হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Tuesday, 15 October 2013

তুমি আজি ৰঙেৰে ৰাঙলী.............................



(বাঙ্গালোৰৰ অসম সমাজে আয়োজন কৰা বিহুলৈ বুলি লিখা মোৰ এটি লেখা, তাৰেই ৰাইজক সোৱাদ দিয়াৰ প্ৰয়াসেৰে)
অ চাইছোঁ। আজি তধা লাগি চাই ৰৈছো, তোমাকেই চাইছোঁ। প্ৰখৰ ৰদত দগ্ধ আকাশৰ তলত, জোঙা শিলগুটিৰে বন্ধা পথৰ মূৰত ক্ষন্তেক ৰৈ তোমাকেই চাইছোঁ। কিয়নো তুমি আহিছা বুলিয়ে শুনি মন সাত-খন আঠখন কৰিছে। সেয়েহে তোমাৰ দেহৰ ঢৌত মোৰ অলেখ অযুত ইতিহাসৰ সপোন লুটিখাই পৰা দেখিছোঁ, পচোৱা ফাগুণৰ বতাহৰ লগত মিলাই তোমাৰ চকুত চকু থৈ ভবিষ্যতৰ এখন প্ৰতিছবি আঁকিব খুজিছিলো। সেইবাবেই হয়তো তোমাৰ জোন যেন মুখখনিত আমাৰ সপোনবোৰৰ কল্লোল শুনিছিলো। পলাশ-পখিলা, বাববি-লেহেৰীৰ বা-ত তোমাৰ আঁচলে ঢৌ খেলা দেখিছো। সেইবাবেই তোমাক মোৰ আপোন যেন লাগে। আপোন যেন....................................
তুমি আপোন নহলেনো তোমাৰ দেহৰ খৰিকাজাই খৰিকাজাই সুগন্ধিটি মোৰ মনে চিনি পাব কিয়....?? তোমাৰ কেশৰ চিনাকি কেতেকী সুবাস পাই মোৰ মনে হেৰোঁৱা ঐশ্বৰ্য পোৱাদি চিত পখিলা হৈ উৰিব খোজে কিয়...?? তোমাৰ খিলখিল হাঁহিৰ সুৰত মোৰ মনত দেওদনী আশাই উতলা হৈ নাচিব খোজে কিয়...?? তোমাৰ গুণগুণিত নিজকে চিনিপাওঁ চিনিপাওঁ লাগে কিয়...?? তুমি আপোনৰো আপোন মোৰ ! তোমাৰ সত্তাতে মোৰ সংজ্ঞা একাকাৰ হৈ আছে। তোমাৰ মোৰ যুগ্ম জীৱনৰ প্ৰতিটো খোজ, আঁকোৱালি লোৱা, বিচিন্ন হোৱা প্ৰতিটো মূৰ্হুত্বৰ সাক্ষী কেৱত তুমি আৰু তুমি। আশাৰ ফুল বাচি বাচি ৰাখি থোৱা তুমি পাহিৰ ফুলাম বিহুৱান। নকৈ অঙ্কুৰিত হোৱাৰ বাসনাৰে তুমি আজি ৰাঙলী। আজি তুমি চঞ্চলতাৰে তুমি প্ৰাণচঞ্চলা, সেইবাবেই তোমাক ৰ লাগি চাইছোঁ। এনেকৈয়ে চাই চাই মোৰ সমস্ত জীৱন অতিবাহিত কৰিম। প্ৰতি বছৰেই তুমি আহিবা মই ৰ লাগি চাম।
তোমাৰ কোলাত মূৰ থৈ প্ৰথম তোমাক চাইছিলো। তেতিয়ালৈ আমাৰ চকুত আছিল অলেখ আশা। আমাৰ দুয়োৰে মনে নাচিছিল, দেহাই নাচিছিল, নাচিছিল মেঠনি ভৰা ভৰ যৌৱনে, থৌকি-বাথৌ লাগিছিল মোৰ মন। তোমাক চাইছিলো মই কোনো আঁৰ-বেৰ নথকা, লাজৰ ওৰণী নথকা, জীৱন যৌৱনৰ বাসনাৰ আবেগ মিশ্ৰিত এক ৰৈ যোৱা চাৱনিৰে। তোমাৰ হাঁহিৰ ফাগুণ, মনৰ ফাগুণে জুৰীয়া হৈ ৰাঙলীৰ বতাহৰে মিলি তুমি হৈছিলা গৈ ৰাঙলী।
এতিয়া বেলি লহিয়ালে, আমাৰ মৰমৰ বেলিয়েও লহিয়ালে। লুংলুঙীয়া হাবিতলীয়া বাটেৰে আমিও খোজ ললো ন ন-জীৱনৰ পদুলিয়েদি। মুকলি মুৰিয়া ৰিং শুনি শুনি গৈ থাকোতেই হাঠাতে তোমাৰ দেহৰ সুগন্ধি পাই চমকি উঠিলো, ইমান মাদকতা নে তোমাৰ সেই গোন্ধত! ইমান সম্ভাৱান নে তোমাৰ সেই সুগন্ধিত, মই আচৰিত হৈছিলো, থমকিও ৰৈছিলো। ইফালে সিফালে চাৰিও ফালে চাইপঠোৱা দৃষ্টিয়ে সৃষ্টি কৰিলে তোমাৰেই উপস্থিতিৰ উমান। মোৰ দুবাহুৱে তোমাক সাবটি লবলৈ কঁপি উঠিল, কঁপি উঠিল মোৰ দুই ওঠ, উশাহ বোৰ দীঘন আৰু ঘন ঘন হোৱা অনুভৱ কৰিলো, বুকু দুৰু-দুৰু, কিহৰ বাবে এই হেঁপাহ মোৰ....?? আগপিছ নাভাবি অদ্যম হেঁপাহেৰে তোমাৰ ওঁঠত আঁকি দিলো এটি উষ্ণ চুমা, নিজকে তোমাতেই বিলাই দিয়াৰ চুমা। সুঠাম আলিঙ্গনেৰে সৃ্ষ্টিৰ বাবে তোমাক বাহুবন্ধনৰ মাজত বিচাৰিলো। ৰুই দিলো সৃষ্টিৰ নতুন বীজ। এক মূৰ্হুত্বত মোৰ স্তম্ভিৰ ঘুৰি অহাত নিজকে আবিস্কাৰ কৰিলো নিজৰেই উৰুঙা পজাৰ শয়নপাটিত। উস ! কি এক সামাজিকে মোক আগুৰি আছিল সকলো ক্ষণতে.................উস............উস..............উস...........এটি দীঘল হুমুনিয়াহ ওলাই আহিল নিশ্বাসৰ ৰূপত......................
তথাপিও যেন বাৰে বাৰে একেই সামাজিকত দুব গৈ থাকো। মনত দোলা দিয়ে তোমাৰেই প্ৰতিছবিয়ে............কিয় এনে হয়...?? কিয়...?? কিয়...??
আজিও দুচকু মেলিয়েই বতৰে জালি কাটি দিয়া চালিখনেৰে ভুমুকিয়াই দ্বিতীয়বাৰৰ বাবে তোমাক চাইছিলো---দেখিছিলো তোমাৰ ৰঙেৰে ৰাঙলী হৈ পৰা মুখখনি, দিছিলা মোক কুঁশলে থকাৰ প্ৰতিশ্ৰুতি, বসন্তৰ গাত ভেজা দি আহিবা বুলিছিলা তুমি। তোমাৰ প্ৰতিশ্ৰুতিয়ে যেতিয়া বুকু উদঙাই কপৌফুলৰ গইনা লৈ হাত-বাউলি মাতে, তেতিয়াই মোৰ সঁহাৰিৰ ঢোল-পেঁপা, গগণাৰ মাতে ৰিঙিয়াই---- গচকত ভাঙি যাওঁ যতঁৰ -বুলি। আকৌ এবাৰলৈ মনৰ হেঁপাহ পলুৱাই তোমাক চোৱাৰ সুযোগ, তোমাক কাষত লৈ আজিও তোমাৰ ৰঙত একাত্ম হোৱা সুযোগ বিচাৰো মই।
ঠিক এনেকুৱাতেই যেন কু-দৃষ্টিৰ বশবৰ্তী হৈ আমাৰ বুটাবছা ফুলনিখন ঠানবান কৰি থৈ গল এপলকতে। আশাৰ পথাৰখন ধংসস্তুপত পৰিনত হল নিমিষতে, কাকতি ফৰিঙে যেন আমাৰ আশাবোৰো এফালৰ পৰা দংশিহে আনিলে। আউললগা সূতাজুতিৰ মাজত আমি ইজনে সিজনক কেতিয়া বন্ধকত থলো গমকেই নাপালো। নিশকতীয়া মোৰ দুবাহুৰ মাজৰ পৰা কেতিয়া তোমাক আজুৰি নিলে তলকিবই নোৱাৰিলো। কিন্তু এতিয়া যে তুমি আনৰ হবলৈ ধৰিছা, দুদিন পিছত আনৰ বৰঘৰ শুৱনি কৰিবাগৈ। ইফালে মই অঘৈয়া হুলত খোচ খাই তেজে তুমৰলি হৈ পৰিছো, তথাপিও দুৰ্যোগৰ মেটমৰা বোজা কঢ়িয়াইও তোমাক এবাৰ চাবলৈ নাপাহৰিলো। তোমাক পোৱাৰ স্মৃতিয়ে যে মোক উন্মনা কৰি যায় এতিয়াওঁ। সেই বাবেই তোমাক সেমেকা চকুৰে হলেওঁ সদায় চাইছোঁ। মোৰ বুকু ভঙা নিশ্বাসত তোমাৰ চকুৰ আশ্বাস এতিয়াওঁ দেখো, কিজানি তোমাৰ এই আশ্বাসত আমাৰ মৰা সুঁতিত হঠাতে ধল আহে আৰু সেই আশ্বাসে মোৰ কঁকালত টঙালি মেৰিয়াই, কিজানি তোমাৰ আশ্বাসৰ নাচনী জনী দেউতাৰ কেঁচা চোতালে চোতালে দেও দি নাঁচে। ঠিকেইতো তুমি আজিও সেই আশাৰ, হেঁপাহৰ নাচনীজনীক দেউতাৰ চোতালৰ পৰিবৰ্তে মোৰ মনৰ চোতালত প্ৰতি বসন্তত এপাক হলেওঁ নচুৱালাই। এয়া চোৱা সেয়ে ময়ো ঢোল-পেঁপা,গগনাৰ ধ্বনিৰে আমি জীয়াই থকাৰ সংকেত দিছো।
জানানে....?? তুমি কাহানিবাই জুৰিয়া আহতৰ তলৰ সেই ৰোমাঞ্চকৰ আমাৰ বিহু সামৰি যে মঞ্চ জীপাল কৰিলাহি, মোৰ বৰ কষ্ট হয় জানা...?? তুমি বুটাবছা সেই মৰমৰ বিহুৱান আগৰ দৰে মই এতিয়াও কান্ধত ওলমাই লওঁ, কিজনিবা তুমি আহাই এইবাৰ। সন্ধ্যা হুঁচৰি মৰাৰ চলেৰে তোমাৰ চোতালত আৰ-চকুৰে যে তোমাকেই বিচাৰিছিলো, তুমি জানো নুবুজিছিলা...?? হাতত ফুলাম বিহাৱানেৰে ঢাকি অনা শৰাইখনি লৈ তুমি আগুৱাই আহিছিলা, এচলু পানীৰে চোতালৰ এডোখৰ মচিছিলা....মই ঠিকেই বুজিছিলো তেতিয়াই তোমাৰ চঞ্চলা চকুযুৰিয়েও মোকই বিচাৰিছিলা। তুমি আঠু লৈছিলা ৰাইজৰ আগত, এনেকৈয়ে বছৰি তুমি মূৰৰ চুলি চিঙি দিয়া আশীৰ্বাদ বিচাৰি আঠু লৈছিলা। কিন্তু আজি তুমি আৰু নাই মোৰ কাষত, তুমি বিহীন বিহুতলী মোৰ উৰুঙা-উৰুঙা, আৰ-চকুৰে আজিও বিচাৰো তোমাকেই কিজানিবা তুমি আহা। তথাপিও চনপৰি ৰোৱা মাটিডৰা সাৰুৱা কৰি তুলিব খোজাৰ দৰেই আজিও সৃষ্টিমুখী আশাৰে আশাবাদী মই। পদুলিলৈ চাই চাই চকু বিষালে মোৰ, তুমি বাৰু আহিবানে....??  আহিবানে......??  আহিবানে.....??

No comments:

Post a Comment