হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Tuesday, 29 December 2015

এটি পোক

এইটো কি ধৰণৰ পোক..? কোনোবাই চিনিব পাৰিছেনে..? আজি কেইদিনমানৰ পৰা আমাৰ চৌহদৰ এজোপা মোমাই তামুলী গছৰ পাতবোৰ এফালৰ পৰা খাই খাই তহিলং কৰি আছে। প্ৰথমতে ভাবিছিলো কিহে খাইছে পাতবোৰ। পোকটো দুদিন আগতে দেখিছিলো যদিও সেইটো এটা পোক বুলি কেতিয়াও ভবাই নাছিলো, ভাবিছিলো শিমলুৰ তুলা, কপাহ জাতীয় কিবা বতাহত আহি তাত লাগি আছে বুলিহে। দেখাত যে কঁপাহী কাপোৰৰ আঁহ এঠোপা লাগি আছে, এনে লাগে। আজি সুক্ষ্মভাবে লক্ষ্য কৰোতেহে দেখা পালো বস্তুটো লাহে লাহে লৰিছে, আৰু ভালকৈ মন দিওতে দেখা পালে তাৰ ক্ষুদ্ৰ মুখখনেৰে পাতবোৰ কুটি কুটি খাই গৈছে। তেতিয়াহে গম পালো যে ইয়েই পাতবোৰ অতদিনে খাই আছে।

No comments:

Post a Comment