হৃদয়ৰ এমুঠি মিঠা শব্দৰ গুণ-গুণনি

Sunday, 28 December 2014

আজিও মনলৈ উভতি আহে ল’ৰালিঃ-




টং টং টং, স্কুলৰ ঘণ্টাটো বাজি উঠিল, আমি সকলো স্কুলৰ ভিতৰলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিলো। শ্ৰেণীৰ পাঠ আৰম্ভ, লগৰ বোৰে ইটোৱে সিটোক কানে কানে ফুচফুচাই কোৱা কথা মোৰো কানত আহি পৰিলহি। ঐ আজিবোলে টংক হঁতৰ ঘৰৰ পৰা বুট-কল দিবহি। মনত কব নোৱাৰাকৈয়ে বাঁহ ললেহি আনন্দই, আজি তেনেহলে সোনকালে স্কুল ছুটি হবই হব। এতিয়া বা কাক কাক কল আনিবলৈ পঠিয়াই হেড চাৰে। আনকালে হলে আমি তিনিটাই চাঞ্চ পাওঁ, মানে মই, চন্দ্ৰ আৰু বুবুলিয়ে। এক দুই কৈ পিৰিয়ড বোৰ গৈ আছে, তেনেতে আহি ওলালহি টংক দেউতাক, চাৰক লগ পাই কিবা কিবি কোৱা যেন পালো, মোৰ মন উগুল-থুগুল লাগিলেই। 

কিছু সময়ৰ পিছত চাৰে আমাক মাতিলে, ঐ তহঁত কেইটা  টংক হঁতৰ ঘৰলৈ যা, আৰু দেউতাকে কল এথোক আৰু বুট এখৰাহি দিব লৈ আহিবিগৈ। আমি ভালেই পালো, কিতাপ বহী কেইটা সমৰি থৈ একে কোবে দৌৰ মাৰিলো, বাটত যাওঁতে কত কি কথা, ঐ আজি ছুটিৰ পিছত কলঙৰ পাৰৰ বগৰী আৰু তেতেলী খামগৈ হা। ঠিক আছে, কিন্তু মোক মাটি পেঞ্চিল এডাল দিলেহে বগৰী পাৰি দিম বুলি চন্দ্ৰই খাটনি ধৰিলে, হব দে দিম বুলি কথা দিলো। তিনিও কথা পাতি পাতি গৈ টংক হঁতৰ ঘৰ পালোগৈ, দেউতাকে দীঘল বাঁহ এডাল যোগাৰ কৰি দিলে আৰু আমি তিনিও সেইডালতে ৰচী এডাল বান্ধি কল থোক ওলমাই ভাৰ কৰিলো, চন্দ্ৰই বুটৰ খৰাহিটো পোহাৰীয়ে ভাৰ অনাদি মূৰৰ ওপৰত লৈ আগে আগে আগবাঢ়িল, আমি দুয়ো কলৰ ভাৰ লৈ পিছে পিছে গৈ স্কুল পালোগৈ।

হেডচাৰে কিছু পুৰণি পৰীক্ষাৰ বহীৰ পাতত বুট আৰু কল বিলাবলৈ দিলে, আমি তিনিও আৰু দুজনীমান ছোৱালীয়ে মিলি বেঞ্চীয়ে বেঞ্চীয়ে বুট, কল কাগজত বিলাই দিলোগৈ। খোৱাৰ আগতে হেডচাৰে সকলোকে উদ্দেশ্যি দু-আষাৰ মান কলে—আজি টংকৰ জন্মদিন, সেই হেতুকে সিহঁতৰ ঘৰৰ পৰা সমূহ ছাত্ৰ-ছাত্ৰীকে এইদৰে বুট-কল খুৱাই আশীৰ্বাদ বিচাৰিছে। চাৰৰ ভৰি চুই টংকই সেৱা কৰিলে। তাৰ কিছুসময়ৰ পিছত আমাক ছুটি দিলে।

এতিয়া আমাক আৰু কোনে পায়, লগত টংককো লৈ আমি তিনিও কলঙৰ পাৰ পালোগৈ, মই অকনমান খিনমিন আছিলো বাবে চন্দ্ৰ আৰু বুবুলিয়ে মোক গছত উঠিবলৈ প্ৰায়ে নিদিয়েই, মই তলতে থাকি বুটলিহে থাকো, বগৰী গছৰ পৰা পকা পকা বগৰীবোৰ ডাল জোকাৰি দিয়ে, আৰু মই যিমান পাৰো হাফ পেণ্টৰ পকেটত ভৰাই যাওঁ, বগৰী গোটাই হলেই সিহঁত নামি আহি কেঁহোৰ দোকানৰ বাহিৰত থকা নিমখৰ বস্তাৰ পৰা নিমখ লৈ চাৰিওটাই হৰহৰিয়া জানৰ পুলত বহি দকচি খাওঁ, চন্দ্ৰক দিয়া কথা মতে মই মাটি পেঞ্চিল এডাল দিব লগাত পৰিল। তেতিয়াৰ দিনত দীঘল মাটি পেঞ্চিল থকাটো বহুত ডাঙৰ কথা আছিল আমাৰ বাবে। ইয়াৰ পিছত পকা তেতেলী বিচাৰি তেতেলী গছৰ তল চলাথ কৰো, এইবোৰ কৰি কৰি ঘৰলৈ বাট পোনাওটেই প্ৰায় ৩ বাজিবৰ হয়। চাৰিওটাই নিজৰ নিজৰ বাট লওঁ। বুবুলি আৰু আমাৰ ঘৰ ওচৰা-ওচৰি বাবে একেলগে আহো, আহোতে মনতে ভাবি আহো, হে ভগৱান আজি যেন ভ-ৰাম বুঢ়াটো বাটতে ৰৈ নাথাকে আৰু। ভ-ৰাম বুঢ়া আমাৰ ওচৰৰে অৱসৰ গ্ৰহণ কৰি ঘৰতে থকা বৃদ্ধ। স্কুলৰ পৰা অহা লৰা ছোৱালীবোৰক ৰখাই লৈ নেওতা সোধে, নহলে বিভিন্ন প্ৰশ্ন কৰে। সেই ভয়তে আমি কেতিয়াবা সেই বাটেৰে নাহোৱেই। আজি এনেও দেৰি হৈছে, সেয়ে এবাট ঘুৰি ঘৰলৈ গলে আৰু দেৰিহে হবগৈ বুলি পোন বাটেই আহিলো। ভ-ৰাম বুঢ়াৰ পদুলিৰ কিছু দুৰৰ পৰা আমাৰ খোজৰ গতি কিছু খৰতকীয়া হৈ পৰে কব নোৱাৰাকৈয়ে। এনেতে শুনিলোৱেই নহয় মাত--- ঐ এইকেইটা......অমুকৰ আৰু তমুকৰ  পুতেক নহয়নে..? চাও এইফালে আহ। আমি প্ৰায় নুশুনাৰ ভাও ধৰি খৰগতিৰে মনতে ভোৰ-ভোৰালো, এই বুঢ়াডালৰ কাম বন নাই খালি বাটত আহি খাপ পিতি থাকিবহি, ঐ পলা পলা, বুঢ়াই মাতিলেই। আমি আওকান কৰি কথা অচিলা লৈ যিমান পাৰো খোজৰ গতি বঢ়াই দিলো, পিছে বুঢ়াৰ পৰা কত সাৰিব পাৰি। বুঢ়াৰ যিহে দীঘল দীঘল ভৰি দুখুন। বুঢ়াই দীঘল বেঙা মেলা খোজেৰে আহি আমাক আগচি ধৰিলেহি, ঐ তহঁত দুটাক মাতিছো যে শুনিছনে নাই...? অ অ অ ককা, এহ আমি শুনাই নাছিলো, কথা পাতি আহি আছো যে সেয়ে। বাৰু তহঁতৰ স্কুলৰ পৰা আহোতে কিয় ইমান দেৰি হল..? নহয় মানে ককা। কি নহয় মানে ককা..? ঐ আজি স্কুলত মাষ্টৰে কি পঢ়ালে..? নেওতা মাত, নেওতা..?

একৰ এক গল থাকিল শূন্য,
দুইৰ এক গল থাকিল এক,
তিনিৰ এক গল থাকিল দুই,

হেই সেইখন নহয়, বৰ নেওতা মাত ?  কি বিপদ ঔ, এইডালৰ পৰা কেনেকৈ সাৰিব পাৰি। ইফালে এনেই দেৰি হৈছে, ঘৰত আজি পিঠিখন ফালিব আইয়ে। মই ভাবি থাকোতেই বুবুলিয়ে আখৈ ফুটাদি কেইশাৰীমান মাতিয়েই দিলে। কিন্তু বুঢ়াই মোৰ ফালে চাই কলে---তই একা...? মই বোলো কি ককা..? কওঁক ! তই স্কুলৰ চাৰিসীমাটো ক..? ঘেহাই ঘেহাই.......উত্তৰে ডিফলু সত্ৰ, দক্ষিণে কলং, পশ্চিমে দেওধৰ গাওঁ, পূৱে সমবায়। বাৰু হৈছে, আজিলৈ এৰিলো বাৰু। যা-এতিয়া তহঁত ঘৰলৈ যা। এইবুলি কবলৈহে পালে আমি দুয়োটাই ফৰিং চিটিকা দিলো, একেবাৰে ঘৰতহৈ গৈ উশাহ সলাইছোগৈ। উস ৰক্ষা এদিনলৈ।


Tuesday, 11 November 2014

শেষবাৰৰ বাবে সুধাকণ্ঠ ভূপেন দাক চকামকাকৈ দেখা পোৱা সেই দিনটো.............................




অ.....বা, সেইয়া ভূপেন হাজৰিকা বগা গাড়ীখনৰ ভিতৰত চা, চা.........(এনেকৈ চিঞৰি উঠিছিল স্কুলৰ পৰা মোৰ স্কুটাৰৰ পিছৰ চিটত বহি অহা আমাৰ খুড়াৰ কনমানি লৰাটোৱে। সেয়া আছিল ২০০১ চনৰ এদিনৰ বিয়লি বেলাৰ কথা। নগাঁৱৰ কলংপাৰ নামৰ বাতিৰ কাকতৰ কাৰ্য্যালয়ৰ পৰা সুধাকণ্ঠ ভূপেনদা ওলাই আহি নিজৰ ব্যক্তিগত বাহনখনত উঠিছিল, ঠিক তেনেকুৱাতে মই তেখেতৰ গাড়ীৰ কাষেৰে পাৰহৈ যাওঁতে নিচেই কাষৰ পৰা সুধাকণ্ঠ ভূপেনদাক এপলক দেখাৰ সৌভাগ্য লাভিছিলো। সেয়াই আছিল শেষবাৰৰ বাবে দেখা পোৱাৰ মূৰ্হুত্ব। তাৰ পিছত আৰু দেখাৰ সৌভাগ্য নহল।

বেছ কিছুবছৰৰ পিছত তেখেতৰ শাৰীৰিক অৱস্থা ক্ৰম অৱনমিত হৈ অহাৰ খৱৰ সঘনাই শুনিবলৈ পাইছিলো। শেষত ২০১১ চনৰ ৫ নবেম্বৰ শনিবাৰৰ দিনা মুম্বাইত তেখেতৰ দেহবসান ঘটে বুলি খৱৰ পাইছিলো। এই খৱৰটোৱে বহুতৰে হৃদয় জোকাৰি গৈছিল, মূৰ্হুত্বৰ বাবে স্থৱিৰ হৈ পৰিছলো, লগে লগে শেষবাৰ দেখাৰ মূৰ্হুত্বৰ ছবিখন মনৰ মাজত জিলিকি উঠিছিল। প্ৰতিজন অসম বাসীৰ হিয়াৰ আমঠু হৈ সদা জিলিকা থকা ভূপেন দাৰ মৃত্যুৰ বাতৰিটো কোনেও যেন সহজ ভাবে লব নোৱাৰিলে। স্বতঃফুটভাবে এই দুঃসংবাদটি অসম তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো লোকৰ মাজত মূৰ্হুত্বতে বিয়পি পৰিছিল। 

ভূপেনদাৰ মৃত্যুৰ তৃতীয় দিনা তেখেতৰ নশ্বৰদেহ আজি অসম পাইছিলহি, স্নেহৰ অসমবাসীয়ে শেষ শ্ৰদ্ধা যাঁছিবলৈ তেখেতৰ নশ্বৰদেহ তিনিদিনৰ বাবে জৰ্জফিল্ডত ৰখাৰ ব্যৱস্থা কৰিলে। সুধাকণ্ঠৰ নশ্বৰদেহ আজি পোৱাৰ দিনা সোমবাৰ আছিল, আৰু সেইদিনা স্বতঃফুত ভাবে সকলো চৰকাৰী বেচৰকাৰী কাৰ্য্যালয়, স্কুল, কলেজ, ব্যৱসায়িক প্ৰতিস্থান বন্ধ হৈ পৰিছিল, সকলো শোকত ম্ৰিয়মান হৈ পৰিছিল।

ভূপেনদাক শেষ শ্ৰদ্ধা জনাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা গুণমুগ্ধৰ লানি-নিচিগা সোঁত জৰ্জফিল্ডলৈ ববলৈ ধৰিলে। দেওবাৰৰ নিশাৰ আলোচনাৰ মৰ্মেই আমি তিনিবন্ধুৱে পুৱাতেই গুৱাহাটীলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিলো, শেষ বাৰৰ বাবে আমিও ভূপেন দাক নিচেই কাষৰ পৰা শ্ৰদ্ধাঞ্জলি জনাম, ওচৰ-চুবুৰীয়া, বন্ধ-বৰ্গৰ বহুতেই কৈছিল যে সেয়া সম্ভৱ নহব, কাৰণ গুৱাহাটীৰ দোকান-পোহাৰ সকলো বন্ধ হৈ পৰিছে, কতো সেইদিনা একো খাৱলৈ পোৱা নাযাব, যাত্ৰীবাহী বাহনসমূহতো অজস্ৰজনৰ ভিৰ। ইতিমধ্যে কেইবা হাজাৰ অসমবাসীয়ে সুধাকণ্ঠক শেষ শ্ৰদ্ধা জনাবলৈ নিশাৰ পৰাই কেইবা কি.মি. জোৰা শাৰী পাতিও ব্যৰ্থ হৈছে। কিন্তু আমি তিনি বন্ধু আমাৰ সিদ্ধান্তত অটত আছিল, যিকোনো প্ৰকাৰে আমি ভূপেনদাক শেষ বাৰৰ বাবে কাষৰ পৰা এবাৰ দেখা কৰি শ্ৰদ্ধা জনামেই, লাগিলে যিয়েই নহওঁক কিয়। এই সংকল্প লৈ আমি পুৱাতেই যাত্ৰীবাহী ৰেলেৰে গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিলো। পুৱা ঠিক ৯.৩০ বজাত গৈ পল্টনবজাৰ ৰেলৱে ষ্টেচনত নামি খোজ ললো জৰ্জফ্লিডৰ দিশে। প্ৰায় এক ফাৰ্লঙমান যোৱাৰ পিছতেই দেখা পালো মানুহৰ লানি নিচিগা দীঘলীয়া শাৰী, এই শাৰীবোৰৰ আগটো কত আছে সেয়া লাইনত থাকি অনুমান কৰাটো সম্ভৱ নহয়। বন্ধু দুই ৰঞ্জিতক শাৰী পাতিবলৈ দি মই শাৰীবোৰৰ আৰম্ভনি কত উৱাদিহ লবলৈ বুলি আগবাঢ়িলো, পথৰ দুয়োকাষে মানুহৰ দুটা শাৰী। কটন মহাবিদ্যালয়ৰ ছাত্ৰ-বাসৰ ছাত্ৰসকলে পথৰ মাজতেই ভূপেন্দ্ৰ সঙ্গীত পৰিৱেশন কৰিছিল, কিছু সময় গীতৰ সোৱাদ ললো, এনেকৈ আগবাঢ়ি গৈ গৈ জৰ্জফিল্ডৰ গেটৰ ওচৰ পালোগৈ, মানুহৰ ভিৰ দেখি তবধ মানিলো, ভাবিলো মনতে কিজানি সন্দিকৈ কলেজৰ দিশে মানুহ পাতলীয়া হব নেকি বুলি ভাবি সেইফালে খোজ ললো, সেইফালেও একেই, একোটা শাৰী অতি কমেও ২ কি.মি.তকৈও দীঘল। অৰ্থাত্ কোনো দিশে মানুহৰ কম নাই। মানুহবোৰক সুধিলো আপোনালোকে কেতিয়াৰ পৰা এনেকৈ শাৰী পাতি আছে, কোনোৱে পুৱা ৬ বজাৰ পৰা বুলিলে, কোনোৱে কলে আমি পুৱা ৪ বজাৰ পৰাই আছো, পুনৰ সুধিলো এইখিনি সময়ত আপোনালোক কিমান দুৰ আগুৱালে----জানিব পাৰিলো প্ৰায় ৫,৬ ঘণ্টাৰ পিছত শাৰী পতা মানুহে মাত্ৰ ৭০০ মিটাৰ বা ১ কি.মি.ৰৰ ওচৰা-ওচৰি পাইছেগৈ। মনতে ভাবিলো, উপায়ন্তৰ হৈ এপাক ঘুৰি আহি বন্ধুৱৰক কলো বোলো ইয়াত এনেকৈ শাৰী পাতি থাকিলে আমি ৰাতি দুই বজাতো ভূপেনদাক দেখা কৰিবলৈ সুযোগ নাপাম। সেয়ে শাৰী ত্যাগ কৰি আমি আন উপায় বিচাৰি জৰ্জফিল্ডৰ ফালে আগবাঢ়িলো, তাত চিনেমাৰ টিকট বিক্ৰিকৰা ব্লেকাৰৰ লেখিয়াকৈ কায়দা কৰি গেটৰ সন্মুখৰ শাৰীৰ মাজত সোমাই পৰিলো, মনতে ভাবিলো এইবাৰ কাম সিজিব। কাতি, আঘোন মহীয়া প্ৰখৰ ৰদ, মানুহৰ হেঁচা-থেলাত গোটেই গাৰ কাপোৰ বৰষুণত তিতাৰ দৰে হৈ পৰিল, এনেকৈ প্ৰায় ২ ঘণ্টাৰো অধিক সময় গেটৰ সন্মুখত শাৰী পাতি উপায়ন্তৰ হৈ ওলাই আহিলো। ভাবিলো কি কৰা যায়, শেষত বাউণ্ডৰী ৱালৰ কাষত থকা পুলিচ কনিষ্টবল এজনক পটাই ৱাল পাৰহৈ সোমাই পৰিলো তিনিও, প্ৰথমতে তেওঁ কথাই নুশুনে আমাৰ, পিছত যেনিবা মান্তি হলগৈ। এনেকৈ ওখ ৱালখন পাৰ হবলৈ লৈ ওপৰৰ পৰা ভিতৰলৈ যাপ মাৰি দিওঁতেই এজন ডেকা লৰা সোঁভৰিটো আঠুৰ তলতে ভাগিল আৰু লগে লগে তেওঁক চিকিত্সালয়লৈ ডাংকোলাকৈ লৈ যায়। ভিতৰত সোমাব পাৰি মনতে ভাবিলো এইবাৰ আৰু আমাক কোনে পাই, সোমাই লৈ ভিতৰৰ মানুহৰ শাৰীত শাৰী পাতিলো, এখোজ দুখোজকৈ আগবাঢ়িলো, এটা সময়ত ভূপেনদাৰ নশ্বৰদেহ কাঁচৰ বাকচৰ ভিতৰত থোৱা ঠাই খিনি পালোগৈ, সেইখিনি ঠাইত আৰক্ষীয়ে ৰবলৈকে নিদিয়ে, তথাপিও দুই চাৰিকপিমান ফটো সংগ্ৰহ কৰিলো। ভূপেন দা শেষ শ্ৰদ্ধা জনাই শাৰীৰ মাজেৰেই বাহিৰলৈ ওলাই আহিলো। তেতিয়াহে অনুভৱ কৰিলো যে পেটে কলমলাই গৈছে, ৰাতিপুৱাই ঘৰতে চাহ বিস্কুত খাই যোৱা তেতিয়ালৈ আৰু কথা থাকে। সেয়ে তিনি এঠাইত বহিলৈ লগত লৈ যোৱা টিফিন বাতি খুলি উদৰ পুৰাই ললো, তাৰ মাজতে দেখিলো ফিল্ডৰ একাষে ভূপেনদাৰ ৰথ খনি সজাই থোৱা আছে, সেইখনো ওচৰৰ পৰা গৈ প্ৰত্যক্ষ কৰিলো।

অসমীয়াৰ অতিকৈ মৰমৰ, শ্ৰদ্ধাৰ ভূপেন দাক শেষ বাৰৰ বাবে দেখা কৰি বাহিৰলৈ ওলাই আহি নিজকে যুদ্ধত জয়ী সৈনিকৰ দৰে লাগিছিল, লাহে লাহে বেলি লহিয়াইছিল, আমাৰ শেষ ৰেলখনৰ সময়ো চমু চাপিল, আমি আহি ৰেলখনত বহি পৰিলো, তেতিয়া অনুভৱ কৰিলো ভাগৰ, ভৰি হাতৰ অসহ্য বিষ। তিনিও ৰেলৰ আসনতে ঢলি পৰিলো আৰু কেতিয়া আহি শেষ ষ্টেচনত পালোহি তলকিবই নোৱাৰিলো। সেয়া আছিল আমাৰ তিনিওৰ বাবে এক বুজাব নোৱাৰা অনুভৱ, যিটো চিৰদিনৰ বাবে স্মৃতি হৈ ৰৱ। 


বৰা নিতুল,
নগাঁও,
/১১/২০১৪
  

Wednesday, 22 October 2014

প্ৰশাসনৰ নিলিপ্ত ভূমিকা আৰু ৰাজপথত উদণ্ড চেঙেলীয়া যুৱকৰ মটৰ চাইকেল লৈ টিঘিলঘিলনিঃ-



জন্ম হলে মৃত্যু হ'বই এয়া ধ্ৰুৱ সত্য কথা কিন্তু জন্মৰ পিছৰে পৰা এই সুন্দৰ পৃথিৱী খনৰ পৰা কোনেও কেতিয়াও আতৰি যাব নিবিচাৰে প্ৰত্যেক জীৱই বৃদ্ধ হৈ শৰ্য্যাগত হৈ থাকিলেও মৃত্যুৰ আগমূৰ্হুত্বলৈকে জীয়াই থকাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে এয়া স্বাভাবিক, আশাৰ কেতিয়াও শেষ নাই কিন্তু অকালতে আদবয়সতে মৃত্যুক আঁকোৱালি লৱ লগা হ'লে কেনে পৰিস্থিতিৰ সৃষ্টি হয়, কিমান পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহে, সেয়া ভুক্তভোগী পৰিয়ালৰ লোক সকলেহে বুজিব পাৰিব

প্ৰতি চেকেণ্ডত, প্ৰতি মিনিটত, প্ৰতি ঘণ্টাত দ্ৰুত বেগী যান-বাহনৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাত অকালতে অহৰ্নিশে মানুহৰ মৃত্যু হৈয়েই আছে, ইয়াৰ কোনো নিদিষ্ট লেখ-জোখ নাই আজিৰ দিনত উন্নত প্ৰযুক্তিৰে নিৰ্মিত দ্ৰুতবেগী যান-বাহন যিদৰে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰি মানুহৰ সময় ৰাহি কৰিবলৈ সক্ষম হৈছে, সিদৰে সঘনাই দুৰ্ঘটনাৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বেছি হৈ আহিছে প্ৰতিখন চহৰতে প্ৰতিক্ষণতে মানুহে এতিয়া মৃত্যুক যেন হাতৰ মুঠিত ৰাখি প্ৰতিখোজ দিব লগীয়া হৈছে শেহতীয়াকৈ জানিব পৰা মতে এইবাৰ দূৰ্গাউত্সৱৰ সময়ত কেৱল গুৱাহাটীতে অষ্টমীৰ দিনা ৪২ জন,  নৱমীৰ দিনা ৪২ জন, আৰু দশমীৰ দিনা ৫৭ জন দ্ৰুতবেগী মটৰ চাইকেলৰ আঘাতত গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হৈ চিকিত্সাধীন হৈ আছে। এই সকলোবোৰৰ মুৰতে শতকৰা ৮০ শতাংশ চালকৰে যান-বাহন চালোৱাৰ বাবে প্ৰয়োজনীয়  নীতিনিয়ম সমূহৰ সাম্যক জ্ঞানৰ অভাৱ দেখা যায়

শেহতীয়াকৈ পৰ্য্যৱেক্ষণ কৰিলে দেখা যায় যে প্ৰশাসনৰ নিলিপ্ত ভূমিকাৰ সুবিধা গ্ৰহণ কৰি ৰাজপথত এচাম উদণ্ড চেঙেলীয়া যুৱকৰ মটৰ-চাইকেললৈ লৈ কৰা টিঘিলঘিলনি ফলত আৰোহী জনৰ লগতে আন বহু লোকৰ জীৱনলৈ মৃত্যু অথবা চিৰদিনৰ বাবে পঙ্গুত্ব জীৱন কঢ়িয়াই আনিছে যান-বাহন আইন অনুসৰি ব্যস্ত চহৰৰ ৰাজপথত প্ৰতিঘণ্টাত ৪০ কি.মি. বেগতকৈ অধিক দ্ৰুত গতিত প্ৰতিখন যান-বাহন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা আছে যদিও বহুসংখ্যক চালকেই এই নিময় অমান্য কৰি চলিছে যে সেয়া সকলোৰে জ্ঞাত
     

এই ক্ষেত্ৰত পৰিবহন বিষয়াৰ কাৰ্য্যালয়, যান-বাহন আৰক্ষী, প্ৰশাসন আৰু অভিভাৱক সকলোৱেই জগৰীয়া বুলি ভাবো জধে-মধে এচাম দাললৰ যোগেদি এক শকত অংকৰ বিনিময়ত বয়সৰ নিম্ন সীমাৰ কথা আওকান কৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰা দেখা যায় অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ আগতে প্ৰয়োজনীয় যান-বাহন আইনৰ নিৰ্দ্দেশনাৱলী, চালকৰ পৰীক্ষা মূলক সাক্ষাত্কাৰ আদি সকলো নিয়ম অৱজ্ঞা কৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰা দেখা যায়। তাৰোপৰি যান-বাহন আৰক্ষী দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এইচাম উদণ্ড যুৱক এতিয়া প্ৰতিখন চহৰতে দ্ৰুত বেগত বাইক ৰেচ, মটৰ চাইক্লিং, আদিৰ দৰে দুঃসাহসিক কাৰ্য্যকলাপত ব্যস্ত হৈ নিজৰ জীৱনৰ লগতে আনৰ জীৱনলৈও মৃত্যুক হাত-বাউলি মাতি আনিছে

আনহে নালাগে চহৰৰ যান-বাহন নিয়ন্ত্ৰনৰ (ট্ৰেফিক) দ্বায়িত্বত থকা আৰক্ষী সকলৰ সন্মুখৰেই এইসকল উদণ্ড যুৱকে দ্ৰুতগতিত ট্ৰেফিক আইন উলঙ্ঘা কৰি পাৰহৈ গলেও আৰক্ষী লোক-সকলে থোত-মোত চেলেকি থকা আমি প্ৰতিদিনেই প্ৰত্যক্ষ কৰি আহিছো এনে সময়ত কেতিয়াবা সাহসী আৰক্ষী লোকে যদিওবা কোনোবা এগৰাকী এনে দ্ৰুত বেগী বাহন চালকক কায়াৰত্ত কৰিলেও আৰক্ষী চকী গৈ পোৱাৰ আগতেই কোনোৱা উচ্চ-প্ৰদস্থ আৰক্ষীৰ বিষয়াৰ পৰা বাৰ্তা আহে যে অভিযুক্ত চালক জনক তত্ক্ষনাত মুকলি কৰি দিব লাগে এয়া এক সদায় দেখি-শুনি থকা বাস্তৱ ঘটনা লগে লগে কৰ্ম্মৰত  আৰক্ষীৰ বিষয়া গৰাকীয়ে পৰিয়ালৰ কথা চিন্তা কৰি নিজৰ চাকৰিটো বচাবলৈকে ওপৰ মহলাৰ নিৰ্দ্দেশ অনিচ্ছা স্বত্তেও মানিবলৈ বাধ্য হৈ পৰে কিয়নো এইসকল দ্ৰুতবেগী চালকৰ কোনোৱেই, আপোনাৰ মোৰ দৰে নদাই-ভদাই নহয়, এওঁলোক একো একোজন উচ্চ-পদস্থ চৰকাৰী কৰ্মচাৰী বা মন্ত্ৰী-বিধায়কৰ সোঁ-হাত স্বৰূপ একাংশ অভিভাৱকৰ সু-যোগ্য সন্তান এইসকল ধনবল, বহুবল থকা অভিভাৱকে আভিজাত্যৰ বহিঃপ্ৰকাশ কৰিবলৈকে নিজৰ সন্তানৰ প্ৰয়োজনতকৈ বিলাসিতাক অগ্ৰাধিকাৰ দি জানি বুজি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ দিছে

এই সমস্যাবোৰৰ সমাধানৰ সময় সমাগত। এতিয়াই যদি এই সমস্যাক আওকান কৰা হয়, পিছলৈ ই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰবল। চৰকাৰ, প্ৰশাসন, আৰক্ষী বিভাগৰ সদিচ্ছা হলে নিশ্চয় এইবোৰ সমস্যাৰ সঠিক সমাধান উলিয়াব পৰা যায়।

যিদৰে এজন ব্যক্তি চৰকাৰী চাকৰিয়াল হলেও যিকোনো এখন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বেংকৰ পৰা ঋণ লবলৈ বিচাৰিলে তেওঁৰ বছৰি আয় ৬ লাখ টকা উপাৰ্জন হোৱাটো বাঞ্চনীয় বুলি নিৰ্দ্ধাৰিত কৰি দিয়া থাকে, সেয়ে যিকোনো লোকে চাৰিচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিলেও বেংকৰ এই নিয়মৰ বাবে থমকি ৰব লগীয়া হয়। ঠিক তেনেদৰে এইসকল মটৰ চাইকেল আৰোহীক নিয়ন্ত্ৰনত আনিবলৈ কিছু নিয়ম বলবত্  কৰি দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।

এজন কলেজীয়া ছাত্ৰই কেতিয়াও অভিভাৱকৰ সহায় নোলোৱাকৈ  মটৰচাইকেল এখন ক্ৰয় কৰিব নোৱাৰে, যিহেতুকে তেওঁৰ কোনো উপাৰ্জ্জন নাথাকে। তেনেক্ষেত্ৰ অভিভাৱক, মাক-দেউতাকৰ আয়ৰ ধনেৰে এনে বাহন সমূহ ক্ৰয় কৰা দেখা যায়। যিহেতুকে জিলা পৰিবহন কাৰ্য্যালয়ত মধ্যবৃত্ত এচাম দালালৰ সহায়ত শকত অংকৰ বিনিময়ত অনুজ্ঞাপত্ৰ সহজেই উপলব্ধ, সেয়ে এনে কোনো নিয়ম কৰি দিব নোৱাৰি নেকি যে....দেউতাক বা আনৰ নামত  থকা যিকোনো বাহন, বাহনৰ গৰাকীৰ বাহিৰে আন কোনো ব্যক্তিয়েই ব্যৱহাৰ কৰিব নোৱাৰিব..? আৰু যদি কেতিয়াবা কোনো লোকে ব্যৱহাৰ কৰিলেও বাহনখনৰ গৰাকীজন আইন মতে দণ্ডনীয় হয়। এনেধৰণৰ  নিয়মৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰো। বৰ্তমান সময়ত এইটো এটা অতি ভয়ংকৰ তথা অতি গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যাটোৰ বাবে প্ৰশাসন তথা চৰকাৰে কিবা উচিত পদক্ষেপ গ্ৰহণ কৰিবনে...??

বৰা নিতুল,
নগাওঁ,