Monday, 21 October 2013

সামাজিক বান্ধোন বিবাহঃ-

বিবাহঃ (এক অনাবিল সুখৰ অনুভুতি আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ  তথা দুখন সঁচা অন্তৰৰ মিলনস্থলী, নৱজীৱনৰ শুভাৰম্ভনী অনুষ্ঠান,  যাৰ কোনো তুলনা নাই।)

লাই হালেজালে
ফুল চন্দন তুলসী,
লফা হালেজালে,
ফুল চন্দন তুলসী,
লফা হালেজালে পাতে হেই,
ফুল চন্দন তুলসী,
ভৰিল নে নভৰিল
ৰাধা তোমাৰ কলচী..??

.....................এনে বহু বিয়া নামেৰে মুখৰিত হৈ পৰা প্ৰতিঘৰ বিবাহস্থলী এক আনন্দময় পৰিবেশেৰে বিৰাজ কৰে অসমীয়া বিবাহানুষ্ঠনত সমূহত। তাৰেই কিছু অনুভুতি বহিঃপ্ৰকাশ মাথোন এই সামান্য লেখাটি........................................................................................................

“বিবাহ”................এটি সামাজিক বান্ধোন, দুটি ভিন্ন আত্মাৰ মিলন। এক নতুন স্বীকৃতি, যাক বিবাহ নামেৰে নামাকৰণ কৰা হৈছে। যুগ যুগ ধৰি এই প্ৰথা প্ৰচলিত হৈ আহিছে। ধৰ্ম আৰু স্থান ভেদে বিবাহৰ নিয়মাৱলীৰ কিছু বৈসাদৃশ্য আছে যদিও মূল কথা কিন্তু একেখিনিয়েই। সাংসাৰিক জীৱনৰ বাবে এই বান্ধোন সদ্য যৌৱনা পুৰুষ আৰু নাৰীৰ মিলনৰ বাবে এক সামাজিক স্বিকৃতি।

বিবাহৰ ক্ষেত্ৰত ল’ৰা ঘৰীয়াৰ কথা একাসৰিয়াকৈ থলো বাৰু। ছোৱালী ঘৰীয়াৰ আকৌ কথা সুকিয়া, কিয়নো সৰুৰে পৰাই ছোৱালী এজনী নিজৰ মাক-দেউতাকৰ ঘৰত ডাঙৰ দীঘল হৈ এদিন হঠাতে কেতিয়াও নেদেখা নুশুনা, নামটোও নজনা এজন যুৱকৰ লগত চিৰদিনৰ বাবে গোত্ৰ, কোষ চিঙি গুচি যাব লগীয়া হোৱাটো সাধাৰণ কথা নহয়। সেই সময়ত ছোৱালীজনীয়ে ল’ৰাটোৰ বিষয়ে একো নাজানেও, ল’ৰাটো কেনে হয়..? স্বভাৱ-চৰিত্ৰ কেনে..? কি ভালপায়, কি বেয়াপায়, এইবোৰ একো নজনাকৈয়ে বিবাহ পাশত আৱদ্ধ হব লগীয়া হয়। আজিকালি অৱশ্যে পূৰ্বতকৈ কিছু এই বান্ধোন বোৰ সালসলনি হৈছে। এতিয়া আৰু তাহানিৰ সেই আই পিতায়ে চাই দিয়া দৰা-কইনা খুব কমেইহে দেখিবলৈ পোৱা যায়। বেছিভাগ ল’ৰা ছোৱালীয়ে আজিৰ দিনত নিজৰ বিয়া নিজেই পচন্দ অনুসৰি আগতীয়াকৈ ঠিক কৰি পিছতহে পৰিয়ালক অৱগত কৰে। তেতিয়ালৈ পৰিয়ালৰ লোকে কৰিব লগীয়া বিশেষ একো নাথাকেগৈয়ে। তাৰোপৰি বহুক্ষেত্ৰত দেখিবলৈ পোৱা যায় আজিৰ দিনৰ বহুতেই বিবাহৰ আগতেই প্ৰায় একেলগে বসবাস কৰা কাৰ্য্যটো। যিটো অসমীয়া সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয় বা হ’ব নোৱাৰে।

অসমীয়া সমাজৰ ৰীতি নীতিৰ কিছু বাধ্যবাধকতা আছে বাবেই আজিও বিবাহানুষ্ঠান নিজৰ পচন্দ মতে হলেও অনুষ্ঠনটি কিন্তু সামাজিক নীতিনিয়মৰ মাজেৰে বেছিভাগ সম্পন্ন হোৱা দেখা যায়। উন্নত দেশ সমূহত বিবাহ অনুষ্ঠান বুলিবলৈ সাক্ষী হৈ ৰৈছেগৈ মাত্ৰ দুটি স্বাক্ষৰ আৰু দুগৰাকী সাক্ষী ব্যক্তিৰ মাজতহে। কিন্তু অসমীয়া বোলছবি সাগৰলৈ বহু দুৰ নামৰ  বাক্য শাৰীৰ দৰে অসমীয়া বিবাহ অনুষ্ঠান সেই কাৰ্য্যৰ পৰা বহু যোজন দুৰত অৱস্থান কৰিছে এতিয়াও, যিটো কোনো কালে কোনো অসমীয়াই কামনা নকৰে।

বিবাহৰ উপযুক্ত ল’ৰা এজনৰ বাবে উপযুক্ত ছোৱালী বিচৰাৰ পৰা আদি কৰি প্ৰতিটো অনুষ্ঠান এক বিশেষ বিশেষ প্ৰৰ্য্যায়ক্ৰমে এধাপ এধাপকৈ আগবাঢ়ে, যাৰ লগত দুয়োঘৰৰ অৰ্থাত্ কইনাঘৰীয়া আৰু দ’ৰাঘৰীয়াৰ এক অনাবিল আনন্দ উলাস, উথপ-থপ (কৌতুহলী মন) সন্নিবিষ্ট হৈ থাকে। আনৰ কথা নকলোৱেই বা, নিজৰ ক্ষেত্ৰতে পাইছো। সৌ কেইদিনমান আগলৈকে বিবাহৰ বাবে কেনে উত্কণ্ঠা অনুভৱ হয়, নিজেই বুজি পোৱা নাছিলো। আজি পদে পদে সেই অনুভৱে মোক পুনৰ জীপাল কৰি তুলিছে। ছোৱালী এজনী এঘৰলৈ উলিয়াই দিয়াৰ যি দুখ, সেইদুখ কইনাঘৰীয়াই হে বুজিব পাৰে, দৰাঘৰীয়াত আকৌ তেনে কোনো অনুভুতিয়ে ঢুকি নাপায়, কাৰণ ন-কইনা আহি ঘৰ সোমাবহি বুলি সকলোৰে মনত সেই সময়ত আনন্দৰহে ৰেখাই বিৰাজ কৰা দেখা যায়। কইনাঘৰত হোমৰ গুৰিৰ পৰা আৰম্ভ কৰি কইনা দুৱাৰ ধৰি উলিয়াই দিয়ালৈকে প্ৰতিটো মূৰ্হুত্বত দুখে শোকে কইনাঘৰীয়াক কোঙা কৰি পেলায়। বিশেষকৈ হুমৰ গুৰিত যেতিয়া দুখেভৰা বিয়াগীত পৰিবেশন কৰা হয় তেতিয়া কইনাৰ সম্পৰ্কীয় সকলৰ চকু চলচলীয়া হৈ পৰা দেখা যায়।---যেনে.....

আখৈ দিয়া আখৈ দিয়া,
কইনাৰ সৰু ভাই,
আজিৰ পৰা তোমাৰ বাইদেউৰ
গোত্ৰ চিঙি যায়।

...............এনে এশাৰী দুখৰ বিয়াগীত আহি কানত পৰাৰ লগেলগেই হিয়াখন সাত পৰি যোৱাকৈ দুখে হেঁচা মাৰি ধৰে। কইনা সম্প্ৰদান কৰোতে আখৈ একাজলিকৈ হোমৰ জুইলৈ চতিয়াই দিয়া হয়। সাধাৰণতে এই কাৰ্য্য কইনাৰ ভায়েকৰ দ্বাৰা সম্প্ৰাদন কৰা হয়।

ইয়াৰ পিছত দ’ৰা কইনাক ভিতৰলৈ নি শেষ বাৰৰ বাবে পিতৃগৃহৰ জা-জলপানে অপ্যায়ন কৰা হয়। পুৱতি নিশা কইনাৰ মাতৃয়ে যেতিয়া আঁৰ কাপোৰেৰে কইনাক দুৱাৰ ধৰি ঘৰৰ বাহিৰ কৰি দিয়ে, কইনাই নিজ হাতেৰে ঘৰৰ চাললৈ চাউল উভতাই দলিয়াই, সেই মূৰ্হুত্বটি দুখেশোকে সকলোকে মিয়মান কৰি তোলে। সকলোৰে মনলৈ সেইসময়ত এটাই ভাব আহে আজিৰ পৰা আৰু এইখন ঘৰৰ লগত এই কন্যাৰ কোনোধৰণৰ সম্পৰ্ক কেতিয়াও যে নাথাকিব, সেইকথাটোৱেই বুকুত ঠাহ মাৰি ধৰে, আৰু তেতিয়াই সকলোৱে হিয়াধাকুৰি কান্দিবলৈ ধৰে। এই দৃশ্য সঁচাকৈয়ে হৃদয় বিদাৰক, কোনো হৃদয়বান ব্যক্তিয়ে এই ক্ষণত ক্ষান্ত হৈ নিৰৱে থাকিব নোৱাৰে। কৱ নোৱাৰাকৈয়ে দুচকুৱেদি লোটক বৈ আহি দুগাল তিয়াইহি।

ইফালে দোকমোকালিতে দ’ৰাঘৰীয়াত আকৌ উদুলি-মুদুলি পৰিবেশ, দ’ৰা কইনা আহি কেতিয়া ঘৰ পাবহি বা কেতিয়া আদৰিব পাৰি, আদৰাৰ সময়ত ঠাই বিশেষে পদুলিমুখতে কিছু মনোৰঞ্জনো কৰা দেখা যায়। দ’ৰা-কইনাক ৰভাতললৈ আদৰি আনি আঙঠি লুকুৱাৰ খেল, তেল সানি দিয়া কেঁচা তামোল নলীয়া কটাৰীৰে কাটিবলৈ দি ধেমেলীয়াকৈ কইনাৰ কৰ্মপটুতাৰ প্ৰমান চোৱাকে আদি কৰি যি আনন্দ সেয়াও এক অন্য অধ্যায়। দ্বিতীয় দিনা বাহি বিয়াৰ দিন বুলি ধৰি সেইদিনা সকলোৱে জীৰণি লোৱাৰ ব্যৱস্থা কৰা হয়। তৃতীয় দিনা নিশাৰ ভাগলৈ দহ ভকতৰ মাজত বৰ-কইনাক বহুৱাই খোৱা-খুৱী পুথি পাঠ কৰি শ্ৰৱণ কৰোৱা হয়। পুথি পাঠ আৰু প্ৰসাদ বিতৰণৰ অন্তত ভোজভাতৰ আয়োজন কৰা হয়। বিবাহৰ দিনৰ পৰা আঠ দিনৰ দিনা দৰাঘৰীয়া অঙহী বঙহিৰ সহিতে বৰ-কইনা কইনাঘৰলৈ বুলি ধাৱমান হয় আৰু দিনটো তাতেই কটাই বিয়লিবেলালৈ পুণৰ ঘৰমুৱা হয়। এনেদৰে দুখন হৃদয় বিভিন্ন সামাজিক প্ৰৰ্য্যাৰ মাজেৰে আজীৱন নৱ-দম্পত্তীৰ স্বীকৃতি প্ৰাপ্ত হৈ সাংসাৰিক জীৱনৰ শুভাৰম্ভ কৰে।

বৰা নিতুল,
নগাঁও,
২২/১০/২০১০

No comments:

Post a Comment