Sunday, 7 January 2018

যান-বাহন চালকৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু অনুজ্ঞাপত্ৰৰ বৈধতা-?


কেইদিনমানৰ আগতে নলবাৰীত সংঘটিত হোৱা দূৰ্ঘটনাটোত এটা পৰিয়ালৰ প্ৰায় সকলো সদস্য নিঃশেষ হৈ যোৱাত আমি সকলো মৰ্মাহত হৈ, সেই বেদনা আজিও পাহৰিব পৰা নাই । এনে ঘটনাৰ পূনৰাবৃত্তি নঘটক, নহওঁক তাকেই কামন কৰি, নিৰাপদ যাত্ৰাৰ সুনিশ্চিত কৰাৰ অৰ্থে যান-বাহন চালকৰ বিষয়ে দুআষাৰ লিখাৰ মৰসাহ নকৰি নোৱাৰিলো।

যি ধৰণে দৈনিক দ্ৰুত গতিত যান-বাহনৰ ক্ৰয়-বিক্ৰি হবলৈ ধৰিছে, সমানুপাতিক হাৰত যান-বাহন চলাচলৰৰ বাবে প্ৰয়োজনীয় বহল ৰাজপথ প্ৰৰ্য্যাপ্ত পৰিমানে গঢ়ি তুলিবলৈ এতিয়াও বহু কেইখন চহৰত বাকী আছে। গৰিষ্ঠ সংখ্যক ৰাজ-পথ বা উপপথেই  পূৰ্বতে নিৰ্মাণ কৰা দৰেই আছে যদিও, সেইবোৰত চলাচল কৰা বাহনৰ সংখ্য প্ৰায় ২০, ২৫ গুণে বৃদ্ধি পালে বুলি কলেও ভুল কোৱা নহব চাগৈ। এই ক্ষেত্ৰত চৰকাৰ বা পৰিবহন বিভাগৰ কোনো নিশেধাজ্ঞা নথকাৰ হেতু, নতুন বাহন বিক্ৰি কৰা সংস্থা সমূহে অঘোষিত প্ৰতিযোগিতাতহে নমা যেন অনুভৱ হয়।

তাৰোপৰি বাহন চলোৱাৰ নিয়মাৱলীৰ বিষয়ে গৰিষ্ঠ সংখ্যক ব্যৱসায়িক বাহনৰ চালকেই অঞ্জ বা অনভিজ্ঞ। প্ৰায়ে দেখা যায় ব্যৱসায়িক বাহন সমূহত চেমনীয়া বোৰে দুদিনমান হেণ্ডিমেন হিচাবে কাম কৰাৰ পিছত চালকক দেখি দেখিয়েই কেইদিনমানৰ পাছত সেই হেণ্ডিমেন জন আন এখন ব্যৱসায়িক বাহনৰ চালক হৈ পৰে। তেওঁ অতি সহজে কোনো ব্যৱহাৰিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে, মৌখিক বা ব্যহাৰিক পৰীক্ষাত অৱত্তীৰ্ণ নোহৱাকৈয়ে,  শকত অংকৰ বিনিময়ত বিভাগৰ পৰা চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰে। এই কথা প্ৰশাসন বা বিভাগীয় চৰকাৰী বিষয়াৰ অজ্ঞাতে হয় বুলি মনে নধৰে বা কোনেও বুকুত হাত থৈ নহয় বুলি কব নোৱাৰে।

কিন্তু কথা হৈছে এই অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকলৰ কোনো দোষ নাই, কাৰণ পেটৰ তাৰনাত আৰু পৰিয়ালৰ কথা ভাবিয়েই তেওঁলোক দুপইছা বেছিকৈ আৰ্জিবলৈ এনে সহজে উপলব্ধ অনুজ্ঞাপত্ৰ যি কোনো মূল্যৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ উঠিপৰি লাগে। তাৰোপৰি যান-বাহন নিয়মাৱলী অনুযায়ী সকলো ধৰণৰ বাহন চালকৰ প্ৰয়োজনীয় প্ৰশিক্ষণ বা ব্যৱহাৰীক পৰীক্ষাৰ অন্তত অনুজ্ঞাপত্ৰ প্ৰদান কৰা এটা সুকীয়া বিভাগ আছে। যিহেতু এই সুকীয়া বিভাগটোৱেই এতিয়া অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কোনো নিয়মাৱলী অনুসৰন নকৰা পৰিলক্ষিত হৈছে, তেনেক্ষেত্ৰত প্ৰশাসন বা বিভাগীয় কতৃপক্ষই মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোত হস্তক্ষেপ কৰা  বা গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল বুলি ভাবো।
এইখিনিতে এটা কথা নকৈ নোৱাৰি যে ব্যক্তিগত চালক সকলক ক্ষেত্ৰত দেখা যায় যে, তেওঁলোকে নিজৰ নিৰাপদ যাত্ৰাৰ বাবেই হওঁক বা দায়িত্ব/কৰ্ত্তব্য বুলিয়েই হওঁক, বাহন চলোৱাৰ নিয়মাৱলী কিছু হলেও আয়ত্ত কৰিবলৈ আগ্ৰহী হৈ পিছলৈ পাকৈত হৈ পৰাওঁ দেখা যায়। নাইবা নিজকে সম্পূৰ্ণৰূপে পাকৈত চালক হিচাবে মন ডাঠ কৰিব নোৱাৰালৈকে ৰাজপথলৈ গাড়ীলৈ ওলাবলৈ শংকাত ভুগা দেখা যায়।

সততে হোৱা দুৰ্ঘটনা হাৰ হ্ৰাস কৰিবলৈ, পথযাত্ৰা সুনিশ্চিত কৰিবলৈ, যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবোৰ আসোঁৱাহ দুৰ কৰিবলৈ তলত উল্লেখিত কিছু প্ৰদক্ষেপ বিবেচনা মাজেৰে গ্ৰহণ কৰিবলৈ আমি এই পত্ৰৰ জৰিয়তে আহ্বান জনালো।

ক) প্ৰথমেই অনুজ্ঞাপত্ৰ প্ৰদান কৰা বিভাগে যাতে প্ৰয়োজনীয় প্ৰশিক্ষণ, মৌখিক বা ব্যৱহাৰীক পৰীক্ষাৰ অন্ততহে এজন চালকক অনুজ্ঞাপত্ৰ প্ৰদান কৰে সেইটো নিশ্চিত কৰিলে আপোনাআপুনি বহু চালক-যাত্ৰী নিৰাপদে যাত্ৰা কৰিব পাৰিব বুলি ভাবো।

খ) কোনো আগতীয়া জাননী নিদিয়াকৈ চালক সকলৰ অনুজ্ঞাপত্ৰ সময়ে সময়ে পৰীক্ষণৰ ব্যৱস্থা কৰা। বৈধ বা  অবৈধ অনুজ্ঞাপত্ৰ চিনাক্ত কৰি অবৈধ অনুজ্ঞাপত্ৰৰ চালকক আইনমতে দণ্ডনীয় কৰাৰ ব্যৱস্থা কৰা, লগতে উক্ত অবৈধ অনুজ্ঞাপত্ৰ প্ৰদান কৰা বিভাগীয় বিষয়াক উপযুক্ত শাস্তিৰ দিয়া কৰা ।

গ) প্ৰতিজন চালককে বাহন চলোৱাৰ সাংকেতিক চিহ্নৰ বিষয়ে বা পথৰ কাষত থকা ফলকৰ মুকলিকৈ সেই স্থানতে প্ৰশ্ন কৰিলে চালকৰ জ্ঞানৰ অনুমান পোৱা যাব। অনভিজ্ঞ চালকৰ অনুজ্ঞাপত্ৰ লগে লগে বাতিল কৰাৰ দিহা কৰা।
ঘ) নিশাৰ ভাগত চলোৱা বাহনৰ চালক সকলক কেনেধৰণৰ হেডলাইটৰ আপাৰ /ড্ৰিপাৰৰ ব্যৱহাৰ, ইণ্ডিকেৰৰ ব্যৱহাৰ, সৰ্বাধিক/সৰ্বনিম্ন কি গতিত বাহন চলালে নিৰাপদে যাত্ৰা কৰিব পাৰি, এই সকলোবোৰ বিষয়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, প্ৰশিক্ষণৰ অন্তত ফলাফলৰ বাবে পৰীক্ষাৰ ব্যৱস্থা ৰাখি, সফল চালক সকলক অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা।
ঙ) অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকলক বা অনভিজ্ঞ চালক সকলক প্ৰতিখন চহৰতে প্ৰৰ্য্যায়ক্ৰমে প্ৰশিক্ষণৰ দিহা কৰক, পৰবৰ্তী পৰ্য্যায়ত তেওঁলোকক বৈধ অনুজ্ঞপত্ৰ প্ৰদানৰ দিহা কৰক।

চ) চালক যাত্ৰী উভয়ে যাত্ৰাৰ সময়ত নিজৰ চীটবেল্ট ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ লগতে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰক।

ছ) চলকৰ অনুজ্ঞাপত্ৰৰ লগত বয়সৰ উৰ্দ্ধতম সীমা এটা থকাও দৰকাৰ। মনৰ যোৰত বাহন চলোৱা বহু বয়োজেষ্ঠ লোক দেখা পাওঁ, যাৰ হয় দৃষ্টিশক্তি অথবা শ্ৰৱণ শক্তি কম যেন অনুভৱ হয়। বাহন চলাওঁতে কেতিয়াবা অতি তাত্ক্ষণিক ভাৱে কিছুমান সিদ্ধান্ত লৱ লগা পৰিস্থিতি আহি পৰে। বয়োজেষ্ঠ চালকৰ ক্ষেত্ৰত এনে সময়ত সিদ্ধান্ত লোৱাটো কঠিন হৈ পৰে।

জ) যাত্ৰীবাহী আৰু মালবাহী বাহনৰ চালকৰ ক্ষেত্ৰত বয়সৰ নিম্নসীমা নিৰ্দ্ধাৰণ কৰাটো অতিকৈ বাঞ্চনীয়, কাৰণ বহুত সময়ত চেমনীয়া বয়সৰ চালকে গধূৰ যাত্ৰীবাহী বা মালবাহী বাহন চলোৱা দেখা যায়।


বৰা নিতুল,
নগাঁও।