কিছুদিনৰ পৰা হাতী আৰু মানুহৰ মাজত সংঘাত হোৱাটো এক সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। প্ৰায়ে বাতৰি কাকত, বা দুৰদৰ্শনত শুনিবলৈ পোৱা যায়, বন্যহাতী আহি মানুহৰ বসতিৰ স্থান লণ্ডভণ্ড কৰাৰ উপৰিও মানুহে কৰা খেতিখোলা খাই তহিলং কৰিছেহি, ইয়াৰ বিপৰীতে মানুহে হাতীবোৰ খেদাবলৈ চেষ্টা কৰিছে বা বনবিভাগক দোষাৰোপ কৰিছে। এইটো হবলৈ কিয় পাইছে, ইয়াৰ প্ৰকৃত্ব কোৰোণটো ক’ত ? হাতীবোৰৰ গাত দোষ নে বনবিভাগৰ গাত দোষ ? নে বনাঞ্চলৰ দাঁতি কাষৰীয়া বাসিন্দা সকলৰ দোষ ? ই আজি এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সময় থাকোতেই এই সমস্যাৰ বিকল্পৰ কথা নাভাবিলে, আজি জোৰ পুৰি হাত পালেহি, তথাপিও সাধাৰণ মানুহৰ চেতনা অহা নাই।

নবেম্বৰ মাহৰ কোনোবা এটা দিনত, কৰ্তব্যৰ খাতিৰত নগাঁৱৰ পৰা প্ৰায় ২৫ কি.মি.মান নিলগৰ বামুনী অঞ্চললৈ গৈছিলো। ঠিক ৩ মান বাজিছে, নিজৰ কাম শেষ কৰি উভতনি পথেৰে মটৰ চাইকেলত লাহে লাহে বামুনী, চাপানলা বনাঞ্চলৰ কাষৰ পকী পথেৰে আহি আছো, পথৰ কাষতে খেলিবলৈ অহা কনমানী দুটামানৰ চিঞৰ শুনিলো যে- হাতী ওলালেই, হাতী ওলালেই। মই মটৰ চাইকেলৰ গতি কিছু মন্থৰ কৰি ইফালে সিফালে চালো, দেখিলো বেলি আছেই, প্ৰায় ৩ শ মিটাৰ মান দুৰৈত এটা হাতীৰ জাকে বনাঞ্চলৰ কাষতে ৰৈ আছেহি। মটৰ চাইকেলখন ৰখাই কিছু আগুৱাই গ’লো দেখিলো, হাতীৰ জাকটোৰ লগত সৰু সৰু হাতীৰ পোৱালীও আছে । দেউতাই আগতে কোৱা শুনিছিলো, বনৰীয়া হাতীৰ পোৱালী থকা জাকবোৰৰ ওচৰলৈ কেতিয়াও নাযাবলৈ, সিহঁতৰ পোৱালীৰ কিবা ক্ষতি কৰিবলৈ মানুহ ওচৰলৈ আহিছে বুলি ভাবি ভয়ানক ৰূপ ল’ব পাৰে। জীৱনত প্ৰথম বাৰৰ বাবে এনে হাতীৰ জাক দেখাৰ সৌভাগ্য হ’ল যদিও এনেকৈ দিনৰ ভাগতে দেখা পোৱা যায় বুলি কল্পনাও কৰা নাছিলো। হাবিৰ মাজত আৰু বহুতো হাতী থকাৰ উমান পালো, জাকৰ কোলাহল আৰু দতাল হাতীৰ বিকট শব্দবোৰ সেইদিনাহে স্বচাক্ষে শুনিবলৈ পালো। অলপ সচকিত হৈ কেমেৰাৰে দুৰৰ পৰা ফটো তুলিবলৈ চালো যদিও মবাইলৰ কেমেৰাৰে ইমান দুৰৰ হাতীৰ জাকৰ ফটো ভালকৈ লবলৈ সক্ষম নহলো।
লামডিং বনাঞ্চলৰ দাঁতি কাষৰীয়া ২ নং পিপল পুখীৰ বুলি গাঁৱত মোৰ মামাৰ ঘৰ। যোৱা কালি নিশাৰ কথা, শীতৰ নিশা মামাহঁতৰ ঘৰৰ সকলোৱেই টোপনীত লালকাল, প্ৰায় ২ মান বজাত মামাহঁতৰ ঘৰৰ পিছফালৰ কলগছবোৰ মৰমৰাই থকা, চেৰেক চোৰোক শব্দ, মটককৈ উঠা শব্দত এজন মামাই সাৰপালে, কাণ উঙাই শুনিলে কিহৰ শব্দ। মামাৰ বুজিবলৈ বাকী নাথাকিল- শব্দ নকৰাকৈ বিচনাৰ পৰা উঠিল, কাষৰ ৰূমতে শুই থকা সৰু মামাক (ভায়েক) হাতত সাৰে ভৰিত সাৰে গৈ জগালেগৈ। উঠচোন হাতী আহিছে হ’বলা, সৰুমামাও উচপ খাই উঠিল। কোনো শব্দ নকৰাকৈ ভিতৰত লাইট বা টৰ্চ নজলোৱাকৈ খিৰিকি এখন অলপ ফাক কৰি পিছফালে চালে। খিৰিকিৰ কাষৰে পৰা চকুৰে একো নেদেখি, কিন্তু গমপালে যে হাতী হয়, কিন্তু কিমান হাতী সেইটো বুজিব নোৱাৰিলে। আগদুৱাৰেদি শব্দ নকৰাকৈ ওলাই গৈ কাষৰ ঘৰৰ মানুহ জগালেগৈ, এনেই দুই চাৰি ঘৰৰ মতামানুহবোৰ গোত খালে, দুৰৰ পৰা ৫ বেটাৰীৰ টৰ্চ মাৰিলে, টৰ্চৰ পোহৰ দেখিলে মামাহঁতৰ পিছত ফালে অতি কমেও ২০-২৫ টা হাতীৰ এটা জাক। কি কৰিব কি নকৰিব ভাবি, ঘৰৰ মানুবোৰ লাহে লাহে কাষৰ ঘৰলৈ অতৰাই আনিলে। ওচৰ-চুবুৰীয়া মতামানুহবোৰে জোৰমুঠি সাজি জ্বলাই হাতীৰ জাকটো খেদিবলৈ গ’ল যদিও হাতীৰ জাকটোৱে কেৰেপেই নকৰিলে। উপায়ন্তৰ হৈ জোৰমুঠিবোৰ হাতীৰ জাকৰ মাজলৈ দলিয়াবলৈ ধৰিলে। এইবাৰ যেনিবা অলপ লাহে লাহে হাতীৰ জাকটো দুৰলৈ আতৰিল। এনেকৈ জুই দলিয়াই দলিয়াই কালি নিশা প্ৰায় ২ ঘণ্টাৰ অন্তত হাতীৰ জাকটো খেদিবলৈ সক্ষম হ’ল। এয়া এক সাধাৰণ ঘটনা মামাহঁতৰ বাবে।
কিন্তু এনেকৈ আৰু কিমান দিনলৈ চলিব ? আজি গাঁৱৰ বাৰীয়ে ঘৰে ক’লগছ, ফলমূল পাইছে বাবে সিমানতে ৰৈছে। এদিন এইবোৰো যেতিয়া শেষ হ’ব তেতিয়া পেটতৰ তাৰনাত মানুহৰ ঘৰদুৱাৰ ভাঙি হলেওতো খাদ্যৰ সন্ধান সিহঁতে কৰিবই। শুনিবলৈ পোৱা মতে কোনো কোনো ঠাইত মানুহ ঘৰ দুৱাৰ ভাঙি খাইছেও। ইয়াৰ বাবে মূল দায়ী কোন ?
মই ভাবো বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁও বাসী বেছি দায়ী। তাৰ সমান্তৰালকৈ বনবিভাগৰ একাংশ বিষয়া কৰ্মচাৰীও দায়ী। আজি বনাঞ্চলৰ ভিতৰত কোনো ধৰণৰ খাদ্য নাই, ফলমূলৰ গছ নাই, কেঁচা গছগছনিৰ অভাৱ। বনবিভাগৰ দোষ বাৰু একাষৰীয়াকৈ থলো। দাঁতি কাষৰীয়া বাসিন্দা সকলে যদি অবৈধ ভাবে গছ কটা বা চোৰাংকৈ গছ কাটিবলৈ বনাঞ্চলত মানুহ সোমাৱাত বাধা আৰোপ কৰিলে হয়, নিশ্চয় আজি এই দিন নাহিল হয়। কাৰণ প্ৰতিখন বনাঞ্চলৰ দাঁতিকাষৰীয়া মানুহখিনিয়ে ভালদৰে জানে কোনে কেতিয়া বনাঞ্চলৰ মাজৰ মূল্যবান গছ কাটিবলৈ আহে, এই কাষৰীয়া মানুহৰ মাজৰে দুই একে চৰদাৰগিৰি কৰি মুনাফাও আদায় কৰে। তাতোতকৈ ডাঙৰ কথা, মই নিজে যিমান দুৰ দেখিছো শুনিছো এই কাষৰীয়া গাঁৱৰ মানুহৰ প্ৰায় এশভাগেই ঘৰদুৱাৰ সাজিবলৈ বা ঘৰুৱা সামগ্ৰী সাজিবলৈ কোনো কাহানিও কাঁঠ কিনি পোৱা নাই, বৰঞ্চ একাংশই বনাঞ্চলৰ পৰা পোলাপোলে কাঁঠ কাটি ফালি সেইবোৰ চাইকেলত পোলাপোলকৈ বান্ধি বজাৰত বেচিবলৈ নিয়েহে। আনৰ কথা নকলোৱেইবা, মোৰ মামাৰ গাঁৱৰ মানুহখিনিক মই যিমান দিনৰ পৰা দেখিছো ন-দি ক’ব পাৰো যে প্ৰতিঘৰ মানুহেই আজিলৈকে কোনো দিনে ঘৰসাজিবলৈ কাঁঠ আন অঞ্চলৰ মানুহৰ দৰে বজাৰৰ পৰা কিনি পোৱা নাই।
আজি বনৰীয়া হাতীৰ উপদ্ৰপ হলেই চৰকাৰক দোষাৰোপ, বনবিভাগক দোষাৰোপ কৰে। কিন্তু বছৰ বছৰ, মাহ মাহ ধৰি বনাঞ্চলৰ কাষত বসতি কৰিব লাগিব কোনে ? দাঁতি কাষৰীয়া লোক সকলে। গতিকে দাঁতিকাষৰীয়া লোক সকল যদি সচেতন নহয়, তেনেহলে আনক দোষ দি একো লাভ নহয়। মানি লৈছো বনবিভাগৰ একাংশ বিষয়াৰ চত্ৰচায়াত চোৰাং বেপাৰীয়ে গছবোৰ কাটি তহিলং কৰিছে, কিন্তু কাটি নিব নেকি, ৰাতিয়েই হওঁক বা দিনতেই হওঁক, গছ কাটি দাঁতি কাষৰীয়া লোকৰ চকুৰ আগেদিয়েই নিব লাগিব। হাতীৰ ভয়ত নিশা উজাগৰে কটোৱাতকৈ যদি চোৰাং বেপাৰীৰ বাবে আগতেই উজাগৰে নিশা কটালে হয়, তেনেহলে আজি এই সমস্যাৰ সৃষ্টি নহল হয়। এতিয়া দোৰ্ভোগ ভুগিব কোনে ?
বনবিভাগ বা চৰকাৰে বনসুৰক্ষা আইন দৃঢ় কৰিছে যদিও সু-ফললৈ বহু দুৰ, বনাঞ্চলত মূল্যবান গছৰ পুলি ৰোপন কৰি সংৰক্ষিত কৰিছে, পূৰ্বতকৈ বনমন্ত্ৰী কঠোৰ হৈছে, বনসুৰক্ষা কৰ্মী বৃদ্ধিত গুৰুত্ব দিছে। এইখিনিলৈকে ঠিকেই আছে, কিন্তু কেৱল মূল্যবান গছ ৰোপন কৰিলে বা বনাঞ্চল বোৰ সুৰক্ষা দিলেই এই সমস্যাৰ সমাধান নহব। হাতীৰ উপদ্ৰপ কমাবলৈ হ’ল বনাঞ্চলবোৰৰ সুৰক্ষা দিয়াৰ সমানেই বনাঞ্চলৰ ঠাইবিশেষে বনৰীয়া জন্তুৰ খাদ্য উত্পাদিত গছ-গছনি যেনে আম, কঁঠাল, মুধুৰী আম, কল আদি সহজতে গজিব পৰা ফলমূলৰ পুলিও ৰোপন কৰিব লাগিব। কাৰণ এইবোৰৰ ফলবোৰ জীৱজন্তুয়ে খাই বিস্থাৰ লগত গুটিবোৰ যতে ত’তে পেলালেই কম সময়ত এনেফলমূলৰ গছৰ সংখ্যা বৃদ্ধি হোৱা সম্ভাৱনা অধিক। লগতে বনাঞ্চলৰ দাঁতিকাষৰীয়া বাসিন্দাবোৰৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব, অন্যৰ্থা সকলো ফুটুকাৰ ফেন হ’ব। প্ৰতিখন বনাঞ্চলত যদি এনেকৈ কৰা হয়, আজি নহলেও অন্তত ৫ বছৰৰ পিছত কিছু হলেও বনাঞ্চলৰ খাদ্য সংকট দুৰ হ’ব বুলি আমাৰ বিশ্বাস। সময় থাকোতেই বিকল্পৰ সন্ধান আৱশ্যক।
বৰা নিতুল,