Sunday, 20 September 2015

সপোনৰ ঘৰখন....................



এক মূৰ্হুত্বৰ বাবে যদি ভাবি চাওঁ, নিজৰ সপোনৰ ঘৰখন, ভবিষ্যতৰ সপোনবোৰ পলকতে টিল টিলকৈ ধংস হৈ যোৱাৰ প্ৰতিছবি, কেনে ভাব আহিব পাৰে আমাৰ সকলোৰে মনলৈ...? প্ৰচণ্ড হতাশ, অন্ধকাৰে আৱৰি ধৰা এক পৰিবেশ, নিমিষতে ভৰিৰ তলৰ মাটি খহি পৰাৰ যেন অনুভৱ। সকলো শেষ হৈ যোৱাৰ অনুভৱত নিজৰ মূৰটো আচণ্ডাই নাযাব জানো ! এনেকুৱাই নালাগিব জানো সকলোৰে..?
পৰুৱাই খুদকন গোটোৱাদি, মূৰৰ ঘাম ভৰিত পেলাই এটকা দুটকাকৈ বছৰ বছৰ ধৰি গোট খুৱাই অতি কষ্টৰে গঢ়া সুন্দৰ সোণোৱালী সপোনবোৰ, অলেখ আশাৰে ভৰপুৰ, কল্পনাৰ, এখনি সুন্দৰ ঘৰ, যেতিয়া চকুৰ আগতেই ভাঙি চুৰমাৰ হৈ যাব, সেয়া কাৰোৰে বাবে সহিব পৰা শক্তি হয়তো কেতিয়াও নাথাকিবগৈ, নথাকিবগৈ তেতিয়ালৈ হিতাহিত জ্ঞান। হয়তো বহুতেই সেই হিতাহিত জ্ঞান হেৰুৱাই নকৰিবলগীয়া কামো কৰিলেহেঁতেন।

কিন্তু এই সকলোবোৰ এটা শব্দও প্ৰকাশ নকৰাকৈ, কালৈকো অভিযোগৰ আঙুলি নোতোৱাই বিনা দ্বিধাই মূৰপাতি লৈছে সকলো দুখ, সকলো দায়িত্ব। হয়তো তেওঁ ভাবি লৈছে, যে তেওঁৰ চাগৈ জীৱনযোৰা সাধানত কৰবাত অজানিতে, অলক্ষিতে ভুল হৈ গৈছিল, যাৰ পৰিণতি আজি তেওঁ ভোগ কৰিবলগীয়া হৈছে। এয়া কোনো সাধাৰণ ব্যক্তিত্বৰ অধিকাৰীৰ বাবে কেতিয়াও সম্ভৱ নহয়। হয়, তেওঁক আনে যি নকওঁক, ব্যক্তিগতভাবে মই যিমান দুৰ জানো, যিমান ঘনিষ্ঠতা আছিল মোৰ লগত, সেই সম্পৰ্কৰ পৰা মই অন্তত বিনা দ্বিধাই দহৰ আগত এতিয়াও বুকু ফিন্দাই কব পাৰো যে, হয়, তেওঁ এজন সচাকৈয়ে অত্যন্ত ধৰ্য্যশীল, আময়িক ব্যক্তি আছিল।
এয়া কোনো গল্প বা উপন্যাসৰ কাল্পনিক কাহিনী নহয়, এয়া মোৰ দৰে বহুতৰ চকুৰ সন্মুখতে ঘটি যোৱা এটি বাস্তৱ ঘটনাহে।
        ১৬ বছৰ বয়সতে ঘাট মাওৰা হোৱাৰ পিছত চাৰিজনী গাভৰু ভনীয়েক আৰু দুটা কন-কন ভায়েক কেইটাক বুকুত সাৱতি এদিন হয়তো তেওঁ সংকল্প লৈছিল, হয়, মই ইহঁত কেইটাক মানুহ কৰিবই লাগিব। সেই সংকল্প শিৰোগত কৰিয়েই জীৱন সংগ্ৰামৰ কথা বুজি পোৱা নহওঁতেই, এদিন তেওঁ এখন সৰু পান-তামোলৰ দোকাণেৰে পুলিচ ৰিজাৰ্ভৰ চৌহদত আৰম্ভ কৰিলে ক্ষুদ্ৰ ব্যৱসায়। কনমানি ভায়েক ভনীয়েকৰ স্বাৰ্থত বিষৰ্জন দিনে নিজৰ সকলো হাবিয়াস, বিসৰ্জন দিলে শিক্ষা-দীক্ষা, বিষৰ্জন দিলে বন্ধু-বান্ধৱ, বিয়া-সবাহ, মিতিৰ কুটুম সকলো, আৰম্ভ হল এক অঘোষিত সংগ্ৰাম। একমাত্ৰ সমল আছিল, দুচকীয়া পাটি চাইকেলখন আৰু চাইকেলৰ হেণ্ডেলৰ দুফালে দুটা তামোল-পান ভৰ্তি মোনা। সেয়া আছিল মোৰ ওচৰ চুবুৰীয়া দাদা ধনেশ্বৰ  শইকীয়া (ধন দা)।
        দেওবাৰ সোমবাৰ, অসম বন্ধ, বুলি কোনো কথা নাই। কাউৰীয়ে কা- কৰাৰ আগতেই তেওঁৰ চাইকেলখন লৈ ঢাপলি মেলিছিল ৫ কি.মি. দূৰত্ব অতিক্ৰম কৰি দোকান খুলিবলৈ। এদিন দুদিন কৈ মাহৰ পিছত বছৰবোৰ বাগৰিছিলগৈ। ইতিমধ্যে ধৈৰ্য্য আৰু একাগ্ৰতাৰ বলত সকলোৰে প্ৰিয় হৈ পৰা এই সামান্য পান-দোকানী জনে আৰ্থিক ভাবে সবল হৈ পৰিছল। এখন মধ্যবৃত্ত পৰিয়ালত থকা সকলোবোৰ প্ৰয়োজনীয় বস্তুৱেই যোগাৰ কৰি সুন্দৰ ভাবে ঘৰখন গঢ়ি তুলিবলৈ সক্ষম হৈছিল তেওঁ। সময়ে লগ দিয়া বা বিধাতাই চকু মেলি চোৱা, যিয়েই নবোলো কিয় সময়ৰ লগে লগে তেওঁ ঘৰ-খনৰ সৰু সৰু ভায়েক-ভনীয়েক হঁতক স্কুলত পঢ়ুৱাবলৈ সক্ষম হৈছিল। উপযুক্ত শিক্ষাৰে সকলোকে শিক্ষিত কৰিবলৈ সক্ষম হৈছিল, যদিও ভায়েক দুটাই খেতি-বাতিৰ কামত ব্যস্ত হোৱাৰ ফলস্বৰূপে পিছলৈ শিক্ষা-দিক্ষালৈ পিঠি দিয়াৰ লেখিয়া হলগৈ। এটা সময়ত এজনী দুজনীকৈ চাৰিওজনী ভনীয়েককে উপযুক্ত পাত্ৰৰ হাতত গতাই দি আজৰি হৈছিল।
        তেতিয়ালৈ ধন-দা, এজন চফল ডেকা। উপযুক্ত বয়স হোৱাৰ বাবে ভায়েক ভনীয়েক আৰু পৰিয়ালৰ অঙহী বঙহীয়ে লগহৈ বিয়াখন পতাৰ কথা উলিয়ালে। ইফালে সিফালে উপযুক্ত ছোৱালী যিয়ে যেনেকৈ পালে চাবলৈ আৰম্ভ কৰিলে। ঠিক সেইসময়তে গাঁৱত নাট সমাৰোহৰ আয়োজন চলিছে, নাটৰ এটি মহিলা চৰিত্ৰৰ ভাওত ভাও দিবলৈ আহিছিল কাষৰীয়া গাঁৱৰ সুন্দৰ যুৱতী। প্ৰথম ভায়েক নাটৰ কাম-কাজত লিপ্ত হোৱাৰ চলতে আলেঙে আলেঙে ককায়েকলৈ বুলি ভাও দিবলৈ অহা সুন্দৰী যুৱতীৰ খা-খৱৰ ললে। নাটৰ নৃত্যানুষ্ঠানত জড়িত হোৱাৰ আজুহাতত ভায়েকে সুন্দৰী যুৱতী গৰাকীৰ কিছু ঘনিষ্ঠ হৈ পৰিল। সময়ত নাট সমাৰোহ অনুষ্ঠিত হৈ শেষো হল, কিন্তু সিহঁত হালৰ ঘনিষ্ঠতা নকমিল, আহ-জাহ চলিল প্ৰথমে দুয়োৰে ঘৰৰ মাজত, পিছলৈ ঘৰুৱা সম্পৰ্কও গঢ়ি উঠিল। চল চাই কঁঠিয়া পৰাদি সঠিক সময়ত ধন-দাৰ ঘৰৰ সকলোৱে বিষয়টো অৱগত কৰি প্ৰস্তাৱ আগবঢ়ালে। ছোৱালী ঘৰেও আলোচনা কৰি সহমত প্ৰকাশ কৰিলে।
        ইফালে তলে তলে ককায়েকলৈ ছোৱালী ঠিক কৰিবলৈ গৈ গৈ ভায়েক আৰু সুন্দৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল, ভায়েকে এই কথা অৱগত কৰি ছোৱালীঘৰক কথাটো জনাইছিল যদিও ছোৱালীৰ অভিভাৱকে ধন-দাৰ ভায়েকৰ কোনো কৰ্মসংস্থাপন নথকাৰ বাবে ভায়েকৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। কোনো ফালে একো উপায় কৰিব নোৱাৰি, শেষত হয়তো দুয়ো টিপে তাপে থাকি পৰিকল্পনা কৰিলে যে ককায়েকলৈকে বিয়া পাতিব। অৰ্থাত্ সাপো মৰক আৰু লাঁঠিও নাভাঙক বুলি।
        সম্পূৰ্ণ নীতি নিয়েমেৰে এদিন ধন-দাৰ বিয়াখন হৈ গল, যদিও ধন-দাই পত্নী আৰু ভায়েকৰ প্ৰেমৰ বিষয়ে ঘুণাক্ষণেও গম পোৱা নাছিল। দিন গৈ বছৰ বাগৰিল, এদিনাখন বিয়াহৈ যোৱা ভনীয়েক (ধন-দাৰ ভনীয়েক) মাকৰ ঘৰলৈ বুলি দুদিনমান থকাকৈ আহিল, ভনীয়েক অহাত ভায়েক আৰু নবৌয়েকৰ সম্পৰ্কত কিছু পৰিমানে হলেও অসুবিধাৰ সৃষ্টি হল। কেইদিনমানৰ পিছৰ কথা, এদিনাখন ঘৰত আন কোনো নাছিল, বিবাহিত ভনীয়েক গা-ধুবলৈ বাথৰূমত সোমাল, সেই চেগতে ভায়েক আৰু নবৌয়েক দুয়ো মিলিত হল অবৈধ কৰ্মত। হঠাত্ ভনীয়েকে কিবা বিচাৰি আহি ককায়েক আৰু বৌয়েকক মুখা-মুখিকৈ অসংযত অৱস্থাত আবিস্কাৰ কৰিলে। আৰু লগে লগে হুৱাদুৱা লগালে, ককায়েক নবৌয়েকে নানান কাকুতি মিনতি কৰিও ভনীয়েকক ভালৰি লগাব নোৱাৰিলে। সন্ধিয়ালৈ ডাঙৰ ককায়েক (ধন-দা) ঘৰলৈ অহাৰ কিছু সময়ৰ পিছতেই সকলো কথা ভনীয়েকে অৱগত কৰালে, ককায়েকে দুয়োকে জবাবদিহি কৰি, পিছদিনা পৰিয়ালৰ সকলোকে গোট খুৱালে। বহু আলোচনা-বিলোচনা কৰিও একো সিদ্ধান্তত উপনীত হব নোৱাৰি, শেষত নিজ শাহু-শহুৰক মাতি আনি সকলো বিবৰি কৈ ধন-দাই নিজ পত্নীক  ঘৰলৈ ওভতাই পঠিওৱাটোকে সিদ্ধান্ত ললে । ইতিমধ্য ধন-দাৰ পত্নী অন্তসক্তা হৈছিল যদিও এই ঘটনাৰ পিছত ধন-দাৰ মনত সন্দেহৰ ভাব আহি পৰিছিল।
        কিছুদিন এনেকৈ দুয়োপক্ষকৰ বাক-বিদন্তাৰ অন্ত নপৰাত, গাঁৱৰ ৰাইজ গোট খুৱাই মেল পাতিলে। ৰাইজেও মিলাপ্ৰীতি কৰি দুয়ো পক্ষকে সকিয়নি দি লগলগাই দিছিল যদিও,  এই ঘটনাৰ পুনৰাবৃত্তিৰ উমান পাই সংঘাটৰ সূত্ৰপাত হয়। নাছোৰবোন্দা ছোৱালীৰ অভিভাৱকেও এইবাৰ আদালতৰ দুৱাৰ খটখটালেগৈ, কেচ আৰম্ভ হল। ধন-দা তাৰিখে তাৰিখে আদালতত হাজিৰ হব লগা হ আৰু এইবোৰ পুলিচ, থানা, আদালতৰ একো আওভাও বুজি নাপায়, অনাহকত গাঁঠিৰ ধন হোলোকে হোলোকে খৰচ কৰিব লগীয়া হয়। পিছলৈ ভায়েক দুয়োৰ লগত প্ৰায় সম্পৰ্ক ছেদ কৰা দৰে হয়গৈ। যোৱা প্ৰায় ৬ বছৰ কাল তাৰিখে তাৰিখে আদালতত হাজিৰ হোৱাৰ অন্তত, আদালতে ৰায়দান দিলে। শুনিবলৈ পোৱা মতে মহামান্য আদালতে ধন-দাক এই সমগ্ৰ ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ৫ লাখ টকাৰ জৰিমনা, নাইবা জৰিমনা আদায় দিব নোৱাৰিলে কাৰাগাৰত দিন কটাব লাগিব বুলি ৰায়  ঘোষণা কৰিলে । এই কেচ বছৰ-বছৰ ধৰি চলাৰ ফলত ধনদাৰ জীৱনৰ কষ্টৰে উপাৰ্জিত সকলো ধন অথলে যায় আৰু আদালতে জৰিমনা বিহা ৫ লাখ টকা আদায় দিব নোৱাৰি, অৱশেষত কাৰাবন্দী জীৱনক আকোঁৱালি লবলৈ বাধ্য হয়। এনেকৈ চকুৰ সন্মুখতে এজন নিৰ্দ্দোষী মানুহৰ এখন সুন্দৰ সপোনৰ ঘৰ ভাঙি চুৰমাৰ হৈ যায়। ধন-দাৰ প্ৰতি আদালতৰ এই ৰায়দানত গুণমুগ্ধ সকলে দুখ প্ৰকাশ কৰে। কিন্তু আপুনি মই সকলোৱে গোটেই ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত, ভালকৈয়ে অনুমান কৰিব নিশ্চয় পাৰিছো যে গোটেই ঘটনাটোৰ বাবে প্ৰকৃত্ব দোষী কোন ? অন্ধ আইনে কেৱল অধিবক্তাৰ প্ৰামণহে বিশ্বাস কৰে আৰু অধিবক্তাই বিশ্বাস কৰে টকা। যোৰ যাৰ বোলে মূলোক তাৰ বোলা কথাশাৰীৰ এয়াই যেন এন স্বাক্ষুস প্ৰমান। এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবই বা কোনে আৰু শুনিবই বা কোনে ! শেষত ধন-দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

বৰা নিতুল