হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Tuesday, 14 February 2017

মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফচল - দ্ৰুত গতিত জলবায়ুৰ পৰিবৰ্তন

প্ৰায় ৩০ বছৰৰ আগতে যেতিয়া আমি প্ৰাইমেৰী স্কুলত পঢ়িছিলো, সেইসময়ত দুৰ্গাপূজা চাবলৈ যাওতে দীঘল হাতৰ চাৰ্ট, দীঘল পেণ্ট আৰু ভৰিত জোটা মূজা পিন্ধিব লগা হৈছিল। অৰ্থাত্ অক্টোৱৰ মাহত সেইসময়ত শীতৰ আগমন ঘটিছিল। আৰু এতিয়াৰ অক্টোৱৰ মাহতো দুৰৰে কথা নবেম্বৰৰ মাজভাগলৈকে দিনত গৰমৰ প্ৰকোপত থাকিব নোৱাৰি, নিশাৰ ভাগলৈ কিছু শীত অনুভৱ কৰা হয়। লাহে লাহে বছৰটোৰ শীতৰ দিন কমি গৈ আছে আৰু গ্ৰীষ্মৰ দিন বাঢ়ি গৈ আছে। এই অভূতপূৰ্ব জলবায়ুৰ পৰিবৰ্তন, মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফচল।

নগাঁৱৰ পৰা ৪৫ কি.মি. ভিতৰৰ অঞ্চল, কঁঠালগুৰি পাহাৰ অবৈধ ভাবে কাটি তহিলং কৰা দৃশ্য দেখি আমাৰ গাড়ীখন ৰৈ দিবলৈ বাধ্য হৈছিল। দেখি আচৰিত হৈছিলো যে পথৰ কাষতে থকা সুউচ্চ দুটি পাহাৰ সম্পূৰ্ণ ৰূপে কাটি নিঃশেষ কৰিলে।

এয়া মাথো এটাহে উদাহৰণ। এনে কাৰ্য্য সমগ্ৰ বনাঞ্চলতে সততে দেখিবলৈ পোৱা যায়।

বৰা নিতুল।

No comments:

Post a Comment