অসমীয়া মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী সমূহ আৰু বিভিন্ন অনুষ্ঠানত বিশেষ ৰূপত প্ৰয়োজনীয় সৃষ্টিৰাজিয়েই অসমৰ কলা-শিল্পৰ ঐতিহ্য। বাঁহ, বেত, বয়নশিল্প, ধাতু শিল্প, মূখা শিল্প আদিলৈকে ইয়াৰ পৰিসৰ ব্যাপ্ত।
১) অসমৰ বাঁহ-বেত শিল্প
অসমৰ লোক সংস্কৃতি তথা শিল্প সমূহৰ ভিতৰত বাঁহ-বেত শিল্পও অপৰিহাৰ্য্য । পাহাৰে-ভৈয়ামে উভৈনদী ৰূপত থকা বিভিন্ন জাতিৰ বাঁহ-বেতেৰে তৈয়াৰ কৰা হয় অসমীয়াৰ জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী।
অৰণ্য এৰি কৃষিমুখী হোৱাৰ দিনৰে পৰাই অসমীয়া মানুহে টকৌপাত, ঢকুৱা, কল-মাৰলীৰে ৰদ-বৰষুৰ পৰা হাত সাৰিবলৈ আশ্ৰয় গ্ৰহন কৰাৰে পৰা বনৰীয়া প্ৰাণী চিকাৰ কৰিবলৈ সহায়ক হিচাপে বাঁহ ব্যৱহাৰ কৰিছিল, তেতিয়াৰে পৰাই হয়তো বাঁহ অসমীয়াৰ অজস্ৰ শিল্প কাৰ্য্যৰ প্ৰধান আহিলা হৈ পৰিল। অসমীয়া মানুহে নিজে থাকিবলৈ ব্যৱহাৰ কৰা ঘৰৰ খুটা, চৌতি, মাৰলি, বেৰ, ছাল তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়।
মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সজুলি যেনে- জাকৈ, খালৈ, পল, চেপা, ঘণী, খোকা, দলঙা, বাণ, জাল পাতিবলৈ পেং, পাঁৱৰি আদি বিভিন্ন সজুলি নিৰ্মানত বাঁহ ব্যৱহাৰ কৰা হয়।
তাৰোপৰি কৃষি কাৰ্য্যত ব্যৱহাৰ হোৱা সজুলি যেনে- ধান থোৱা ভঁৰাল, ডুলি, পাচি, খৰাহি, ধান থোৱা দোণ, ওখোন, কোহোনা, যুঁৱলি, গৰুগাডীৰ কিছু অংশ, মৈ, কোৰৰ নাল, বিৰিয়া, হোলোঙা, জাপি, বিভিন্ন সময়ত ঘৰুৱা কামত ব্যৱহাৰ হোৱা কুলা, চালনী, ডলা, ঢাৰি, বাঁহৰ বিচনী, বাঢনী আদি অজস্ৰ বস্তুৰ উপৰিও শোৱা চাং, জেওৰা, জপনা, গোজ,দলং, চকোৱা, আৰু তাঁতৰ শালৰ সজুলি উঘা, চেৰেকী, লেটাই, ব চূঙা, খুঁটি, কাণমাৰি, শলি, ৰাচ, চিৰি, মহুৰা, দোৰপতি, ফুল তোলা কাঠি, তাঁত শালৰ নাচনি, গৰকা আদিৰ লগতে বহিবলৈ ব্যৱহাৰ কৰা কঠ, মূঢত বোৱা মোৰ আদিত বাঁহ ব্যৱহাৰ কৰা হয়। অসমীয়া জাপিটিও লোক কলাৰ এক সুন্দৰ নিদৰ্শন। গছৰ পাত, বাঁহ আৰু বেতেৰে সজা পদুমীয়া সৰুদৈয়া, ফুলাম আৰু বৰজাপি , পাহাৰ ভৈয়াম দুয়ো ঠাইৰে মানুহৰ বৰ আদৰৰ।সৰু উকা জাপি আকৌ বনুৱা, হালোৱা আৰু গৰখীয়াই ৰদ-বৰষুনৰ পৰা সাৰিবলৈ ব্যৱহাৰ কৰে ।
সত্ৰৰ বেতৰ বিচনীৰ কাৰুকাৰ্য্য চালে চকুৰোৱা । এনে বিচনী মাজুলীৰ সত্ৰ সমূহত দেখা যায়। বাঁহৰ শলিৰ মোৰ দি বেতেৰে সজা জপা, বেতৰ শঁৰাই, মূঢা, বেগ, মেজ, চকী, আৰামি চকী, চোফা, দোলনা, বাকচ, ফুলৰ পাত্ৰ, আদি বেতেৰে অতি সুন্দৰকৈ নিৰ্মিত হৈছে ।
২)বয়ন শিল্পঃ-
অসমৰ সকলো জন-গোষ্ঠীয়ে বোৱা-কটাত অৰ্পূব্ব কলা প্ৰৰ্দশন কৰি আহিছে। অসমীয়া নাৰীয়ে ৰাতিটোৰ ভিতৰতে কঁপাহ নেওঠি, পাঁজি বাটি, সূতা কাটি, কৱচ কাপোৰ বৈ স্বামীক ৰণলৈ পঠোৱাৰ অতীতৰ সেই দিনবোৰেই বোৱা-কটাত নিৰ্পূনতাৰ আটাইটকৈ সুন্দৰ উদাহৰণ। ঘৰতে লেটাই, চেৰেকী, উঘা, খুটি, ৰাচ, ব তোলা চুঙা, টোলোঠা, নাঁচনী, কাণমাৰী, মহুৰা, যঁতৰ, দোৰপতি, গৰকা, ফুলতোলা কাঠী আৰু শলিৰ সঁজুলিৰে অসমীয়া নাৰীয়ে এৰি, মূগা, পাট, মেজাঙ্কৰী কাপোৰত সোন-বৰণীয়া ফুল তুলি অভিনব কাৰুকাৰ্য্য কৰা অথবা সোণোৱালী গুনাৰে বন কৰা ছাঁতে শুকুৱা, মুঠিতে লুকুৱা অসমীয়া পাট-মূগাৰ কাপোৰে বিশ্ব-বজাৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । অসমীয়া নিৰক্ষৰ জীয়াৰী-বোৱাৰীয়ে নিজৰ কল্পনাৰে এশ, দুশ, তিনিশ ফুলতোলা কাঠীৰে গামোচা, চাদৰ-মেখেলা, চেলেং, বৰ-কাপোৰ আদিত ফুল বাচে । ৰঙীন সূতা আৰু গুনাৰে মিনা কৰি চালিধৰা ময়ুৰ, উৰণীয়া মইনা, শেন, আদি বিভিন্ন চৰাই অতি সুন্দৰকৈ তোলে। গোসাঁইৰ গামোচা আৰু সিংহাসনৰ কাপোৰাত গছা, বন্তি, শৰাই, ধুপদানি, ৰামনাম আদিও তোলে । কলগছ, বৰগছ, নাৰিকল গছ, আদি বিভিন্ন গছ, বেলপতীয়া লতা, লিহিৰি, কাষৰি, চঁপা চাকলি ফুল, কেৰুমূখীয়া ফুল, আঠপহীয়া, ছপহীয়া, চাৰিপহীয়া ফুল, লটকন, কল্কা, জোন, তৰা, পখিলা, আদি অনায়াসে তাঁত জিলিকাই তোলে ।জনজাতি সকলে ৰেখা. ত্ৰিভূজ, আদি ধৰনৰ জ্যামিতিক চিত্ৰও আঁকে। অসমীয়াৰ ঘৰে ঘৰে থকা তাঁতশাল অসমীয়াৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা আহিলা। জীবিকাৰ অন্য উপাই নোহোৱা দুখীয়া বিধবায়ো তাঁত-শাল খনকেই সাৱটি জীবিকাৰ পথ মুকলি কৰে। সামৰন কাপোৰৰ উপৰিও নিতৌ ব্যৱহাৰ কৰা চাদৰ-মেখেলা, ৰিহা, চোলা, চুৰীয়া, সকলো কাপোৰ অসমীয়া শিপিনীয়ে ঘৰতে বৈ লোৱা নিয়ম আছে । ক্ৰমশ..........
অসমৰ থলুৱা শিল্পঃ-২
৩)মৃত্ শিল্পঃ-
অসমৰ মাটিৰ পাত্ৰৰ প্ৰচলন অতীজৰে পৰা চলি আহিছে। আধুনিক যুগত ইয়াৰ প্ৰচলন হ্ৰাস পাইছে যদিও পবিত্ৰ পূজা, শ্ৰাদ্ধ, ৰাজহুৱা সকাম আদি অনুষ্ঠানত আৰু দৈ, ক্ৰিম আদি প্ৰস্তুত কৰিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ আজিও অটুট আছে।
প্ৰথমে আলতীয়া মাটি আনি চপৰা বোৰ গুড়ি কৰি পানী দিয়ে, মাটি কুমলিলে হাতেৰে বা ভৰিৰে ফেনেকি তাক কোমল আৰু ধিলা কৰি তাৰ পৰা কুমাৰ মাটি এটা নিদিষ্ট জোখলৈ সাঁচ দি ঘুৰাই ঘুৰাই কলহ, টেকেলী, চৰু, মলা আদিৰ আকৃতি কৰি লয়। এনে অৱস্থাত পাত্ৰবোৰ কেঁচা হৈ থাকে। পাছত সেইবোৰ নিদিষ্ট উষ্ণতাত জুইত পুৰিলে ব্যৱহাৰৰ উপযোগী হৈ পৰে।
মাটিৰে কুমাৰ আৰু হীড়াসকলে সজা সৰু, বৰমাল, চৰুৱেই আছিল অতীজৰ ৰন্ধনৰ পাত্ৰ। এতিয়াও শুদ্ধভাবে আহাৰ ৰন্ধন আৰু আহাৰ গ্ৰহন কৰিব লগা হলে মাটিৰ পাত্ৰৰ প্ৰয়োজন হয়। পূজা, শ্ৰাদ্ধ আদিত ভোজনী আৰু পূৰ্ণপাত্ৰৰ ভোজনী চৰুতহে সজোৱা নিয়ম। সত্ৰ, নামঘৰত পদ-মৰ্য্যদা অনুসৰি প্ৰসাদ বিতৰণ হয় ভোগৰ চৰুত, মেধি মলাত, খামুচীয়া মলাত অথবা টেকনীয়া মলাত। আগৰ দিনত সোণৰ চৰু, ৰূপৰ চৰু আছিল ৰজাঘৰীয়া বাচন। অসমীয়াৰ বিয়াঘৰৰ আদৰণি তোৰণৰ লগত কলপুলিৰ তলত মাটিৰ টেকেলীৰ ওপৰত নাৰিকল দিয়া হয়।
মলা, চৰু, কলহ, টেকেলী, থাল, গিলাচ, বান, ধূপদানি, ধূনা-দানি, চাকি, নদীয়া, গাগৰী, দুৱলি, আৰু মাটিৰ পুতলাই হৈছে অসমৰ মৃত্ শিল্পৰ নিদৰ্শন। মাটি খচি, চাকত পেলাই, বিভিন্ন আকৃতিত গঢ়ি, জুইত পুৰি এই মাটিৰ পাত্ৰবোৰ সাজি ব্যৱহাৰৰ উপযোগী কৰা হয়। আকৃতিৰ ফালৰ পৰা এইবোৰ গোটোঙা আৰু চেপেটা হয়। পানী থবলৈ, দৈ প্ৰস্তুত কৰিবলৈ, ফটিকা থবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। গাগৰী, কলহ, টেকেলী আদিত ফুলজালি কটা তেনেকৈ নহয়। বিশেষ প্ৰয়োজনত উদাহৰণ স্বৰূপে বিয়াত প্ৰয়োজন হোৱা ঘট, এঁৱা ঘট, দুৱলি, আদি নিৰ্মাণত শিল্পীসুলভ দক্ষতা প্ৰকাশ কৰা হয়। আহল-বহল মাটিৰ নদীয়াৰ ওপৰভাগ ফুলৰ পাহিৰ দৰে গঢ়া হয়। কোনো পাত্ৰত লতাৰ আৰ্হি অংকন কৰাও দেখা যায়। পাত্ৰ বোৰৰ বৰণ সাধাৰণতেই গেৰুৱা আৰু কলা হয়, কেতিয়াবা কুমাৰে বিয়া সবাহত ব্যৱহৃত মাটিৰ পাত্ৰত ৰং দি সুন্দৰ কৰি তোলাও দেখা যায়। দূৰ্গাউত্সৱৰ দেৱী, সৰস্বতী দেৱী, লক্ষী দেৱী, কালী দেৱী, মনসা দেৱী, হনুমানৰ মূৰ্ত্তি, আদিত খনিকৰে মাটি ব্যৱহাৰ কৰিয়েই হুবহু আকৃতিৰ ৰূপ দিয়ে।এসময়ত শিৱসাগৰৰ কুমাৰ সকলে মাটিৰ জুনুকা আৰু সুতুলিও সাজিছিল।।
হাতেৰে সজা আৰু সাঁচত গঢ় দিয়া মাটিৰ পুতলাৰ ভিতৰত বগা, ৰঙা আৰু কলা ৰং দি কৰা দৰা-কইনা, হাতী –মাউত, ঘোঁৰা-মানুহ, চৰাই, দোলা, বা পক্ষীয়েই প্ৰধান। কামৰূপৰ ভঠেলি আৰু ৰাসপূজাত সময়ত হোৱা মেলাত কামৰূপৰ খনিকৰে সজা বিবিধ দেৱতা আৰু মনুষ্যমূৰ্ত্তি, গছ, চৰাই, হৰিণ আদি জীৱ-জন্তুৰ পুতলাৰ উপৰিও ৰাজনৈতিক অথবা সামাজিক বিষয়বস্তু ৰূপায়িত কৰিবৰ কাৰণে ৰেহা লগাই নিৰ্মান কৰা পুতলাবোৰৰ সুক্ষ্ম গঠন উল্লেখনীয়। গোৱালপাৰাৰ বৈশ্ষ্টপূৰ্ণ, চমতকাৰ পোৰা মাটিৰ পুতলা উচ্চ মানদণ্ড সম্পন্ন। অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইত আবিস্কৃত হৈ আছে বহু পুৰণি মাটিত অংকিত লিপি।
৪)ধাতু শিল্পঃ-
বিভিন্ন ধাতু যেনে-কাঁহ, লো, পিতল আদিৰ পৰা নিৰ্মিত বিভিন্ন বয়বস্তুৰে অসম চহকী। কাঁহ ধাতুৰ পৰাই কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়। কাঁহৰ বাচন-বৰ্তন নিৰ্মান প্ৰণালীটোৰো এক বিশেষ কৌশল আছে।প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত ই টান হৈ পিঠাৰ আকৃতি লয়। তাৰপিছত এইবোৰ তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচন গঢ় লোৱালৈকে কোবাই থকা হয়। মূল ওজা কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে। ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইৰ তাপ দি সৰু হাতুৰীৰে কোবাই মিহি কৰা হয়। ইয়াৰ পাছত পানীত কিছুসময় জুবুৰিয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয় । পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয় । শেষত ইয়াৰ ওপৰত ছেনাৰ সহায়ত ফুল-পাত,লতা আদি কটা হয়। যি ঠাইত এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হয় তাক গঢ়শাল বুলি কোৱা হয়। গঢ়শালত কমেও আঠ-দহজনীয়া লোকৰ একোটা দলৰ লোকে কাম কৰে। গঢ়শালৰ মুখ্য কঁহাৰজনক “ওজা কহাঁৰ” আৰু বাকী কেইজনক “ভাইগা কহাঁৰ” বুলি কোৱা হয়।
অসমীয়া মানুহৰ ধাতু শিল্পত থকা দক্ষতা আৰু উচ্চ ৰুচিৰ প্ৰমান-ঘৰলৈ আলহী-অতিথি আহিলেই অভ্যৰ্থনা কৰা কাঁহৰ সৰু, বৰ ফুলাম বটাটো আৰু বিশেষ উত্সৱ উপলক্ষে নিমন্ৰণ আগবঢ়াওঁতে ব্যৱহাৰ কৰা শৰাই খনেতেই। মিহি ফুলাম লোটা, ঘটি, চৰিয়া, আহাৰ খাবলৈ ব্যৱহাৰ কৰা বৰ কাঁহী, বিভিন্ন আকৃতিৰ বানবাটি, খুৰীবাটি, মেলাহী বাটি, বৰ বাটি, কৰ্দ্দৈশিৰীয়া বাটি, গিলাচ, সাঁফৰ দিয়া গিলাচ, পানীথোৱা পিতলৰ কলহ, টেকেলী, গাগৰী, পিতলৰ টৌ, খৰাহি, ভোগজৰা, গোঁসাইৰ পূজাত ব্যৱহাৰ কৰা কাঁহৰ ঘণ্টা, তামৰ কলহ, ঘট, থাল, চুৰ্পা-চুৰ্পি, কোষা-অৰ্ঘা, বিয়া-বাৰু অন্নপ্ৰসন্নত প্ৰয়োজন হোৱা ৰূপৰ কাৰুকাৰ্য খচিত ঘট, পিতলৰ জালিকটা দুৱলি, আদিয়ে অসমৰ ধাতু শিল্পক বিশিষ্ট মৰ্য্যদা দি আহিছে। কাঁহৰ শিল্পৰ বাবে বিখ্যাত অসমৰ হাজো, সৰ্থেবাৰী, তিতাবৰ,(তিতাবৰৰ কাঁহৰ লোটা উল্লেখনীয়) আদি ঠাইৰ কাঁহৰ সাজ-বাচন, জীয়াই ৰাখিছে কাঁহ শিল্পটি। বিয়া, অন্ন-প্ৰসন্নত কাঁহৰ বয়-বস্তু উপহাৰ দিয়াটো অসমীয়া মানুহৰ বাবে সন্মানৰ চিন বুলি গণ্য কৰা হয়।
অসমীয়া কমাৰৰ হাতৰ পৰশত নলীয়া কটাৰী, ডবুৱা কটাৰী, দা, মেচি দা, কেৰাহী, যাতি, কোৰ, কুঠাৰ, মৈদা, কাঁচি, খন্তি, চিপৰাং, আদি বিভিন্ন বয়-বস্তু নিৰ্মান হৈছে। চৰাইৰ পাখি, জন্তুৰ হাড়, দাঁত অথবা ধাতুৰে নিৰ্মিত অলঙ্কাৰ স্ত্ৰী-পুৰুষে শোভাবৰ্ধনৰ বাবেই ব্যৱহাৰ কৰা দেখা যায়।
প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা গহনা-গাঁঠৰিৰ মানদণ্ড অসমীয়া কাৰিকৰৰ হাতৰ পৰশতে সৃ্ষ্টি হৈছে অসমীয়াৰ কৃষ্টিৰ সমন্বয়ৰ ৰূপ। পাত সোণেৰে মেৰিওৱা তথা সোণখটোৱা জাংফাই বা পনিয়লী বাখৰ দিয়া কাণৰ ডালিম-ফুলিয়া কেৰুৰ ভিতৰত লা দি ফোঁপোলা কৰি ওপৰত পাত সোণৰ, বনকৰা, বাখৰ খতোৱা ডিঙিৰ গেজেৰা, জোনবিৰি, দুগদুগী, বা বেনা আৰু হাতৰ খাৰু, গাম খাৰু, মুঠি খাৰু, বাৰুটি আদিত চিকমিকাই থকা অসমীয়াৰ ধাতু শিল্পৰ পাকৈত শিল্পী সকলক দক্ষতা প্ৰকাশ কৰি আহিছে। অসমীয়া দৰিদ্ৰ সকলেও সোণৰ বস্তু এপদ গাত ৰাখিবলৈ চেষ্টাৰ ক্ৰুতি নকৰে। বিয়াৰ দিনা কইনাই চিতিপাতি, গলপতা, সাতশৰী, বেনা, কেৰু, গামখাৰু, মুঠিখাৰু, বালা, পাজোপ আৰু জুনুকাৰে চকুত লগাকৈ সাজি কাচি থাকে।
অতীজতে পুৰুষেও অলঙ্কাৰ পিন্ধিছিল যেনে-মটামনি, লোকপাৰ, লংকেৰু, খাৰু, আঙঠি, আদি আছিল পুৰুষৰ অলঙ্কাৰ। আহোম স্বৰ্গদেউ সকলে পুৰস্কাৰৰ চিন হিচাপে পুৰুষক সোণৰ লগুণ আৰু মোছ বা গোঁফত ওলোমাই লব পৰাকৈ অলঙ্কাৰো প্ৰদান কৰিছিল। পুৰুষৰ অলঙ্কাৰ সমূহৰ ভিতৰত-ওঁন্তি, কদমা, সুধা, খাৰু, নোলো, বাজু, হাঁসুলী, সল, পাতি আদিয়েই প্ৰধান আছিল। হাতীৰ দাঁত, বাঘৰ দাঁতৰ ওপৰতো সোণ খটাই অসমীয়া মানুহে অলঙ্কাৰ কৰি ব্যৱহাৰ কৰে। কেইবিধমান ধাতুৰে নিৰ্মিত অলঙ্কাৰৰ আকৃতি যেনেঃ-
১) কাণৰ কেৰুৰ মুখখন ডালিমফুল পাহৰ দৰে।
২) নাকৰ নাকফুল টেঙেচী টেঙাৰ পাতৰ দৰে।
৩) নোলক বৰষুণৰ টোপালৰ দৰে।
৪) সেউজীয়া আৰু ৰঙা ৰঙৰ দুগদুগী পাণ এখিলাৰ দৰে।
৫) গলপতা শেৱালি ফুলৰ দৰে।
৬) বেনা বা গেজেৰা কাচি জোনৰ দৰে।
৭) আঙঠি জেঠী, ভোমোৰা, পখিলা, শেন চৰাই, ময়ুৰৰ পাখী, হৰিণৰ চকুৰ আৰ্হিৰ।
৮) সোণা ডামডেউকা গুটি হাতেৰে টিপা মাৰি দিলে হোৱা আকৃতিৰ।
৯) কাণফুল বকুল ফুল, পদুমফুল বা লংফুলৰ আকৃতিৰ।
১০) গামখাৰু আৰু মুঠিখাৰুত বনৰীয়া লতা-ফুল দি মাজে মাজে বাখৰ খতুৱাই দিয়া হয়।
৫) মূখা-শিল্পঃ-
অসমৰ শিল্প সমূহৰ ভিতৰত মূখা-শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে। মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱৰ অংকীয়া ভাঁওনা সমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু গঢ় দিৱলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মূখা সমূহ গঢ়ি তোলে। এই মূখা সমূহৰ ভিতৰত গৰুণ্ড পক্ষী, জতাই পক্ষী, বাঘ, সিংহ, যম্বুৱন্তৰ মূখ, বক, কন্ধ, বৰাহ, গনেশ আদিৰ মূখা হুবহু ৰূপত সাজি তাত তুলিকাৰে অংকিত কৰি সৰ্ম্পূন ৰূপ ফুটাই তোলে।অংকীয়া নাট পৰিবেশনৰ সময়ত ভাঁৱৰীয়া সকলে চৰিত্ৰানুসাৰে এই মূখা সমূহ পৰিধান কৰি মূল চৰিত্ৰ প্ৰদৰ্শন কৰে। মাজুলীৰ শিল্পী সকলৰ মূখা-শিল্পৰ সৃষ্টি সমূহ উল্লেখনীয়। ইয়াৰ উপৰিও পুতলা ভাঁওনাতো প্ৰতিখন নাটৰ ভাঁৱৰীয়া বোৰ কেৱল মূখাই নহয় গোটেই শৰীৰটোৱেই শিল্পীৰ হাত আৰু তুলিকাত প্ৰাণপাই উঠে।
মূখাবোৰ তৈয়াৰ কৰিবলৈ শিল্পী গৰাকীয়ে প্ৰথমে নাট, ভাওঁনা সমূহৰ চৰিত্ৰবোৰৰ বৰ্ননা সমূহ ভালদৰে বুজি আয়ত্ব কৰিলৈ, সেই চৰিত্ৰৰ লগত খাপখোৱাকৈ সাজিবলৈ ডাঠ কাগজ, কেতিয়াবা ঢকুৱা, খেৰ, মাৰপাট আদি ব্যৱহাৰ কৰিছিল। ডাঠ কাগজত মুখৰ আকৃতিত প্ৰথমে কোনো বস্তুৰে হেচা দি কেইবাদিনো থৈ দিছিল, যেতিয়া সেইবোৰ মুখৰ আকৃতিৰ হৈ পৰে তেতিয়া তাত দাঁত, জিভা, চকু, কাণ, নাক, মুখ আদি অংকন কৰি তুলিছিল। চুলিৰ সদৃশ্য আনিবলৈ শুকান মৰাপাট ভালদৰে অহিয়াই বা ফনিয়াই তাত কলা বা বগা ৰং কৰি চুলিৰ দৰে ব্যৱহাৰ কৰিছিল। বিভিন্ন ধৰনৰ প্ৰসাধন প্ৰয়োগ কৰি সৰ্ম্পূন কৰিছিল একোখন মূখা।
অসমৰ থলুৱা শিল্প সমূহৰ লগতে চিত্ৰকলাও জড়িত হৈ আছে। অসমৰ জনজাতীয় লোক সকলে টেটু পদ্ধতিৰে নিজৰ গাত ফুল-জালি আঁকি লোৱা প্ৰথা ঠাই বিশেষে দেখা যায়। আনহাতেদি অসমৰ পুথিত লতা-পাত অঁকাৰ যি পদ্ধতি প্ৰাচীন কালৰে পৰা দেখা যায় সেয়া একেবাৰে বিৰল। উদাহৰণ স্বৰূপে অসমৰ একমাত্ৰ এই বিৰল প্ৰাচীন কলাৰ চিহ্ন সংৰক্ষণৰ ঠাই নগাওঁৰ বালিসত্ৰ। বৰ্তমানলৈকে বালিসত্ৰত চিত্ৰ-ভাগৱতকে আদি কৰি বহু কেইখন চিত্ৰপুথি সংৰক্ষিত আছে।
চিত্ৰ-অংকিত কেইখনমান গ্ৰন্থঃ-
১) বনমালী দেৱৰ চৰিত্ৰ, খনিৰ ছবি বিজয় খনিকৰ দেৱৰ দ্বাৰা অংকিত।
২) ধৰ্মপুৰাণ খনিৰ ছবি বোধ লিগিৰা দেৱৰ দ্বাৰা অংকিত।
৩) হস্তীবিদ্যাৰ্ণৱ খনিৰ ছবি দিলবৰ আৰু দোষাই দেৱৰ দ্বাৰা অংকিত।
(টোকাঃ- লেখাটিত ডঃ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ অসমৰ লোক-কলা নামৰ কিতাপ খনৰ পৰা কিছু আভাস লোৱা হৈছে )
No comments:
Post a Comment