জুইয়ে পোৰা ৮৩ ৰ নিৰ্বাচনীৰ বছৰ,
মোৰ ভাইটি নোহোৱা হ’ল
নাপালো খৱৰ…….?
তই জাননে খৱৰ…….??
জিলাৰ দহো গাঁৱত
তোৰ
সমকক্ষ নাই
তোক হেৰুৱাই
আমাৰ গঁঞাই
ক্ষোভতে বিনায়। ........................ভূপেন দাৰ এই গীতটিয়ে আকৌ মনত পেলাই দিলে সেই শিহৰিত দিনৰ কথা।
ক্ষোভতে বিনায়। ........................ভূপেন দাৰ এই গীতটিয়ে আকৌ মনত পেলাই দিলে সেই শিহৰিত দিনৰ কথা।
১৯৮৩
চন, আমি তেতিয়া তৃতীয় মান শ্ৰেণীত পঢ়িছিলো। অসম আন্দোলনৰ শেষ বতাহে চাৰিওফালে
কোবাই থকাৰ সময়। অনবৰতে চৌদিশে কেৱল মৰা-কটাৰ খৱৰহে শুনা পাওঁ। সেই সময়ত আমাক
পিতাইহঁতে ঘৰৰ পৰা স্কুললৈ যাবলৈ নিদিয়া হৈছিল। মানুহৰ মুখে মুখে কেৱল অসম আন্দোলন,
পিছলৈ যতে ত’তে ঘটিবলৈ ধৰা হিংসাত্মক
ঘটনাবোৰ, হিন্দু-মুছলমানৰ সম্প্ৰদায়িক সংঘৰ্ষৰ কথা চাৰিওফালে বু-বু বা-বা। বিদেশী
বহিস্কাৰ কৰাক লৈ হৈ চৈ। সেই সময়ত অসমৰ পৰিস্থিতি অধিক অৱনতি ঘটিছিল। সন্ধিয়া হৈ
অহাৰ লগে লগে সকলোৰে বুকু দুৰুদুৰুকৈ কপিবলৈ ধৰে, নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনে
কেতিয়া আহি বিচনাতে কছু-কটা দিয়েহি কোনো ঠিক নাই। তেতিয়া আমাৰ গাঁৱত বিদ্যুত সংযোগ
হোৱাই নাছিল, দুৰদৰ্শন নামৰ বস্তুটোৰ নামেই শুনা নাছিলো। ক’ৰবাতহে দুই এঘৰত ৰেডিঅ’ আছিল। দেশৰ খৱৰ লবলৈ
ৰেডিঅ’টোৱেই আমাৰ গাঁৱৰ মানুহৰ বাবে একমাত্ৰ সম্বল আছিল।
পুৱা-গধূলি বাতৰি শুনিবলৈ ঝুম বান্ধিছিলহি ৰেডিঅ’ৰ
গৰাকীৰ ঘৰত। ৰেডিঅ’ৰ বাতৰি দিয়াৰ সময়ত সকলো
নিস্তব্ধ-নিতাল, কোনেও মুখেৰ টু শব্দ এটা
নকৰাকৈ কানপাতি শুনাত ব্যস্ত হৈ পৰিছিল।
সেই সময়ত আমাৰ গাঁৱৰ সীমাত
গাঁৱৰে বিদ্যুত্ বিভাগত কাম কৰা কেইজনমান ডেকাই লগ হৈ শাৰী শাৰীকৈ ওখ ওখ খুটাত হেল’জেন লাইট লগাই দিছিল, যাতে নিশাৰ ভাগত শত্ৰু আহিলে দুৰৈৰ পৰা দেখাপোৱা
যায়। ডেকা বোৰে কেইবাটাও দলহৈ নিশাটো গাঁৱৰ চাৰিও ফালে প’হৰা দিছিল, বৃদ্ধ, তিৰোতা আৰু সৰু সৰু ল’ৰা-ছোৱালীবোৰ
ঘৰৰ পৰা নিশা হলেই ওলাবলৈ অনুমতি নিদিছিল। দিনৰ ভাগত বাৰীৰ পিছফালে আমাৰ
ককাইদেউহঁতে চিঞাৰি কাঁড় আৰু ধেনু সাজিছিল, লাইটৰ বাল্বৰ ভিতৰত এচিড’ ভৰাই শত্ৰুৰ গা-লৈ দলিয়াই ৰুধিবলৈ সেইবোৰ তৈয়াৰ কৰিছিল, কিমান যে ন ন কৌশল
তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছিল সেয়া এতিয়া মনলৈ স্পষ্টভাবে ভাঁহি আহে। গাঁৱৰ সীমাত
সেই বস্তুবোৰ নিদিষ্ট গোপন ঠাইত সাজু কৰি ৰখা হৈছিল। নিশা দুৰৰ গাঁৱৰ পৰা মানুহৰ
কাতৰ হৈ হৈ, কান্দোনৰ কৰুণ বিননিৰ শব্দ শুনি আমিবোৰ ঘৰৰ ভিতৰতে পেপুৱা লাগিছিলো।
ৰেডিঅ’ৰ ক্ষীপ্ৰ বাতৰিত শুনিবলৈ পাইছিলো যে এদিন অহিংসা ভাবে আৰম্ভ কৰা অসম
আন্দোলনে বিদেশী বহিস্কাৰৰ নামত সেইসময়ৰ অশান্ত পৰিস্থিতিত হিংসাত্মক ৰূপ লৈ নেলীত
সেইবাৰ (৮৩-ৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা) নিশাটোৰ ভিতৰতে ১৮ শ মানুহক (চৰকাৰী সূত্ৰ মতে)
কছুকটা দিছিল আৰু ৮৫৫ জন ছাত্ৰ সদস্যৰো হত্যা কৰা হৈছিল, পৰিস্থিতি অধিক অৱনতিলৈ
চাই চৰকাৰে গোটেই অসমতে অৰ্দ্ধ সামৰিক বাহিনী মোটায়ন কৰিছিল। গাঁও বোৰৰ অলিয়ে
গলিয়ে কেৱল মিলিটেৰীৰ বুটজোতাৰ গিৰিপ-গাৰাপ শব্দ। তত্কালিন ভাবে ঠায়ে ঠায়ে ১৪৪
ধাৰা বহাল ৰাখিছিল, যতেই যাকে পায়, ত’তেই
সোধ-নাই, পোচ-নাই বন্দুকৰ কুণ্ডাৰে কোবাই কোবাই কঢ়িল কৰি দিছিল, বুট জোটাৰে গছকি
মিলিটেৰীৰ গাড়ীত উঠাই লৈ গৈ নিশাটো অতিশয্য চলাইছিল। নিশা হলেই গাড়ী লাইটৰ
পোহৰ বা শব্দ শুনা পালেই সকলো পুৰুষ মানুহ পলাই ফৰিং চিটিকা দিছিল, গাড়ী আতৰি
গলেই আকৌ গোট খাইছিল।
নেলীৰ হত্যাকাণ্ডৰ দুদিনমানৰ
পিছৰ পৰাই হিন্দু মানুহবোৰৰ মনত মছুলমান সম্প্ৰদায়ৰ লোক নাইবা লুঙি, টুপি বা দীঘল
ডাৰি ৰখা লোক দেখিলেই বিদেশী বুলি ভবা এটা ভ্ৰান্ত ধাৰণাই চানি ধৰিছিল। তাৰেই
ফলস্বৰূপে নিৰ্দোষী থলুৱা মুছলমান বহুলোক অকাৰণতে অতিশয্যৰ বলি হ’বলগা হৈছিল। তাৰ পিছতেই চুবুৰীয়া মুছলমান গাঁওখনতো নিশাৰ আন্ধাৰৰ সুজুগ
লৈ উত্তেজিত কোনো লোকে জুই লাগাই দিছিল। হঠাতে আমি সেইদিনাখন সন্ধিয়াৰ পূৱ আকাশত
দেখা পাইছিলো দাউদাউকৈ ৰঙাকৈ কিবা যেন জ্বলি উঠিছে, লগে লগে চাৰিওফালে হুৱা দুৱা
লাগিছিল। মুছলমান গাঁৱৰ লোকেও প্ৰতিশোধ লব পাৰে বুলি আক্ৰমণ কৰাৰ আশঙ্কা কৰি গাঁৱৰ
পহৰাদ্বাৰ সকলে সকলোকে নিশাটোৰ ভিতৰতে যিয়ে যেনেকৈ পাৰে চহৰত গৈ আশ্ৰয় লবলৈ নিৰ্দেশ
জাৰি কৰিছিল। নিমিষতে সকলোৱে সা-সম্পত্তি মোহ ত্যাগ কৰি যিয়ে যেনেকৈ পাৰে প্ৰাণৰ
মায়াত চহৰৰ আত্মীয়ৰ ঘৰলৈ বুলি ঢাপলি মেলিলে। তাৰে মাজতে দুই একে সোণ-ৰূপৰ
আ-অলঙ্কাৰবোৰ ঘৰৰ ভিতৰৰ মজিয়াতে পুটি থলে। কোনোবাই আকৌ কাঁহৰ বাচন-বৰ্তন বোৰ
বস্তাত ভৰাই বাৰীৰ পিছফালে পুটি থলে, কোনোবাই কোছতে মৰমৰ ছাগলী পোৱালীটো, কোনোবাই
চাইকেলখন, যি যেনেকৈ পাৰে মূল্যবান বয়বস্তু সাউতকৈ লৈ হেঁপাহৰ ঘৰখন কেইমূৰ্হুত্ব
মানৰ ভিতৰতে ত্যাগ কৰিলে। দুৰৈৰ কাৰোবাৰ ঘৰৰ পৰা কান্দোনৰ কৰুণ শব্দও কাণত পৰিছিলহি,
তেনেকুৱাতে ভয় আৰু দুখত আমাৰ মা-হঁতৰ বুকুখন মোচৰ খাই গৈছিল। কিন্তু আমাৰ সৰু পৰিয়ালটোৰ
চহৰত আত্মীয় বুলিবলৈ কোনো নাছিল, সেয়ে কলৈ যাম কি কৰিব বুলি উথপ-থপকৈ ভাবি পিতাই –বৌটি
চিন্তাত পৰিছিল, দুয়ো আমাক সাবতি ধৰি এবাৰ জপনাৰ ওচৰলৈ, এবাৰ ঘৰৰ ভিতৰলৈ দৌৰা-দৌৰি
কৰি থকা দেখি ওচৰৰ আইতা জনীয়ে ৰিঙিয়ালে বোলে গাঁৱৰ সকলো মানুহ আতৰি গ’ল তহঁতে কি কৰি আছহঁক, মোৰ লগতে আহ তহঁতো, এইবুলি কৈ আইতাই ভিতৰৰ পৰা
টেবুল ফেন এখন আনি বাৰীৰ পিছফালৰ গোৱৰৰ ভেৰ এটালৈ দলিয়াই দিছিলহি। আমিও আইতাৰ পিছে
পিছে দিশহাৰাৰ দৰে খোজ লৈছিলো। সেইৰাতি পিতাই আৰু ককাইদেউ গাঁৱৰ ৰখীয়া হৈয়ে থাকিল।
মা-য়ে কাপোৰৰ টোপোলা এটাৰ কাষলতিৰ তলতে সোপামাৰি ধৰি আমাৰ তিনি ভাইক লৈ আইতাৰ পিছে
পিছে খোজ লৈছিল। সেই মূৰ্হুত্বত আমি মাক বাৰে বাৰে প্ৰশ্ন কৰিছিলো, মা- আমি ক’লৈ যাম...? মায়ে কান্দি কান্দি এটাই
উত্তৰ দিছিল, নাজানো সোন, আইতা যলৈকে যায়, আমিও আইতাৰ পিছে পিছে যাম। এনেকৈ গৈ এটা সময়ত আমি চহৰ পাইছিলোগৈ, তাতে যিয়ে যেনেকৈ
পাৰে মানুহৰ ঘৰে ঘৰে আশ্ৰয় লৈছিল। আমিও এঘৰ মানুহ চৌহদলৈ সোমাই গৈছিলো। তেওঁলোকে সাম্ভাব্য
ঘটনাৰ উৱা-দিহ বুজিব পাৰি আমাৰ লগতে আৰু দুই, তিনিটামান পৰিয়ালক আশ্ৰয় দিছিল, আমি
সকলোৱে মিলি মজিয়াতে শেতেলীত সেই নিশা কটাইছিলো। মাজে মাজে গাঁৱৰ খৱৰ পাইছিলো,
অমুকক চি.আৰ.পিয়ে ধৰি নিলে। অমুকক হত্যা কৰিলে। এনেধৰণৰ মূৰ্হুতে মূৰ্হুতে অহা খৱৰবোৰে
বিষণ্ণ কৰি তুলিছিল আমাৰ মনবোৰ। উপায়ন্তৰ তেওঁলোকৰ ঘৰতে আমি প্ৰায় ৫ দিন মান
কটালো। পিছত পৰিস্থিতি অলপ সহজ হোৱাত লাহে লাহে মানুহবোৰ নিজ ঘৰলৈ আহিবলৈ ধৰিছিল,
শুনিবলৈ পালো ওচৰৰ মুছলমান গাঁৱৰ তিনিশমান মানুহৰ ঘৰ জুইত জাহ গ’ল। মানুহবোৰে ঘৰ আন ঠাইলৈ গুচি গৈছিল। যেন মানুহেই মানুহৰ শত্ৰু হৈ পৰিছিল।
সেই তেতিয়াই পোন প্ৰথমবাৰৰ বাবে
জীৱনত কাহানিও নেদেখা, নুশুনা অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱান, তেওঁলোকৰ বিশাল আকাৰৰ
গাড়ীবোৰ ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল। ইন্দিৰা গান্ধী, হিতেশ্বৰ শইকীয়া, দেৱ
বৰুৱা, প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন এই ব্যক্তি সকল আৰু অসম আন্দোলন,
অসম চুক্তি, অসম গণ পৰিষদ আদি শব্দবোৰ তেতিয়া আমি প্ৰথমবাৰৰ বাবে শুনিবলৈ পাইছিলো।
এনেকৈয়ে অসম আন্দোলন আৰু বিদেশী বহিস্কাৰৰ নামত আমাৰ সকলোৰে শিক্ষা জীৱনৰ এটা
মূল্যবান বছৰ চিৰদিনৰ বাবে হেৰাই গৈছিল।
তাৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্টত
ছাত্ৰসন্থাৰ নেতৃবৃন্দৰ লগত কেন্দ্ৰীয় চৰকাৰৰ অসম চুক্তি স্বাক্ষৰিত হয় আৰু ইয়াৰ
লগে লগেই অসম আন্দোলনৰ অন্ত পৰে। অসম আন্দোলনৰ নেতৃবৃন্দই ৰাইজৰ হিয়াৰ আমঠু হৈ
আঞ্চলিক দল অসম গণ পৰিষদৰ নামেৰে নিৰ্বাচনত অংশ গ্ৰহণ কৰে। দলে দলে অসম গণ পৰিষদৰ
হৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল। সেইসময়ত অসমৰ সহজ সৰল হোজা গাঁৱৰ মানুহে প্ৰফুল্ল
কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, বৃন্দাবন গোস্বামী, দিনেশ গোস্বামী, অতুল শৰ্মাকে
আদি কৰি নেতাবোৰক ভগৱান দৰে গণ্য কৰিছিল। শত-সহস্ৰ আৰ্শীবাদ দিছিল আশাবোৰ সম্পূৰ্ণ হ’বগৈ বুলি। আমিও কনমানিবোৰে নিৰ্বাচনৰ অ, আ, একো বুজি পোৱা নোপোৱাৰ
মাজতে ৰাইজৰ সুৰতে সুৰ মিলাই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিছিলো। ল’ৰীত উঠি নিৰ্বাচনৰ শ্ল-গান গোৱা এতিয়াও মনত পৰে................
সোণৰ অসম গঢ়িব কোনে...?
অসম গণ পৰিষদে।
প্ৰফুল্ল মহন্ত জিন্দাবাদ,
ভৃগুফুকন জিন্দাবাদ...........।
কেইবাদিন ধৰি নিৰ্বাচনী
প্ৰচাৰত, ধুলিয়ে বালিয়ে, বতাহে ঘুৰি ফুৰি শেষত মই জ্বৰত ভুগিব লগা হৈছিল।
ইয়াৰ লগে লগে এদিন সমূহ অসমবাসী ৰাইজৰ আৰ্শীবাদেৰে গঠন
হোৱা আঞ্চলিক দল অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিল। সময়ৰ সোঁতত ৰাইজৰ আশা, সপোন
ভৰিৰে মোহাৰি কৰা প্ৰতাৰণাৰ প্ৰতিদান এদিন অসমৰ ৰাইজে তেওঁলোকক দিলে। কিন্তু এই সমূহ ঘটনাৰ ফলস্বৰূপে আমিবোৰ আজীৱন পাহৰিব
নোৱাৰা কেইটামান বিভীষিকাময় বছৰৰ সাক্ষী হৈ ৰ’লো,
যি আজিও জল-জল পট-পট।
No comments:
Post a Comment