Friday, 19 July 2013

বান্ধৈৰ বিয়া ঘৰলৈ যাওঁ আহাঃ-



তোমাৰ বিয়াৰ দিনাখন ৰভাৰ তলীত....
আলহি হৈ থিয় দিম দুৱাৰ দলিত.........

এনে বহু যোৰা নামে, জাউৰিয়ে জাউৰিয়ে দিয়া উৰুলিৰ কোবত  মুখৰিত হৈ থকা তাহানিৰ সেই বিয়াঘৰৰ ৰভাতলীবোৰ যেন আজি কৰবাত হেৰাই গল এই বিয়া নাম, যোৰা নামবোৰেই আগৰ দিনত বিয়াঘৰ বিলাক বেচ গহীন গম্ভীৰ কৰি তুলিছিল দৰা ঘৰেই হওঁক বা কইনা ঘৰেই হওক উভয়ৰ ঘৰতে বিয়াৰ জোৰোণ দিয়াৰ পৰা ছোৱালী উলিয়াই দিয়ালৈকে প্ৰতিটো ক্ষণ অনুযায়ী ভিন ভিন নাম ভিন ভিন সুৰত গাইছিল এই বিয়ানাম, যোৰানাম বোৰ তেতিয়াৰ অশিক্ষিত লোকেই ৰচনা কৰিছিল আৰু গাইছিলো কিন্তু এই অশিক্ষিত কেনেকৈ এনেধৰণৰ বিয়ানাম ৰচনা কৰি সুৰ দি গাইছিল তাক ভাবিলে নিশ্চয় আচৰিত হোৱাৰে কথা তাতোতকৈ আচৰিত এই বিয়ানাম বোৰ মুখে মুখেহে চলি আহিছিল, সেয়ে পুৰণি কালত বিয়ানামবোৰ লিখিত ৰূপত পোৱা নগৈছিল দৰাঘৰত গোৱা বিয়ানাম যোৰানামতকৈ কইনাঘৰত গোৱা বিয়ানাম যোৰানাম বোৰ অৰ্থব্যঞ্জক আৰু বেদনা দায়ক আছিল আয়তী সকলে কইনাঘৰত নামেৰে উপদেশ দিয়াৰ লগতে পিতৃ মাতৃৰ ঘৰৰ পৰা উলিয়াই দিওঁতে কি দুঃসহ বেদনাৰে নিজৰ জীয়য়েকক আনলৈ গটাই দিবলগীয়া হয় তাৰ বৰ্ণনা একান্ত মনে শুনা সকলৰ চকুপানী বৈ আহিছিল এনে এফাঁকি হৃদয় পৰশা বিয়ানাম....................

চোতালৰ আগৰে দুবৰি বন
আজিহে বুজিলো দেউতাৰ মন
ৰাখাচোন দেউতা ৰাখাচোন মোক
কেনেকৈ ৰাখিম মই আইজনী তোক
অগ্নি সাক্ষী কৰি দিলো যে তোক
বাৰু দেউতা নাৰাখা ঘৰত
খাবৰে সময়ত পৰিবনে মনত..............

এনে শাৰী বিয়া নাম গাওঁতে পিতৃ-মাতৃ যিমানেই কঠোৰ নহওঁক কিয় জীয়াৰী উলিয়াই দিওঁতে চকুপানী অজানিতে বৈ আহেই এনে দৃশ্য সঁচাকৈয়ে হৃদয় বিদাৰকো হৈ পৰে এতিয়া ৰভাতলীলৈ যাওঁ আহক.......

ৰভাখোলাবোৰ আজিকালিৰ দৰে গৃহস্থৰ চোতালত প্ৰকাণ্ড ৰভা দি বিজুলী বাতি সাজ সজ্জাৰে চমক খোৱাৰ ব্যৱস্থা নাছিল গাঁৱৰ বিয়াত গৃহস্থৰ ঘৰৰ চোতালতে ৰভা অতি সাধাৰণ ভাবেই নিৰ্মাণ কৰা হৈছিল ৰভাৰ খুঁটা সাধাৰণতে বাঁহৰেই দিয়া হয় ওপৰত তিৰপাল নতুবা টিনপাত দি ঢাকি দিয়া হয় খুঁটা বিলাকত ফুলগছৰ ঠাল নাইবা ৰঙা, নীলা, হালধীয়া আদি ধৰণৰ কাগজৰে, ময়দাৰে তৈয়াৰ কৰা আঠাৰে মেৰিয়াই লগাই দিয়া হয় ৰভাৰ ইটো খুঁটাৰ পৰা সিটো খুঁটালৈ ৰচী বান্ধি ৰচীত ৰঙা, নীলা, বগা, বেঙুনীয়া আদি ৰঙৰ কাগজৰে ফুল কাটি আঠা লগাই দিয়া হয় পদূলি মুখত দুই কাষে কলগছ পুতি ওপৰত বাঁহৰ কাঠিৰে বাকনি বৈ ৰঙা ৰঙৰ কাপোৰ লগাই তাৰ ওপত কপাহেৰে ময়দাৰ আঠা লগাই শুভবিবাহ বুলি লিখি দিছিল কলগছৰ গাত খেঁজুৰী গছৰ পাত বান্ধি পাতৰ জোঙা মূৰটোত বিভিন্ন ৰঙৰ ফুল বিশেষকৈ নাৰ্জি ফুল লাগই দি শুৱনি কৰি দিছিল ওপৰৰ ফালে আমপাত সুতাৰে বান্ধি দুই জোপা কলত বান্ধি আঁৰি দিছিল খেঁজুৰি পাত নাপালে পাতাবাহাৰ জবাফুল আদিৰ ঠানি বান্ধি দিছিল চহৰ বোৰত অৱশ্যে বেছি জাক জমকীয়া কৰিছিল

তেতিয়াৰ দিনত বিজুলী বাতি নাছিল, গতিকে মেণ্ঠল লাইট জ্বলাই ৰভাতলি পোহৰ কৰি তুলিছিল এনে লাইট ভাড়ালৈ পোৱা গৈছিল মানুহ বহিবৰ কাৰণে গাঁৱৰ মানুহৰ ঘৰৰ পৰা চকী মেজ আদি সংগ্ৰহ কৰি অনা হৈছিল আজি কালি অৱশ্যে গাঁও বিলাকত আগৰ দৰে ৰভা দিয়াৰ ব্যৱস্থাৰ সলনি হৈছে গাঁও বোৰতো বিয়াৰ ৰভাৰ কাৰণে বিভিন্ন সামগ্ৰী ভাড়াত পোৱা হৈছে চকী, মেজ, বিজুলী বাতি আদিও ভাড়াত পোৱা যায় আনকি ৰভাখনো ব্যৱসায়িক সকলে ধনৰ বিনিময়ত সাজি দিয়া হৈছে চহৰ বোৰত আকৌ বিয়াৰ কাৰণে ৰভা দিয়াৰ ব্যৱস্থাৰ সলনি হল যি সকলৰ লোকৰ চোতাল বা ঘৰৰ সন্মুখত আহল বহল ঠাই তেওঁলোকৰো ভাড়াৰ বিনিময়ত জাকজমকীয়াকৈ বিয়াৰ ৰভা প্ৰস্তুত কৰি লোৱাৰ সুবিধা হৈছে নিজৰ ঘৰৰ আহল বহল চোতাল নথকা সকলে ভাড়াৰ বিনিময়ত বিবাহ ভৱন আদিত বিবাহ অনুষ্ঠিত কৰিবলৈ সুবিধা পোৱা হৈছে কিন্তু হাজাৰ হলেও এনেবোৰ বিবাহ ভৱনত বিয়া নাম, যোৰা নাম আদি প্ৰাসঙ্গিকতাই ইয়াত লাহে লাহে ঠাই নোপোৱা হৈছে

তাহানি নিমন্ত্ৰিত অতিথি সকলক সাধাৰণতে ৰুটি-দালি,ভাজি, কোমল চাউল-দৈ গুৰ (মিঠৈ) আদিহে অপ্ৰায়িত/পৰিবেশন কৰিছিল বিলনীয়া সকলে অতিথি সকলক নিজে সুধি-পুচি যোগান ধৰিছিল গৃহস্থ বা গৃহস্থৰ আপোন মানুহে নিজে সোধপোচ কৰি তদাৰকৰ ব্যৱস্থা লৈছিল আজিকালি চহৰৰ সেই বুফে প্ৰথাই গৃহস্থৰ সেই মৰম মিহলি সোধাপোচাবোৰ পাহৰাই পেলালে এই বুফে প্ৰথাই বিলোৱা দায়িত্বৰ পৰা গৃহস্থক বা গৃহস্থৰ আপোন মানুহবোৰক অতিৰিক্ত কামৰ বোজাৰ পৰা সকাহ দিয়ে যদিও নিমন্ত্ৰিত অতিথি আৰু গৃহস্থৰ পৰিয়ালৰ লগত সহৃদয়তাৰ অভাৱ দেখা যায়, যিটো কথা নিমন্ত্ৰিত অতিথি সকলে উপলদ্ধি কৰিবলগীয়া হোৱাও অনুভৱ কৰা দেখা যায়
আগৰ দিনৰ বিয়াবোৰত দৰা বা কইনাক নিমন্ত্ৰিত অতিথি সকলে আৰু আত্মীয় সকলে সুকীয়াকৈ উপহাৰ দিয়া প্ৰথা আছিল কইনাক সাধাৰণতে আত্মীয় সকলে কাঁহৰ কাঁহী-বাতি, হাতে-বোৱা মেখেলা চাদৰ আদি উপহাৰ দিছিল দৰাক ধুতি, গেঞ্জি, গামোছা, চেলেং আদি উপহাৰ দিছিল তাৰ মাজতে বহুত বৈবাহিক জীৱনৰ প্ৰয়োজনীয় বা গল্প, প্ৰবন্ধৰ কিতাপ আৰু কেতিয়াবা নগদ ধনো উপহাৰৰ অনন্য আছিল

বিয়ালৈ নিমন্ত্ৰন কৰাৰ সময়ত সাধাৰণ ভাবে বগা কাজত হাতেলিখা চিঠি লেফাফাৰ ভিতৰত দিয়া হৈছিল, লেফাফাবোৰ সাধাৰণতে গুলপীয়া ৰঙৰ আছিল আৰু লেফাফাটোৰ বাঁওফালে ওপৰৰ কোণত এটা পখিলা অঙ্কিত আছিল, মাজ অংশত শুভবিবাহ বুলি লিখা আছিল ওচৰ চুবুৰীয়াক শৰাই বা বঁটাত তামোলপাণ  দি শৰাই ঢাকনিৰে ঢাকি ঘৰৰ সকলোকে বিয়ালৈ নিমন্ত্ৰন জনাইছিল জ্যেষ্ঠ সকলে আকৌ ঘৰৰ গৃহস্থৰ জ্যেষ্ঠ জনক সেৱা জনাইহে নিমন্ত্ৰণ জনাইছিল যাতায়তৰ অসুবিধাৰ বাবে প্ৰায় ৩, ৪ মাইল বাট খোজকাঢ়ি গৈ হলেও এনেকৈ নিমন্ত্ৰন কৰিছিল কিন্তু আজিৰ দিনত নিমন্ত্ৰন জনোৱা পত্ৰৰ এক যেন প্ৰতিযোগীতাহে চলিছে বিভিন্ন ধৰণৰ দামী দামী নিমন্ত্ৰণী পত্ৰৰ লগতে দামী লেফাফাৰ ব্যৱহাৰ কৰিবলৈ ললে এনে দামী লেফাফাৰ ভিতৰত বিভিন্ন ধৰণেৰে অসমীয়া আৰু ইংৰাজীৰে লিখা চিঠি এখন ভৰাই দি নিমন্ত্ৰণ জনোৱাটো এটা সম্ভ্ৰম বা মৰ্য্যদাৰ দৰে হৈছে তদুপৰি নিমন্ত্ৰণ জনোৱাৰ নিয়মো সম্পূৰ্ণ বেলগ হ'বলৈ লৈছে বিয়াৰ নিমন্ত্ৰণী পত্ৰখনো আনকি আনৰ হাততেই দি বা এটা ফোন কল, এটা ই-মেইল, এটা এচ. এম. এচ দিয়েই দায়িত্ব সামৰিবলৈ লৈছে, এনে ব্যৱস্থাই কম সময়ত বেছি কাম কৰাত সহায় হৈছে ঠিকেই, কিন্তু আত্মীয় সকলৰ মাজৰ আন্তৰিকতাবোৰত হেঙাৰ হোৱা যেন অনুভৱ হয়

আগতে বিবাহৰ ক্ষেত্ৰত কোনো লোকৰ মধ্যস্থতাত ল'ৰা আৰু ছোৱালীৰ ঘৰৰ পিতৃ-মাতৃ অভিভাৱকৰ সন্মতিত বিয়াৰ বিষয়বোৰ আলোচনা কৰা হৈছিল আৰু এনে মধ্যস্থতাকাৰী সকলক ঘটক বুলি কোৱা হয় আজিৰ দিনত অৱশ্যে কোনো মধ্যস্থতাকাৰী নহলেওঁ দুয়োপক্ষৰ মাজৰ আলোচনাৰ মাধ্যমেৰে উভয় পক্ষৰ সন্মতিত বিবাহকাৰ্য্য সম্পন্ন হয় আগৰ দিনত ল'ৰাই ছোৱালী চাবলৈ যোৱাৰ কোনো নিয়মেই নাছিল 'ৰা-ছোৱালীৰ মাক-দেউতাকে বিয়াৰ সকলো খাটাং কৰিছিল ইয়াৰ কিছুবছৰৰ পিছৰ পৰা ল'ৰাই ছোৱালী চাবলৈ যোৱা প্ৰথা প্ৰচলন হল আৰু ছোৱালী পচন্দ অপচন্দৰ কথাটো ল'ৰাৰ ওপৰতে নিৰ্ভৰ কৰিছিল কিন্তু বৰ্তমান সময়ত বেছি ভাগ ল'ৰা-ছোৱালীয়ে নিজে নিজেই ইজনে সিজনক মাক-দেউতাকৰ অলক্ষিতে সকলো খাটাং কৰি পিছতহে অভিভাৱক বা মাক-দেউতাকক খৱৰ দিয়াটো যেন এক ফেশ্ব্যনত পৰিনত হৈ পৰিছে

প্ৰত্নতাত্ত্বিক গৱেষণাৰ আৰম্ভনিৰ কিছুকথাঃ-



অসমত প্ৰত্নতত্ত্বৰ চৰ্চাৰ ওপৰত গৱেষণা চলাইছিল বহু বছৰৰ আগতে প্ৰত্নতত্ত্ব গৱেষণ ৰাজমোহন নাথে। ভাৰতত ১৮৩৪ চনত প্ৰথম প্ৰত্নতত্ত্বৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু অসমত বহু পলমকৈ ১৯২৬ চনৰ পৰাহে আৰম্ভ কৰিছিল।  
অসমত প্ৰত্নতাত্ত্বিক চৰ্চাৰ ওপৰত গুৰুত্ব দি ১৯১২ চনতে কামৰূপ অনুসন্ধান সমিতিৰ জন্ম হলেওঁ এই সমিতিয়ে অসমৰ পুৰাতত্ত্ব আৰু প্ৰত্নতত্ত্বৰ কামত বিশেষ প্ৰশাসনিক তথ্যপাতি যুগুত কৰিব পৰা নাছিল। পিছলৈ সৰ্বেশ্বৰ কটকী, সোণাৰাম চৌধুৰী আৰু ৰাজমোহন নাথৰ উদ্যোগত সৰ্বভাৰতীয় প্ৰত্নতাত্ত্বিক চিন্তা-চৰ্চাত অসমে গুৰুত্ব লাভ কৰিলে। স্থাপত্য-ভাস্কৰ্যৰ উদ্ঘাটক, গৱেষণা আৰু অনুপম বিশ্লেষণেৰে এইসকলে অসমত ইতিহাস চৰ্চাৰ দুৱাৰ মুকলি কৰিলে।
কামৰূপ অনুসন্ধান সমিতি প্ৰতিষ্ঠাৰ মুখ্য উদ্দেশ্য আছিল প্ৰাচীন কামৰূপৰ বিষয়ে বিভিন্ন ধৰণৰ গৱেষণাৰ লগতে উত্তৰ-পূৱ ভাৰতৰ ঐতিহাসিক আৰু পুৰাতত্ত্ব দিশৰ অধ্যয়ন আৰু গৱেষণা কৰা। ৰাজহুৱা দানেৰে গঢ়ি উঠা এই অনুষ্ঠানে ১৯১৫ চনত প্ৰথমটো চৰকাৰী অনুদান লাভ কৰিছিল। যুগুত কৰা নিয়মাৱলী অনুসৰি ১৯১৬ চনত ইয়াৰ প্ৰথম কাৰ্যনিবাহক কমিটী গঠন কৰা হৈছিল।
ইয়াৰ পিছত কামৰূপ অনুসন্ধান সমিতিয়ে অসমৰ প্ৰাচীন ঐতিহ্য পুনৰুদ্ধাৰৰ চেষ্টা চলালে আৰু অসমৰ বহু পুৰণি ইতিহাস, বিভিন্ন প্ৰাচীন ঐতিহ্যমণ্ডিত ঠাইত জৰীপ, পঞ্জীয়ন আৰু গৱেষণাৰ কাম আৰম্ভ কৰে।
এই গৱেষণাসমূহ প্ৰণালীবদ্ধভাবে প্ৰকাশিত হৈছিল দি জাৰ্ণেল অৱ দি আসাম ৰিচাৰ্ছ ছচাইটিত। এই সমিতিৰ মূখপাত্ৰ ৰাজমোহন নাথে নগাঁও জিলাৰ ডৱকা, হোজাই, বড়গঙ্গা (বৰ্তমান বুঢ়ীগঙ্গা) আকাশীগঙ্গা, উৰ্ধ্বগংগা, বসুন্ধৰী, যোগীজান, তৰাবছা, ফুলনি, সীতাজখলা, দীঘলপানী, বুঢ়া গোঁসাইথান, চাংচকী আদি বিভিন্ন স্থানত প্ৰত্নতত্ত্বৰ খনন কাৰ্য চলাই সেই ঠাইত আৱিস্কৃত ভগ্নাৱশেষসমূহৰ  বিশ্লেষণ অসম অনুসন্ধান সমিতিৰ মুখপত্ৰ কপিলী যমুনা উপত্যকাৰ প্ৰত্নতত্ত্ব নাম দি এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। আৰু ইয়াৰ সহায়ত নগাঁৱৰ পুৰণি ইতিহাসৰ বহু গুপ্ত কথা পোহৰলৈ আহিছিল। উক্ত অঞ্চল সমূহত পঞ্চম শতিকাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদ লিপিত থকা প্ৰাচীন ডৱকা ৰাজ্যৰ অস্তিত্ব আৱিস্কৃত হয় (বৰ্তমানৰ ডৱকা)। এই গৱেষণাত ভাৰত বৰ্ষত কদলি ৰাজ্য (নাৰী প্ৰধান প্ৰমীলা ৰাজ্য), বৰ্তমানৰ কন্দলি-কঠীয়াতলি, ননৈ-কামপুৰ অঞ্চলতে আছিল বুলি উল্লেখ কৰিছে। তাৰোপৰি দক্ষিণ নগাঁৱত প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশে,, শিৱ-পাৰ্বতীৰ ভগ্নমূৰ্তি আৰু শিৱ লিংগ পোৱা গৈছিল। এই অঞ্চলত প্ৰায় ২৫৫০ ফুট ওখ কমলা দেৱী পৰ্বত আছে আৰু ইয়াতে কালিকা পূৰাণত উল্লেখিত কমলাদেৱীক্ষৰ স্থান, ৰক্তদেৱীৰ পীঠ আছিল বুলি পৰ্বতটোত পোৱা বিভিন্ন ভগ্নাৱশেষ আৱিস্কাৰ কৰি ৰাজমোহন নাথে প্ৰমান কৰি দেখুৱাইছিল।এইখিনিতেই প্ৰাচীন প্ৰমীলা ৰাজ্যখন আছিল আৰু কদলি ৰাজ্যৰ মহাৰাণী আছিল কমলা দেৱী। এজন মহাযোগী মীননাথ কদলি ৰাজ্যলৈ আহিছিল, তেওঁ কমলা আৰু মংগলাদেৱীৰ প্ৰেমত পৰি মহাযোগীয়ে যোগসিদ্ধি হেৰুৱাই পেলোৱাৰ প্ৰাচীন কাহিনীটোৰ উল্লেখ কৰিছিল কামৰূপ অনুসন্ধন সমিতিৰ মূখপত্ৰত।

তাৰোপৰি দেওপানী আৰু নুমলীগড়ৰ স্থাপত্য আৰু ভাস্কৰ্যৰ অলেখ নিদৰ্শন, নুমলীগড়ৰ শিৱদল আৰু দেওপনীৰ দেৱীদল যে নৱম শতিকাতে নিৰ্মিত হৈছিল সেয়াও ঠাৱৰ কৰা হৈছিল। আকৌ তেজপুৰৰ দ পৰ্বতীয়াৰ শিৱ মন্দিটোৱেই অসমৰ প্ৰাচীন স্থাপত্যৰ শ্ৰেষ্ঠ মন্দিৰ বুলি প্ৰত্নতত্ত্ববিদ সকলে প্ৰমান কৰিছিল। মন্দিৰৰ দুৱাৰৰ শিলৰ চৌকাঠখন গুপ্ত ভাস্কৰ্যৰ এক শ্ৰেষ্ঠ নিদৰ্শন। তেজপুৰৰ বামুণী পাহাৰৰ ভগ্নাৱশেষৰ ওপৰত গৱেষণা কৰি ৰাজমোহন নাথে ঠাৱৰ কৰিছিল যে তাত একেখন চোতালতে সাতটা মন্দিৰ আছিল। ইয়াৰ বাহিৰেও তেওঁ নৰকাসুৰ বংশীয় প্ৰাচীন কামৰূপী ৰজা, প্ৰাচীন কামৰূপত কৈবৰ্ত, প্ৰাচীন কামৰূপত বৌদ্ধ ধৰ্ম, প্ৰাচীন অসমত বিষ্ণু পূজা, লালমাটিৰ প্ৰাচীন ধ্বংসাৱশেষ, বৰভকীয়া গাঁৱৰ বসুদেৱ, বড়গংগাৰ ধ্বংসাৱশেষ, কলিতা জাতিৰ ইতিবৃত্ত, ডৱকা ৰাজ্য, কদলি ৰাজ্য, ভীষ্মক নগৰ, বশিষ্ঠাশ্ৰম আৰু বৃদ্ধ গংগা, গজেন্দ্ৰ মোক্ষণ, অংকীয়া নাটৰ ভক্তিতত্ব, নুমলীগড়ৰ কাহিনী, জনাগাভৰুৰ গীত, কছাৰী ৰাজ্য, মহামাণিক্য, গছ তলৰ শিলালিপি, বড়ো-কছাৰী জাতিৰ দৰ্শন, অসমীয়া ক্ষত্ৰিয় জাতি, অসমীয়া বৌদ্ধ সম্প্ৰদায়, ৰাতিখোৱা সম্প্ৰদায়, পূৰাতত্ত্ব গৱেষণাত ইঞ্জিনীয়াৰ, দুৱাৰৰ চৌকাঠ আদিৰ বিষয়ে একোটা প্ৰৱন্ধ সৃষ্টি কৰিছিল।
(ৰাজমোহন নাথৰ বিষয়ে চমুকৈঃ- ১৮৯৯ চনৰ ৩১ অক্টোৱৰৰ দিনা জন্ম গ্ৰহণ কৰা ৰাজমোহন নাথে ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ চিলেটৰ মুৰাৰীচাঁদ কলেজৰ আই এছ চি পাঠ্যক্ৰমত কৃতিত্ব দেখুৱাই শিৱপুৰ অভিজান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯২৫ চনত উত্তীৰ্ণ হৈ ১৯২৭ চনত অসমৰ গড়কপ্টানী বিভাগত যোগদান কৰিছিল। অৱসৰৰ পিছত তেওঁ সেই সময়ত নতুনকৈ প্ৰতিষ্ঠিত গুৱাহাটী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে কাৰ্য্যনিবাৰ্হ কৰিছিল আৰু শেষত অভিজান্ত্ৰিক শিক্ষাৰ বিশেষ বিষয়া হিচাপে নিযুক্তি হৈছিল।তেখেতৰ পূৰ্বপুৰুষ নগাঁৱৰ ৰহা অঞ্চলৰ আছিল আৰু সময়ৰ সোঁতত তেওঁলোক উঠি গৈ হাইলাকান্দিৰ ওচৰৰ ৰংগাউটা গাঁৱত বাসতি কৰিছিল।)