বহুদিনৰ আগতে ঢোৰা কাউৰী আৰু টিপচী চৰাই দুয়ো সখী
আছিল। ঢোৰা কাউৰী কিন্তু অলপ
অহঙ্কাৰী আৰু চতুৰ আছিল। পেটে
পেটে পাং পাতি আছিল কেতিয়াবা সুবিধা পালেই টিপচী চৰাইক খোৱাৰ। এদিন ঢোৰা কাউৰীয়ে মনতে বুদ্ধি
পাঙি টিপচীক কলেঃ- সখী আমি এটা বাজি মাৰো আহা। টিপচীয়ে বোলে কি বাজি........”সৌ-মানুহঘৰৰ যে চোতালত ধান ৰ'দত
মেলি থৈছে, তাৰ পৰা আমি দুয়ো ঠোঁটেৰে ধান আনিমগৈ আৰু যিয়ে ধান
বেছি আনিব পাৰিব সিয়েই জয়ী হব। তুমি
যদি জয়ীহোৱা মোক খাবা আৰু মই যদি জয়ী হওঁ তোমাক খাম।”
ঢোৰা কাউৰীটো বুধিয়ক আছিল, সি জানিছিল যে টিপচীৰ
ঠোঁটত সৰু গতিকে সি টিপচীক হৰুৱাব পাৰিবই। টিপচীয়েও কথাটো প্ৰথমে ধৰিব নোৱাৰি
হব সখী ঠিক আছে বুলি সহমত দিলে।
তাৰপিছত দুয়ো ধান আনিবলৈ
গল।
মানুহঘৰৰ
চোতালৰ পৰা দুয়োয়ে ধান ঠোঁটেৰে আনিলেগৈ। টিপচীৰ সৰু ঠোঁটেৰে ঢোৰা কাউৰীৰ সমান ধান আনিব
নোৱাৰিলে আৰু অৱশেষত ঢোৰা কাউৰী জয়ী হল। কথা মতেই ঢোৰাকাউৰীয়ে টিপচী এইবাৰ খোৱাৰ পাল পৰিল। এইবুলি ঢোৰা কাউৰীয়ে
টিপচীক কলেঃ-
সখী মই এতিয়া তোমাক খাব পাৰো। তেনেতে টিপচীয়ে
ভাবিলে ই-কাউৰীয়ে দেখোন মোক এতিয়া খাই পেলাব, সেয়ে টিপচী উপস্থিত
বুদ্ধিৰে ঢোৰা কাউৰীক কলে, সখী তোমাৰ ঠোটখন গেলা গেলা গোন্ধাইছে,
তুমি আগতে ঠোঁটখন সাগৰৰ পানীত গৈ ধুই আহাগৈ, তাৰ
পিছত বাৰু মোক খাবা। ঢোৰা কাউৰীয়ে কলে- হয় নেকি..?
ঠিক আছে তেনেহলে তুমি ৰৈ থাকা মই ধুই আহোগৈ বাৰু। এইবুলি ঢোৰা-কাউৰী
সাগৰৰ পাৰ পালেগৈ আৰু সাগৰক উদ্দেশ্যি কলেঃ-
দে পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
সাগৰে তেতিয়া কাউৰীক কলে, পানী
তোমাক কিহত দিম, তুমি আগতে মাটিৰ পাত্ৰ এটা লৈ আহা, তেতিয়া যিমান পানী লাগে লৈ যাবা। এইবুলি কোৱাত
কাউৰীয়ে ভাবিলে মাটিৰ পাত্ৰ বিচাৰি যাওঁ। কাউৰী গৈ কুমাৰৰ ঘৰ পালেগৈ আৰু কুমাৰক কলে---
দে ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
কুমাৰে তেতিয়া কলে_ঘটি মই
ক'ৰ পৰা দিওঁ, ঘটি গঢ়িবলৈ মোৰ মাটি নাই,
তুমি মাটি অলপ আনি দিয়া মই ঘটি গঢ়ি দিম। কাউৰীৰে এইবাৰ
গৈ পৃথিৱীক কলেগৈ,
দে মাটি,
দিওঁ কুমাৰক,
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
তেতিয়া পৃথিৱীয়ে বোলে
মই মাটি কেনেকৈ দিম,
তুমি শিং এটা আনি খান্দি লৈ যোৱা। কাউৰীয়ে এইবাৰ
শিং বিচাৰি গৈ ম'হৰ ওচৰলৈ গল। আৰু কলেগৈ_
দে শিং,
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
তেতিয়া ম'হে কলে
পাৰা যদি মোক মাৰি মোৰ শিং লৈ যোৱা। মই নিজে কেনেকৈ দিম। কাউৰীয়ে মনতে
ভাবিলে,
ম'হটোকনো কেনেকৈ মাৰিব পাৰিম, এইবুলি ভাবি ভাবি বুদ্ধি এটা উলিয়ালে, সি মনতে ভাবিলে
কুকুৰক লগাই ম'হটো মাৰিয়েই শিং এটা নিব লাগিব। সেয়ে কাউৰী গৈ
কুকুৰক কলেগৈ_
মাৰ ম'হ,
নিও শিং,
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
কুকুৰে তেতিয়া কলে, বন্ধু
বহুত দিন মই একো খাবলৈকে পোৱা নাই, গতিকে মোৰ গাত ম'হ মাৰিব পৰাকৈ বল-শক্তি নাই। মোক অলপ গাখীৰ খাবলৈ
দিয়া, গাত বলবান্ধি মই ম’হ মাৰি তোমাক শিং আনি দিম। এইবাৰ
সেয়ে কাউৰীয়ে গাখীৰ আনিবলৈ বুলি গাই এজনীৰ কাষ পালেগৈ, আৰু গাইজনীক গাখীৰ বিচাৰি
কলে—
দে গাখীৰ,
খুৱাওঁ কুকুৰক,
বান্ধক বল,
মাৰক ম’হ,
নিও শিং,
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
তেতিয়া গাইজনীয়ে কলে-
মই গাখীৰ দিবলৈ হলে মোক আগতে তুমি ঘাঁহ অলপ কাটি আনি খুৱাই লোৱা, তেহে মই গাখী দিব
পাৰি। এইবাৰ কাউৰীয়ে ঘাঁহৰ ওৰচলৈ গৈ কলে—
বল ঘাঁহ,
দিওঁ গাইক,
ওলাওঁক গাখীৰ,
খুৱাওঁ কুকুৰক,
বান্ধক বল,
মাৰক ম’হ,
নিও শিং,
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
ঘাঁহে বোলে তেতিয়া—মইতো
নিজে চলি যাব নোৱাৰো, তুমি কাঁচি এখন আনি কাটি লৈ যোৱা মোক। সেয়ে এইবাৰ কাঁচি
বিচাৰি কাউৰী গৈ গৈ কমাৰৰ ঘৰ পালেগৈ আৰু কমাৰক কলে—
দে কাঁচি,
কাটো ঘাঁহ,
দিওঁ গাইক,
ওলাওঁক গাখীৰ,
খুৱাওঁ কুকুৰক,
বান্ধক বল,
মাৰক ম’হ,
নিও শিং
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
..................কমাৰে
তেতিয়া কলে, মই কাঁচি গঢ়ি দিবলৈ মোৰ ওচৰত জুই নাই, তুমি যদি অলপ মোক জুই আনি দিব
পাৰা তেনেহলে মই কাঁচি এখন গঢ়ি দিব পাৰিম। কাউৰীয়ে সেয়ে জুই বিচাৰি গৈ গৈ এঘৰ
মানুহৰ পিছফালে জুই ধৰি থকা দেখি গৃহস্থক কলে—
দিয়ক জুই,
দিওঁ কমাৰক,
গঢ়ক কাঁচি,
কাটো ঘাঁহ,
দিওঁ গাইক,
ওলাওঁক গাখীৰ,
খুৱাওঁ কুকুৰক,
বান্ধক বল,
মাৰক ম’হ,
নিও শিং
খান্দো মাটি,
দিওঁ কুমাৰক
গঢ়ক ঘটি,
তোলো পানী,
পখালো ঠোঁট,
ভোজন কৰো টিপচী গোট।
গৃহস্থই কলে তোমাক
জুই কেনেকৈ দিম, তুমি নিবা কেনেকৈ। তেতিয়া কাউৰীয়ে কলে অঙঠা এটা মোৰ পাখিতে বান্ধি
দিয়ক মই লৈ যাব পাৰিম। গৃহস্থই কাউৰীৰ কথা মতে ডেউকাত অঙঠা এটা বান্ধি দিলে।
কাউৰীয়েও ভাবিলে আজি টিপচীক খাবগৈ পাৰিম। এইবুলি উৰা মাৰাৰ লগে লগেই, বতাহত অঙঠাটো
বেছিকৈ জ্বলি উঠি কাউৰী আকাশত জ্বলি পুৰি ভষ্মীভূত হল। ইয়াৰ পৰাই বুজিব পাৰি যে
লোভেই পাপ আৰু পাপেই মৃত্যু হয়।
(বহুত দিনৰ আগৰ এটা সাধু
মনত পৰিছে।
গোটেই
কাহিনীটো মনত নাছিল,
আজি হঠাতে পৰীনিতা বৰুৱা
নামৰ ভন্তীজনীক ককায়েকে টিপচী বুলি জোকোৱাৰ কথা কৈছিল আছিল মোৰ
আগত, তেতিয়াই টিপচী নামটো শুনিয়েই মোৰ এইকাহিনীটোৰ কিছু মনলৈ
আহিল যদিও সম্পূৰ্ণকৈ মনত পেলাব পৰা নাছিলো, পৰীনিতাক কথাটো কোৱাত,
তেওঁ ওচৰতে থকা দেউতাকক টিপচীৰ বিষয়ে সোধাত দেউতাকে কিছু অংশ থুলমুলকৈ
জনালে আৰু বাকী অংশ মোৰো মনত পৰি যোৱাত মই কাহিনী আকাৰে প্ৰকাশ কৰিলো। কিছু তথ্য সূত্ৰ
হিচাপে পৰীনিতাৰ নামটো উল্লেখ কৰিলো।)
No comments:
Post a Comment