Monday, 12 January 2015

সপ্তাহিক বজাৰত এখন্তেক.....


সপ্তাহিক বজাৰৰ একাংশ


যোৱা সপ্তাহৰ কথা। একেৰাহে চাৰিদিনমান বন্ধ পালো, কবলৈ গলে খ্ৰীষ্টমাচৰ দিনা বৃহস্পতিবাৰে কলৈ যাম কি কৰিম এনে লাগি আছিল, সেয়ে ভাবিলো আজি ননৈ সপ্তাহিক বজাৰলৈকে যাওঁ, শ্ৰীমতীয়েও তেতেলী, বগৰী এইবোৰ খাই ভালপায়, ভাবিলো তাৰে কেইটামান পাওঁ নেকি, লগতে শাক-পাচলি কি পাওঁ অলপ বজাৰেই কৰি আহো।
এইবুলি দুপৰীয়া ঠিক ১১ মান বজাত খুৰশালীক লগত লৈ ননৈ বজাৰ পালোগৈ। গাড়ীখন চাৰিলেণ্ডযুক্ত পথৰ কাষতে একাষৰীয়াকৈ ৰাখি এহাতে জোলোঙাটো লৈ নামি আহিলো। বজাৰৰ মাজলৈ সোমালো, মানুহৰ হেঁচা
ঠেলা, কিনাই কিনিছে, বেচাই বেচিছে, চাৰিও ফালে এপাক ঘুৰি গৈ গৈ এটাত ৰলোগৈ, ভাবিলো এইখিনিৰ পৰাই আৰম্ভ কৰো...................................এই বুলি বেপাৰী এজনৰ কাষ পালোগৈ, সুধিলো তেওঁক বোলো..............

(১)
:- মটৰ কেনেকৈ..?
:- বোলে ৪০ টকা কেজি।
:- কি কয় হে, ইমান দাম আছে নেকি এতিয়া আৰু,  ৩০ কৈ দিব..?
:- নাই নোৱাৰিম।
:- বোলো ২ কেজি লম !
:- ৩৫ কৈ লব পাৰিব।
:- নাই নহব ৩২ কৈ দিম, হয় যদি দিলে দে, নহলে নালাগে।
:- অলপ সময় ভাবি, বেপাৰী জনে কলে ঠিক আছে লওঁক। আৰু কিবা..?
:- নাই নালাগে, জোখ।  বেপাৰীৰ লগত কথা পাতি পাতি ইতিমধ্যে মোৰ মুখলৈ মটৰ ১৫০ গ্ৰাম মান গলেই।
বেপাৰীটোৱে কলে, দাদা আপুনি মটৰ আধা-আধি খায়েই দিলে দেখোন।
হেই কি কথা কৱ অ, খাবলৈ নহয় কি মটৰ গেলাবলৈ আনিছনে..? এনেও মোক ঘৰত মটৰৰ বাকলি গুচাবলৈ নিদিয়ে বুজিছ, মই বাকলি গুচালে বাতিত জমা হয় যদি দুটা আৰু পেটত জমা হয় চাৰিটা। গতিকে তই যিমান সোনকালে মোক বিদায় দিবি তোৰেই মঙ্গল।
এইবুলি কোৱা শুনি বেপাৰী জনে ফটাফট পাল্লাত মটৰ জুখিলে। ২ কেজিৰ দামৰ লগত খুচুৰা মিলাব নোৱাৰি কলে, দাদা ৬ টকাৰ মটৰ মিলাই দিছো, মই বোলো কিয়..? নহয় মানে খুচুৰা অসুবিধা হয়। বোলো মোক ২ কেজি লাগে মানে ২ কেজিয়েই, তাতকৈ এক গ্ৰামো বেছি দিব নোৱাৰিব। হুহ খুচুৰাৰ আজুহাত লৈ এই কাণ্ড, লগে লগে পকেটৰ পৰা ৬ টকা খুচুৰা পইচা উলিয়াই দিলো, এয়া লওঁক, মই খুচুৰা দিছো। বেটাই লগে লগে বেছিকৈ দিব বিচৰা মটৰ নমাই থলে।

(২)

বিলাহী বেপাৰীৰ ওচৰ পালোগৈ...
:- বোলো বিলাহী কেনেকৈ অ ককাই..?
:- বোলে ৩২ টকা।
:- ৩২ টকা কি ? কেজি নে পাল্লা..(পাল্লা মানে ৫ কেজি) ?
:- বোলো অ, তাকে কোৱা ৩২ বুলি কলে কিটো বুজিম।
এটা কাম কৰা ২৫ টকাকৈ লবা, এক কেজি দিয়া, (আধা আধাকৈ ভিনিহি খুৰশালীয়ে ভগাই লম)
:- নাই দাদা, নোৱাৰিম, ৩০ কৈ কিনাই আছে, ২ টকা যদি লাভ নলওঁ আমি চলিম কিদৰে..?
:- হেই কি কথা কোৱাহে, তুমি কি কেৱল বিলাহীৰ লাভেৰেই চলিম বুলি ভাবিছা নেকি..? বাকীবোৰ পাচলিত মূলে মূলে দিয়া যদি কোৱা! (বেপাৰীয়ে মোৰ মুখলৈ বেঙাটো হৈ চাই আছে)
:- কি চাইছা, মই কি কৈছো বুজিছানে..?
:- বুজিছো দাদা, ঠিক আছে, আনক ৩০ কৈ দিছো আপুনি ২৮ কৈ দিব লাগিব। লওঁক।
:- বোলো কিয়..? আনক ৩০ কৈ আৰু মোক ২৮ কৈ কিয়..? মিছা কলে কি ডাল হব, মই কি তোমাৰ মিতিৰৰ মানুহ নেকি যে মোক তুমি ২৮ কৈ দিছা, আনকনো কিয় ৩০ কৈ দিছা..?? আনকোতো ২৮ কৈ দিব পাৰিলা হয়..?? হুহ বুৰ্বক বুলি ভাবিছা, তুমি আনক ২৮ কৈ দিছা, গতিকে মই ২৬ কৈ দিম, দুই কেজি জোখা।
বেপাৰী বিপাঙত পৰিল, বিলাহী জুখিলে, পকেটত থকা কেঁচা ৫ টকা এটা আৰু এটকাৰ লগত ২০ টকীয়া এখন উলিয়াই দি ফু-ফুৱাই আঁতৰি আহিলো।

(৩)

শেষত গোটেই বজাৰখন ঘুৰি ঘুৰিও কতো তেতেলী আৰু বগৰী নাপাই কাঁঠ আলু, ৰঙলাও কিনিলো, জোলোঙা ভৰি পৰিল, কেকোঁ-জেকোঁকৈ দুয়ো জোলোঙাটোৰ দুফালে ধৰি আহি আহি দৈৰ টেকেলীৰ বেপাৰী এজন দেখি কাষ চাপিলো। (বৃ্দ্ধ মানুহ এজনে বহুতো টেকেলী লৈ বহি আছে, কাষতে বিভিন্ন দালিৰ বস্তা)
বোলো দেউতা.....দৈ টেকেলী কেনেকৈ..? কি দৈ বা, গৰুৰ নে মহৰ..?
বোলে ৪০ টকাকৈ গোটে, মহৰ দৈ, লৈ যোৱা বোপাই কমাই ধৰিম।
আজি নিদিও দিয়ক, বিহুলৈ দেৰি আছে নহয়, বিহুৰ আগৰ বজাৰৰ দিনা আহিম, আপুনি থাকিবই নহয়, সেইদিনা মই তিনিটা টেকেলী কিনিম দিয়ক। আজি মাটি মাহ হে দিয়ক, কেনেকৈ বা দিছে..?
বোলে..........৬০ টকা কিলো।
( মনতে ভাবিলো, এহ টাউন বজাৰত ৭০, ৭৫ টকা কয়, ইয়াত দেখোন অলপ কমেই, লৈ যোৱাই ভাল হব)
অ বোলো আপোনাৰ ঘৰৰ নে...আনৰ পৰা পাইকাৰীত আনিছে..?
নহয় বোপাই, মোৰ ঘৰৰ, নিজে কৰা মাহ।
সিজবনে..?
সিজিব সিজিব। নিসিজিলে অহা বজাৰত মই তোমাক এককেজি বিনামূল্যে দিম দিয়া।
ঠিক আছে, তেনেহলে আপোনাৰ লগত আৰু কিনো দামাদামী কৰিম, দিয়ক এক-কেজিকে দুভাগ কৰি।
হয় হয়, মাটি মাহ যে সঁচাই মাটিমান, ঘৰত আহি পিছদিনা জুটি লগাই কাঁঠ আলু আৰু মাটিমাহৰ এসাজ খালো বহুত দিনৰ মূৰত। অহা বজাৰত মহৰ দৈৰ বাবে আকৌ পোনাব লাগিব।
তাৰ পৰা পোনে পোনেই শহুৰ দেউতাৰ ঘৰত সোমাই বজাৰ অলপ দিলো আৰু খুৰশালীয়ে কাটি দিয়া কুঁহিয়াৰ ৰদত বহি দকচি খালো, বিয়লি ঘৰলৈ আহি শ্ৰীমতীক গেৰেলা জোলোঙাটো দি মনটো ভুলাই কোনোমতে তেতেলী বগৰীৰ কথা পাহৰাবলৈ চেষ্টা কৰিলো। অ.ক.ব তেওঁও এগৰাকী সদস্যা যেতিয়া এইটো লেখা পঢ়ি শেষৰ খিনি পায়হি মানে মই গায়ব হব লাগিব।


বৰা নিতুল,
নগাঁও,
০১/০১/২০১৫

কলৈ গ’ল ভোগালীৰ সেইদিনবোৰঃ--------------



মাঘৰ  বিহু পালেহিয়েই,  পুহমাহৰ শেষৰ ফালে মানুহৰ ঘৰে ঘৰে ঢেঁকীৰ ধেংকুল্চ ধেংকুল্চ শব্দ ৰাতিপুৱা গধূলি কাণত পৰিলহি। ইফালে সিফালে চিৰা-ভজা, সান্দহগুড়ি খুন্দৰ চিনাকি যেন গোন্ধ এটাই নাকত খুন্দা মাৰিলেই। এনে সময়তেই আমিও বাৰীৰ মাজত থকা কাঁঠআলুৰ লতাডালৰ গুড়ি বিচাৰি বিচাৰি উলিয়াই খান্দিবলৈ লাগি যাওঁ। মাজডোখৰত নভঙাকৈ গোটে গোটে দীঘল কাঁঠ আলু উলিয়াই অনাটোও জানো কম কষ্টকৰ কথা আছিল নে..? খন্দাইহে জানে।
আয়ে পিতাইক এইকেইদিনত প্ৰায়ে খাটনি ধৰে, ঢেঁকীটোৰ ঠোৰাটো ঠিক কৰি দিব লাগে, বিহুৰ যোগাৰ কৰিবলৈ হল। পিছে পিতাইৰ এইকেইটা দিনত আজৰি নাই, ধান শুকুওৱা, ধান ভঁড়ালত সুমুওৱা, খেৰ শুকুৱাই মেজি দিয়া আদি এশ এবুৰি কাম। তাৰ মাজতে চেগ মাৰি ঢেঁকীৰ কটৰা, ঠোৰা যি বেয়া হৈ আছে, সেয়া ঠিক কৰি দিয়ে।
ইফালে আয়ে বৰ-কেৰাহীটোত ধান ফালিবলৈ বহাই দিয়ে, আমিবোৰে পুৱাতেই উঠি কেঁৰাহীৰ তলৰ জুই বঢ়াই থাকিব লাগে। ধানে ফাট মেলিলে কাঁঢ়নিৰে কাঢ়ি দুপৰীয়া ৰদত মেলিব লাগে। আজিকালি এনেকৈ ধান ফলা দেখাই নাযায়।
আয়ে বিহুৰ আগে আগে এইকেইটা দিনত ছাইখাৰনি, চৌদা বা মণিচালৰ গুটিৰে সিজোৱা একেৰাহী কাপোৰ ধুবলৈ মেলি লয়। কেতিয়াবা কাপোৰ মেলিবলৈ ঠাইৰ অভাৱ হলে পথাৰত গৈ বননিৰ ওপৰত মেলি দিয়ে, একেলেঠাৰীয়ে পৰা ৰদত কাপোৰ বোৰ শুকাই আৰু আইয়ে আবেলিলৈ কাপোৰ সামৰি আনে।
ককাৰ দিনৰে নাৰিকল গছৰ পৰা পিতাই বিহুলৈ বুলি শুকান নাৰিকল পাৰে, নাৰিকলৰ বাকলি গুচুৱা কামটো মোৰ ভাগতে পৰিছিল, মই শুকান নাৰিকল বোৰ এটা এটাকৈ ডাঙি কাণৰ কাষলৈ আনি জোকাৰি চাওঁ, পানী লৰিছেনে নাই, পানী লৰিছে যদি সেইটোৰ ভিতৰখন ভাল, লগে লগে সেইটোৰ বাকলি গুচাই, চুৰুকি সোঁ-মাজতে দুফাল কৰি তাৰ পানীখিনি গোটাই যাওঁ। গোটেইবোৰ নাৰিকল বাকলি গুচাই হলেই, নাৰিকলৰ পানীৰ ভাগবতৰা হয় ককাইদেউ, মোৰ আৰু ভাইটি হঁতৰ মাজত। খাবলৈ যে কিমান সোৱাদ ঐ।

ঢেঁকীৰ মাত নুশুনাকৈয়ে আজিৰ লৰা ছোৱালী ডাঙৰ হৈছে। চিৰা-পিঠা বনাব নজনাকৈয়ে ছোৱালী গাভৰু-বোৱাৰী হৈছে যদিও বজাৰত সহজলভ্য ভিন্ন প্ৰকাৰৰ পিঠা-চিৰা-মুড়ি আৰু জাৰ্চি গৰুৰ পনীয়া দৈৰে বিহুত আলহী সোধাৰ পৰম্পৰা অৱশ্যে চলিয়েই আছে। পাৰ্থক্য মাথো ইয়াতে যে আগৰ ডেকা-গাভৰু বা আন মানুহবোৰে এইবিলাক খাই তৃপ্তি লভিছিল আৰু আজিকালি চিনামাটিৰ প্লেটত সজাই দিয়া বজাৰৰ পিঠা-পনাবোৰ আলহীয়ে খাওঁ-নাখাওঁকৈ কিবা এবিধ মুখলৈ নিয়ে, বাকীখিনি গৃহস্থনীয়ে পুনৰ সামৰি ৰাখে পাছৰ আলহীলৈ। বজাৰৰ পৰা অনা এইবিলাক খাদ্য সামগ্ৰীয়ে যে জীৱনত কিমানবাৰ কণ্টেনাৰৰ পৰা ড্ৰয়িংৰূমলৈ অহাযোৱা কৰিব লগীয়া হয়, কিমান আলহীৰ মুখ দেখে তাক অনুমান কৰা টান। বিহুৰ ভোগ মাটিমাহ, কাঠআলু, ঠেঁকেৰাৰ গোন্ধত আমোলমোলাই থকা দালিখন নহবও পাৰে, কিন্তু কিনা খানা-পিনাৰে পৰম্পৰা চলিয়েই আছে। তাৰোপৰি বিহুৰ মৰম চেনেহবোৰৰ অনুষ্ঠানিকতাবোৰ সীমাবদ্ধ হৈ পৰিছে মবাইল, এচ.এম.এচ, হুৱাষ্ট-এপ, ই-মেইলতে। হেপি বিহু, হেপি ভোগালী আদিৰে। পৰিবৰ্তনৰ এই ধাৰাই আমাক ইমান খৰগতিৰে আগুৱাই লৈ গৈছে যে আমি গৈ কত কেতিয়া, কেনেকৈ উপস্থিত হওঁগৈ বা নিজকে আৱিস্কাৰ কৰোগৈ তাৰো কোনো লেখ-জোখ নাই।

নিতুল বৰা,
নগাঁও,

ভোগালীৰ বাবে আয়োজন কৰা বিভিন্ন পিঠা

গুড়ি পিঠাগুড়ি

ঘিলাপিঠা