(অনুভৱ)
সময়, সময় যেন এডাল পাখি লগা কাঁডহে। দিনৰ পাছত মাহ, মাহৰ পাছত বছৰ.......... এনেকৈয়ে অতিবাহিতহৈ গৈ আছে। প্ৰকৃতিৰ এই চৰাচৰ নিয়মৰ লগত সকলোৱেই আমি নিজকে খাপ-খুৱাই পৰিবেশৰ লগত ভাৰসাম্য বজাই ৰাখিবলৈ বাধ্য। সময়ৰ পৰিবৰ্তনক আমি কোনেও আওঁকান কৰিব নোৱাৰো। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰো কথা-বতৰা, পচন্দ-অপচন্দ, চিন্তা-চৰ্চাতো পৰিবৰ্তন পৰিলক্ষিত হৈছে। এই পৰিবৰ্তনৰ ফলতেই সকলো ধৰনৰ সংযোগ ব্যৱস্থালৈ পৰিবৰ্তন আনিছে।
এই চিৰচাৰিত পৰিবৰ্তন ঢৌৱতেই এসময়ৰ ডকোৱালৰ হাতৰ পৰশত নকৈ প্ৰাণপাই উঠা চিঠি নামৰ হাতে লিখা পত্ৰ খনি আজি বিলুপ্তিৰ পথত। স্বদেশ তথা মাতৃ-ভূমিৰ পৰা দুৰ-দুৰনিত থকা কত আপোনজনৰ হাতৰ লিখনিৰ মৰম, স্নেহ, শ্ৰদ্ধাৰ সুগন্ধিৰে ভৰা খৱৰ লৈ আহে সকলোৰে বাবে এই চিঠিয়েই। শ্ৰীল-শ্ৰীযুক্ত, মহামহিম, পৰম পুজনীয়, এই শব্দবোৰে যেন আজি অস্তিত্ব হীনতাতহে ভুগিছে।
“ তোলৈ চিঠি লিখোতে লিখোতে
আঙুলি বিষালে বিষালে,
ডাকোৱালে চিঠি আনিব আনিব
বুলি ভাবোতে ভাবোতে “
এনেলাগে যেন ৰিদিপ দত্তৰ কণ্ঠত লহৰৰ সৃষ্টি কৰা এই গীতটোৰ যেন আজি প্ৰয়োজনীয়তা ক্ৰমান্বয়ে হ্ৰাসহে পায় আহিছে।
বৰ্তমানৰ উন্নত যোগাযোগ ব্যৱস্থাই এফালে যিদৰে আমৰ প্ৰতিটো কামতেই বহু উপকাৰ সাধন কৰি আহিছে, তেনেদৰে অপকাৰো নকৰা নহয়। কঠিত আছে বোলে সকলো বস্তুৰে উপকাৰ-অপকাৰ দুয়োটাই আছে বুলি। তাৰে ফলত আমাৰ মাজৰ পৰা মৰম, শ্ৰদ্ধা-ভালপোৱা, আন্তৰিকতা আদি যেন লাহে লাহে কমি আহিছে। ব্যস্ততা পূৰ্ণ জীৱনে আমাক চিঠিৰ দৰে এটি মধুৰ সৰ্ম্পকৰ পৰা বহু দুৰলৈ লৈ গৈছে।
এটা সময় আছিল, আজৰি পালেই এখন চিঠি লিখিছিলো দুৰনিৰ বন্ধু, আত্মীয়লৈ, পাছলৈ অভ্যাসত পৰিনত হৈছিল, প্ৰতিসপ্তাহত কলেজলৈ যাওঁতে কমেওঁ দুই তিনিখন চিঠি লৈ গৈছিলো ডাকঘৰত দিবলৈ, উভতোতে হাতত লৈ আহিছিলো পাতল সেউজীয়া ৰঙৰ ইনলেণ্ড লেটাৰ কেইখিলামান। একোখন চিঠি ডাকত দিয়াৰ পাছত ১৫ৰ পৰা ২০ দিন পৰ্য্যন্ত লাগিছিল গন্তব্যস্থান পাবলৈ। বিনময়ত মোলৈও প্ৰতিসপ্তাহত অতি কমেও দুখন চিঠি আহিছিল। কলেজৰ পৰা উভতি আহি দেখা পাওঁ মোৰ পঢ়া টেবুলৰ ওপৰত পৰি আছে চিঠি, এক মূৰ্হুতও ৰবলৈ সময় নহয়,প্ৰথমেই প্ৰেৰকৰ ঠিকনাটো পঢ়ি লৈছিলো। চিঠিখনৰ ভাজটো নোখোলালৈকে কৌতুহলেৰে ভৰি থাকে মনটো, কি বা লিখিছে, প্ৰথমবাৰ খৰ-ধৰকৈ ওপৰে ওপৰে পঢ়িছিলো, তাৰ পাছত আকৌ এবাৰ ভালদৰে পঢ়িছিলো, এনেকৈ দুই-তিনিবাৰ পঢ়িহে হেপাহ পলুৱাইছিল । কাৰোবাৰ পৰা চিঠি এখন আহিলে মনত কিমান আনন্দ লাগে সেয়া চিঠি পাওঁতাজনেহে উপলদ্ধি কৰে। এনেকৈ বহু বছৰ চিঠিৰ আদান-প্ৰদান চলিছিল। লাহে লাহে দুৰসংযোগ ব্যৱস্থাৰ টেলিফোন ঘৰে ঘৰে সংযোগ হৱলৈ ধৰিলে। পৰিবৰ্তনৰ লগে লগে চিঠিৰ দ্বাৰা হোৱা কামটো একমিনিটতেই সম্ভব হৈ পৰিল। মাত্ৰ বুটাম টিপা মাৰিলেই হয়। চিঠিৰ প্ৰতি সকলোৰে লাহে লাহে হাবিয়াস কমি আহিবলৈ ধৰিলে। কিন্তু চিঠি লিখাৰ যি আনন্দ সেই স্মৃতিৰ কথা লিখোতাজনে বা পাওঁতা জনে কাহানিও পাহৰিব নোৱাৰিলে। আজিও বোধ হয় এনে বহু মানুহ ওলাব যি চিঠিৰ মাদকতা বাৰুকৈয়ে উপলদ্ধি কৰে। এদিনাখন এখন চিঠি আহিছিল, চিঠিখনৰ প্ৰতিটো কথাই প্ৰতিটো শব্দই মোক আকৰ্ষিত কৰিছিল আৰু মোৰ মনত স্পষ্টকৈ মনত আছে আজিও----
মৰমৰ.....অমুক
প্ৰত্ৰৰ আৰম্ভনিতে মৰমৰ বুলি লিখাৰ কাৰণে মোক ভূল নুবুজিবা। বহুত ভাবি চিন্তি এনেকৈ চিঠিখন আৰম্ভ কৰিলো। জানা মোৰ জীৱনত মই বহু মানুহকেই লগ পাইছো। এইলগ পোৱা মানুহ বোৰৰ ভিতৰত কাৰোবাক কিয় নাজানো অকাৰণতে ভাল নালাগে, দেখিলেই মনত বিৰক্তিৰ ভাব এটাহে জাগে। আৰু কাৰোবাক অকল ভাল লগাই নহয়, কৱ নোৱাৰাকৈয়ে কেনেকৈ জানো হৃদয়ত স্থান দি লওঁ নাজানো। এতিয়া তুমিয়েই বাৰু কোৱা—এই ভাললগা সকলৰ ভিতৰত যদি তুমিও এজন হোৱা, তেনেহলে বাৰু কেনেকৈ মই তোমাক পাহৰিব পাৰো। মই কি কৱ বিচাৰিছো তুমি নিশ্চয় বুজিব পাৰিছা। আজি আৰু নতুনকৈ একো নকওঁ তোমাক। শেষত মোৰ মৰম তোমাৰ লগতে পৰিয়ালৰ আটাইলৈকে যাছিলো।
ইতি,
তোমাৰ.....অমুক।
পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ লোৱা এনেকুৱা বহু চিঠি আজিও সজতনে সাঁচি ৰাখিছো স্মৃতিৰ চিন স্বৰূপে মোৰ চন্দুকত।
আজি প্ৰতিজন মানুহৰেই ব্যস্ততাৰ সীমা নাই। তাহানিৰ দৰে একো একোটা বাচকবনিয়া শব্দৰে মুকুটাৰ মালা সদৃশ চিঠি লিখিবলৈ আজিৰ মানুহৰ সময় নাই। মবাইলত এচ এম এচ লিখি, ই-মেইল, ফেক্স আদিৰ ব্যৱস্থাই যোগাযোগ ইমান তীব্ৰতৰ কৰি তুলিছে যে মূৰ্হুত্তৰ খৱৰ মূৰ্হুততে পাবলৈ সক্ষম হৈছে।
কিন্তু এটা কথা অপ্ৰিয় হলে কবই লাগিব যে যিমানেই আমিবোৰে বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ফল সমূহ ব্যৱহাৰ নকৰো কিয়, ই কেতিয়াও এখন ডাকত অহা চিঠিৰ স্থান দখল কৰিব নোৱাৰে ।
No comments:
Post a Comment