ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰবৰ্তন কৰা হৈছিল। এই আইনখন ২০০৫ চনৰ ১৫ জুনত সংসদত গৃহীত হৈছিল আৰু সেই বছৰৰে ১৩ অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল।'চৰকাৰী গোপনীয়তা আইন, ১৯২৩' (Official Secrets Act 1923) আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।
অতি পৰিতাপৰ কথা যে এই তথ্য জনাৰ আইনৰ সুবৰ্ণ সুজোগ গ্ৰহণ কৰি এচাম লোকে বিনা পৰিশ্ৰমেৰেই অৰ্থ আহৰণ দৰে এক গোপন ব্যৱসায়ত লিপ্ত হৈছে। তেওঁলোকে তথ্য সমূহ বিভাগ একোটাৰ পৰা সংগ্ৰহ কৰে আৰু বিভাগীয় বিষয়াৰ লগত এক বৃহত্ অংকৰ বিনিময়ত গোপন বুজাবুজি সম্ভৱ হলেই তথ্য ফাদিল কৰাৰ পৰা বিৰত থাকে, আৰু যদিহে কোনো বিষয়া কৰ্মচাৰীয়ে গোপন লেনদনৰ প্ৰতি সন্মতি প্ৰকাশ নকৰে, তেনেহস্থলত লগেলগে সেই তথ্য অন্যহাতেদি এক শকত অংকৰ বিনিময়ত কোনো বাতৰি কাকতৰ সাংবাদিকক ওচৰত বিক্ৰি কৰে। কিন্তু জানিব পৰা গৈছে যে এই আইনৰ অধীনত নিয়মিত ভাবে তথ্য সংগ্ৰহ কৰা একাংশ লোকৰ কোনো নিদিষ্ট কৰ্ম সংস্থাপন নাই, সেয়ে এই আইনখনক ঢাল হিচাপে ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰাটো এক বৃত্তি হিচাপেহে লোৱা যেন অনুমেয়।
যি সময়ত এচাম সাধাৰণ লোকে মূৰৰ ঘাম ভৰিত পেলাই অশেষ কষ্টৰে এটা এটা টকা উপাৰ্জন কৰি ঘৰখন,পৰিয়ালটো চলাবলৈ আহুপুৰুষাৰ্থ কৰিব লগীয়া হৈছে, তেনেসময়তেই এই সকল লোকে অকনো মগজু খৰচ নকৰাকৈ হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। (নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলো) এনে কিছুমান লোকো দেখিবলৈ পাইছো যে এনেকৈ অসত্ উপায়েৰে ধন ঘটি বিশাল সম্পত্তিৰ অধিকাৰী হৈ গন্যমান্য ব্যক্তিৰ দৰে জীৱন নিৰ্ব্বাহ কৰিছে। এতিয়া কথা হ’ল এই সকল তথ্য জনাৰ আইনৰ কৰ্মী বুলি পৰিচিত লোকৰ ওচৰত প্ৰশাসনেও নিলিপ্ত ভূমিকাহে গ্ৰহণ কৰে। এই কাৰ্য্য বহুদিনৰ পৰা চলি আহিছে যদিও ইয়াৰ বিৰোধিতা কৰা সাহস কোনেও কৰা নাই। এই কাৰ্য্যৰ দ্বাৰা আইনখনক অপমানিত কৰাই নহয়, আইন খনৰ অপব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। চৰকাৰ বা প্ৰশাসনে এই অসত্ উপায় অৱলম্বন কৰা লোক সকলক নিয়ন্ত্ৰন কৰিব কোনেকৈ...??
বৰা নিতুল,
নগাওঁ,
No comments:
Post a Comment