সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি
হৈছেনে...??
প্ৰকৃত্বতে বিদ্যুত অপচয় কৰিছে
কোনে...??
(এনে বিৰক্তিকৰ সংলাপ প্ৰায়ে প্ৰতিঘৰ মানুহৰ মুখত শুনা পোৱা যায়।)
বিগত কেইবা বছৰে অসমৰ ৰাইজে বিদ্যুত্
বিভাগৰ মাচুল বৃদ্ধি, সঘনাই হোৱা বিদ্যুত্ কৰ্তনকে আদিকৰি জলা-কলা খাই অতিষ্ঠ হৈ
পৰা পৰিলক্ষিত হৈছে। বিভাগীয় মন্ত্ৰী জনেও যোৱা কেইবা দশক জুৰি বিভাগটোৰ অলপো
উন্নতি সাধন কৰিব পৰা নাই যে সেয়া এতিয়া সকলোৱে বুজি উঠিছে। প্ৰতিবছৰে উত্কত গৰমৰ
দিনকেইটাতেই বিদ্যুতৰ নাটনি, বিভাগটো লোকচানৰ সন্মোখীন আদি অনেক আজুহাত দেখুৱাই
বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়া-কৰ্মচাৰী সকলোৱে গা-এৰা মন্তব্যৰে
মুৰ-পুলোকা মাৰি আহিছে। কিন্তু কথা হৈছে সঁচাকৈয়ে বিদ্যুতৰ নাটনি হৈছেনে...?? সঁচাকৈয়ে বিভাগটোৱে লোকচান
সন্মোখীন হৈছেন...? এনে
বহু কথা সাধাৰণ ৰাইজে নজনাকৈয়ে থাকি যায়। এই সকলোবোৰ কথা ৰাইজে তেতিয়াহে গম পাব,
যেতিয়া ইয়াৰ আঁৰৰ কথাবোৰ পোহৰলৈ আহিব।
কেইদিনমানৰ আগতে হঠাতে পাৱাৰ-গ্ৰীড
কৰ্পাৰেচনৰ এজন দক্ষ অভিযন্তাক হঠাতে লগ পোৱাৰ সৌভাগ্য ঘটিছিল, চেগ চাই এই বিষয়ে
দু-আষাৰ জানিব পাৰিম বুলিয়েই কথাৰ মাজতে বিষয়টো উলিয়াইছিলো। তেখেতে মোক ব্যক্তিগত
ভাবে জনোৱা মতে--- পাৱাৰ গ্ৰীড কৰ্পাৰেচন এটা সম্পূৰ্ণ পৃথক কোম্পানী, ইয়াৰ লগত
অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ কোনো মিতিৰালি নাই। তেখেতৰ তথ্য মতে পাৱাৰ-গ্ৰীড
কৰ্পাৰেচনত বিদ্যুতৰ নাটনি ঘটা নাই আৰু বৰ্তমানেও প্ৰয্যপ্ত পৰিমানৰ বিদ্যুত মজুত
আছে। পাৱাৰ-গ্ৰীডে বিদ্যুত পৰিষদ বোৰক বিদ্যুত্ যোগান ধৰে, অৰ্থাত্ অসম ৰাজ্যিক
বিদ্যুত পৰিষদে পাৱাৰ গ্ৰীডৰ পৰা এক নিদিষ্ট ধনৰ বিনিময়ত বিদ্যুত ক্ৰয় কৰিব লগা
হয়। কিন্তু ৰাজ্যত প্ৰয়োজনীয় বিদ্যুতৰ চাহিদা পুৰণ কৰিবলৈ অসম ৰাজ্যিক বিদ্যুত
পৰিষদে পাৱাৰ-গ্ৰীডৰ পৰা বিদ্যুত ক্ৰয় কৰিব পৰা নাই।
মাজে-সময়ে অসম ৰাজ্যিক বিদ্যুত্ বিভাগে বিদ্যুতৰ নাটনি পুৰণ কৰাৰ
উদ্দেশ্যে অবৈধ ভাবে ব্যৱহাৰ কৰা বিদ্যুতৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ
কৰা দেখা যায়। ৰাইজৰ মাজতো প্ৰায়ে বিজ্ঞাপন আদিৰে সজাগতা সৃষ্টিৰ জৰিয়তে বিভাগটোৱে
প্ৰতিঘৰ মানুহৰ নিজা বাসগৃহৰ অপ্ৰয়োজনীয় ভাবে জ্বলি থকা লাইট, ফেন আদি বন্ধ কৰি
বিদ্যুত্ ৰাহি কৰিবলৈ আহ্বান জনোৱা দেখা য়ায়। ৰাইজেও পূৰ্ব্বতকৈ বৰ্তমানে বিদ্যুত্
ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট মৃত্যব্যয়ী হোৱা দেখিবলৈ পোৱা গৈছে।
কিন্তু সাধাৰণ জনতাৰ মনলৈ অহা প্ৰশ্নটো হৈছে......বিগত কেইবছৰত পৰিষদে
লোকচান পুৰণ কৰিবলৈ সাধাৰণ জনতাৰ মূৰত ৰাম-টাঙোন সোধাই প্ৰতি ইউনিট বিদ্যুতৰ মাচুল
নিজা ইচ্ছা মতেই বৃদ্ধি কৰাৰ পাছতো কিয় বিদ্যুতৰ সংকট বৰ্তমানেও মাৰ যোৱা নাই....?
তাৰোপৰি খাটিখোৱা সাধাৰণ ৰাইজে প্ৰতি মাহৰ বিদ্যুতৰ মাচুল নিদিষ্ট তাৰিখৰ
আগতেই পৰিশোধ কৰা দেখা যায়। তেনেহলে কেৰুণটো লাগিছে ক’ত......??
ৰাইজে শুনিলে আচৰিত হৈ পৰিব যে প্ৰায়বোৰ চৰকাৰী বিভাগে, বিদ্যুত পৰিষদক
বছৰ বছৰ ধৰি ব্যৱহাৰ কৰা বিদ্যুতৰ মাচুল আজি কোপটি আনাদায় হৈ আছে আৰু এই বিভাগবোৰৰ
অনাদায় মাচুলৰ পৰিমান লাখৰ ঘৰ অতিক্ৰম কৰি কোটিৰ ঘৰ চুইছেগৈ। সাধাৰণ ৰাইজে
একেলেঠাৰীয়ে যদি এমাহ-বা দুমাহৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাকৈ থাকে, তেনেহলে তৃতীয়
মাহত বিভাগীয় কৰ্মচাৰীয়ে জখলা লৈ চোঁচা মাৰি আহে সংযোগ বিচিন্ন কৰিবলৈ। কিন্তু
একেই বিদ্যুত বিভাগ, একেই বিদ্যুতৰ বিল পৰিশোধ নকৰা এই চৰকাৰী বিভাগ সমূহৰ বিদ্যুত
সংযোগ বিচিন্ন কৰিবলৈ কিয় আজিলৈকে বিভাগীয় কৰ্মচাৰী জখলা লৈ অহা দেখা নাযায়...? এই অনাদায় বিল সমূহ আদায়ৰ ক্ষেত্ৰত বিদ্যুত বিভাগৰ পৰাও কোনো ধৰণৰ কঠোৰ
প্ৰদক্ষেপ লোৱা দেখা পোৱা নাই আৰু চৰকাৰ বা বিভাগবোৰও এই অনাদায় মাচুল সমূহ পৰিশোধৰ কোনো
আগ্ৰহো প্ৰকাশ কৰা নাই। আনহাতে সাধাৰণ জনতাতকৈ চৰকাৰী বিভাগ বোৰত বিদ্যুতৰ অপব্যৱহাৰ
বা অপচয় সৰ্বাধিক, নিজে দেখিশুনি পোৱা অভিজ্ঞতাৰ পৰা কওঁ- চৰকাৰী বিভাগবোৰত প্ৰায়ে
দেখা পোৱা যায়, পুৱা ১০ বজাৰ আগতেই চকীদাৰে আহি কাৰ্য্যালয়ৰ প্ৰতিটো লাইট, ফেন,
বিষয়া কৰ্মচাৰী অহাৰ আগতেই সকলোবোৰ চলাই থৈ যায় আৰু দিনৰ দিনটো কাৰ্য্যালয়ৰ
কোঠাবোৰত বিষয়া কৰ্মচাৰী থাকক বা নাথাকক সেই লাইট, ফেন বোৰ অৰ্হনিশে চলিয়েই থাকে,
সেই চলি থকা লাইট, ফেনবোৰ একেবাৰে সন্ধিয়া চকীদাৰে কাৰ্য্যালয় বন্ধ কৰাৰ সময়তহে
বন্ধ কৰেহি। আন বিভাগ বা কাৰ্য্যলয়ৰ কথা নকলোৱেই বা খুদ বিদ্যুত্ বিভাগৰ
কৰ্মচাৰীয়ে চহৰৰ প্ৰতিটো পথত থকা ষ্ট্ৰীট লাইট বোৰ বেলিদুপৰলৈকে অফ কৰিবলৈ নাহে।
গতিকে বিদ্যুত্ অপচয় সাধাৰণ ৰাইজতকৈ চৰকাৰী বিভাগবোৰে অতিৰিক্ত ভাবে অপচয় কৰিছে
বুলি ভাবো।
বিদ্যুতৰ নাটনি, বিদ্যুতৰ লুকাভাকু, পাৱাৰ প্ৰজেক্ট, আদি এশ এবুৰি
আলোচনা প্ৰায়ে হোৱা দেখা যায় যদিও এই ধৰণৰ আশোঁৱাহ বোৰৰ বিষয়ে কেতিয়াও আলোচনাও
হোৱা দেখা নায়ায়। নে কথাবোৰ এনেকুৱা নেকি--- যে কেৱল চৰকাৰী বিভাগ হোৱা বাবেই
বিদ্যুত মাচুল অনাদায়, বিদ্যুতৰ অপচয় কৰাৰ আদি সকলো দোষৰ পৰা মুক্ত...??
এতিয়া দেখা যায় যে বিদ্যুত নাটনিৰ যিখন নাটক আজি অ’ত দিনে চলি আহিছে, এই সকলোবোৰ
সমস্যা দেখোন চৰকাৰী বিভাগ বোৰৰ অনাদায় বিলসমূহ পৰিশোধ কৰিলেই বা আদায় কৰিব
পাৰিলেই নিমিষতে নিস্পতি হৈ পৰিব। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে...??
No comments:
Post a Comment