অসমত প্ৰত্নতত্ত্বৰ চৰ্চাৰ ওপৰত গৱেষণা চলাইছিল বহু বছৰৰ আগতে
প্ৰত্নতত্ত্ব গৱেষণ ৰাজমোহন নাথে। ভাৰতত ১৮৩৪ চনত প্ৰথম প্ৰত্নতত্ত্বৰ খনন কাৰ্য
আৰম্ভ কৰা হৈছিল আৰু অসমত বহু পলমকৈ ১৯২৬ চনৰ পৰাহে আৰম্ভ কৰিছিল।
অসমত প্ৰত্নতাত্ত্বিক চৰ্চাৰ ওপৰত গুৰুত্ব দি ১৯১২ চনতে কামৰূপ
অনুসন্ধান সমিতিৰ জন্ম হলেওঁ এই সমিতিয়ে অসমৰ পুৰাতত্ত্ব আৰু প্ৰত্নতত্ত্বৰ কামত
বিশেষ প্ৰশাসনিক তথ্যপাতি যুগুত কৰিব পৰা নাছিল। পিছলৈ সৰ্বেশ্বৰ কটকী, সোণাৰাম
চৌধুৰী আৰু ৰাজমোহন নাথৰ উদ্যোগত সৰ্বভাৰতীয় প্ৰত্নতাত্ত্বিক চিন্তা-চৰ্চাত অসমে
গুৰুত্ব লাভ কৰিলে। স্থাপত্য-ভাস্কৰ্যৰ উদ্ঘাটক, গৱেষণা আৰু অনুপম বিশ্লেষণেৰে
এইসকলে অসমত ইতিহাস চৰ্চাৰ দুৱাৰ মুকলি কৰিলে।
কামৰূপ অনুসন্ধান সমিতি প্ৰতিষ্ঠাৰ মুখ্য উদ্দেশ্য আছিল প্ৰাচীন
কামৰূপৰ বিষয়ে বিভিন্ন ধৰণৰ গৱেষণাৰ লগতে উত্তৰ-পূৱ ভাৰতৰ ঐতিহাসিক আৰু পুৰাতত্ত্ব
দিশৰ অধ্যয়ন আৰু গৱেষণা কৰা। ৰাজহুৱা দানেৰে গঢ়ি উঠা এই অনুষ্ঠানে ১৯১৫ চনত
প্ৰথমটো চৰকাৰী অনুদান লাভ কৰিছিল। যুগুত কৰা নিয়মাৱলী অনুসৰি ১৯১৬ চনত ইয়াৰ প্ৰথম
কাৰ্যনিবাহক কমিটী গঠন কৰা হৈছিল।
ইয়াৰ পিছত কামৰূপ অনুসন্ধান সমিতিয়ে অসমৰ প্ৰাচীন ঐতিহ্য পুনৰুদ্ধাৰৰ
চেষ্টা চলালে আৰু অসমৰ বহু পুৰণি ইতিহাস, বিভিন্ন প্ৰাচীন ঐতিহ্যমণ্ডিত ঠাইত জৰীপ,
পঞ্জীয়ন আৰু গৱেষণাৰ কাম আৰম্ভ কৰে।
এই গৱেষণাসমূহ প্ৰণালীবদ্ধভাবে প্ৰকাশিত হৈছিল দি জাৰ্ণেল অৱ দি আসাম
ৰিচাৰ্ছ ছ’চাইটিত। এই সমিতিৰ মূখপাত্ৰ ৰাজমোহন নাথে নগাঁও
জিলাৰ ডৱকা, হোজাই, বড়গঙ্গা (বৰ্তমান বুঢ়ীগঙ্গা) আকাশীগঙ্গা, উৰ্ধ্বগংগা,
বসুন্ধৰী, যোগীজান, তৰাবছা, ফুলনি, সীতাজখলা, দীঘলপানী, বুঢ়া গোঁসাইথান, চাংচকী
আদি বিভিন্ন স্থানত প্ৰত্নতত্ত্বৰ খনন কাৰ্য চলাই সেই ঠাইত আৱিস্কৃত
ভগ্নাৱশেষসমূহৰ বিশ্লেষণ অসম অনুসন্ধান
সমিতিৰ মুখপত্ৰ কপিলী যমুনা উপত্যকাৰ প্ৰত্নতত্ত্ব নাম দি এলানি প্ৰবন্ধ প্ৰকাশ
কৰিছিল। আৰু ইয়াৰ সহায়ত নগাঁৱৰ পুৰণি ইতিহাসৰ বহু গুপ্ত কথা পোহৰলৈ আহিছিল। উক্ত
অঞ্চল সমূহত পঞ্চম শতিকাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদ লিপিত থকা প্ৰাচীন ডৱকা ৰাজ্যৰ অস্তিত্ব
আৱিস্কৃত হয় (বৰ্তমানৰ ডৱকা)। এই গৱেষণাত ভাৰত বৰ্ষত কদলি ৰাজ্য (নাৰী প্ৰধান
প্ৰমীলা ৰাজ্য), বৰ্তমানৰ কন্দলি-কঠীয়াতলি, ননৈ-কামপুৰ অঞ্চলতে আছিল বুলি উল্লেখ
কৰিছে। তাৰোপৰি দক্ষিণ নগাঁৱত প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশে,, শিৱ-পাৰ্বতীৰ
ভগ্নমূৰ্তি আৰু শিৱ লিংগ পোৱা গৈছিল। এই অঞ্চলত প্ৰায় ২৫৫০ ফুট ওখ কমলা দেৱী পৰ্বত
আছে আৰু ইয়াতে কালিকা পূৰাণত উল্লেখিত কমলাদেৱীক্ষৰ স্থান, ৰক্তদেৱীৰ পীঠ আছিল
বুলি পৰ্বতটোত পোৱা বিভিন্ন ভগ্নাৱশেষ আৱিস্কাৰ কৰি ৰাজমোহন নাথে প্ৰমান কৰি
দেখুৱাইছিল।এইখিনিতেই প্ৰাচীন প্ৰমীলা ৰাজ্যখন আছিল আৰু কদলি ৰাজ্যৰ মহাৰাণী আছিল
কমলা দেৱী। এজন মহাযোগী মীননাথ কদলি ৰাজ্যলৈ আহিছিল, তেওঁ কমলা আৰু মংগলাদেৱীৰ
প্ৰেমত পৰি মহাযোগীয়ে যোগসিদ্ধি হেৰুৱাই পেলোৱাৰ প্ৰাচীন কাহিনীটোৰ উল্লেখ কৰিছিল
কামৰূপ অনুসন্ধন সমিতিৰ মূখপত্ৰত।
তাৰোপৰি দেওপানী আৰু নুমলীগড়ৰ স্থাপত্য আৰু ভাস্কৰ্যৰ অলেখ নিদৰ্শন,
নুমলীগড়ৰ শিৱদ’ল আৰু দেওপনীৰ দেৱীদ’ল যে
নৱম শতিকাতে নিৰ্মিত হৈছিল সেয়াও ঠাৱৰ কৰা হৈছিল। আকৌ তেজপুৰৰ দ পৰ্বতীয়াৰ শিৱ
মন্দিটোৱেই অসমৰ প্ৰাচীন স্থাপত্যৰ শ্ৰেষ্ঠ মন্দিৰ বুলি প্ৰত্নতত্ত্ববিদ সকলে
প্ৰমান কৰিছিল। মন্দিৰৰ দুৱাৰৰ শিলৰ চৌকাঠখন গুপ্ত ভাস্কৰ্যৰ এক শ্ৰেষ্ঠ নিদৰ্শন।
তেজপুৰৰ বামুণী পাহাৰৰ ভগ্নাৱশেষৰ ওপৰত গৱেষণা কৰি ৰাজমোহন নাথে ঠাৱৰ কৰিছিল যে
তাত একেখন চোতালতে সাতটা মন্দিৰ আছিল। ইয়াৰ বাহিৰেও তেওঁ নৰকাসুৰ বংশীয় প্ৰাচীন
কামৰূপী ৰজা, প্ৰাচীন কামৰূপত কৈবৰ্ত, প্ৰাচীন কামৰূপত বৌদ্ধ ধৰ্ম, প্ৰাচীন অসমত
বিষ্ণু পূজা, লালমাটিৰ প্ৰাচীন ধ্বংসাৱশেষ, বৰভকীয়া গাঁৱৰ বসুদেৱ, বড়গংগাৰ
ধ্বংসাৱশেষ, কলিতা জাতিৰ ইতিবৃত্ত, ডৱকা ৰাজ্য, কদলি ৰাজ্য, ভীষ্মক নগৰ,
বশিষ্ঠাশ্ৰম আৰু বৃদ্ধ গংগা, গজেন্দ্ৰ মোক্ষণ, অংকীয়া নাটৰ ভক্তিতত্ব, নুমলীগড়ৰ
কাহিনী, জনাগাভৰুৰ গীত, কছাৰী ৰাজ্য, মহামাণিক্য, গছ তলৰ শিলালিপি, বড়ো-কছাৰী
জাতিৰ দৰ্শন, অসমীয়া ক্ষত্ৰিয় জাতি, অসমীয়া বৌদ্ধ সম্প্ৰদায়, ৰাতিখোৱা সম্প্ৰদায়,
পূৰাতত্ত্ব গৱেষণাত ইঞ্জিনীয়াৰ, দুৱাৰৰ চৌকাঠ আদিৰ বিষয়ে একোটা প্ৰৱন্ধ সৃষ্টি
কৰিছিল।
(ৰাজমোহন নাথৰ বিষয়ে চমুকৈঃ- ১৮৯৯ চনৰ ৩১ অক্টোৱৰৰ দিনা জন্ম গ্ৰহণ
কৰা ৰাজমোহন নাথে ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ প্ৰবেশিকা পৰীক্ষাত
উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ চিলেটৰ মুৰাৰীচাঁদ কলেজৰ আই এছ চি পাঠ্যক্ৰমত কৃতিত্ব
দেখুৱাই শিৱপুৰ অভিজান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯২৫ চনত উত্তীৰ্ণ হৈ ১৯২৭ চনত অসমৰ
গড়কপ্টানী বিভাগত যোগদান কৰিছিল। অৱসৰৰ পিছত তেওঁ সেই সময়ত নতুনকৈ প্ৰতিষ্ঠিত
গুৱাহাটী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে কাৰ্য্যনিবাৰ্হ
কৰিছিল আৰু শেষত অভিজান্ত্ৰিক শিক্ষাৰ বিশেষ বিষয়া হিচাপে নিযুক্তি হৈছিল।তেখেতৰ
পূৰ্বপুৰুষ নগাঁৱৰ ৰহা অঞ্চলৰ আছিল আৰু সময়ৰ সোঁতত তেওঁলোক উঠি গৈ হাইলাকান্দিৰ
ওচৰৰ ৰংগাউটা গাঁৱত বাসতি কৰিছিল।)
No comments:
Post a Comment