Wednesday, 9 October 2013

সৰু সৰু ঘটনাঃ-(জানুৱাৰী)




(১)
বহুবছৰৰ আগতে সোনমইনা অসমীয়া চিনেমাখন আহিছিল চহৰৰ কৃষ্ণা হললৈ। দুৰ-দুৰণিৰপৰা মানুহ হিল-দল ভাঙি ভিৰ কৰিছিলহি চিনেমা হলটোত, তেতিয়া অসমীয়া চিনেমাৰ বহুত জনপ্ৰিয়তা আছিল। সেয়া চাগৈ আজিৰ পৰা ২৫ বছৰ মানৰ আগৰ কথা, ঠিক মনত নাই। কিন্তু চিনেমাখনে আশাকৰাতকৈও অধিক জনপ্ৰিয়তা লাভ কৰিছিল সেইটো বুজিছিলো। টিকট পাবলৈ নাই, আগতিয়াকৈ বুকিং কৰিব লগীয়া হৈছিল। ব্লেকত টিকটৰ জুইচাই দাম। বহুত মানুহে টিকট নাপাই চাব নোৱাৰি উভতি আহিছে যদিও পিছদিনা পুনৰ গৈছে, মুঠতে চিনেমাখন চবই আৰু।
এইকথা বু বু বা বা কৈ গাঁৱৰ সকলোৰে কানত পৰিলগৈ। ডেকা-গাভৰু, আদবয়সীয়া কোনো বাদ নাই চিনেমাখন নোচোৱা। এইকথাই আমাৰ গাঁও সমন্ধীয়া বৃদ্ধ মামীদেউহঁতৰ কানতো পৰিলগৈ। বয়স হলেও মনটো ধৰি ৰাখিব নোৱাৰিলে, এনেও ফুৰ্টীবাজ মানুহ। সেয়ে মামীদেউৱেই নিজেই আগভাগ লৈ গোপনী সকলোকে একগোট কৰি চিনেমাখন চাবলৈ জোৰ দিলে। কথোপকথন খিনি মামীদেউৰ মুখৰ পৰাই কওঁ—
হয়ে সিপৈয়ানী আই, অ কিবা বোলেনে জিলালৈ যাওঁ বল গোটেইমখা গোট-পিট খাই...?
কিয়..?? কি হৈছেনো জিলাত..?? তোৰ আজি জিলালৈ যাবলৈ মন হল যে..?? সূতা আনিবলৈ যাৱ যদি নালাগে যাব, কেঁচা সূতা দুমুঠিমান মোৰ হাততে আছে, তাৰেই কাম চলাব পাৰিব।
নহয় অ আই,....সূতা নহয়। কিবা বোলেনে টকীজ চলিছে বোলে....সোনমইনা। আমাৰো সোনমইনানো কেনেকুৱা চাবলৈ মনযায় দে চোন। বল এইবাৰ নোচোৱা বস্তুটো চাই আহোগৈ। থাকিমনো আৰু কিমানদিন আমি, সিপুৰিত গৈ কবলৈকে হৱ।
অ হয় নেকি..?? আমাৰ ইহঁতক কথাটো কানচোৱাব লাগিব, কি কয় বা ইহঁতে। কিবা বোলে চিকেত-পিকেত কৰিলেহে চাবলৈ দিয়ে, কবিচোন ইহঁতক বুজাই, তেহে।
কথামতেই কাম। একেলগে ৫ জনী ওলাল টকীজ চাবলৈ (চিনেমাক আইতা হঁতে টকীজ বুলিহে কৈছিল)। আমাৰ ককাইদেউৱে সমনীয়া এটাৰ লগত গৈ টিকট কাটি দিলে। আটাইকেইজনী আইতা, মামীদেউ, বৰমা, গাঁৱৰে দুজনী আইতা একলগ হৈ টকীজ ঘৰ পালেগৈ।হাতত আইতাৰ চিৰলগৰী হাচতিখন নিবলৈ কিন্তু নাপাহৰিলে। আমাৰ আইতাই আকৌ বিড়িও খাইছিল, সেইটো পিছে ককাইদেউৱে নিবলৈ নিদিলে, বোলে চিনেমা হলত বিড়ি খাবলৈ নিদিয়ে পুলিচে ধৰিবহি।  কোনোদিনে চিনেমাতো বাদেই, চিনেমা হলটোকেই দেখা নোপোৱা আটাইকেইজনী মুখত বিশ্ময়, কেনেকুৱা বা হয় ? কি বা ওলাই তাত ? অলেখ প্ৰশ্ন আটাইকেইজনীৰ মনত, সময়ত হল পালেগৈ, চিনেমা আৰম্ভও হৈছে, ককাইদেউৱে চিনেমা হলত আটাইকেইজনীকে ভিতৰত থৈ শেষ হোৱাৰ সময়ত আকৌ আনিমগৈ বুলি কৈ উভতি আহিল। ইফালে চিনেমা আৰম্ভ হোৱাৰ লগে লগে ভিতৰৰ লাইট নুমুৱাই দিলে। এজনী এজনীকৈ বেলকনীৰ মাজৰ শাৰীৰ আসনত বঢ়িবলৈ সোমাই গল, সকলোৱে আন্ধাৰে মুন্ধাৰে খেপিয়াই খেপিয়াই বহিল। লগেলগে সোনমইনা টকীজ আৰম্ভ হোৱাৰ বাবে কাৰো যেন কাৰোলৈকে চাবলৈ সময় নাই, জীৱনৰ প্ৰথম নতুন সোৱাদ লোৱাত ব্যস্ত সকলো। চিনেমা চলি আছে, মাজতে এবাৰ বিজুলী সৰবৰাহ বন্ধহোৱাত চিনেমা বন্ধ হল, ইমাৰজেঞ্চি লাইট জলিল, তেতিয়াহে সকলোৱে ইজনীয়ে সিজনীলৈ চালে।....................কিন্তু এইয়া কি..? মামাদেউ দেখোন সকলোতকৈ ওখ হৈ আছে। বাকী সকলো মানুহ একেসমানকৈ বহি আছে, কিন্তু মামীদেউ সকলোতকৈ ওখ হল কেনেকৈ...? আইতাই মাত লগালে, হয়ে পতুলিৰ মাক, তই ওপৰত হলি কেনেকৈ..?? আৰু আমিবোৰ তলত যে। তেতিয়া মামীদেউ চকীখনৰ পৰা নামি চাওতেহে দেখিলে যে তেওঁ বহা চিটটো উঠাই থোৱা আছিল। এজনী আইতাই চিটটো নমাই দিয়াতহে আৰামকৈ বঢ়িব পাৰিলে। তেতিয়াহে আটাইকেইজনীয়ে কথাটো বুজি হাঁহি গিৰগিৰাই উঠিল। মামীদেউৱে মনতে মাজতে ভাবিছিল---যে চকীবোৰ ইমান টান নেকি..?? মনত---হৱও পাৰে, টকীজ ঘৰৰ কথা, সুধিলে কিজানি ওচৰৰ মানুহবোৰে হাঁহিবও পাৰে, সেয়ে কাকো একো নুসুধি একান্ত মনে চিনেমা চোৱাত ব্যস্ত হোৱাতোই ভাল।ইণ্টাৰভেললৈকে ওখহৈয়ে চিনেমা চালে, দুই একে পাছফালৰ পৰা বহক বহক বুলি চাগৈ কৈছিল যদিও মামীদেউৰ কানত নপৰিল।                                      ..................এইখিনিলৈকে চলি গল যেনেতেনে।
ইণ্টাৰভেলৰ পিছত পৰ্দাৰ লাইট জ্বলি উঠিল, চিনেমাৰ পৰবৰ্তী অংশ আৰম্ভ হোৱাৰ লগেলগে এইবাৰ বিজ্ঞাপনৰ ছবি আহিল, তাকো অন্তবাসৰ বিজ্ঞাপন,  এইবাৰহে কথা ভীষম হল। নাঙঠ ডেকা-গাভৰুৰ নাঙঠ দেহাবোৰ দেখাৰ লগে লগেই, আটাইকেইজনী আইতা, মামীদেউৰ চকু কপালত উঠিল। মনতে ভাবিলে এইবোৰকে চাবলৈনো আহিছিলোনে..?? পাপে চুব বুলিয়েই দুজনীমানে সেইফালে  মুখ ঘুৰালে, দুজনীমানে চাদৰৰ আচলেৰে মুখ ঢাকিলে। কাষতে থকা আন মানুহবোৰে কি হৈছে একো নুবুজিলে, কেইমূৰ্হুত্বমানৰ পিছত এজনীয়ে সুধিলে সিপৈয়ানী আই, সেইকেইটা গলনে চাচোন। উস কাৰকথা শুনি আহিছিলো ঔ আজি এইবোৰ চাবলৈ। কটা ইমান নিলাজ ইহঁত মখা। আটাইকেইজনীয়ে ভো-ভোৱাই থাকিল বহুত সময়লৈকে। এটা সময়ত চিনেমা শেষ হল, আটাইকেইজনী ঘৰলৈ ঘুৰি আহিল, ঘৰত আহি কথাবোৰ কোৱাত আমি হাঁহিত ৰব নোৱাৰিছিলো।
(২)
আমাৰ ঘৰৰ কাষৰে এজনী আইতা আছিল, আইতাই সদায় ঠাণ্ডাদিনত ৰাতিপুৱা গধূলি জুহালৰ কাষত বহি বিড়ি খাইছিল। ওচৰৰে চেঙেলীয়াবোৰেও আইতাৰ লগত নানা ৰসাল কথা ভাগলৈ আইতাক ভালৰি ভুলাই বিড়িৰ সোৱাদৰ ভাগ লৈছিল। সেই চেঙেলীয়া বোৰৰ দুটা আছিল একে ঘৰৰে। আইতাৰ ওচৰলৈ বিড়িখাবলৈ বুলি ৰাতিপুৱা যদি ডাঙৰটো যায়, গধূলি আকৌ সৰুতো যায়। ডাঙৰটোৰ নাম খগেন আৰু সৰুটোৰ নাম প্ৰভাত। এদিন কিবা ভুলবুজাবুজিতে দুয়োটাই আগাপিচাকৈ গৈ আইতাৰ জুহালত বহিলগৈ। জুহালৰ মেল আৰম্ভ হৈ কোনোবাখিনি পালেগৈ, কথাৰ পাকতে আইতাই চাদৰৰ আগত বান্ধি থোৱা বিড়ি এটা এপাকত উলিয়াই দুহোপামান মাৰিলে। কথা চলিয়েই আছে, কথাৰ মাজতে কেইহোপামান মাৰি বিড়িটো আইতাই প্ৰভাতৰ ফালে আগবঢ়াই দিলে। প্ৰভাতৰ লাগিল থেৰুগেৰু, কাৰণ কাষতে ককায়েক খগেন বহি আছে, এমেনা-সেমেনি কৰি আছে প্ৰভাতে, বিড়িটো হাতপাতি নোলোৱা দেখি আইতাই তেতিয়াহে বুজিলে যে ককায়েক আছে বাবে সি লবলৈ টান পাইছে। সেয়ে আইতাই তাক কলে---অ মই পাহৰিছিলোৱেই খগেন থাকিলে তই বিড়ি নাখাৱ নহয়। :P । খগেনে তেতিয়াহে বুজিলে যে প্ৰভাতেও বিড়ি খাবলৈকে আহে তাৰমানে, কথা ভীষম দেখি প্ৰভাত উঠি ভিলাই লৰ মাৰিলে।
(৩)
এদিনাখন আমাৰ গাঁও সমন্ধীয়া খুৰাদেউৰ পুতেকে ঘৰত কোনো নথকাৰ বাবে ভাবিলে আজি ঘৰটোকে ভালদৰে এফালৰ পৰা চাফ-চিকুন কৰা যাওঁক। এইবুলি সি পুৰণি ফটা টিয়নি কাপোৰ এখন পিন্ধি লৈ ঘৰ চাফা কৰাত লাগিল। বাহিৰ ভিতৰ সকলো এফালৰ পৰা চাফা কৰি প্ৰায় শেষেই হল। এইবাৰ তাৰ চকু পৰিল ঘৰৰ বৰচাং খনৰ ওপৰত, দেখিলে ওপৰত বহুতো মকৰাজাল আৰু তক্তাবোৰৰ মাজেৰে বহুতো খেৰৰ কুটা ওলমি আছে, ভাবিলে ওপৰত উঠি বাঢ়নীৰে সাৰি দিলেই সহজে চাফা হৈ যাব। সিহঁতৰ ঘৰটোৰ আলহী বহা ৰুমটোত এচবেস্তাৰ চিলিংৰ বাহিৰে বাকী সকলোবোৰ ৰুমতে কাঠৰ বৰচাং। সি হাতত বাঢ়নীডাল লৈ ওপৰলৈ উঠি গল, বৰচাঙৰ ওপৰত গোটেইখন মকৰাজাল, খেৰৰ কুটাৰে লেটেৰা হৈ আছে, সি এফালৰ পৰা সেইবোৰ সাৰি সাৰি পেলাই গৈ আছে, এনেকৈ সাৰি থাকোতেই সি গৈ আলহী কোঠাৰ চিলিঙৰ ওপত ভৰি দিবলৈহে পালে, তলকিবই নোৱাৰিলে, চিলিং ভাগি হৰসকৈ খহি আহি মজিয়াত চিতভুলুঙা খাই পৰিল। চকুৱে ধোঁৱাকোৱা দেখি গল, কেইমূৰ্হত্বমান মুখেৰে একো মাতিব নোৱাৰি পৰি ৰল। চিঞৰিবলৈও ঘৰত কোনো নাই, সেয়ে চিঞৰাৰ চেষ্টাও নকৰিলে। বহুত সময়ৰ পিছত কেকাই কেকাই কোনোমতেহে উঠি সি পাকঘৰ পালেগৈ, পানী দুগিলাচ মান খাইহে তত আহিল তাৰ। তেনেকুৱাতে বাজিল মতাঘণ্টাটো (কলিং বেল), সি মনতে—চেহ কোন বা আহিল এই অসময়ত, থেৰুগেৰু কৰি বাহিৰৰ দুৱাৰ খুলি দেখে এজন ভদ্ৰ মানুহে তাৰ মুখলৈ চাই সুধিলে----হেৰা শইকীয়া নাই নেকি হে ঘৰত..?? সি লগে লগেই কলে—নাই, মিটিং এখন আছে বুলি কৈ ৰাতিপুৱাতেই ওলাই গল। মানুহজনে ঠিক আছে হৱ বুলি কৈ উভতিল। গল কথা গল। পিছ দিনাখন চহৰত খুৰাদেউক আগদিনা অহা ভদ্ৰলোক জনে লগ পালে---কথা প্ৰসংগত কলে যে শইকীয়া কালি মই আপোনাৰ ঘৰলৈ গৈছিলো বিচাৰি, আপোনাৰ কামকৰা লৰাটোৱেহে কলে আপুনি মিটিং এখনলৈ ৰাতিপুৱাই ওলাই যোৱা বুলি। খুৰাদেউ ভদ্ৰলোকৰ কথা শুনি অলপ পৰ ভাবিলে.....কামকৰা লৰা..  O:)  তেতিয়াহে ফটকৈ মনত পৰিল। কি কয়হে...সেইটো মোৰ ডাঙৰ লৰাহে, কামকৰা লৰা নহয় নহয়। ঘৰত আহি চিধাই খুৰাদেউৱে তাক মাতি আনি সুধিলে—
:-কালি তই ঘৰত কি কৰি আছিলি...??
:-সি বোলে কি কৰি আছিলো...?? কাম কৰি আছিলো আক...??
:-নহয় ঔ কালি তই কি পিন্ধি কাম কৰি আছিলি ঘৰত..??
:-কিয় কাপোৰেই পিন্ধি আছিলো আক।
:-হেৰ গাধ, সেইটোতো মইও বুজিছো, পিছে কি কাপোৰ পিন্ধি আছিলি.. সেইটো ক..??
:-কেলে....ঘৰ চাফা কৰি আছিলো বাবে আপোনাৰ তিয়নি চুৰিয়াখনকে পিন্ধি আছিলো। বৰচাঙখন চাফা কৰিহে ওপৰৰ পৰা পৰিলো। তেতিয়াহে সেইখন লেতেৰা হৈছিল। মোৰ গাত কি দোষ।
:-ঘৰত অলপ ভালকাপোৰ পিন্ধি থাকিব লাগে বুজিছ, কালি যে মানুহজনে মোক বিচাৰি আহিছিল, তেওঁ তোক মোৰ ঘৰৰ কাম কৰা লৰা বুলিহে ভাবিছিল।
:-O:)  O:) 
(৪)
যোৱা পৰহিৰ ৰাতিৰ ঘটনা। নিৰ্বাচনৰ এটা দিনৰ আগৰ ঘটনা। কংগ্ৰেছী দলৰ বঢ়মপুৰ সমষ্টিৰ পৰিচালনাত থকা মহাৰথী সুৰেশ বৰাৰ নিৰ্দ্দেশ মৰ্মে আমাৰ গাঁৱৰে পুথিভঁড়ালৰ প্ৰাংগনত যোৱা কালিপঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে সভা অনুষ্ঠিক কৰিবলৈ নিৰ্দ্দেশ দিছিল, কথা মতেই কংগ্ৰেছী স্থানীয় কৰ্মসকলৰ তত্বাবধনাত ৰাতিটোৰ ভিতৰত বিভিন্ন কংগ্ৰেছী পোষ্টাৰ, বেনাৰেৰে পুথিভঁড়ালৰ মঞ্চৰ চাৰিও ফালে ভৰাই পেলালে, ইমানতো ক্ষান্ত নাথাকি প্ৰায় এশ মিটাৰ দুৰত্বলৈ অ.গ.পৰ চিনচাব নোহোৱাকৈ অসংখ্য পোষ্টাৰ ওপৰা ওপৰিকৈ মাৰি সাজু কৰি পেলালে। সকলোৱে কাম শেষ কৰি ৰাতি ঘৰা-ঘৰি গল। কিন্তু কথিত আছে নহয় বোলে দাতাই দিলেও বিধতাই নিদিয়ে, তাকেই যে প্ৰতিফলিত হল। পিছে গাঁৱতে এজন পাগল মানুহ আছিল, পাগল মানে একেবাৰে পাগলো নহয়, আধা পাগলহে....সি হয়তো আগৰে পৰা কংগ্ৰেছী সমৰ্থক সকলৰ এই কাৰ্য্য চাই আছিল। সেয়ে সি মাজৰাতি অকলে অকলে গৈ গোটেই কংগ্ৰেছী পোষ্টাৰ, বেনাৰ বোৰৰ ঠাইত অসংখ্য অ.গ.পৰ পোষ্টাৰ বেনাৰেৰে ভৰাই পেলালে। গোটেই কামটো চাগৈ ৰাতিটোৰ ভিতৰতে সি অকলেই কৰিলে। পিছত ৰাতিপুৱাবৰ সময়ত বাটে বাটে কেৱল চিঞৰি যোৱা শুনিলে প্ৰাতঃভ্ৰমন কৰিবলৈ অহা ওচৰ চুবুৰীয়াই যে----আমাৰ অসম জিকিবই লাগিব, আমাৰ অসম জিকিবই লাগিব।
বেলি অলপ ওপৰলৈ উঠাত সকলো কংগ্ৰেছী ৰাইজে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি এই কাণ্ড দেখি চকু কপালত উঠিল সকলোৰে। লগেলগে সকলো গোট খালেই, দুই একে ঢোৰাসাপৰ দৰে ফোচ-ফোচাই থাকিল ওচৰে পাজৰে। কিন্তু কৰিবওতো নোৱাৰা হল একো, কাৰণ দিনৰ পোহৰত অ.গ.পৰ পোষ্টাৰবোৰ, বেনাৰবোৰ কেনেবাকৈ ফালিব লাগিলে আকৌ নিৰ্বাচনী বিধি উলঙ্ঘা কৰাৰ অপৰাধত পানী টিঙৰ ওপৰেদিহে বব। সেয়ে উপায়ন্তৰ হৈ সকলোৱে পথৰ দাঁতিতেই নিৰ্বাচনী প্ৰচাৰৰ সভা পাতি সেই ঠাই পৰিত্যাগ কৰিলে।
(৫)
কেইবছৰ মানৰ আগতে আমাৰ ওচৰৰে কছাৰী সম্প্ৰদায়ৰ গাঁৱত লৰা-ছোৱালী বোৰে সৰস্বতী পূজা পাতিছে। তাৰে এটা প্ৰতি বছৰে পৰীক্ষাত ফেইল কৰেই। সেয়ে এইবাৰ সৰস্বতী দেৱীক ভালকৈ পূজা-অৰ্চনা কৰিছে যাতে দেৱী সন্তোষ্ট হৈ তাক পৰীক্ষাত পাছ কৰাই দিয়ে। পূজা আৰম্ভ---সিহঁতৰ সংলাপেৰে---
ঐ সৰস্বতী দেৱী অ, তই তো মোৰ চব কথাই জানিছে আৰ। মইনো কি একেবোৰ তোক কম। আমি এইবাৰ পূজাটো উমাই আৰু জুমাই মিলাইছে আৰ খুব খাইচে, তই দোষ নধৰিবি আৰ। তইতো এইবোৰ নধৰ আৰ আমি খাং দে। 
আগৰ কেইবাৰ তই মোক গিৰাইছ আৰ, এইবাৰ কিবা এটা কৰিবি আৰ। নহলে আমি তোক গিৰাই দিম আৰ। (উমাই-জুমাই মানে কেঁচা মদিৰাক কোৱা হয়)
(অৰ্থভাবঃ-ঐ সৰস্বতী দেৱী, তুমিতো মোৰ সকলো কথাই জানা, মইনো কি একেবোৰ কথা কম তোমাক। আমি এইবাৰ পূজাৰ বাবে অলপ মদিৰা মিলাইছো আৰু খাইছো, তুমি দোষ নধৰিবা আমাৰ। তুমিতো এইবোৰ নোখোৱা গতিকে আমিয়েই খাও আৰু।
আগৰ কেইবছৰ তুমি মোক পৰীক্ষা ফেইল (গিৰাছা) কৰাইছা, এইবাৰ কিবা এটা কৰিবা নহলে আমি তোমাক নদীত পেলাই দিম)
(৬)
জেঠ মাহ, মোৰ বন্ধু প্ৰকাশৰ সৰু মোমায়েকৰ বিয়া, বয়সত বন্ধুতকৈ মাত্ৰ ২ বছৰ মানহে ডাঙৰ মোমায়েক। বিয়াৰ আগদিনাই গৈ মোমায়েকৰ ঘৰত উপস্থিত, ৰাতি শুৱলৈ দিলে বাৰণ্ডাৰ ৰূমত, লগত শুলে কানসমনীয়া মাহীয়েকৰ পুতেক। দুয়ো নলেগলে লগা, সেয়ে ৰাতি ৰূমৰ দুৱাখন মাৰি দুয়োটাই আগতেই পাঙিথোৱা মতে চুৰত এপেকেট উলিয়াই আৰম্ভ কৰি দিলে নিচিন্ত মনে, বিয়াঘৰৰ বাকী মানুহবোৰ কেতিয়াবাই শুলে। সিহঁতৰ মাজত নানা কথাৰ আলোচনাৰে এটা দুটাকৈ কেতিয়া যে এপেকেট চিগাৰেট শেষ কৰি পেলালে গমেই নাপালে, গোটেই ৰূমটো চিগাৰেটৰ টুকুৰাৰে, ছাঁইৰে ভৰ্তি। দুৱাৰত হুক লগোৱা আছিল বাবেই টেবুলৰ ওপৰতে চিগাৰেটৰ পেকেট আৰু দিয়া চলাই থৈ নিচিন্ত মনে শুই পৰিল দুয়ো। ৰাতিপুৱা বিয়া ঘৰৰ উখল মাখলত সকলো ব্যস্ত, তাৰ মাজতে মোমায়েকৰ মনত পৰি সিহঁতক জগাই দিবলৈ গল। মোমায়েকে দৰ্জাখনত হেচা এটা দিওতেই ওপৰৰ হুকটো খুলি পৰিল আৰু দুৱাৰ মেল খালে। ৰূমৰ অৱস্থা দেখি মোমায়েকৰ চকু কপালত, বিচনাৰ ওচৰত গৈ মাত দিলেগৈ ---
:-ঐ উঠ হঁত, বেলি বহুত হল।
:-হেই ৰহ, আৰু অলপ শুই লওঁ।
:-ঐ চকু মেলি চা। এইবোৰ তহঁতে ৰাতি কি কৰিছিলি হঁত হা..??
তেনেকৈ কোৱাৰ লগে লগে দুয়োটাই একেজাপে জপিয়াই উঠিল বিচনাতে আৰু সেপ ঢুকিলে, ইটোৱে সিটোৰ মুখলৈ ভেবা লাগি চাই ৰল। (হয়তো ভাবিলে মামা কেনেকৈ সোমাল ৰূমত)  এইবাৰ দুয়োটাই একে জাপে মোমায়েকৰ ভৰিত দীঘল দি পৰিল, বোলে মামা আমাক এইবাৰলৈ মাফ কৰি দিয়ক। আৰু জীৱনত কেতিয়াও এনে নকৰো, কেতিয়াও চিগাৰেট নাখাওঁ। মোমায়েকে বোলে যি হল, এতিয়া উঠ আৰু কামত লাগ হঁত। গল কথা গল, বিয়াও ভালে কুশলে পাৰ হৈ গল। কেইদিনমানৰ পিছত বজাৰ কৰিবলৈ গল মোমায়েকৰ লগত। বজাৰৰ মাজতে পান-তামোলৰ দোকান এখন দেখি মোমায়েকে সিহঁতক জুখি চাওঁ বুলিয়েই সুধিলে—
:-ঐ চিগাৰেট এটা খাৱ নেকি অ...??
:-কি যে কয় মামা আপুনি..?? কেলেনো কটাঘাঁত চেঙা তেল দিয়ে বাৰু।
মোমায়েকে নিজেই এটা চিগাৰেট জ্বলালে আৰু কেইহোপামান মাৰি কলে---
:-হু ল খা এহোপা এহোপা,.....
সিহঁতে ইটোৱে সিটোৰ মুখলৈ চালে।
হু ল, একো নহয় দে খা। মই কাৰো আগত নকওঁ বাৰু। জোৰকৈ কোৱা বাবে আৰু সিহঁতেও লোভ সা্মৰিব নোৱাৰি ললে মোমায়েকৰ হাঁতৰ পৰা চিগাৰেটটো, আৰু দুয়োটাই আপোন মনে খালে। সেইদিনাৰ পৰাই মোমাই ভাগিল লগ হলেই একেলগে চিগাৰেট খোৱা হল।





No comments:

Post a Comment