হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Wednesday, 15 August 2012

কলা-খাৰেৰে কাপোৰ ধোৱা প্ৰথাঃ-


আগৰ দিনত মহিলাসকলে কলাখাৰৰ সহায়ত কাপোৰ ধুইছিল বুলি ককা-আইতাৰ মুখত শুনিছিলো। কলাখাৰ প্ৰস্তুত কৰাৰ বাবে কলগছ একোডাল, বিশেষকৈ ভীমকলৰ গা-গছ আগৰ পৰা গুৰিলৈকে টুকুৰা-টুকুৰ কৰি কাটি লৈ দুহাতমান দীঘল কৰি পাতল পাতল কৰি চিৰিয়া চিৰিকৈ ফালি ৰদত শুকুৱাব লাগে। অন্ততঃ সাত দিন মান ৰদত শুকুৱাই জুই জ্বলাই পুৰিব লাগে। ছাঁই হোৱাৰ পিছত জাতি লাউৰ খোলাৰ তলত এটা বিন্ধা কৰি লৈ ভিতৰত কলাখাৰ ভৰাই লৈ পানী ভৰাই দিব লাগে। লাউটোৰ তলৰ ফুটাটোৰে বা বিন্ধাটোৰে টোপ টোপকৈ পানী বাহিৰ হৈ পৰিব আৰু আন এটা পাত্ৰত টোপটোপকৈ পৰা খাৰৰ পানীখিনি সংগ্ৰহ কৰিব লাগে।
আগতে কাপোৰ ধুবলগা থাকিলে আগদিনাৰ পৰাই এটি ডাঙৰ খৰাহিত বা পাচিত কলাখাৰৰ ছাঁই ভৰাই লৈ তাত পানী ঢালি দিয়ে। খৰাহিৰ পানীখিনি ৰাখিবৰ কাৰণে তলত একোটা ডাঙৰ পাত্ৰ থৈ দিয়ে। পিছদিনা পুৱা বা গধূলি কাপোৰ খাৰত সিজোৱা কামটো আৰম্ভ কৰে।
কাপোৰ সিজাবৰ বাবে তিনিটা মাটিৰে সজোৱা উধান পাতি লয়। মাটিৰ উধান সাধাৰণতে আলতীয়া মাটিৰে বোকাৰে তৈয়াৰ কৰা হয়। তিনিটা উধান পাতি লৈ চৌকা নাখান্দাকৈ ওপৰতে শুকান কলৰ পাত, খেৰ, নৰা, বাঁহৰ পাত আদিৰে জুই ধৰি কেৰাহি পাতি লৈ তাত কলাখাৰ ভৰাই লৈ গৰম কৰিব লাগে। কেৰাহিৰ খাৰ গৰম নোহোৱা পৰ্যন্ত তলত জুই দি থাকিব লাগে। ভকভককৈ উতল আহিব লাগিব। তাতে অলপমান চূণৰ গুড়ি নাইবা চৌদা মিহলাই দিলে বেছি ভাল হয়। কলাখাৰৰ পানীত কাপোৰ দি লৈ কিছুসময় উতলিবলৈ দিব লাগে। ইয়াৰ পাছত জুই দিয়া বন্ধ কৰি, ঠাণ্ডাকৰি লৈ কাঠৰ কাপোৰ ধোৱা পাত বা পকী পাতত এচাৰি এচাৰি চৰপ চৰপ কৰি কলাখাৰত উতলোৱা কাপোখিনি ধুই ৰদত শুকাবলৈ মেলি দিব লাগে।
কলাখাৰত উতলোৱা কাপোৰ অতি চাফা হয়। বেমাৰৰ বীজাণু আদিও খাৰৰ পানীত মৰি যায়। আগৰ দিনত কলাখাৰেৰে কাপোৰ ধোৱা কাৰ্যই আছিল অসমৰ প্ৰথম কাপোৰ ধোৱা প্ৰথা। তেতিয়াৰ দিনত কলাখাৰেৰে মানুহে গা-মুৰ আদিও ধুইছিল। কলাখাৰ বীজাণুনাশকেই নহয় বিভিন্ন ৰোগৰো ঔষধ। কলাখাৰে পৱিত্ৰতাও আনে।


No comments:

Post a Comment