজনৰ হ’ব লাগে। আলুবোৰ দেখাত লাটুমৰ দৰে
জোঙা আৰু দীঘলীয়া হ’ব লাগে। (অৰ্থাত্ আলু কিনি অনাৰ সময়ত এই দুয়োটা কথাৰ প্ৰতি
লক্ষ্য কৰিব লাগে।)
আলু
ৰোৱাৰ সময়ঃ-অসমৰ জলবায়ুৰ বাবে ৰজনীগন্ধা ৰোৱাৰ সময় হ”ল
ফেব্ৰুৱাৰী-মাৰ্চ বা মাৰ্চ-এপ্ৰিল মাহ।
এতিয়া
ৰজনীগন্ধা ৰুবৰ বাবে মাটিৰ প্ৰস্তুতিঃ-
ৰজনীগন্ধা
ফুলৰ খেতিৰ বাবে ৰ’দঘাই, ওখ, সাৰুৱা, বালিচঁহীয়া মাটিৰ প্ৰয়োজন হয়। মাটিখিনিত
যথেষ্ট পৰিমানে জৈৱিক সাৰ থাকিলে ভাল। আলুবোৰ ৰোৱাৰ সময়ত মাটিডৰা ভালকৈ চহাই লৈ
১.৮ মি. বহল আৰু ২৫-৩০ ছে.মি. ওখকৈ ভেটি প্ৰস্তুত কৰি ল’ব লাগে।
প্ৰতিটো ভেটিতে প্ৰতি বৰ্গমিটাৰত ৪-৫ কেজি পচন সাৰ বা গোবৰ ভালদৰে মিহলাই ল’ব লাগে। মাটিত
জীপ ধৰি ৰাখিবলৈ ক’লা পলিথিনৰ ঢাকনি বা শুকান পাত আদি ব্যৱহাৰ কৰি ভাল ফল পাব
পাৰি। বিশেষকৈ ক’লা পলিথিন ব্যৱহাৰ কৰিলে খৰাং বতৰতো ফুলৰ যথেষ্ট উত্পাদন
কৰিব পাৰি।
আলুবোৰ
ৰোৱাৰ ব্যৱধান হৈছে, দুটা শাৰীৰ মাজত এক ফুট মান আৰু দুটা আলুৰ মাজত ২০,২৫
ছে.মি.মান খালী ঠাই ৰাখিব লাগে। বহুদিনলৈ ফুল উত্পাদন কৰিবলৈ গোটেই মাটিডৰাতে
একেবাৰতে আলুবোৰ নুৰোই, ১৫ দিনমানৰ ব্যৱধানত দুই তিনি শাৰীকৈ বা পাৰী হিচাপত ৰুব
লাগে।
সাৰ
প্ৰয়োগঃ-
ৰোগবিহীন
গছ আৰু উচ্চ মানদণ্ডৰ ফুল পাবলৈ হ’লে সময়মতে সাৰ প্ৰয়োগ কৰিব লাগে। ৰজনীগন্ধাত পটাচ প্ৰতি
বৰ্গমিটাৰত ৮০-৮৫ গ্ৰাম ইউৰিয়া, ১২০ গ্ৰাম মান চুপাৰ ফচফেট আৰু ৬০-৭০ গ্ৰাম মানকৈ পটাচ
পপ্ৰয়োগ কৰিব লাগে। ইয়াৰে আধাভাগ ইউৰিয়া আৰু সম্পূৰ্ণখিনি চুপাৰ ফচফেট আৰু পটাচ
সাৰ মাটি প্ৰস্তুতিৰ সময়তে আলু ৰোৱাৰ কমেও ৪,৫ দিন মানৰ আগতে প্ৰয়োগ কৰিব লাগে।
বাকী আধাখিনি ইউৰিয়া প্ৰায় ডেৰমাহমানৰ মুৰত প্ৰয়োগ কৰিব লাগে।
পানীৰ
ব্যৱস্থাঃ- শুকান বতৰত বা মাটিৰ আৰ্দ্ৰতা কমি যোৱা যেন দেখা পালে এসপ্তাহৰ
মুৰে-মুৰে এবাৰকৈ পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। সময়ে সময়ে শাৰীবোৰ মাজৰ
ঘাঁহবনবোৰ চিকুনাই থাকিব লাগে আৰু আলুৰ পৰা গুজালি ওলোৱাৰ পিছত গুৰিত মাটি চপাই
দিব লাগে।
ফুল
কটা আৰু ফুলৰ সংৰক্ষণঃ-
দীঘল
ঠাৰিৰে সৈতে ফুলৰ পুষ্পমঞ্জৰীসমূহ গছজোপাৰ তলত কাটিব লাগে। ফুল কটাৰ উত্তম সময়
হৈছে যেতিয়া পুষ্পমঞ্জৰীত প্ৰথম দুটা ফুল সম্পূৰ্ণকৈ মেল খায় তেতিয়াই কাটিব লাগে।
ফুল সদায় পুৱাতেই বা গধূলি কাটিব বা চিঙিব লাগে। পুষ্পমঞ্জৰী কটাৰ লগে লগে বাল্টিৰ
পানীত ৰাখিব লাগে। ফুলবোৰ চিঙোতে বাঁহৰ ডাঙৰ খৰাহিত ভৰাই ৰাখিব লাগে। আকৌ
পুষ্পমঞ্জৰীবোৰৰ সৈতে কাটিলে সেইবোৰৰ দৈৰ্ঘ্যতা অনুসৰি ১০০টামান মঞ্জৰীৰ একোটা
মুঠা কৰি বান্ধিব লাগে। তাৰ পিছত মুঠাবোৰৰ তলৰ অংশ বা পুষ্পমঞ্জৰীৰৰ ঠাৰি অংশত
তিতা কাগজেৰে বা টিচু কাগজ বা পাতল পলিথিনেৰে মেৰিয়াই ৰাখিব পাৰিলে ভাল। এই
মুঠাবোৰ কাগজৰ বাকচ বা কাৰ্টুনত ভৰাই দুৰলৈ পঠিবলৈ সুবিধা হয়।
ফুলদানিত
ফুল ১০ দিন পৰ্যন্ত সতেজ কৰি ৰাখিবলৈ পটাচিয়াম পাৰমাংগেনেট ২৫ মিলি.গ্ৰাম প্ৰতি
লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিব লাগে।
ফুল
শেষ হোৱাৰ পাছত আলু সংৰক্ষণঃ-
ফুল
চিঙি শেষ হোৱাৰ পাছত আলু পুৰঠ হলেই পানী দিয়া কাম বন্ধ কৰিব লাগে। পাতবোৰ কাটি আলু
মাটিৰ পৰা উঠাব লাগে আৰু মূঢ়াবোৰ পৰিস্কাৰ কৰি আলুবোৰ ভাগে ভাগে থব লাগে।
পৰিস্কাৰ কৰাৰ পিছত আলুবোৰ এমাহমান ছাঁ পৰা ঠাইত ৰখাৰ পাছতহে আকৌ ৰুবৰ বাবে উপযোগী
হয়। সেইবাবেই ডিচেম্বৰৰ শেষত বা জানুৱাৰী মাহৰ পহিলাতে উঠাই ফেব্ৰুৱাৰী, মাৰ্চ
মাহত সেইবোৰ ৰুব লাগে।
বৰা নিতুল,
নগাঁও,
ধন্যবাদ
ReplyDelete