হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Saturday, 4 August 2012

যৌৱনৰ আগলি বতাহে কপাই যোৱা দেহাঃ-

(এই প্ৰবন্ধটিত এগৰাকী কুমাৰীৰ দেহত যৌৱনৰ আগমনৰ কথা প্ৰকাশ কৰা হৈছে)
উলাহত নাচি-বাগি ফুৰুতে কেতিয়া, কেনেকৈ আহি যে যৌৱনে কনমানি ছোৱালী এজনীৰ জীৱনত ভুমুকি মাৰেহি তলকিবই নোৱাৰে কোনোৱে। চাওঁতে চাওঁতে এপাহ এপাহকৈ যেন নানা ৰঙৰ বহুফুলেই ফুলিবলৈ ধৰে কনমানিজনীৰ দেহত। যৌৱনৰ আগলি বতাহে গাত কাপোৰ নোলোৱা আইজনীৰ মনত অচিনাকি আউল লগায়। চকুত হীৰা কি মুকুতা উজ্বলে, অবুজ ভাবৰ লুকাভাকু, হাত-ভৰিত জিলিকি উঠা লাৱণ্যলৈ চকু ফুৰাই মাক চমকি উঠে। এইবোৰ একোৰে উমান নোপোৱা ফ্ৰক পিন্ধি লৰি-ঢাপৰি ফুৰা বাৰ-তেৰ বছৰীয়া ছোৱালীজনীক এইসময়ত মাক-দেউতাকে গা-চাই ফুৰিবলৈ কয়, দুৰলৈ থকাকৈ পঠাবলৈ মনত ভয় ভয় ভাব।

তথাপি অচিন পৃথিৱীত অচিন পৰিস্থিতিত পৰি ভয় আৰু সংকোচে পেপুৱা লগা কণ্যাৰ মাকে আলেঙে আলেঙে নিৰীক্ষণ কৰি সদ্য পুষ্পিতা বুলি জনাৰ পাছত ঘৰখনত গোপন খদমদমৰ জোৱাৰ উঠে। লৰালৰিকৈ ঘড়ীত কেইটা বাজিছে সময়টো চাই জানি থৈ ওচৰৰ অঙহী-বঙহী আৰু আয়তী কেইগৰাকীমানক মাতি পঠায়। পুষ্পিতা হোৱা ছোৱালীয়ে চন্দ্ৰ-সূৰ্য্য, গৰু-গাই, পুৰুষ মানুহ চাব নাপায় বাবে লৰালৰিকৈ আছুতীয়া কোঠা এটাত ছোৱালীজনীক দুৱাৰ মাৰি থৈ মাকে ধানখেৰৰ বিছনা এখনৰ আয়োজন কৰে।পৰিয়ালৰ মহিলা সকলে বা কোনো আয়তীয়ে সোণে-পোৱালে বণিয়াই সৰুকৈ মণি এধাৰি গাঁঠে। চুবুৰীৰ আয়তীসকলে পুৰঠ ডালিম এটা গছৰ পৰা আনি, বা ডালিম নাপালে ডিমৰু তিনিটা বা তামোল তিনিটাকে ঠাৰিৰে সৈতে চিঙি আনি তাত ছিগা চুলি দুডালমান আৰু ৰঙা-বগা এঁৱাসূতা মেৰিয়াই, নতুনকৈ গঁথা মালা তাতে পিন্ধাই দি খৰিকা পাঁচডালেৰে সৈতে একেলগ কৰি নতুন গামোচা এখনত টুপোলাৰ দৰে কৰি উৰুলি দি কনাই(পুষ্পিতা ছোৱালীৰ হাতত দিয়া কেইবিধমান বস্তুৰ এটা টোপোলা) বান্ধে। তাৰ লগে লগে দুৱলিত চাউল, তামোল-পাণ আৰু মিঠাতেলৰ চাকি সজাই। কাঁহৰ ফুলকটা লোটাৰে এলোটা পানী ভৰাই লোটাটোৰ ডিঙিত এঁৱাসূতা মেৰিয়াই মুখত আমদালি দি ছোৱালী শুবলৈ বুলি ঠিক কৰা বিছনাখনৰ শিতানৰ (যিফালে মূৰ দি শুৱে সেই ফালক বুজাই)ফালে মাটিতে ঠাইখন মচি উৰুলি দি চাউল কেইটামান ছটিয়াই তাৰ ওপৰত ধান খেৰেৰে কোমলকৈ লগতে দা বা কটাৰী এখনো তলতে দি মাকে বিছনাখন কৰি দিয়ে। খেৰৰ বিচনাত কইনাক বহিবলৈ দি কনাইটো ছোৱালীৰ হাতত দি দুৱলিৰ চাকি আৰু লোটাৰ আমদালিৰে আমসাৰ, চাকিসাৰ দিয়াৰ পাছত সেই বেলাৰ বাবে ছোৱালীজনীক একো খাবলৈ দিব নালাগে বুলি মাকক চুবুৰীয়া আয়তীয়ে দিহা দিয়ে। ছোৱালীজনীকো কনাইটো অনবৰতে হাতত বা কোঁচ লৈ থাকিবলৈ দিহা দি তামোল-ছালি খাই সকলো ঘৰা-ঘৰি যায়গৈ। পৰিয়ালৰ কোনো এজনৰ হাতত তামোল-পাণ আৰু পইচাৰ মাননি এটা দি পুষ্পিতা হোৱাৰ সময়টো জনাই পুৰোহিত বা গোসাঁইৰ ওচৰত ছোৱালীজনীৰ কিনো যোগ পালে সেই কথা পঞ্জিকা চাই জানি আহিবলৈ খৰ-খেদা লগাই। লগতে চাৰিদিনৰ দিনা কইনাক গা ধুৱাবৰ বাবে শুভক্ষণ কোন সময়ত আছে তাকো জানি আহিবলৈ দিয়ে।

চুবুৰীয়া কোনোবা ঘৰে নজনাকৈ আছিল যদিও বেলাটোৰ ভিতৰতে বাতৰিটো ইকাণে-সিকাণে বিয়পি পৰে। পুষ্পিতা হোৱাৰ দিন ধৰি তিনিদিন দুই সন্ধ্যা মাত্ৰ ফলাহাৰহে খাব পৰা ছোৱালীজনীলৈ গৰুৰ গাখীৰকে আদিকৰি, কল-আপেল,মগু-বুট লৈ ওচৰ চুবুৰীয়া সকলে ছোৱালীজনী চাই মাত লগাই যোৱাটো নিয়ম। তিনিদিনৰ দিনা ৰাতি সাধৱা মাকে আখৈৰ খোলা পাতি ছোৱালীজনীৰ নাম লৈ আখৈ ফুটুৱাটো নিয়ম, কাৰণ চাৰিদিনৰ দিনা ৰাতিপুৱাতেই আখৈ লাগিব। আখৈ নুফুটাতো শুভ লক্ষণ নহয় বুলি লোক বিশ্বাস আছে। আখৈ ফুটাই থাকোতে যদি গোটা গোটা হয় তেনেহলে পুষ্পিতা ছোৱালীজনীৰ বিবাহিতা জীৱনত লৰা সন্তান জন্ম হৱ আৰু পাহি মেলা হয় তেনেহলে আগলৈ ছোৱালীৰ হৱ বুলি আগৰে পৰা এটা লোক বিশ্বাস এটা ঠায়ে ঠায়ে আছে।

চাৰিদিনৰ দিনা শুভক্ষণৰ সময়মতে প্ৰথম ঋতুস্নানৰ শুভকৰ্ম ভাগ ওচৰ-চুবুৰীয়া আইসকলে আহি কৰেহি। পূবমুৱাকৈ বাৰীৰ পিছফালে ইকৰা বা কুহিয়াৰ বা কলথোৰ তিনিডালেৰে সজা বেইখনৰ কাষত আলুৰে সৈতে পীৰি খান্দি অনা জীয়া লহপহীয়া কলপুলি এটা আলফুলকৈ ঘৰৰ কোনোৱা এজনে ৰুই দিয়ে।এই কলপুলিটো মৰি গলে বা গৰু-ছাগলীয়ে খালে বেয়া বুলি লোক বিশ্বাস আছে, সেয়েহে কইনা নোৱাই তোলনী বিয়াৰ পাছত পুলিটো নি সহজে চকুত নপৰা ঠাইত আছুতীয়াকৈ বেৰ দি কলপুলিটো ৰুই থোৱা হয়। বৰ বিয়াৰ আচল দৰাই কলপুলিৰ এই প্ৰতীক দৰা চাব নাপায় বুলি বিশ্বস কৰা হয়। বেইৰ তলত তামুলীপীৰা এখন পাৰি বটা-মাহ-হালধিৰ বাটি এটা আৰু তেলৰ চিচাঁটো কাষতে থয়। মাকে ছোৱালীজনী ভিতৰৰ পৰা আচঁলত ধৰি উলিয়াই আনি বেইৰ তলত বহুৱাই আৰু আগতীয়াকৈ যতনাই থোৱা ঔ টেঙাৰ বীজেৰে প্ৰথমেই মূৰটো ধুৱাই লৈ পাছত মূৰত তেল দি মাহ-হালধি সানি  আয়তীৰ লগে লগে পাঁচ বা সাত কলহ পানী ঢালি গা ধুৱাই দিয়ে। মাহ-হালধি সানি কনাইটোকো ধুওৱা হয়। গা ধুই উঠি বেইৰ তলতে ওলোৱা-সোমোৱা অপৰাধ নহৱৰ বাবে সূৰ্য্যলৈ চাই ছোৱালীজনীয়ে সেৱা কৰে, বাৰীৰ তামোল এথোকলৈ চালে, তাৰ পাছত মাক বা অয়তীলৈ চাই সেৱা কৰিলে। এইখিনিতে কলপুলিৰ দৰাক পিন্ধাবলৈ দুগদুগী বা চিপাতমণি এধাৰ আনি কইনাৰ হাতত দিয়ে। তিতা তিয়নীৰে থকা কইনাই কলপুলিটোৰ গাত মণিধাৰ পিন্ধাই, আগতেই আঁতৰাই ৰখা মাহ আৰু হালধিৰে, সোঁহাতেৰে মাহ আৰু বাওঁহাতেৰে হালধি লৈ আঁঠুকাঢ়ি কলপুলিটোৰ গাত তলৰ পৰা ওপৰলৈ তিনি চোঁচা মাৰি আয়তীৰ উৰুলিৰ লগে লগে সানি পানী একলহ ঢালি নোৱাই অঁতোৱাৰ পাছত আগৰাতি ভজা এমলা আখৈ আৰু পুৱাতে খুন্দি দিয়া এমলা কেঁচা পিঠাগুড়ি দুয়োখন হাতে লৈ আঁঠুকাঢ়ি কলপুলিটোৰ গুৰিত ঢালি সেৱা কৰিব লাগে। হৰগৌৰীৰ বসতি হওক বুলি দিয়া আইসকলৰ আশীৰ্বাদ লৈ ঋতুমতী কইনাই খমখমীয়া ৰঙা কেছ বছা ৰিহা-মেখেলা পিন্ধি ন যৌৱনক ওলগ ও আদৰণী জানায়।

বেইৰ তলৰ পৰা নি ভিতৰৰ কোঠা এটাতে চাউল এছাটি মাৰি পাটী এখন পাৰি ছোৱালীক বহুৱাই দিয়া হয়। পৰিয়ালৰ কোনোৱা এগৰাকীয়ে কইনাৰ মূৰটো ধুনীয়াকৈ আঁচুৰি সেন্দুৰৰ ফোঁট এটা দি ছোৱালী জনীক সজাই পৰাই দিয়ে।এই আগৰ কেইদিনৰ অশুচি বিছনাৰ খেৰ আদি পুৰি কানি-কাপোৰ তিয়াই ঘৰটো মচি-কাচি গা-ধুই মাকো আজৰি হৈ আহে। ছোৱালীৰ সন্মুখত দৱলিটো আৰু আমদালি এটাৰে নতুন পানী এলোটা সজাই দিয়ে, মাহ-প্ৰসাদৰ শৰাই এখন ধূপ-ধুনা আৰু বন্তি এগছি ঠাইখন মচি কাষতে থয়। পূৱলৈ মুৱাকৈ বহা কইনাক আমসাৰ, চাকিসাৰ মাকে দিয়াৰ পাছত শৰাইখনৰ পিনে আঁঠুকাঢ়ি মাক-জীয়েকে দৈৱদোষ, গ্ৰহদোষ খণ্ডনৰ বাবে ভগৱানৰ ওচৰত মুৰ দোঁৱাই।

চাৰিদিনৰ দিনা পৰা সাতদিনলৈ দিনত আখৈ, চিৰা, পিঠাগুড়ি আদি খোৱাৰ নিয়ম আৰু জোন-তৰা ওলালে ৰাতি চৰু জুৰি হাতেৰে তিনি পিঠি চাউল লৈ তেল-হালধি নিদিয়াকৈ মগুমাহেৰে সৈতে একেলগে ৰান্ধি সন্ধক লোণেৰে এসন্ধ্যা ভাত খাব পাৰিব বুলি ছোৱালীক আয়তীসকলে দিহা দিয়ে। সুভগা, পতিব্ৰতা আদি ভাল যোগ পালে সাতদিনৰ দিনাই ৰাতিলৈ ছোৱালীয়ে উপবাস ভাঙি মাছেৰে ভাত খোৱাৰ নিয়ম আছে।আৰু যদিহে দুৰ্ভগা, পতিহীনা আদি বেয়া যোগ পাই তেনেহলে যোগ অনুসৰি পোন্ধৰ দিন, সাতদিন, ডেৰমাহ পৰ্যন্ত ছোৱালীয়ে উপবাস কৰি উপবাসৰ শেষত দান-দক্ষিনা কৰিহে উপবাস ভাঙিব পাৰে বুলি আইসকলে দিহা দিয়ে।

সাতদিন পালেহিয়েই, সাতদিনৰ দিনা মঙ্গল, শনিবাৰ পৰিলে, ন দিনৰ দিনাহে নোৱাই তোলনি-বিয়া তোলাৰ নিয়ম। সাতদিনৰ দিনা ছোৱালীক মাকে পুৱাতেই এনেয়ে গা ধুৱাই, চাৰিদিনৰ পাৰ ছোৱালীয়ে শোৱা বিছনা-কাপোৰ তিয়াই ঘৰ-দুৱাৰ মচিব লাগে। চোতালতে এবেলাৰ বাবে ৰভা এখনো দিয়া হয়, চাৰিটা কলপুলিৰে মড়ল সাজি, আমদালি দি তাত গোসাঁইৰ ছবি এখনো থোৱা হয়। নিমন্ত্ৰন জনোৱা আইসকলক মুখ-হাত ধুৱাবৰ বাবে জা-জলপানৰো চুৰ্চুৰীয়াকৈ আয়োজন কৰা দেখা যায়। ঘৰৰ সৰুবোৰে দুৱাৰত আৰু কলুলিৰে ধুনীয়াকৈ সজা বেইত আমদালি আৰি দিয়ে। আবেলি আয়তীসকল গোটখাই আচল বিয়াৰ দৰে নাম-গুণ গাই মাক হতুৱাই ওচৰৰে কাৰোবাৰ ঘৰৰ পুখুৰীত ছোৱালী সমজুৱাকৈ নোৱাবলৈ পানী তুলে। চাৰিদিনীয়া গা ধুওৱাৰ দৰেই মাহ-হালধী সানি কইনা, কনাই আৰু নতুন কলপুলিৰ দৰাক উৰুলি আৰু জাত জাত নামেৰে গা ধুওৱা হয়। গা ধুওৱাৰ পাছত চাৰি দিনৰ দিনাৰ দৰেই আকৈ আৰু পিঠাগুড়ি দুমলা দি কলপুলিটো সেৱা কৰোৱাৰ পাছত ছোৱালীক আশীৰ্বাদ দি মাকৰ হতুৱাই আমসাৰ, চাকিসাৰ দিয়াই পাটৰ কাপোৰ এযোৰ পিন্ধাই ৰভাতলীলৈ কইনা উলিয়াই লৈ আহে।

 ৰভাৰ তলত মড়লৰ কাষতে পাটী পাৰি বহুৱাই কইনাক সজাই-পৰাই, তেল-সেন্দুৰৰ ৰেখাৰে তমস্কাৰ কৰি আখৈ এবাটিত কনাইটো বহুৱাই এইবাৰ ছোৱালীৰ কোঁচত দিয়ে। সোনৰ আঙঠিয়েই বা ৰূপৰ টকাই হওক কইনাৰ হাতত দি প্ৰথমেই মাকে ছোৱালীৰ হাতৰ পৰা আখৈৰ বাটিটোৰে সৈতে কনাই নিজৰ কোঁচলৈ নিয়ে।আকৌ ছোৱালী জনীৰ কোঁচলৈ দিয়ে।এইদৰে তিনিবাৰ অনা-নিয়া কৰি আখৈখিনি মাকে নিজৰ কোঁচত বাকি এইবাৰ কেঁচা পিঠাগুড়ি বাটিটোত ভৰাই তাৰ ওপৰত কনাইটো বহুৱাই ছোৱালীজনীৰ হাতত দিয়ে। ছোৱালীজনীৰ হাতৰ পৰা কনাই লবলৈ এইবাৰ পৰিয়ালৰ আন মহিলা সকল আহে।প্ৰত্যেকেই সিকি, আধলি, টকা যি পাৰে দি আগৰ নিয়মৰেই তিনিবাৰ প্ৰত্যেকে কোঁচ পাতি পাতি কনাই কোঁচত লওতে জোৰা নামৰ জাউৰিত বাৰুকৈয়ে ফুৰ্টি হয়।তাৰোপৰি কনাই লওঁতাৰ মুখত পাছফালৰ পৰা হঠাতে পিঠাগুড়ি সানি গোটেই মুখ একেবাৰে বগা কৰি পেলায় হাঁহি খিকিন্দালিৰে আনন্দ বঢ়াই তোলে। কোঁচত বাকী অনা আখৈ বা পিঠাগুড়ি নেখাই কঙাল বা চণ্ডালক দি দিয়াৰহে নিয়ম। কনাই লোৱাৰ আগতেই ছোৱালীজনীৰ হতুৱাই তিনিগৰাকী বা পাঁচগৰাকী আয়তীক সেন্দুৰৰ ফোট দিওৱা হয়। কনাই সকলোৱে লৈ অঁতোৱাৰ পাছত ধুনীয়া লৰা বা ছোৱালীক কোঁচত লৈ চুমা খাই হাতত লাডু একোটা দি উঠি কইনাই এইবাৰ ভগৱন্তৰ ওচৰত মূৰ দোঁৱাই। সুখে আৰু শান্তিৰে, সন্তান-সন্ততিৰে ভৰপূৰ এখন সংসাৰ হৱলৈ আইসকলে আশীৰ্বাদ জনাই হাঁহি-মাতি বিয়া ভাঙি সকলো ঘৰা-ঘৰি যায়গৈ।

No comments:

Post a Comment