হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Wednesday, 15 August 2012

ভাওঁৰীয় হৈ এদিন



বহুদিনৰ আগৰ কথা,তেতিয়া মই ক্লাছ নৱম মানত পঢি আছো । আমাৰ গাঁৱৰ নামঘৰত প্ৰতিস্হা দিৱস উপলক্ষে বিভিন্ন আনুষ্ঠানৰ লগতে ৰাতিলৈ ভাওঁনা এখনৰো আয়োজন কৰিলে, অনুষ্ঠানলৈ কিছু দিন থাকোতেই ৰাইজ গোটখাই কাক কি ভাওঁ দিয়া হৱ সেই লৈ আলোচনা কৰিলে নামঘৰৰ মজিয়াতেই। ভাওঁনা খনৰ নামটো এই মূহুৰ্তত মনত পৰা নাই । মইও সকলোৰে লগত সেইদিনাৰ আলোচনাত উপস্হিত। এটা এটাকৈ সকলোকে ভাওঁবোৰ চেহেৰাৰ আৰু মাতৰ লগত খাপ খোৱাকৈ ভগাই দিলে, মোৰ বন্ধু এজনৰ ভাগত ৰজাৰ ভাওঁ পৰিল,আগতে তাৰ ভাওঁ কৰাৰ অভ্যাস আছে বাবে বিনা দ্বিধাই ৰজাৰ ভাওঁ গ্ৰহন কৰিলে । সকলোকে ভাওঁ ভগাই দিয়াৰ পাছত এটা ভাওঁ বাকী থাকিল, কৰিবলৈ ভাওঁটোৰ লগত মিলাকৈ কাকো পোৱা নাই, ভাওঁনাত পাকৈত সকলোকে ভাওঁ দিলেই, কি কৰা যায় এতিয়া, ৰাইজে চিন্তা কৰি পোৱা নাই, কাক দিয়া ভাল হৱ সেই ভাওঁটো, ভাওঁটো আছিল মন্ত্ৰীৰ, ঠিক তেনেতে কোনোৱা এজনে দিলো নহয় মোৰ নামটোকে চিঞৰি—ৰাইজ দাইটি পুতেক অমুকক দিলে কেনে হয়, নতুন চামকো সুবিধা দিব লাগে কৰিবলৈ তেহে শিকিব পাৰিব, নেকি কয় ? মোৰ বুকুখন চিৰিংকৈ মাৰিলেই নহয়,কি হৱ এতিয়া? মই কিবা কোৱাৰ আগতেই ৰাইজে সকলোৱেই হাত চাপৰিৰে সমৰ্থন কৰিয়েই দিলে নহয়। চেহ কি কৰা যায় এতিয়া , এনেবুলি জনা হলে নাহিলোৱেই হেতেন আজি নামঘৰলৈ । কেতিয়াওঁ ভাওঁ-চাও কৰিয়েই পোৱা নাই মই জীৱনত, মই ৰাইজৰ আগত হোৱাই নোহোৱাই কিবা কিবি আপত্তি দেখুৱালো। বয়োজেষ্ট দুজন মানে একেবাৰে আদেশৰ সুৰতেই কলে ----পাৰিবি কিয় নোৱাৰিবি,আমি বোৰেও লাহে লাহেহে শিকিছো, দেখুৱাই দিৱ নহয় সকলোৱে, হৱ দে চিন্তা নাই। ভাওঁ ভগাই শেষ হোৱাত ৰাইজৰ ফালৰ পৰাই ঘোষনা কৰিলে যে অহা কালিৰ পৰাই তেনেহলে আখৰা আৰম্ভ কৰা হওক, আৰু দেৰি কৰি লাভ নাই, সময় তাকৰ ।
    যথাসময়ত পাছদিনা সন্ধিয়া আখৰাৰ কাৰণে সকলো প্ৰস্তুতি কৰি ভাঁৱৰিয়া সকল এক দুই কৰি আহি গোট খালেহি। মইয়ো ভয় শংকাৰে ভৰা মনটোৰে নামঘৰত প্ৰবেশ কৰিলো, কি হৱ কি হৱ ভাব এটা লৈ। লাহে লাহে আখৰা আৰম্ভ হল, দুই একে কিছু বচনো মাতি আছে, তেনেতে মই মোৰ বন্ধুটোক সুধিলো—অই মন্ত্ৰীৰ কাম কি অ ? বচন বহুতো নেকি? সি কলে বেছি নাই দুটামানহে পাৰিবি, বচন হৈ যাৱ বাৰু তই কেৱল নাচিবলৈ শিকিবি,নাচটো যদি পাৰি যাৱ তেনেহলে তোৰ আৰু চিন্তা নাই । এনেকৈ দুদিনমান গল,মোৰো ভয়টো লাহে লাহে কমিবলৈ ধৰিলে,পাকৈত ভাঁওৰিয়া বোৰৰ ভিতৰত মোৰ বন্ধুটোও কম নহয়, সেয়ে সি সদায় আখৰাত নাচোতে মোক তাৰ পাছতে নাচিবলৈ দিছিল। এনেকৈ এপাক দুপাকৈ শিকি শিকি নাচিব পৰা হৈছোগৈ, কোনোবা সময়ত অলপ খোকোজা লাগে। তেতিয়ালৈকে সকলো ঠিকেই আছে। নাচ আৰু বচন মাতাত পাকৈত নহলেও ভালকৈ পৰা হল আৰু । ভাওঁনাৰ পোছাক আনিবলৈ সকলোৰে লগতে মইয়ো আমাৰ গাঁৱৰ পৰা প্ৰায় ১৫ কি.মি.দুৰৰ ৰাইদেঙীয়া আইভেটী গাঁৱলৈ বুলি চাইকেল মাৰিয়েই গৈ ঠিক কৰি আহিলোগৈ ।
    আখৰাৰ শেষ দিন, সেইদিনা কোনোবাই ভূল কৰিলে কথা শুনিব লাগিব বুলি সকলোৱে শেষ আখৰা ভালকৈ কৰিলে, মোৰো ভালেই হৈছে বুলি সকলোৱে শলাগিলে ।
আখৰা শেষ, সৰু সৰু কাগজ কাটি ৰছিত আঠা লগাই নামঘৰটো সজাই-পৰাই তুলিলে, ভাঁওনাৰ দিন পালেহি। সন্ধিয়াহৈ আহিছে যিমানে মোৰো বুকুৰ মাজত অজান আশংকাই ধান বনাদি বানিবলৈ আৰম্ভ কৰিলে, মুখত সেই ভাব প্ৰকাশ নাপালেও মই নিজেহে বুজিব পাৰিছিলো কেনেকুৱা ভাব হৈছিল মোৰ। কিছু সময়ৰ পাছতেই সকলো ভাঁওৰিয়া আহি গোট খালে সেউজ কক্ষত (গ্ৰীনৰুম) গৈ, সকলো সাজি-কাচি হল, মই আৰু মোৰ বন্ধুটোৰ ৰংচং সকলো লগাই পোছাকো পিন্ধি সাজু হলো।

    নামঘৰৰ ভিতৰত আৰু বাহিৰত ৰাইজৰ ভিৰ, কতো খালি ঠাই বুলিবলৈ নাই। সকলো বিষয়ববীয়া ব্যস্ত হৈ পৰিল। এটি ঘোষনাৰ পাছতেই সূত্ৰধাৰীৰ প্ৰবেশ আৰু তাৰ পাছতেই কৃষ্ণৰ প্ৰবেশো হৈ গল। এক দুইকৈ ভাঁওৰিয়াবোৰৰ প্ৰবেশ ঘটিল। এটা সময় আহিল আমাৰ পাল, সূত্ৰই ৰাইজৰ মাজৰ পৰাই ব্ৰজাৱলী ভাষাতেই ---অ সূত্ৰেই এহি বুলি অমুক ৰাজা-ৰাণী,মন্ত্ৰী সহিতেই ৰাজ্য-প্ৰসাদত প্ৰবেশ কৰিল্ল----এইবুলি কোৱাৰ লগে লগে প্ৰায় দৌৰিয়েই দুজন ব্যক্তিয়ে এখন আৰ কাপোৰ লৈ গৈ সেউজ কক্ষ পালেগৈ আৰু কলে ---ঐ তহঁত কেইটা আহ প্ৰবেশ কৰিব হল। এইবুলি মই, মোৰ বন্ধুৰজা, ৰাণী আৰু দুটামান ৰজাৰ অঙহী-বঙহী ৰজাৰ পাছত। আমাক আৰ-কাপোৰেৰে ঢাকিলৈ গৈ নামঘৰৰ প্ৰবেশ পথত ৰখালে, এইখিনিলৈকে সকলো ঠিকেই গৈ আছো। তেনেতে মোৰ বন্ধুৱে মোক উদ্দেশি কলে------
ঐ তই মোৰ আগলৈ আহ আৰু বাকীবোৰে মোৰ পাছত লাইন কৰ ভালকৈ। গন্দগোলটো লাগি গল নহয় সেইখিনিতেই-----
কিয় মই আগত নহওঁদেই, তহঁত ভালকৈ জনা এটা আগত হ আক। তেতিয়াহে আমাৰ ভূল নহৱ।
সি কলে-ধেততেৰিকা, কি কথা কৈছ ? তই আগত হ, ৰজাৰ আগত মন্ত্ৰী হয় অ। তই মন্ত্ৰী নহয় নেকি কিবা আগত হ কাপোৰখন অতৰাই দিয়াৰ আগতেই ।(এইবাৰ সি অলপ খঙতেই কোৱা যেন অনুমান কৰি উঠি গল নহয় মোৰো খংটো )
মন্ত্ৰী-চন্ত্ৰী সেইবোৰ মই নাজোনো, আখৰাত সদায় তই আগত আৰু মই পাছত হৈহে নাচিছিলো, এতিয়া আক মই কিয় আগত হম হা ? অঅঅঅ বুজিছো তাৰমানে তই ভয়খাইছ ন ? নহলে তই নাজন চাগৈ সেয়েহে মোক নজনাটোক আগত হৱলৈ কৈ আছ ? এনেকৈ খতবান লাগি থকা দেখি এজনে আহি আমাক ধমকি দিলেহিয়েই----
ঐ তহঁত দুটাৰ কি হল অ হা ? এতিয়া ওলোৱাৰ সময়ত কি কাজিয়া কৰি আছ ? এই বুলি কৈ মোক আগত দিলে আৰু তাক মোৰ ঠিক পাছতে দিলে বোলে এনেকৈয়ে ওলাবি গন্দগোলখন নলগাবি ?আদেশৰ সুৰতেই কোৱাদি কলে ।

উপাই নাপাই হলো আৰু মান্তি মই, তেনেতে দিলে আৰ কাপোৰখন অতৰাই ।সকলোৱে মনিকুটালৈ আৰু ৰাইজলৈ বুলি আঠুলৈ সেৱাজনালে, জীৱনৰ প্ৰথম অভিনয় বুকু ডাঠ কৰি ময়ো সেৱা এটি কৰি মূৰটো ডাঙিচোহে মাত্ৰ তেনেতে বাজিলেই নহয় খোল আৰু তালৰ চেওঁ। তৌ তৌ তাক—ধিন তৌ তাক, ধিন তৌ তাক---ধিন ধিন তাক ধিন, তাক ধিন তৌ তাক তাক । আঠুলৈ ওপৰলৈ মূৰ তুলুতেই ৰাইজলৈ চকু পৰিল। দেখাপলো সকলোৱে দেখোন মোৰ ফালেই চাই আছে, দুই এটাৰ মাত শুনাপালো ঐ সৌটো অমুক ঐ, ৰাইজৰ মাজৰে দুই এজনক চিনি পালো, চকুৱে চকুৱে পৰাত লাজ লাজ ভাব এটাই কৰপৰা আহি জানো হেচা মাৰি ধৰিলেহি কৱই নোৱাৰো, যেনিয়েই চাও তেনিয়েই দেখোন সকলোৱে মোলৈকে চাই থকা যেন লাগিল, ভৰি দুখন থৰ থৰকৈ কপিবলৈ ধৰিছে দেখোন, আগলৈ নাজায়হে নাজায়, কি কৰো এতিয়া,   এনেকৈ এক মূহুৰ্ত পাৰহৈ গৈছে, পাছফালৰ পৰা ৰজাই দিলে নহয় খোছ এটা মাৰি----
ঐ নাজাৱ কিয় আগলৈ ৰৈয়েই থাকিবিনে নাচিবি তই ?(ভোৰভোৰালে মুখৰ ভিতৰতে)।
ৰহ অ কিয় খুছিচ ? মইহে জানিছো কেনেকুৱা লাগিছে, ছবেই কেনেকৈ মোলৈকে চাই আছে দেখা নাই ? পাছফালৰ পৰা তেনেতে বৰমুৰিয়া এজনে কোৱা কথা কাণত পৰিল---ঐ আগলৈ নাচি নাচি যা। দুই এক তিকিৰি ৰাইজৰ মাজৰ পৰা আহি মোৰ কানত থল থলকৈ পৰিলহি । যি হৱ হৱ আৰু দেখা যাৱ, এই বুলি ভগৱানকে আওৰাই দিলো খোজ খোলৰ তালে তালে, মোৰ পাছে পাছে বাকী বোৰো।

    কেতিয়াযে কেনেকৈ ৰাইজৰ মাজেদি নাচি পাৰহৈ গলো কৱ নোৱাৰো, এপাক নাচিয়েই সামৰিলো, চিধাই গৈ ৰাজ-প্ৰসাদত বহি পৰিলোগৈ,উহ ৰক্ষা এতিয়াহে মোৰ উশাহটো ঘুৰি অহা যেন লাগিল । তেতিয়াহে অনুমান কৰিলো যে মই ঘামি-যামি গোটেইতো ৰঙা-চিঙা পৰি গলো । তাৰ পাছত ৰজাৰ লগত প্ৰায় তৰ্ক, ভোৰভোৰনি, তেতিয়া বিশেষ বৰকৈ একো নকলো যদিও ভিতৰি ভিতৰি খঙে চুলিৰ আগ পাইছিলগৈ। ভাওঁনাৰ শেষত পৰিচালক আৰু মোৰ বন্ধু ৰজাক বহুতো কথাই কলো---আপোনালোকেতো জানেই মই কেতিয়াওঁ ভাওঁনা কৰি পোৱা নাই, আগতেই কৱ লাগিছিল মোক যে প্ৰবেশ কৰিয়েই তই ৰাইজৰ মাজলৈ নাছাবি বুলি। মোৰ গন্দগোলতো সেইখিনিতেই আৰম্ভ হৈছে। যেনিয়েই চাও সকলোৱে মোলৈকৈ চাই থকা দেখা পাওঁ , কত আৰু মই আগলৈ যাৱ পাৰো, যি শিকিছিলো আখৰাত সেইখিনিতেই চৱ পাহৰি গলো। আৰু তই ৰজাই, আগতে বোলে বহুত ভাওঁ কৰিছ, তইওতো মোক কোৱা নাই, ৰজাৰ আগত যদি মন্ত্ৰী ওলাবই লাগে তেনেহলে আখৰাৰ পৰাই তেনেকৈ শিকা হলে মোৰতো আজি এই গতি নহয় ।আচলতে আখৰা কৰোতে মই একো আও-ভাৱেই পোৱা নাছিলো। যি হল হল জীৱনত এটা নতুন শিক্ষা হল মোৰ,সেইদিনটোৰ কথা মই কাহানিও পাহৰিব নোৱাৰো ।


No comments:

Post a Comment