জন্ম হলে মৃত্যু হ'বই এয়া ধ্ৰুৱ সত্য
কথা। কিন্তু
জন্মৰ পিছৰে পৰা এই সুন্দৰ পৃথিৱী খনৰ পৰা কোনেও কেতিয়াও আতৰি যাব নিবিচাৰে। প্ৰত্যেক জীৱই বৃদ্ধ হৈ শৰ্য্যাগত
হৈ থাকিলেও মৃত্যুৰ আগমূৰ্হুত্বলৈকে জীয়াই থকাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে। এয়া স্বাভাবিক, আশাৰ কেতিয়াও শেষ
নাই। কিন্তু
অকালতে আদবয়সতে মৃত্যুক আঁকোৱালি লৱ লগা হ'লে কেনে পৰিস্থিতিৰ সৃষ্টি হয়, কিমান পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহে, সেয়া ভুক্তভোগী
পৰিয়ালৰ লোক সকলেহে বুজিব পাৰিব।
প্ৰতি চেকেণ্ডত, প্ৰতি মিনিটত,
প্ৰতি ঘণ্টাত দ্ৰুত বেগী যান-বাহনৰ দ্বাৰা সংঘটিত
দুৰ্ঘটনাত অকালতে অহৰ্নিশে মানুহৰ মৃত্যু হৈয়েই আছে, ইয়াৰ কোনো
নিদিষ্ট লেখ-জোখ নাই। আজিৰ দিনত উন্নত প্ৰযুক্তিৰে নিৰ্মিত
দ্ৰুতবেগী যান-বাহন যিদৰে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰি মানুহৰ সময় ৰাহি কৰিবলৈ সক্ষম
হৈছে, সিদৰে সঘনাই দুৰ্ঘটনাৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বেছি
হৈ আহিছে। প্ৰতিখন
চহৰতে প্ৰতিক্ষণতে মানুহে এতিয়া মৃত্যুক যেন হাতৰ মুঠিত ৰাখি প্ৰতিখোজ দিব লগীয়া হৈছে। শেহতীয়াকৈ জানিব পৰা মতে এইবাৰ
দূৰ্গাউত্সৱৰ সময়ত কেৱল গুৱাহাটীতে অষ্টমীৰ দিনা ৪২ জন, নৱমীৰ দিনা ৪২ জন, আৰু দশমীৰ দিনা ৫৭ জন
দ্ৰুতবেগী মটৰ চাইকেলৰ আঘাতত গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হৈ চিকিত্সাধীন হৈ আছে। এই
সকলোবোৰৰ মুৰতে শতকৰা ৮০ শতাংশ চালকৰে যান-বাহন চালোৱাৰ বাবে প্ৰয়োজনীয় নীতিনিয়ম সমূহৰ সাম্যক জ্ঞানৰ অভাৱ
দেখা যায়।
শেহতীয়াকৈ পৰ্য্যৱেক্ষণ কৰিলে
দেখা যায় যে প্ৰশাসনৰ নিলিপ্ত ভূমিকাৰ সুবিধা গ্ৰহণ কৰি ৰাজপথত এচাম উদণ্ড চেঙেলীয়া
যুৱকৰ মটৰ-চাইকেললৈ লৈ কৰা টিঘিলঘিলনি ফলত আৰোহী জনৰ লগতে আন বহু লোকৰ জীৱনলৈ মৃত্যু
অথবা চিৰদিনৰ বাবে পঙ্গুত্ব জীৱন কঢ়িয়াই আনিছে। যান-বাহন আইন অনুসৰি ব্যস্ত
চহৰৰ ৰাজপথত প্ৰতিঘণ্টাত ৪০ কি.মি. বেগতকৈ
অধিক দ্ৰুত গতিত প্ৰতিখন যান-বাহন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা
আছে যদিও বহুসংখ্যক চালকেই এই নিময় অমান্য কৰি চলিছে যে সেয়া সকলোৰে জ্ঞাত।
এই ক্ষেত্ৰত পৰিবহন বিষয়াৰ
কাৰ্য্যালয়, যান-বাহন আৰক্ষী, প্ৰশাসন আৰু অভিভাৱক
সকলোৱেই জগৰীয়া বুলি ভাবো। জধে-মধে এচাম দাললৰ যোগেদি
এক শকত অংকৰ বিনিময়ত বয়সৰ নিম্ন সীমাৰ কথা আওকান কৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰা দেখা যায়। অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ আগতে প্ৰয়োজনীয়
যান-বাহন
আইনৰ নিৰ্দ্দেশনাৱলী, চালকৰ পৰীক্ষা মূলক সাক্ষাত্কাৰ আদি সকলো
নিয়ম অৱজ্ঞা কৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰা দেখা যায়। তাৰোপৰি যান-বাহন আৰক্ষী দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এইচাম উদণ্ড যুৱক এতিয়া প্ৰতিখন চহৰতে
দ্ৰুত বেগত বাইক ৰেচ, মটৰ চাইক্লিং, আদিৰ
দৰে দুঃসাহসিক কাৰ্য্যকলাপত ব্যস্ত হৈ নিজৰ জীৱনৰ লগতে আনৰ জীৱনলৈও মৃত্যুক হাত-বাউলি মাতি আনিছে।
আনহে নালাগে চহৰৰ যান-বাহন নিয়ন্ত্ৰনৰ
(ট্ৰেফিক) দ্বায়িত্বত থকা আৰক্ষী সকলৰ সন্মুখৰেই
এইসকল উদণ্ড যুৱকে দ্ৰুতগতিত ট্ৰেফিক আইন উলঙ্ঘা কৰি পাৰহৈ গলেও আৰক্ষী লোক-সকলে থোত-মোত চেলেকি থকা আমি প্ৰতিদিনেই প্ৰত্যক্ষ কৰি
আহিছো। এনে
সময়ত কেতিয়াবা সাহসী আৰক্ষী লোকে যদিওবা কোনোবা এগৰাকী এনে দ্ৰুত বেগী বাহন চালকক কায়াৰত্ত
কৰিলেও আৰক্ষী চকী গৈ পোৱাৰ আগতেই কোনোৱা উচ্চ-প্ৰদস্থ আৰক্ষীৰ বিষয়াৰ পৰা বাৰ্তা আহে যে অভিযুক্ত
চালক জনক তত্ক্ষনাত মুকলি কৰি দিব লাগে। এয়া এক সদায় দেখি-শুনি থকা বাস্তৱ ঘটনা। লগে লগে কৰ্ম্মৰত
আৰক্ষীৰ বিষয়া গৰাকীয়ে পৰিয়ালৰ কথা চিন্তা কৰি নিজৰ চাকৰিটো বচাবলৈকে
ওপৰ মহলাৰ নিৰ্দ্দেশ অনিচ্ছা স্বত্তেও মানিবলৈ বাধ্য হৈ পৰে। কিয়নো এইসকল দ্ৰুতবেগী চালকৰ কোনোৱেই,
আপোনাৰ মোৰ দৰে নদাই-ভদাই নহয়, এওঁলোক একো একোজন উচ্চ-পদস্থ চৰকাৰী কৰ্মচাৰী বা মন্ত্ৰী-বিধায়কৰ সোঁ-হাত স্বৰূপ একাংশ অভিভাৱকৰ সু-যোগ্য সন্তান। এইসকল ধনবল, বহুবল থকা অভিভাৱকে
আভিজাত্যৰ বহিঃপ্ৰকাশ কৰিবলৈকে নিজৰ সন্তানৰ প্ৰয়োজনতকৈ বিলাসিতাক অগ্ৰাধিকাৰ দি জানি
বুজি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ দিছে।
এই সমস্যাবোৰৰ সমাধানৰ
সময় সমাগত। এতিয়াই যদি এই সমস্যাক আওকান কৰা হয়, পিছলৈ ই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰাৰ
সম্ভাৱনা প্ৰবল। চৰকাৰ, প্ৰশাসন, আৰক্ষী বিভাগৰ সদিচ্ছা হলে নিশ্চয় এইবোৰ সমস্যাৰ
সঠিক সমাধান উলিয়াব পৰা যায়।
যিদৰে এজন ব্যক্তি চৰকাৰী
চাকৰিয়াল হলেও যিকোনো এখন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বেংকৰ পৰা ঋণ লবলৈ বিচাৰিলে
তেওঁৰ বছৰি আয় ৬ লাখ টকা উপাৰ্জন হোৱাটো বাঞ্চনীয় বুলি নিৰ্দ্ধাৰিত কৰি দিয়া থাকে,
সেয়ে যিকোনো লোকে চাৰিচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিলেও বেংকৰ এই নিয়মৰ বাবে থমকি ৰব
লগীয়া হয়। ঠিক তেনেদৰে এইসকল মটৰ চাইকেল আৰোহীক নিয়ন্ত্ৰনত আনিবলৈ কিছু নিয়ম বলবত্
কৰি দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
এজন কলেজীয়া ছাত্ৰই
কেতিয়াও অভিভাৱকৰ সহায় নোলোৱাকৈ মটৰচাইকেল
এখন ক্ৰয় কৰিব নোৱাৰে, যিহেতুকে তেওঁৰ কোনো উপাৰ্জ্জন নাথাকে। তেনেক্ষেত্ৰ
অভিভাৱক, মাক-দেউতাকৰ আয়ৰ ধনেৰে এনে বাহন সমূহ ক্ৰয় কৰা দেখা যায়। যিহেতুকে জিলা
পৰিবহন কাৰ্য্যালয়ত মধ্যবৃত্ত এচাম দালালৰ সহায়ত শকত অংকৰ বিনিময়ত অনুজ্ঞাপত্ৰ
সহজেই উপলব্ধ, সেয়ে এনে কোনো নিয়ম কৰি দিব নোৱাৰি নেকি যে....দেউতাক বা আনৰ
নামত থকা যিকোনো বাহন, বাহনৰ গৰাকীৰ
বাহিৰে আন কোনো ব্যক্তিয়েই ব্যৱহাৰ কৰিব নোৱাৰিব..? আৰু যদি কেতিয়াবা কোনো লোকে
ব্যৱহাৰ কৰিলেও বাহনখনৰ গৰাকীজন আইন মতে দণ্ডনীয় হয়। এনেধৰণৰ নিয়মৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰো। বৰ্তমান
সময়ত এইটো এটা অতি ভয়ংকৰ তথা অতি গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যাটোৰ বাবে প্ৰশাসন
তথা চৰকাৰে কিবা উচিত পদক্ষেপ গ্ৰহণ কৰিবনে...??
বৰা নিতুল,
নগাওঁ,
No comments:
Post a Comment