![]() |
পূৰ্ণাঙ্গ একোজোপা চেগুণ গছৰ গুড়িৰ ফটো। |
চেগুণ
ওখই প্ৰায় ২০ ৰ পৰা ৩০, ৪০ প্ৰৰ্য্যন্ত হোৱা দেখা যায়। শীতৰ দিনত এই গছৰ বুঢ়া পাতবোৰ সৰি
ডালবোৰ উদং হৈ পৰে আৰু বসন্তৰ আগমনৰ লগে লগে পুনৰ কুঁহিপাত মেলা দেখা যায়। এনে গছ
সাধাৰণতে বালিয়া মাটি আৰু পলসুৱা আলতীয়া মাটিত স্বাস্থ্যবান হয়। ওখ পাহাৰীয়া
এঢলীয়া অঞ্চলত এই গছ ৰোপন কৰিব পাৰিলে সু-ফল পোৱা যায়।
নতুন পুলিৰ বাবে গুটি সংগ্ৰহঃ-
![]() |
চেগুণ গছৰ শুকান গুটি। |
চেগুণ
গছৰ গুটি সাধাৰণতে নবেম্বৰ-ডিচেম্বৰ মাহত পুৰঠ হয়। নিৰোগী গছৰ পৰা সংগ্ৰহ কৰা
গুটিবোৰ মাটিত এটা ডাঙৰ গাত কৰি, গুটিবোৰৰ তলত আৰু ওপৰত শুকান গোৱৰ মিহলি জাৱৰ ভালকৈ দি গাতটোৰ মুখখন
ভালকৈ বন্ধ কৰিব লাগে। নিয়মিত ভাবে পানী গুটিবোৰত দিবলৈ এটি চিদ্ৰ ৰাখিব লাগে যাতে
গুটিবোৰ জীপাল হৈ থাকে। এইদৰে ১৫, ১৬ দিন মান ৰাখি গুটিবোৰ গাতৰ পৰা উলিয়াই আনি মুকলি মাটিত সিচিব পাৰি।
নাইবা, নিৰোগী চেগুণ গছৰ পৰা সংগ্ৰহ কৰা
গুটি মাজৰ ভালৰো ভাল গুটি বাচি বাচি মৰাপাটৰ বস্তাত ভৰাই গুটি ৩ দিনমান পানীত
তিয়াই ৰাখিব লাগে। এনেকৈ চাৰিদিনৰ দিনা গুটিবোৰ মুকলি ঠাইত দুদিনমান ৰ’দত শুকুৱাই পুনৰ একেধৰণে বস্তাত
ভৰাই আকৌ এদিনৰ বাবে পানীত তিয়াই ৰাখিব লাগে। এনেকৈ ৩, ৪ বাৰমান কৰিব লাগে। এনে
পদ্ধতিৰেহে গুটিবোৰ ৰোপন কৰিবৰ বাবে সাজু কৰিব লাগে, অন্যৰ্থা গুটিবোৰ বহুদিনলৈ নগজাকৈ থাকিব বা সুপ্ত অৱস্থাত
থাকিব পাৰে। এনেদৰে সাজু কৰা চেগুণৰ গুটিবোৰ লগে লগেই ৰুব নালাগে। গুটিবোৰ পুৰণি
হবলৈ এবছৰমান মুকলিকৈ বতাহ পোৱাকৈ ৰাখিব লাগে। গুটিবোৰ পুৰণি হলে মুকলি মাটি এডৰাত
বা ওখ এঢলীয়া ঠাই সিচিব লাগে।
শিপাৰ পৰা পুলি উত্পাদনঃ-
এই
পদ্ধতিত পুৰঠ নিৰোগী পৈনত চেগুণ গছৰ পৰা শিপাৰ কিছু অংশ অনুমানিক ৮-১০ ইঞ্চিমান
জোখৈ কাটিব লাগে। এতিয়া টুকুৰা শিপাৰ টুকুৰাবোৰ পলসুৱা চহোৱা ওখ ঠাইত প্ৰায় ৩-৪
ইঞ্চিমান পোত যোৱাকৈ মাটিত খুচি খুচি ৰুব লাগে। পাৰিলে মাটিত ৰোৱা শিপাবোৰৰ কাষে
কাষে শুকান গোৱৰ চতিয়াই দিব লাগে। এনেকৈ ৰোৱা শিপাৰ টুকুৰাবোৰৰ ওপৰত কমেও ২০-২৫
দিন মান নিয়মিত ভাবে পুৱা গধূলি পানী যোগান ধৰিব লাগে। এই সময়খিনত শিপাৰ টুকুৰাবোৰ
লৰিবলৈ দিব নালাগে বা ঠাই সলাব নালাগে। এনেকৈ প্ৰায় এমাহ মানৰ পিছত দেখা যাব যে
সেইবোৰৰ মূৰত কোঁহপাত মেলিছে। কোঁহপাতবোৰ অলপ ডাঙৰ হবলৈ দিব লাগে, যাতে পাত ডাঙৰ হোৱাৰ লগে লগে নতুন
শিপায়েও কিছু পৰিমানে মাটিত চানি ধৰে। তাৰ পিছত এটা এটাকৈ পাত, শিপা অহা ডালবোৰ ৩ মিটাৰ মানৰ
দুৰে দুৰে ৰোপন কৰিব পাৰি। নাইবা ব্যৱসায়িক ভিত্তিত পলিথিনৰ বেগত মাটিৰে সৈত্যে
ভৰাই বিক্ৰিৰ বাবে বজাৰলৈ উলিয়াই উপযুক্ত মূল্য আহৰণ কৰিব পাৰি।
![]() |
ৰোপন কৰাৰ বাবে প্ৰস্তুত কৰা চেগুণ গছৰ শিপা। |
এইদৰে
ৰোপন কৰা পুলিবোৰৰ গুৰিত ভালকৈ মাটি চপাই দিব লাগে আৰু নিয়মিত ভাবে পানীৰ যোগান
ধৰিব পাৰিলে ভাল। চেগুণ গছ খুব ধীৰগতিৰে বৃদ্ধি হয় সেয়ে পুলিবোৰ প্ৰায় ১ বছৰ মানৰ
ভিতৰত ১-২ মিটাৰমান হোৱাৰ পিছত পুলিবোৰৰ তলৰ ফালৰ পাতবোৰ এটা দুটাকৈ চিঙি দিব লাগে
যাতে পুলিবোৰে সোনকালে নতুন কোঁহপাত মেলিব পাৰে। এনে কৰিলে পুলিবোৰৰ বৃদ্ধিও
খৰকটীয়া হোৱা দেখা যায়।
চেগুণ কাঠৰ ব্যৱহাৰঃ
![]() |
এটি চেগুণ গছৰ পুলি। |
মূল্যবান
আৰু টান কাঠ হিচাবে চেগুন কাঠ ঘৰুৱা আঁচবাব যেনে চুফা, টেবুল, শোভাবৰ্দ্ধক, জাহাজৰ কেবিন, বন্দুকৰ নাল আদি বিভিন্ন কামত
ব্যৱহাৰ কৰা হয়। চেগুণ কাঠৰ বজাৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক
ভিত্তিত চেগুণ কাঠৰ ব্যৱসায় জীবিকা হিচাবে গ্ৰহণ কৰিব পাৰি বা লাভৱান হ’ব পাৰি।
বৰা নিতুল,
নগাঁও,